Class 7 Social Science Chapter 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব – সমাধান in Assamese Medium|| All Question Answer
গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব
Class 7 Social Science Chapter 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব- Complete Question Answer in Assamese Medium
গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব
অনুশীলনী
১। চমু উত্তৰ লিখা:
(ক) নাগৰিক শব্দৰ অৰ্থ কি?
উত্তৰঃ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাবে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে।
(খ) বিদেশী মানে কি?
উত্তৰঃ যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেনে লোকক বিদেশী বোলে।
(গ) নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে?
উত্তৰঃ নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে।
(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয়?
উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হয়।
(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হব পাৰে।
উত্তৰঃ নাগৰিকত্বৰ পৰা বঞ্চিত হব পৰা কাৰণসমূহ হ’ল–
১) সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে।
২) ৰাষ্ট্ৰবিৰোধী কাম কৰিলে।
৩) অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ উপাধি ল’লে।
৪) ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে।
৫) বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে।
২) উত্তৰ লিখা:
ক) গণতন্ত্ৰৰ অর্থ কি?
উত্তৰ গণ শব্দটোৰ অৰ্থ হ’ল ‘জনসাধাৰণ’ আৰু তন্ত্ৰৰ অর্থ হ’ল ‘শাসন’। অর্থাৎ গণতন্ত্র বুলিলে আমি জনগণৰ শাসনক বুজো। যিখন দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ হাতত ন্যস্ত থাকে সেইখনেই গণতান্ত্রিক দেশ।
খ) গণতন্ত্ৰৰ কেই প্ৰকাৰৰ?
উত্তৰ গণতন্ত্ৰৰ দুই প্ৰকাৰৰ যেনে-
(ক) প্রত্যক্ষ গণতন্ত্র
(খ) পৰোক্ষ গণতন্ত্র
(গ) পৌৰ অধিকাৰসমূহ কি কি?
উত্তৰঃ পৌৰ অধিকাৰসমূহ হল– জীৱন ৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।
(ঘ) এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে?
উত্তৰ এজন বিদেশীয়েভাৰতীয় নাগৰিকত্ব লাভৰ উপায়-
• পঞ্জীয়নৰ দ্বাৰা
• বংশানুক্রমে
• দেশীয়কৰণৰ দ্বাৰা
• ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা
• জন্মসূত্রে
(ঙ) প্রত্যেক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্র কাক বোলে?
উত্তৰ: যি গণতন্ত্রত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশগ্রহণ কৰে তেনে ব্যৱস্থাক প্রত্যক্ষ গণতন্ত্র বোলে। প্রাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত প্রত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল
যি গণতন্ত্রত জনসাধাৰণে প্রত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নির্বাচন কৰি দিয়া প্রতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্র বোলে। ভাৰতবৰ্ষ, ইংলেণ্ড, মার্কিন যুক্তৰাষ্ট্ৰ, বাছিয়া আদি দেশত পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে।
৩। খালী ঠাই পূৰ কৰা–
(ক) বিদেশীসকলে __________________ অধিকাৰ ভোগ কৰিব নোৱাৰে।
উত্তৰঃ বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে।
(খ) আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে _________________ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।
উত্তৰঃ আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।
গ) চিকিমৰ জনসাধাৰণে __________________ ৰ জৰিয়তে ভৰতীয় নাগৰিকত্ব লাভ কৰিছে।
উত্তৰঃ চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰৰ চামিলকৰণ জৰিয়তে ভৰতীয় নাগৰিকত্ব লাভ কৰিছে।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।
উত্তৰঃ এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে।
(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ’ব পাৰে।
উত্তৰঃ এজন নাগৰিকে ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ’ব পাৰে।
(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ নকৰে/আনুগত্য প্রকাশ কৰে।
উত্তৰঃ দেশৰ নাগৰিকে নিজৰ দেশৰ প্রতি আনুগত্য প্রকাশ কৰে।
(ঘ) কোনো এজন ব্যক্তিৰ নিজৰ দেশৰপৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয়।
উত্তৰঃ কোনো এজন ব্যক্তিৰ নিজৰ দেশৰপৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত বিদেশী বোলা হয়।
৩। গণতন্ত্ৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ: গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হ’ল–
- গণতন্ত্ৰৰ দৃষ্টিত সকলো মানুহ সমান। সেয়েহে এই ব্যৱস্থাই জাতি, বর্ণ, ধর্ম, ভাষা, লিংগ নির্বিশেষে সকলোকে সাঙুৰি লয়।
- এই শাসন ব্যৱস্থাত জনসাধাৰণে পোনপটীয়াকৈ বা পৰোক্ষভাবে অংশগ্রহণ কৰে।
- নির্বাচন গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ।
- নির্বাচনত উচ্চ-নীচ, ধনী-দুখীয়া নির্বিশেষে সকলোৱে একোটাকৈ ভোটদানৰ অধিকাৰ পায়। অর্থাৎ ভোটদানৰ অধিকাৰৰ মাজেৰে এই ব্যৱস্থাই সকলো শ্ৰেণীৰ লোকৰ মাজত সমতা স্থাপন কৰে।
- এই ব্যৱস্থাত নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত হয় য’ত প্রাপ্তবয়স্কসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
- গণতান্ত্রিক ব্যৱস্থাত দুই বা ততোধিক ৰাজনৈতিক দল থাকে।
- জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত। চৰকাৰৰ নীতিসমূহ জনমতৰ বিৰুদ্ধে গলে জনসাধাৰণে সাংবিধানিক আৰু শান্তিপূর্ণ উপায়েৰে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে।
- বিৰোধী দলে গণতন্ত্রত বিশেষ ভূমিকা পালন কৰে।
- গণতন্ত্র এক জনকল্যাণমুখী ব্যৱস্থা।
Class 7 Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 22 গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam