Class 7 Social Science Chapter 23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া – সমাধান in Assamese Medium|| All Question Answer
নির্বাচন আৰু নির্বাচনী প্রক্রিয়া
Class 7 Social Science Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া – Complete Question Answer in Assamese Medium
নির্বাচন আৰু নির্বাচনী প্রক্রিয়া
অনুশীলনী
Chapter – 23
১। চমু উত্তৰ লিখা —
(ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ বিধানসভাৰ সদস্যসকলক একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে।
খ) শাসক দল মানে কি?
উত্তৰঃ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্টতা আসন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনেদৰে চৰকাৰ গঠন কৰা দলটোক শাসক দল বোলা হয়।
গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?
উত্তৰঃ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়।
ঘ) ৰাজ্যৰ বিধানসভাৰ কার্যকাল কিমান বছৰ?
উত্তৰঃ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ।
(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?
উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল-
১) ভাৰতীয় জনতা পাৰ্টী (বি জে পি ) আৰু
২) ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ)।
(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।
উত্তৰঃ অসম গণ পৰিষদ (অ গ প)।
২। উত্তৰ লিখা–
(ক) ভাৰতৰ নির্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্রত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নির্দেশনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল’ব পাৰে। নির্বাচনী আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে।
(খ) গণতন্ত্রত ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ গণতন্ত্রত ৰাজনৈতিক দলৰ প্রধান কার্যৱলীসমূহ হ’ল–
১। নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা – ৰাজনৈতিক দলসমূহে নিজ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি দলৰ লক্ষ্য, উদ্দেশ্য, ভৱিষ্যতৰ কৰ্মপন্থা ৰাইজৰ আগত দাঙি ধৰে
২। ৰাজনৈতিক চেতনা জাগ্রত কৰা -নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ প্ৰাৰ্থীজনক ভোট দিবলৈ অনুৰোধ জনায় আৰু ৰাইজৰ মাজত জন চেতনা জাগ্ৰত কৰে , তেওঁলোকৰ বহু মূলীয়া ভোট টোৱে দেশ খনক আগুৱাই নিয়াত সহায় কৰে।
৩। জনমত গঠন কৰা– যদি শাসক দলে জন সাধাৰণৰ হিতৰ বিপৰীতে কাম কৰে তেতিয়া হলে ৰাজনৈতিক দল সমূহে সুস্থ জনমত গঠন কৰি চৰকাৰৰ ভূল ক্ৰটি বোৰ আঙুলিয়াই দিয়ে।
৪। চৰকাৰ গঠনত সহায় কৰা – জনসাধাৰনে ভোট দি জয় যুক্ত কৰা ৰাজনৈতিক দলটোৱে চৰকাৰ গঠন কৰে ইত্যাদি।
(গ) গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে?
উত্তৰঃ গণতন্ত্রত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্রণ কৰে তলত উল্লেখ কৰা হৈছে–
১। ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্রতিযোগিতামূলক নির্বাচন অনুষ্ঠিত কৰাত সহায় কৰে।
২। চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যৰণৰ বাবে সুস্থ জনমত গঠন কৰে।
৩। আইন প্রণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়।
৪। প্রয়োজন সাপেক্ষে চৰকাৰৰ দোষ-ত্রুটি আঙুলিয়াই দিয়ে।
৫। সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে।
(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্রয়োজনীয়তা আছে নে? যুক্তি দর্শোৰা।
উত্তৰঃ হয় , গণতন্ত্রত নির্বাচনৰ প্রয়োজন আছে। গণতন্ত্রত ভোটাদানৰ যোগেদি জনসাধাৰণে নিজৰ মনৰ পছন্দৰ প্রার্থী নির্বাচিত কৰিব পাৰে। নির্বাচন অবিহনে দেশত স্বৈৰাচাৰী শাসন চলিব। তদুপৰি জনগণৰ পৰিপন্থী কাম কৰা জনপ্রতিনিধিক পৰৱর্তী নির্বাচনত জনসাধাৰণে প্রত্যাখ্যান কৰাৰ সুবিধা নিৰ্বাচনৰ যোগেদি লব পাৰে। গণতন্ত্র মানেই যিহেতু জনসাধাৰণৰ দ্বাৰা শাসিত চৰকাৰক বুজায়, গতিকে নির্বাচন অবিহনে গণতন্ত্রৰ এই মূল চৰিত্ৰটোৱেই বিকৃত হৈ যাব। নির্বাচনেই হ’ল জনসাধাৰণৰ মত প্রকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। গতিকে দেখা গ’ল যে গণতন্ত্রত নির্বাচনৰ প্রয়োজনতা আছে।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) ভাৰতৰ উপ-ৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয়।
উত্তৰঃ পৰোক্ষভাৱে।
(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন।
উত্তৰঃ ৫৪৫জন।
(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল।
উত্তৰঃ আঞ্চলিক দল।
(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।
উত্তৰঃ ৰাজ্যপাল।
(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ।
উত্তৰঃ ৫ বছৰ
৪) চমুটোক লিখা
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ।
উত্তৰঃ গণতান্ত্রিক দেশসমূহত জাতি, বর্ণ, ধৰ্ম আৰু ভাষা নির্ৱিশেষে সকলোপ্রাপ্তবয়স্ক লোকক ভোটাধিকাৰ অধিকাৰক প্ৰদান কৰে তাকে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। এই ভোটাধিকাৰৰ বয়স সকলো ৰাষ্ট্ৰতেই একে নহয়। আমাৰ ভাৰতবৰ্ষত ভোটাধিকাৰৰ বয়স ১৮ বছৰ কৰা হৈছে।
(খ) নির্বাচনী আয়োগ।
উত্তৰঃ ভাৰতত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্রত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নির্দেশনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হবলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা লব পাৰে। নির্বাচনী আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে।
(গ) ৰাজনৈতিক দল।
উত্তৰ নির্দিষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত, একে আদর্শবে অনুপ্রাণিত হৈ সাংগঠনিকভাবে নাগৰিকসকলে যেতিয়া কোনো সংস্থা গঢ়ি তোলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলায় তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয়। আমাৰ দেশত নির্দিষ্ট আদৰ্শৰ ভিত্তিত প্রতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ ভিতৰত কিছুমান দল হ’ল- ভাৰতীয় জাতীয় কংগ্রেছ, ভাৰতীয় জনতা পার্টি, ভাৰতৰ কমিউনিষ্ট পার্টি, বহুজন সমাজ পার্টি আদি। আৰু ভাৰতৰ আঞ্চলিক দলসমূহৰ ভিতৰত কিছুমান দল হ’ল- অসম গণ পৰিষদ (অসম), আকালি দল (পঞ্জাব) দশম পার্টি (অন্ধ্রপ্রদেশ) আদি।
Class 7 Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 23 নির্বাচন আৰু নির্বাচনী প্রক্রিয়া– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam