Assam Board Exam

Class 7 Social Science Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

Class 7 Social Science Chapter 24 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম – Complete Question Answer in Assamese Medium


গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

অনুশীলনী

Chapter -24

১। চমু উত্তৰ লিখা-

(ক) প্ৰচাৰ মানে কি?

উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হোৱাকে বুজায়।

(খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?

উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ – মুদ্রিত আৰু ইলেকট্রনিক।

  • মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ’ল- বাতৰিকাকত, আলোচনী, কিতাপ আদি।
  • ইলেকট্রনিক মাধ্যমসমূহ হ’ল- ৰেডিঅ’, টেলিফোন, ম’বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্রিম উপগ্রহ

(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।

উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰে অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ- বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। চলচ্চিত্র, বাটৰ নাট, পুতলা নাচ, নাটক, গীত-মাত আদি গণমাধ্যমৰ উদাহৰণ।

(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি?

উত্তৰঃ প্রাচীন কালত ঢোল পিটি, কাঁহ-ঘণ্টা বজাই প্ৰচাৰ কার্য চলাইছিল।

(ঙ) ছপাশাল পোন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ছপাশাল পোন প্রথমে ১৬ শ শতিকাত জোহান গুটেনবার্গে আৱিষ্কাৰ কৰিছিল।


২। উত্তৰ লিখা–

(ক) প্রচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?

উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ-মুদ্রিত আৰু ইলেকট্রনিক।

মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ’ল-  বাতৰিকাকত, আলোচনী, কিতাপ আদি।

            ইলেকট্রনিক মাধ্যমসমূহ হ’ল- ৰেডিঅ, টেলিফোন, ম’ বাইল ফোন, দূৰদৰ্শন, কম্পিউটাৰ আদি।

প্ৰচাৰ মাধ্যমসমূহে জনসাধাৰণক যথেষ্ট সহায় কৰিছে। প্ৰচাৰ মাধ্যমৰ ফলত মানুহে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অর্জন কৰিব পাৰিছে ৷ এই মাধ্যম সমূহে  জনমত গঠনত সহায় কৰে। ইয়াৰ উপৰিও এই মাধ্যমসমূহে মানুহক শিল্প, সাহিত্য চর্চাৰ সুবিধাও প্ৰদান কৰে লগতে মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰতিভা বিকাশিত কৰাটো প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্রচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰে অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্রচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতুহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। মুদ্রিত আৰু ইলেকট্রনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্র, নাটক, বাটৰ নাট, পুতলা নাচ, গীত-মাত, কবিতা আদিও একো একোটা গণমাধ্যম যিবোৰে মানুহক সহজে আকর্ষিত আৰু অনুপ্রাণিত কৰিব পাৰে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনত এই গণমাধ্যম সমূহে ব্রিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্রিত কৰাত যথেষ্ট অৰিহণা যোগাইছিল ।


খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?

উত্তৰঃ গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমৰ ভূমিকা অপৰিসীম।গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্র হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্রিক শাসন ব্যৱস্থাৰ বুনিয়াদস্বৰূপ। জনমত প্রকাশত প্রচাৰ মাধ্যমেই সদায় আগভাগ লয়। সংবাদপত্র, ৰাজহুৱা সভা-সমিতি, ৰাইজ মেল, নাটক, কথাছবি, সাহিত্য-আলোচনী, শিক্ষানুষ্ঠান, বিধানমণ্ডল, ৰাজনৈতিক দল আদিটো প্ৰচাৰ মাধ্যমে গুৰত্বপূৰ্ণ ভূমিকা লৈ যাৰ ফলত সুস্থ জনমত গঠনত সহায় হয়। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী  কাম-কাজত পৰামর্শ, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কার্যসমূহ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্রিক কল্যাণৰ আন্দোলন আৰু জন জাগৰণসমূহৰ সপক্ষে জনসাধাৰণক সজাগ কৰাত প্ৰচাৰৰ মাধ্যমসমূহেই আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্রৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্রহণ কৰে। নির্বাচনত জনসাধাৰণৰ অংশগ্রহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্রতিনিধি নির্বাচন আদিৰ দৰে  কার্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূর্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্রৰ ভাবুকিস্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্রাসবাদ, দূর্নীতি, ভ্রষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাত প্ৰচাৰ মাধ্যমসমূহে মূল দায়িত্বও বহন কৰে ।


৩। খালী ঠাই পূৰ কৰা–

(ক) _________________ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্যম।

উত্তৰঃ  যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্যম।

(খ) মানুহৰ মাজত __________________ হৈ থকা প্রতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।

উত্তৰঃ মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্রতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।

(গ) _________________ ছপাশাল আৱিষ্কাৰ কৰিছিল।

উত্তৰঃ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।

(ঘ) কম্পিউটাৰক অসমীয়াত যন্ত্র _________________ বুলি কোৱা হয়।

উত্তৰঃ কম্পিউটাৰক অসমীয়াত যন্ত্র পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।

(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ ___________________ হৈছে প্ৰচাৰ মাধ্যম।

উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম।


৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা–

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ/সৈনিক শিল্পী বুলি কোৱা হয়।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়।

(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক/ঢোলৰ সহায় লৈছিল।

উত্তৰঃ অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে ঢোলৰ সহায় লৈছিল।

(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/কিতাপ।

উত্তৰঃ মুদ্রিত মাধ্যমসমূহ হ’ল কিতাপ।

(ঘ) অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ/মার্কনি।

উত্তৰঃ অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি।

(ঙ) ইলেকট্র’নিক মাধ্যম হ’ল বাতৰিকাকত/কম্পিউটাৰ।

উত্তৰঃ ইলেকট্র’নিক মাধ্যম হ’ল কম্পিউটাৰ

Class 7 Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment