Assam Board Exam

Class 7 Social Science Chapter 3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিবৰ্তন

Class 7 Social Science Chapter 3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিবৰ্তন– সমাধান in Assamese Medium | All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিবৰ্তন- Complete Question Answer in Assamese Medium


পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিবৰ্তন

অনুশীলনী

পাঠঃ

১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)

(ক) বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্রজেন, কার্বন-ডাই-অক্সাইড, হিলিয়াম, আর্গন, অ’জন, হাইড্রজেন গেছ আদি থাকে। ইয়াৰ উপৰি বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে।

(খ) ফলকবোৰে এবছৰত কিমান চে.মি. গতিৰে লৰচৰ কৰে?

উত্তৰঃ ফলকবোৰ একবছৰত ১-১.৫ চে.মি. পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।

গ) সাময়িক বতাহৰ বিষয়ে লিখা।

উত্তৰঃ দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ’ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ।

(ঘ) বালিস্তূপ কি?

উত্তৰঃ মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ  সৃষ্টি কৰে। তাকে বালিস্তূপ বুলি কোৱা হয়।

(ঙ) অশ্বখুৰাকৃতিৰ হ্রদ কি?

উত্তৰ নদীৰ গতিপথৰ মধ্য অংশত ঢাল কমে অৰু নদীৰ গতিবেগো কমে। এই অংশত নদীয়ে কাষৰ ফালে বেছিকৈ খান্দে। মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একা- বেঁকা হয়। নদীৰ এই গতিক সর্পিল গতি বুলি কোৱা হয়। কেতিয়াবা নদীৰ এই ভাঁজৰ মাত্রা বাঢ়ি যায়। খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাঁজে ভাঁজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাঁজ এৰি নদী প্রচণ্ড শক্তিৰে পোনে পোনে বলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰপৰা বিচ্ছিন্ন হয় আৰু ভাঁজটো বিল বা হ্রদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্রদ  বোলে।


২। শুদ্ধ উত্তৰটোত √ চিন দিয়া–

(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰপৰা ৰক্ষা কৰে–

(ক) কার্বন-ডাই-অক্সাইড।

(খ) নাইট্ৰ’জেন।

(গ) অ’জন।

উত্তৰঃ (গ) অ’জন।

(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল–

(ক) প্লাৱনভূমি।

(খ) কাঠফুলাৰ দৰে শিলা।

(গ) গ্রাৱ।

উত্তৰঃ (গ) গ্রাৱ।

(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম–

(ক) বৰষুণ।

(খ) মেঘ।

(গ) বৰফ।

উত্তৰঃ (ক) বৰষুণ।

(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই–

(ক) মৰুভূমি।

(খ) নদী উপত্যকা।

(গ) প্লাবন ভূমি।

উত্তৰঃ (ক) মৰুভূমি।

(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল-

(ক) মেছ’স্ফিয়েৰ।

(খ) ষ্ট্ৰেট’স্ফিয়েৰ।

(গ) ট্রপ’স্ফিয়েৰ।

উত্তৰঃ (গ) ট্রপ’স্ফিয়েৰ।

(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই-

(ক) হিমবাহ অঞ্চল।

(খ) নদী উপত্যকা।

(গ) মৰুভূমি।

উত্তৰঃ (খ) নদী উপত্যকা।


৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা一

উত্তৰ

(ক) বাণিজ্য বতাহ(ঙ) নিয়ত বতাহ
(খ) হিমবাহ(ঘ) বৰফৰ নদী
(গ) লু(খ) স্থানীয় বতাহ
(ঘ) সৰ্পিল গতি(ক) নদীৰ মধ্য অংশ
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ(গ) অ’জন স্তৰ

৪। কাৰণ দৰ্শোৱা– (৫০টা মান শব্দৰ ভিতৰত)

ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।

উত্তৰ বায়ুমণ্ডল যেতিয়া জলীয় ভাপেৰে ভৰি থাকে তেতিয়া আমি বতৰটো সেমেকা বুলি কওঁ। সেইবাবে বায়ুত আৰু অধিক জলীয় বাষ্প ধাৰণ কৰা ক্ষমতা নাথাকে। সেইকাৰণে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।


(খ) প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।

উত্তৰ বাৰিষাকালত অত্যাধিক পৰিমাণে বৰষুণ হয়। ফলত বানপানীৰ সৃষ্টি হয়। বানপানীৰ সময়ত নদীয়ে দুয়োপাৰে বুৰাই পেলাই। নদীয়ে কঢ়িয়াই অনা বালি, বোকাৰ গেদবোৰ দুয়োপাৰে জমা হয়। নদীয়ে সৃষ্টি কৰা এনে পলসুৱা ভূমিক প্লাবন ভূমি বোলা হয়।

নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট, জাৱৰ-জোঁথৰবোৰ দুয়োপাৰে জমা হৈ প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা কৰে। সেয়ে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।


(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।

উত্তৰ ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূর্ণীভৱনৰ দ্বাৰা শিলবোৰ চূর্ণ-বিচূৰ্ণ হৈ পৰি থাকে। বতাহে এই পদাৰ্থবোৰ এঠাইৰপৰা আন ঠাইলৈ উৰুৱাই বা বহন কৰি নিয়ে আৰু এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে। কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নির্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে।


(ঘ) বিষুবীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।

উত্তৰ বিষুবীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বা সেই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি। আনহাতে বিষুৱৰপৰা দুই মেৰুৰ ফালে ক্রমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল। আমি জানো যে বিষুৱৰ ওচৰৰ ঠাইবোৰত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে। ফলত বিষুৱৰ ওচৰৰ ঠাইবোৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি। সমান্তৰালভাৱে মেৰুৰ ওচৰৰ ঠাইবোৰৰ উষ্ণতা কম হয়। মেৰু অঞ্চলত উষ্ণতা কম বাবে জলবায়ু শীতল।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিবৰ্তন – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment