Assam Board Exam

Class 7 Social Science Chapter 4 | আমাৰ পৰিৱেশ

Class 7 Social Science Chapter 4 | আমাৰ পৰিৱেশ– সমাধান in Assamese Medium | All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 4 আমাৰ পৰিৱেশ – Complete Question Answer in Assamese Medium


আমাৰ পৰিৱেশ

অনুশীলনী

১। উত্তৰ দিয়া:

(ক) পৰিৱেশ মানে কি?

উত্তৰঃ আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ’দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ।

(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি, উদাহৰণ দি লিখা।

উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।

প্ৰাকৃতিক পৰিৱেশ – আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্রকৃতিসৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, সাগৰ, ৰ’দ, বতাহ, মাটি, উদ্ভিদ, প্রাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্রাকৃতিক পৰিৱেশ।

মানৱ সৃষ্ট পৰিৱেশ- মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। যেনে– ঘৰ-দুৱাৰ, কল-কাৰখানা, ৰাস্তা-ঘাট ইত্যাদি।

(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?

উত্তৰ পৰিৱেশৰ প্ৰধান উপাংশ ২ টা।

সেইকেইটা হৈছে – জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ

(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?

উত্তৰ মানুহে নিজৰ সুবিধামতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্রহ কৰি নিজৰ প্রয়োজন পূৰণ কৰিবলৈ লওঁতে প্ৰকৃতিৰ বুকুত যি পৰিৱেশৰ  পৰিৱৰ্তন হয় সেয়াই মানৱ সৃষ্ট পৰিৱেশ। পৰিৱেশৰ ওপৰত নির্ভৰ কৰি মানুহে নিজৰ বাবে ঘৰ-দুৱাৰ সাজে, খাদ্যশস্য উৎপাদন কৰে, কল-কাৰখানা, দলং, যান-বাহন, টেলিফোন ইন্টাৰনেট, আমোদ-প্রমোদ, শিক্ষা-সংস্কৃতি আদিৰ  সা- সুবিধা গঢ়ি তোলাৰ ফলত মানব সৃষ্ট পৰিৱেশৰ সৃষ্টি হয়।


২। শুদ্ধ উত্তৰত ☑ চিন দিয়া।

(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?

(১) মাটি

(২) শিক্ষানুষ্ঠান

(৩) পৰিবহণ ব্যৱস্থা

উত্তৰঃ (১) মাটি।

খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?

(১) পর্বত

(২) ঘৰ

(৩) নদী

উত্তৰঃ (২) ঘৰ।

(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?

(১) গছ-গছনি

(২) কল-কাৰখানাৰ আৱৰ্জনা

(৩) খাদ্য শস্যৰ বৃদ্ধি

(৪) জনসংখ্যা বৃদ্ধি

(৫) জীৱ-জন্তু নিঃশেষ হ’লে।

উত্তৰঃ (২) কল-কাৰখানাৰ আৱৰ্জনা।

(৪) জনসংখ্যা বৃদ্ধি,

 (৫) জীৱ-জন্তু নিঃশেষ হ’লে।


৩। বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।

বাওঁফালসোঁফাল  
(ক) আমাৰ চৌপাশ (ক) মাটি  
(খ) জলমণ্ডল।           (খ) বায়ু  
(গ) স্থলমণ্ডল।            (গ) পৰিৱেশ  
(ঘ) জীৱমণ্ডল            (ঘ) পানী  
(ঙ) বায়ুমণ্ডল।(ঙ) জীৱ-জগত  

 উত্তৰঃ

(ক) আমাৰ চৌপাশ (গ) পৰিৱেশ  
(খ) জলমণ্ডল(ঘ) পানী  
(গ) স্থলমণ্ডল(ক) মাটি
(ঘ) জীৱমণ্ডল(ঙ) জীৱ-জগত
(ঙ) বায়ুমণ্ডল (খ) বায়ু  

৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰঃ পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি বোৰক একেলগে জৈৱিক উপাংশ বোলে।জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্রাণী জগত আৰু উদ্ভিদ জগত অৰ্থাৎ জৈৱিক উপাংশসমূহ জীৱমণ্ডলত বৰ্তি থাকে। জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে- সেউজীয়া উদ্ভিদে সৌৰশক্তি (সূৰ্যৰ তাপ, পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্রাণীয়ে ইহঁতক খাদ্য হিচাপে গ্রহণ কৰে। আকৌ সেই প্রাণীক মাংসাহাৰী প্রাণীয়ে খায়। যেনে- গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ, তৃণভোজী আৰু মাংসহাৰীৰ মৃত্যু হ’লে জীৱাণুয়ে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ’ল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নির্বাহ কৰে।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 4 | আমাৰ পৰিৱেশ – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment