Class 7 Social Science Chapter 5 | মানৱ সৃষ্ট পৰিৱেশ– সমাধান in Assamese Medium | All Question Answer
মানৱ সৃষ্ট পৰিৱেশ
Class 7 Social Science Chapter 5 মানৱ সৃষ্ট পৰিৱেশ – Complete Question Answer in Assamese Medium
মানৱ সৃষ্ট পৰিৱেশ
অনুশীলনী
পাঠঃ ৫
১। কেৱল উত্তৰ লিখা–
(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।
(খ) মানুহৰ উপকাৰত অহা আৰু আর্থিক মূল্য থকা বস্তুবোৰক কি বোলে?
উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আর্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে।
(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্রণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
উত্তৰঃ ভাৰত চৰকাৰৰ ‘শিক্ষা মন্ত্রণালয়ে’ দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
(ঘ) ভূপ্রকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰঃ ভূপ্রকৃতিৰ ভিত্তিত অসমক দুটা ভাগত ভগোৱা হৈছে।
(ক) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাৰ সমভূমি অঞ্চল, আৰু
(খ) পাহাৰীয়া অঞ্চল (ইয়াত ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলা দুখন অন্তর্ভুক্ত)।
(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বর্তমান কি নামেৰে জনা যায়?
উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বর্তমান ডিমা হাচাও নামেৰে জনা যায়।
২। খালী ঠাই পূৰ কৰা–
(ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক ____________________ সম্পদ বোলে।
উত্তৰঃ শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে।
(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ____________________ সম্পদ।
উত্তৰঃ আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্রেষ্ঠ সম্পদ।
(গ) অসম দক্ষিণ ___________________ মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।
উত্তৰঃ অসম দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত।
(ঘ) অসমৰ কৃষি উৎপাদিত শস্যক _________________ প্রধান ভাগত ভাগ কৰিব পাৰি।
উত্তৰঃ অসমৰ কৃষি উৎপাদিত শস্যক তিনিটা প্রধান ভাগত ভাগ কৰিব পাৰি।
৩। শুদ্ধ উত্তৰটো বাছি লিখা–
(ক) মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি/বাসগৃহ।
উত্তৰঃ বাসগৃহ।
(খ) জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্রধান/কৃষি প্রধান দেশ।
উত্তৰঃ উদ্যোগ প্রধান।
(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/কৃষি।
উত্তৰঃ কৃষি।
(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/সেৰেঙা।
উত্তৰঃ সেৰেঙা।
(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।
উত্তৰঃ উত্তৰ কাছাৰ।
৪। শুদ্ধ-অশুদ্ধ লিখা–
(ক) মানৱসৃষ্ট পৰিৱেশক কৃত্রিম পৰিৱেশ হিচাপেও জনা যায়।
উত্তৰঃ শুদ্ধ।
(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়।
উত্তৰঃ শুদ্ধ।
(গ) মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
উত্তৰঃ শুদ্ধ।
(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।
উত্তৰঃ শুদ্ধ।
(ঙ) ভূপ্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি।
উত্তৰঃ শুদ্ধ।
৫। চমু উত্তৰ লিখা– (৪০টা মান শব্দৰ ভিতৰত)
(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা
উত্তৰঃ যি সকল ব্যত্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম হয় সেই সকল ব্যত্তিক মানৱ সম্পদ বোলে। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰন ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱন আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্যবসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ প্ৰধান আৰু ধনী দেশত পৰিণত কৰিছে।
ইয়াৰ পৰা ইয়াকে বুজা যায় যে মানৱ সম্পদে এখন সমাজৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ অসংখ্য উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। সেই গতিকে এই অঞ্চলত জনবসতি বেছি। এই অঞ্চলৰ মানুহৰ মুখ্য জীৱিকা হৈছে কৃষি। এই দুয়োটা অঞ্চল সমতল ভূমিৰে আগুৰা বাবে এই অঞ্চল দুটাত পৰিৱহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে এই উপত্যকা অঞ্চলটোত শিল্প-উদ্যেগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যৰ চহৰ, মহানগৰ সমূহো অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন।
৬। বহলাই লিখা– (৮০ টা মান শব্দৰ ভিতৰত)
(ক) মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম-কাজে কোনো এখন ঠাইত যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ’ল- ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।
মানুহে জ্ঞান বুদ্ধি, কৌশল খটুৱাই প্ৰাকৃতিক পৰিৱেশৰ পৰা মানৱ সৃষ্ট পৰিৱেশ এটাক গঢ় দিয়ে। মানুহৰ এই কাৰ্যৰ ফলত মানৱ সৃষ্ট পৰিৱেশৰ উন্নয়ন হৈছে আৰু মানুহৰ জীৱন ধাৰণাৰ মানদণ্ড উন্নত হৈছে।কিন্তু ইয়াৰ ফলত মানুহে প্ৰকৃতিক উপাদানসমূহৰ অত্যাধিক হাৰত ব্যৱহাৰ কৰাৰ ফলত প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতিসাধন হৈ পৰিৱেশ প্ৰদূষণ হৈছে আৰু এই প্ৰদূষণে মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰিছে।
(খ) কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা।
উত্তৰঃ অসমত বানপানী হোৱাৰ কাৰণ হ’ল–
১) অসমৰ নদীসমূহে পাহাৰীয়া উৎপত্তি অঞ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল, বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্রাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।
২) ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়।
বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ’ল一
১) বানপানী হোৱাৰ আগতে প্রয়োজনীয় ঔষধ, খাদ্য সামগ্রী, অস্থায়ী গৃহ নিৰ্মাণৰ সামগ্ৰী, বীজাণুনাশক দ্রব্য মজুত কৰি ৰখা।
২) পোহনীয়া জীৱ-জন্তু আৰু মানুহৰ খাদ্য সামগ্রী বানপানীত ডুব নোযোৱাকৈ ওখ চাংঘৰ সাঁজি তাত ৰখাৰ ব্যৱস্থা কৰা।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 5 | মানৱ সৃষ্ট পৰিৱেশ – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam