Class 7 Social Science Chapter 6 | সম্পদ– সমাধান in Assamese Medium | All Question Answer
সম্পদ
Class 7 Social Science Chapter 6 সম্পদ – Complete Question Answer in Assamese Medium
সম্পদ
অনুশীলনী
পাঠঃ ৬
১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা।
উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্রী বা দ্রব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্রয়োজন পূৰাবলৈ কোনো উৎসৰপৰা আহৰণ কৰিব পৰা দ্রব্য বা সামগ্ৰীসমূহেই হ’ল সম্পদ। যেনে বায়ু, পানী, মাটি আদি।
সম্পদৰ প্ৰধান ভাগ তিনিটা-
(ক) প্ৰাকৃতিক সম্পদ।
(খ) মানৱ সম্পদ। আৰু
(গ) মানৱসৃষ্ট সম্পদ।
২/ ‘মানৱ হৈছে শ্রেষ্ঠ জৈৱিক সম্পদ।’ যুক্তি দর্শাই লিখা (এশ শব্দৰ ভিতৰত)
উত্তৰঃ জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই জৈৱিক সম্পদ। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত। বুদ্ধি-বৃত্তি থকা প্রাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্রাকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকর্ষ সাধন কৰিব পৰে। ব্যক্তিৰ বুদ্ধিমত্তা, কর্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে।সেয়ে মানুহে নিজে সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্রত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। উপৰোক্ত আলোচনাৰ পৰা জানিব পাৰি যে ‘মানৱ হৈছে শ্রেষ্ঠ জৈৱিক সম্পদ।’
৩/ তুমি জনা প্রাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মই জনা প্রাকৃতিক সম্পদসমূহ হ’ল- মাটি, পানী, বায়ু, অৰণ্য, খনিজ পদার্থ, লো, জীৱাষ্ম ইন্ধন ইত্যাদি।
প্রাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়াটোৱেই সম্পদৰ সংৰক্ষণ। এখন দেশৰ প্ৰাকৃতিক সম্পদসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ কিছু নীতি মানি চলাটো প্রয়োজন।
প্রাকৃতিক সম্পদ সংৰক্ষণৰ এনে নীতি আৰু আচৰণবিধিসমূহ মূলতঃ এনেধৰণৰ-
(ক) প্রাকৃতিক সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা।
(খ) প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলা।
(গ) প্রাকৃতিক সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কার্যক উৎসাহিত কৰা।
৪/ দীর্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীর্ঘম্যাদী উন্নয়ন কিয় প্রয়োজন লিখা।
উত্তৰঃ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীর্ঘম্যাদী উন্নয়ন। মানুহৰ প্ৰগতি আৰু অর্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ সম্ভৱ হৈ থাকে, সেইক্ষেত্রত সচেতনতা গঢ়ি উঠা প্রয়োজন। বাঁহ, কাঠ, আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ’ব।সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যৎ ব্যৱহাৰ আৰু দীর্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো প্রয়োজন।
৫/ পার্থক্য লিখি উলিওৱা
(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ
উত্তৰঃ নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদসমূহৰ পার্থক্য সমূহ হৈছে –
(ক) নবীকৰণক্ষম সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। আনহাতে, অ-নবীকৰণক্ষম সম্পদসমূহ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে ও পুনৰ উৎপাদন নকৰে।
(খ) নবীকৰণক্ষম সম্পদসমূহ হৈছে মাটি, পানী,বায়ু আদি
আনহাতে, অ-নবীকৰণক্ষম সম্পদসমূহ হৈছে কয়লা, খাৰুৱা তেল, তাম আদি।
(খ) সর্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
উত্তৰঃ সাধাৰণতে সর্বব্যাপী সম্পদসমূহ সকলো ঠাইতে পোৱা যায়। উদাহৰণস্বৰূপে, আমি শ্বাস-প্রশ্বাসত ব্যৱহাৰ কৰা বায়ু। আনহাতে, স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। উদাহৰণস্বৰূপে, তাম, কয়লা আদি।
(গ) প্রকৃত সম্পদ আৰু সম্ভাৱনাপূর্ণ সম্পদ
উত্তৰঃ মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰপৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। আনহাতে, যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰেই সম্ভাৱনাপূর্ণ সম্পদ।
৬। শুদ্ধ উত্তৰটোত √ চিন দিয়া–
(ক) সম্পদ হ’বলৈ হ’লে তলৰ কোনটো প্রাসংগিক নহয়?
(i) পৰিমাণ।
(ii) প্রয়োজন পুৰাব পৰা সামগ্ৰী।
(iii) ব্যৱহাৰৰ বাবে উপযোগী।
উত্তৰঃ (i) পৰিমাণ।
(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?
(i) পৰ্বত-পাহাৰ।
(ii) থকা ঘৰ।
(iii) জলবিদ্যুৎ।
উত্তৰঃ (i) পৰ্বত-পাহাৰ।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 6 | সম্পদ – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam