Class 7 Social Science Chapter 7 অসমৰ সম্পদ – সমাধান in Assamese Medium|| All Question Answer
অসমৰ সম্পদ
Class 7 Social Science Chapter 7 অসমৰ সম্পদ – Complete Question Answer in Assamese Medium
অসমৰ সম্পদ
অনুশীলনী
১। উত্তৰ লিখা
(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?
উত্তৰঃ কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ’ল কাগজকল আৰু জুইশালা উদ্য়োগ।
(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।
উত্তৰঃ অসমত থকা ব্য়ঘ্ৰ প্ৰকল্প দুটা হ’ল নামেৰি আৰু মানাহ।
(গ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?
উত্তৰঃ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ’ল- কৃষি ।
(ঘ) অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত?
উত্তৰঃ অসমৰ ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্য়োগ অৱস্থিত।
(ঙ) ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল?
উত্তৰঃ ১৮৮৯ চনত ইংৰাজসকলে অসমৰ ডিগবৈত প্ৰথম খাৰুৱা তেলৰ সন্ধান পায়।
২। সঁচা-মিছা লিখা
(ক) অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া ।
উত্তৰঃ সঁচা।
(খ) শিমলু গছ পর্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তর্গত।
উত্তৰঃ সঁচা।
(গ) অসমৰ জিলা সমূহত খাল, বিল আদি বহুতো জলাশয় আছে।
উত্তৰঃ সঁচা।
(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।
উত্তৰঃ মিছা।
(ঙ) কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্রব্য।
উত্তৰঃ মিছা।
(চ) চাহ এবিধ ৰোপণ কৃষি।
উত্তৰঃ সঁচা
৩। উদ্ভিদৰপৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।
উত্তৰঃ ১। উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ খাদ্য সামগ্রি আহৰণ কৰিব পাৰো।
২। গৃহ নিৰ্মাণৰ তথা আচবাবসমূহৰ বাবে লাগতিয়াল প্লাইউড, কাঠ, আদি উদ্ভিদৰ পৰা আহৰণ কৰোঁ।
৩। আমি উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ ঔষধ পাওঁ।
৪। উদ্ভিদৰ পৰা আমি অক্সিজেন সংগ্ৰহ কৰোঁ।
৫) কাগজকল উদ্যোগ , জুইশলা উদ্যোগ আদি বিভিন্ন ধৰণৰ উদ্যোগ সমূহ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে।
৪। বন্য প্রাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্রয়োজন? (৫০টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰঃ প্ৰাচীন কালত সমগ্ৰ পৃথিৱীখন জীৱ জন্তুৰ মুক্ত বিচৰণ স্থলী আছিল। কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰকৃতিত পশুপক্ষীৰ বাবে বিচৰণৰ ঠাই কমি আহিল। অৰণ্যবোৰ আছিল বন্য প্ৰাণীৰ শেষ আশ্রয়স্থল। মানুহৰ প্ৰয়োজনীয়তাবোৰ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অৰণ্যবোৰ সংকটৰ সন্মুখীন হ’ল। ঠাই বিশেষে কিছুমান জীৱজন্তু আৰু উদ্ভিদ পৃথিৱীৰ পৰাই বিলুপ্ত হল। তাৰে পৰিপ্ৰেক্ষিতত উদ্ভিদ আৰু বন্যপ্ৰাণীক সুৰক্ষিত ৰখাৰ স্বাৰ্থত অভয়াৰণ্যসমূহ গঢ়ি উঠিল। অভয়াৰণ্যসমূহত বন্যপ্ৰাণীবোৰ সুৰক্ষিত হৈ থাকে। বন্যপ্ৰাণীবোৰ ইয়াত বংশবৃদ্ধি কৰিব পাৰে। অভয়াৰণ্যসমূহলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে। উদ্ভিদ, বন্য প্ৰাণীৰে সমৃদ্ধ অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসম্যতা ৰক্ষা কৰাৰ লগতে সৌন্দৰ্যবৰ্ধনৰো কাম কৰে।
৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ খাৰুৱা তেলৰ পুং থকা ঠাইসমূহ হ’ল –
নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী, বৰহোলা, দিহিঙ উপত্যকা, ডিগবৈ।
অসমৰকয়লাখনি থকা ঠাইসমূহ হ’ল –
উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু, নাফুক, নাগিনিমৰা কাৰ্বি আংলঙৰ কয়লাজান, শিলভেটা, লংলৈ, শিঙিমাৰী আদি।
৬। ভূগৰ্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।
উত্তৰঃ ভূগৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে, ভূ-তলজলে। উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয়। কৃষিকাৰ্যত জলসিঞ্চৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয়। ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই আহে যাক আমি গৰম পানীৰ উহঃ বুলি জানো আৰু সেইবোৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰো ।
৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।
(ক) ৩টা খাৰুৱা তেলৰ পুং
(খ) ৩টা কয়লাখনি
(গ) ২টা তেল শোধনাগাৰ
(ঘ) চুণ শিল পোৱা এখন ঠাই
(ঙ) তাৰা বিল, শিৱসাগৰ পুখুৰী
(চ) এটি নদী বন্দৰ
(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ
উত্তৰঃ
Class 7 Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 7 অসমৰ সম্পদ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam