Assam Board Exam

Class 7 Social Science Chapter 8 উত্তৰ পূব ভাৰত

Class 7 Social Science Chapter 8 উত্তৰ-পূব ভাৰত – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 8 উত্তৰ-পূব ভাৰত – Complete Question Answer in Assamese Medium


উত্তৰ-পূব ভাৰত

অনুশীলনী

পাঠঃ

১) উত্তৰ লিখা-

(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?

উত্তৰঃ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল।

(খ) কোনখন ৰাজ্যৰ  ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?

উত্তৰঃ পশ্চিমবংগ ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।

(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰধান নদীসমুহ হ’ল–

অসম– ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জীয়াভৰালী, বঢ়ীদিহিং, কপিলী, ধনশিৰি।

অৰুণাচল প্ৰদেশ- লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰালী।

ত্ৰিপুৰা- ফেনি, গোমতী, চলাই, মুহুৰি।

মণিপুৰ- বৰাক, ইম্ফল, ইৰিল।

নাগালেণ্ড- ঝুমকি, দয়াং,  টিজু।

মিজোৰাম- কালাদন, টুইভাই সোণাই, টলং, লংগাই।

মেঘালয়- উমট্ৰু (ডিগাৰু), উমিয়াম (বৰাপানী), সোমেশ্বৰী, দুধনৈ।

ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কার্যত আগবঢ়া কিয়?

উত্তৰঃ পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল তুলনামূলকভাৱে কৃষি কার্যত আগবঢ়া। কাৰণ পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ অধিক সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি ওখোৰা মোখোৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ। জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হব লগীয়া হয়। কিন্তু সমভূমিত নদী-পুখুৰী,জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকেǀ তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়।

(ঙ) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া।


২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয়? (৫০টা মান শব্দৰ ভিতৰত লিখা)।

উত্তৰঃ পাহাৰীয়া অঞ্চলত জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি কৰে। তেওঁলোকে প্ৰতি বছৰে পাহাৰৰ এঢলীয়া ঢাল বোৰ কাটি হাবি-বন চাফা কৰি জুই লগাই ঝুম খেতি বাবে মাটি মুকলি কৰে। মাটি খিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান,আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। দুই তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়।


৩। খালী ঠাই পূৰ কৰা-

(ক) উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বৰ্গ কিল’মিটাৰ।

(খ) ভাৰতৰ উত্তৰ-পূব অঞ্চল ২০º  উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০` উত্তৰ অক্ষাংশলৈকে বিস্তৃত।

(গ) উত্তৰ পূব মৌছুমী বতাহ শীত  কালত বয়।

(ঘ) উত্তৰ – পূব ভাৰতত মুঠতে খন ৰাজ্য আছে।

(ঙ) মিজোৰাম উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।


৪। উত্তৰ-পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা-

(ক) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা

(খ) ব্রহ্মহ্মপুত্ৰ আৰু বৰাক নদী

(গ) অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী

(ঘ) নামৰূপ সাৰ কাৰখানা

(ঙ) পর্যটন ক্ষেত্র টাৱাং

উত্তৰ:

North East Map

Class 7 Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 8 উত্তৰ পূব ভাৰত – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment