Assam Board Exam

যুগমীয়া শৰাইঘাট | Class 8 Assamese Chapter 2

Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 8

Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট | Complete Question Answer in Assamese Medium


যুগমীয়া শৰাইঘাট

অষ্টম শ্ৰেণী

অসমীয়া

২। উত্তৰ দিয়া।

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ
 কি আছিল?

উত্তৰঃ- অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।


(খ) বর্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?

উত্তৰঃ- বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ’ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।


(গ) ৰামসিংহ কোন আছিল?

উত্তৰঃ- ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংগজেৱ বাদছাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তেওঁ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল।


(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?

উত্তৰঃ- তেওঁ ঔৰংগজেৱ বাদছাহৰ আদেৰ্শ মৰ্মে অসম আক্ৰমণ কৰি গুৱাহাটী দখল কৰিব আহিছিল।  


(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ- শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।


(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?

উত্তৰঃ- লাচিতৰ অধীনত এক লক্ষ্য সৈন্য আছিল।


(ছ)মোগল নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?

উত্তৰঃ- মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।


(জ)মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?

উত্তৰঃ- মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে অসমীয়া কটকী ৰামচৰণক লোৱা লগাই থৈছিল।


(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?

উত্তৰঃ- ৰজা ৰামসিংহই গণিব নোৱাৰা অসংখ্য আফুগুটিৰ দৰে তেওঁলোকৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ গৈছিল।


(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?

উত্তৰঃ- লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠাইছিল।


৪। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।

(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?

উত্তৰঃ- কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক এনেদৰে কৈছিল – “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈঁছো, তাতে মোৰ শটো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।”


(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?

উত্তৰঃ- অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি এনেদৰে কৈছিল 一 “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”


(গ)কোনোবাই  ঘোষণা কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?

উত্তৰঃ- কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল 一 “যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”


(ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

উত্তৰঃ- বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক এইবুলি কৈছিল 一 “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।”


৫। বহলাই লিখা।

(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়োজন আছে লিখা।

উত্তৰঃ- যুদ্ধত জয় হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও  প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। এইবোৰৰ অবিহনে কেৱল যুদ্ধ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰি।


(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।

উত্তৰঃ- যেতিয়া সেনাপতি কোৱামৃদ্ধা হাজৰিকাক আটক কৰি মোগল সৈন্যই আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে, তেতিয়া কোৱামৃদ্ধা হাজৰিকাই ক’লে, “মই নাচিম ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” মোগল সৈন্যই নাৱৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে। কোৱামৃদ্ধাই নিজৰ নাওঁ-বৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচগুল হ’ল। এই ছেগতে নাওঁ-বৈচাই নাওঁখন অসমীয়া নাৱৰ পিনে ত্ৎক্ষণাত ঘূৰাই নিলে। মোগলে বৈঠা মাৰি নাওঁ ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই কোৱামৃদ্ধা নাওঁ নিজৰ ঠাই পালেগৈ।


(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।

উত্তৰ: শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ হৈছে- সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ়-নিয়মানুবর্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা, দুর্নীতি দমন, দেশৰ মংগলকার্যত সম্পূর্ণ আত্মবিলোপ আৰু স্বার্থত্যাগ, আৰু আত্মকন্দল নোহোৱা কৰা আদি।


৬। প্রসংগ সংগতি দর্শাই বুজাই লিখা।

(ক) “অগ্নি, সর্প আৰু প্রলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত।”

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূর্যকুমাৰ ভূঞাদেৱে লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

প্রলোভনে অগ্নি আৰু সৰ্পৰ দৰে যে সর্বনাশ ঘটাব পাৰে, তাৰ প্রসঙ্গতে লেখকে এইদৰে কৈছে।

শৰাইঘাটৰ যুদ্ধ চলি থকা সময়তে অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল।কটকীৰ মনত লোভ জগাবলৈকে ৰামসিংহই সেইটো কৰিছিল।ৰামচৰণে কাঠৰ চৰাইৰ নাচ  দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে। ৰামচৰণৰ এনে দায়িত্বহীন কর্মব বাবে লাচিত বৰফুকনে তেওঁক লোৱা-লগাই থ’লে। কাৰণ লাচিত বৰফুকনে জানিছিল যে, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। প্ৰলোভন, সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ’ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল।


(খ) “বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।”

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূর্যকুমাৰ ভূঞাদেৱে লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

আলাবৈৰ ৰণত একেদিনে দহহাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পাইছিল আৰু সেইকথা তেওঁ স্বর্গদেৱক জনোৱাৰ ইচ্ছা কৰিছিল। তেতিয়া বুঢ়াগোঁহাই ডাঙৰীয়াই লাচিতক হাক দি উক্ত কথাষাৰ কৈছিল।

কোনো পূর্ব পৰিকল্পনা নকৰাকৈ হঠাতে যুদ্ধত অবর্তীর্ণ হোৱা বাবে আলাবৈৰ ৰণত অসমীয়া সকল পৰাজিত হৈছিল আৰু প্রায় দহ হাজাৰ সৈন্যই প্রাণ হেৰুৱাইছিল। সেই ঘটনাত লাচিত বৰফুকনে বৰ বেজাৰ পাইছিল । লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰজন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু-বিবেচক বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি  তেওঁক সান্ত্বনা দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী সিচোতে আঠ-দহটা মানুহক শিঙিয়ে বিন্ধে। এইখন এখন ডাঙৰ ৰণ, গতিকে তাত দুই চাৰিজন লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক।


(গ) “সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।”

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূর্যকুমাৰ ভূঞাদেৱে লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

বৰ্তমান অসমৰ সমস্যাসমূহক লেখকে শৰাইঘাটৰ যুদ্ধৰ লগত তুলনা কৰি উক্ত কথাষাৰ কৈছে।

শৰাইঘাটৰ যুদ্ধ অসম ইতিহাসৰ এটা ডাঙৰ ঘটনা। সেনাপতি লাচিত বৰফুকনৰ বিচক্ষণতাৰ বাবেই সেই যুদ্ধত অসমৰ জয় হৈছিল। বর্তমান অসমৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ঐতিহ্যিক আদি-অসংখ্য সমস্যাক লেখকে শৰাইঘাটৰ যুদ্ধৰ লগত তুলনা কৰিছে। শৰাইঘাটৰ যুদ্ধত যিদৰে সুচিন্তিত আঁচনি আৰু কাৰ্যপন্থা গ্রহণ কৰি যুদ্ধ জয় কৰিছিল, ঠিক একেদৰে বৰ্তমান অসমৰ সমস্যা সমূহ সমাধান কৰিবলৈ লাগিব সুচিন্তিত আঁচনি, উচিত কার্যপন্থা গ্রহণ আৰু ৰূপায়ণ ইত্যাদি। সেয়ে লেখকে কৈছে-“শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।”


(ঘ) “আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।”

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূর্যকুমাৰ ভূঞাদেৱে লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

অসম আক্রমণ কৰিবলৈ আহি মোগল সেনাপতি ৰামসিংহই লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই নিজৰ সৈন্যৰ সংখ্যা বুজাবলৈ গৈছিল। তাৰ প্রত্যাত্তৰত লাচিতে উক্ত কথাষাৰ কৈছিল।

আফুগুটি হৈছে ভাং বা কানি গছৰ গুটি। এই গুটি অতি ক্ষুদ্র। ৰাম- সিংহই কটকীৰ হাতত এটোপোলা আফুগুটি পঠিয়াই সিহঁতৰ অসংখ্য সৈন্যৰ সম্ভেদ দিবলৈ গৈছিল। তাৰ প্রত্যোত্তৰত লাচিতে এচুঙা বালি পঠিয়াই ৰাম সিংহক কৈছিল যে “আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব। মই এচুঙা বালি পঠিয়ালোঁ। আমাৰ সৈন্যৰ এনয় লক্ষণ।” এচুঙা বালিৰ দ্বাৰা লাচিতে নিজৰ সৈন্যৰ সংখ্যা আৰু শক্তি মোগলৰ সৈন্যতকৈ যে বেছি, তাকে প্রমাণ কৰিবলৈ গৈছিল।


(ঙ) “এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।”

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূর্যকুমাৰ ভূঞাদেৱে লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে।

বর্তমান অসমৰ বিভিন্ন সমস্যা, আৰু এই সমস্যাবোৰৰ স্থায়ী-সমাধান নহ’লে অদূৰ ভৱিষ্যতে অসমৰ হব পৰা বিপদৰ প্রসঙ্গত বাক্য-শাৰী প্রয়োগ কৰিছে।

অসমৰ সমস্যাৰ অন্ত নাই। বছৰি বানপানীৰ দুর্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকূপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্রবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ সমস্যা, শাসন নীতিৰ সমস্যা ইত্যাদিৰে অসম ভাৰাক্রান্ত। এই সমস্যাবোৰৰ স্থায়ী সমাধান কৰিবলৈ শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনে লোৱাৰ দৰে উচিত পৰিকল্পনা আৰু কাৰ্যপন্থাৰ অতি প্রয়োজন। তাকে নকৰি সমস্যাবোৰ সমস্যা হৈয়ে থাকিবলৈ দিলে অসমে এদিন নিজৰ অস্তিত্ব হেৰুৱাব।


৭। তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা।

(ক) কিয় মূৰ্দ্ধন্য ণ হৈছে।

(খ) কিয় মূৰ্দ্ধন্য ণ নহ’ল।

পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰানি, নৰানি, ফেৰেঙনি, ৰামায়ণ।

(ক) উত্তৰঃ ঋ, ৰ আৰু ষ ৰ পাছত থকা দন্ত্য ন বোৰ মূৰ্ধন্য ণ হয়। আনহাতে ঋ, ৰ, ষ আৰু ন ৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা ষ, ৱ, হ থাকিলেই ন মূৰ্দ্ধন্য হয়। এই ণত্ববিধিৰ নিয়ম অনুসাৰেই পৰিণাম,পৰিমাণ, প্ৰণাম, বিশেষন, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ ‘ন’ মূৰ্ধন্য ‘ণ’ হৈছে।


(খ) উত্তৰ: (ক) উত্তৰত দিয়া উপৰোক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃত মূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানি আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্দ্ধন্য  ‘ণ’ নহ’ল।


৮। তলৰ শব্দবোৰৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ’নাম লিখা। 

উত্তৰঃ- 

পৰীক্ষাঃ-    পৰি    +  ঈক্ষা    = স্বৰসন্ধি

দৈনিকঃ-     দিন    +  ইক্     = ব্যঞ্জনসন্ধি

নৰেন্দ্ৰঃ-      নৰ      +  ইন্দ্ৰ       = স্বৰসন্ধি

উল্লেখঃ-      উৎ      +  লেখ    = ব্যঞ্জনসন্ধি

সংযমঃ-      সম্      +  যম      = ব্যঞ্জনসন্ধি

মহাৰ্ঘঃ-       মহা      +  অৰ্ঘ     = স্বৰসন্ধি

উজ্জ্বলঃ-    উৎ      +  জল      = ব্যঞ্জনসন্ধি

মুনিন্দ্ৰঃ-      মুনি     +  ইন্দ্ৰ      = স্বৰসন্ধি

ইত্যাদিঃ-     ইতি     +  আদি    = স্বৰসন্ধি

প্ৰত্যেকঃ-   প্ৰতি     +  এক      = স্বৰসন্ধি

মহাত্মাঃ-     মহান   +  আত্মা  = স্বৰসন্ধি

নিশ্চয়ঃ-     নিঃ       +  চয়       = বিসৰ্গসন্ধি

সঞ্চয়ঃ-       সম্      +  চয়        = ব্যঞ্জনসন্ধি

নয়নঃ-        নে:     +  অন       = স্বৰসন্ধি

উদ্ধাৰঃ-      উৎ      +  ধাৰ       = ব্যঞ্জনসন্ধি

সম্ৰাটঃ-       সম্      +  ৰাট       = ব্যঞ্জনসন্ধি

উন্নতিঃ-      উৎ       +  নতি      = ব্যঞ্জনসন্ধি

দুৰ্নীতিঃ-      দুঃ       +  নীতি      = বিসৰ্গসন্ধি

দেৱালয়ঃ-   দেৱ     +   আলয়  = স্বৰসন্ধি

হিমালয়ঃ-   হিম      +   আলয়   = স্বৰসন্ধি

বিদ্যালয়ঃ-   বিদ্যা   +   আলয়   = স্বৰসন্ধি

ষড়াননঃ-     ষট্      +    আনন    = স্বৰসন্ধি

সতীশঃ-       সতী    + ঈশ        = স্বৰসন্ধি

দুশ্চিন্তাঃ-     দুঃ      + চিন্তা       = বিসৰ্গসন্ধি

শিৰচ্ছেদঃ-  শিৰঃ   + ছেদ       =  বিসৰ্গ সন্ধি

জগন্নাথঃ-    জগৎ  + নাথ        = ব্যঞ্জন সন্ধি

উচ্ছৃংখলঃ-   উৎ     + শৃংখল    =  ব্যঞ্জন সন্ধি

আশাতীতঃ- আশা   + অতীত   = স্বৰসন্ধি

যথোচিতঃ-   যথা     + উচিত     = স্বৰসন্ধি

ৰামায়ণঃ-    ৰাম     + অয়ন      = স্বৰসন্ধি


৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।


উত্তৰঃ- বিশেষ্য —- বিশেষণ

যুগ            –  যুগমীয়া

অসম        –  অসমীয়া

মাতাল       –  মতলীয়া

যোগান      –  যোগনীয়া

শৰাইঘাট   –  শৰাইঘটীয়া

ইতিহাস    –  ঐতিহাসিক

সমৰ         –  সামৰিক

অৰ্থনীতি   –  অৰ্থনৈতিক

ৰাজনীতি  –  ৰাজনৈতিক

সমাজ      –  সামাজিক   


(ক) বিশেষ্য – – – বিশেষণ

গাঁও       – গাঁৱলীয়া

নগৰ     – নগৰীয়া

চহৰ     –   চহৰীয়া

পাহাৰ   – পাহাৰীয়া

মিছা     – মিছলীয়া

ঘৰ       – ঘৰুৱা

ৰণ       – ৰণুৱা

বন       – বনুৱা

খক      – খকুৱা

পাম     – পমুৱা


(খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া।


বিশেষণ – – –  বিশেষ্যলৈ

সৰলতা                           সৰল

নম্ৰ                         –      নম্ৰতা 

ভদ্ৰ                  –           ভদ্ৰতা 

 সত্য                –           সত্যতা

 মিত্ৰ                 –           মিত্ৰতা

ধূৰ্ত্ত                   –           ধূৰ্তালি 

ধিতিঙা                 –        ধিতিঙালি

ভাল                 –           ভালৰি

দুষ্ট                    –          দুষ্টালি       


১৫। চমু উত্তৰ লিখা।

(ক) ‘চিলাৰায় দিৱস’ কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ- ‘চিলাৰায় দিৱস’ ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়।


(খ) ‘লাচিত দিৱস’ কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ- ‘লাচিত দিৱস’ ২৪ নৱেম্বৰত পালন কৰা হয়।


(গ) ‘চুকাফা দিৱস’ (অসম দিৱস) কেতিয়া পালন কৰা হয়?

উত্তৰঃ- ‘চুকাফা দিৱস’ ২ ডিচেম্বৰত পালন কৰা হয়।


১৬। ৰচনা লিখা

(ক) অসমৰ প্রাকৃতিক দুর্যোগ

অসমৰ প্রাকৃতিক দুর্যোগ

 আৰম্ভণি: প্রকৃতিজগতৰ বিভিন্ন উপাদানে মাজে সময়ে অস্বাভাবিক ৰূপ ধাৰণ কৰি তাণ্ডৱ বা ধ্বংস লীলা চলায়, তাকে প্রাকৃতিক দুর্যোগ বোলা হয়। প্রাকৃতিক দুর্যোগৰ পৰা পৃথিৱীৰ কোনো ঠাইয়ে মুক্ত নহয়। অসমৰ মুখ্য প্রাকৃতিক দুর্যোগ সমূহ হৈছে বানপানী, ভূমিকম্প, গৰা–খহনীয়া, ধুমুহা ইত্যাদি।

 বিৱৰণ: অসমৰ প্রাকৃতিক দুর্যোগ সমূহৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হল

ক) বানপানী: বানপানী অসমৰ প্রধান প্রাকৃতিক দুর্যোগ। প্রতি বছৰে বানপানীৰ ফলত অসমত বিস্তৰ ক্ষতি হয়। মানুহ আৰু জীৱজন্তৰ দুখ কোলাই-পাচিয়ে নধৰা হয়। খেতিৰ শষ্যৰ লগতে পোহনীয়া জীব-জন্তু, ঘৰ-দুৱাৰ আদি উটি-ভাঁহি যায়।

অসমৰ বানপানীৰ প্ৰধান কাৰণবোৰ হৈছে-

  • ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলত বৰফগলা,
  • মৌচুমী বতাহৰ ফলত বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণ,
  • চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ পৰা বৰষুণৰ পানী অসমৰ নদী -সমূহলৈ বাগৰি অহা,
  • নদী সমূহৰ ভূ-গর্ভ বাম হৈ অহা, আৰু
  • অপৰিকল্পিত বান্ধ, মথাউৰি ইত্যাদি।

খ) ভূমিকম্প: বানপানীৰ দৰে ভূমিকম্পও অসমৰ এটি উল্লেখযোগ্য প্রাকৃতিক দুর্যোগ। অসমৰ ভৌগোলিক অৱস্থান আল্পচ্ হিমালয়ান ভূঁইকপ কেন্দ্রৰ অন্তর্গত। সেয়ে মাজে সময়ে ভূমিকম্পৰ জোকাৰণিয়ে অসমৰ জন-সাধাৰণ  ত্ৰাসিত কৰি আহিছে। ১৮৩০ চনৰ পৰা অসমত অসংখ্য ভূমিকম্পৰ জোকাৰণি হৈছে। তাৰ ভিতৰত প্ৰধানকৈ চৈধ্যটাসান ডাঙৰ ভূঁইকপ হৈছে। সেইকেইটাৰ ভিতৰত ১৮৯৭ আৰু ১৯৫০ চনত হোৱা-ভূঁইকপ দুটাই বিস্তৰ ক্ষতি সাধন কৰিছিল।

গ) গৰাখহনীয়া: গৰাখহনীয়া অসমৰ এটা ভয়াবহ প্রাকৃতিক দুর্যোগ হিচাপে পৰিগণিত হৈছে। বানপানী, অপৰিকল্পিত আৰু অবৈজ্ঞানিক ভাবে সৃষ্টি কৰা নদীবান্ধ, মথাউৰি আৰু গছ-গছনিৰ পৰিমাণ কমি অহাৰ বাবে বছৰি বহু হেক্টৰ মাটি খহি নদীৰ বুকুত জাহ গৈছে। গৰা-খহনীয়াৰ বাবে অনেক লোক গৃহহীন হ’বলগীয়া হৈছে। নদীবোৰৰ বুকু অতিকৈ বাম হৈ পৰিছে, ফলত অলপ বৰষুণতে বাৰিষা বানপানীৰ সৃষ্টি হয়। খহনীয়াৰ ফলত বিশ্বৰ ভিতৰতে বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটি কালি কমি আহিছে।

ঘ) ধুমুহা: ওপৰত উল্লিখিত দুৰ্যোগ সমূহৰ উপৰিও অসমত প্রতি বছৰে ধুমুহাই তাণ্ডব চলায়। বহাগ বিহুৰ আগে-পিছে অহা ধুমুহা বা বৰদৈচিলাই প্রতি বছৰে অসমত বিস্তৰ ক্ষতি সাধন কৰে।

সামৰণি: প্রাকৃতিক দুর্যোগ সমূহ প্রকৃতিৰ দ্বাৰা সৃষ্ট, তাত মানুহৰ হাত নাই। সেয়ে প্রকৃতিক দুর্যোগসমূহক ৰোধ কৰিব পৰা ক্ষমতা মানুহৰ নাই। তথাপিও বুদ্ধি আৰু কৌশলৰ বলেৰে এই দুর্যোগ সমূহক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিব পৰা হয় আৰু দুৰ্যোগৰ সময়ত বিস্তৰ ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পৰা হয়। এই ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্রহণ কৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰি ৰাখিব লাগে।


(খ) লাচিত বৰফুকন

লাচিত বৰফুকন

লাচিত ফুকন ! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!

দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ।

দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!

নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।

– দেৱকান্ত বৰুৱা

আৰম্ভণি:

অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে সেই সকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম। লাচিত বৰফুকনৰ বিৰল ত্যাগ, চৰম দেশ প্ৰেম , অসীম সাহস আৰু কতৰ্ব্যৰ প্ৰতি থকা দায়বদ্ধতা, নিষ্ঠা আৰু সততাই অসমীয়া জাতিৰ মূল্যবোধৰ ভেটিটো কটকটীয়া কৰি থৈ গল যাৰ বাবে আজি আমি সগৌৰৱে কব পাৰিছো লাচিতৰ দেশৰ সন্তান আমি আমাৰ মৰিবলৈ ভয় নাই।

জন্ম  আৰু  শিক্ষা –

আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱা কনিষ্ঠ পুত্ৰ আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম তাৰিখ সম্পৰ্কে কোনো সঠিক তথ্য বুৰঞ্জীৰ পাতত পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি কোৱা হয়। সৰু কালৰ পৰাই সততা , কতৰ্ব্য নিষ্ঠা, নিয়ামাণুবৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে প্ৰাৰম্ভিক শিক্ষা নিজা বাসগৃহতেই আৰম্ভ কৰিছিল। বৰবৰুৱা পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষাই লাচিত বৰফুকনে পাইছিল। লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে গঢ়ি তুলিবলৈ মোমাই তামূলী বৰবৰুৱাই ঘৰুৱা শিক্ষক নিয়োগ কৰি আহোম শাস্ত্ৰ, হিন্দু ধৰ্ম নীতি , অৰ্থ শাস্ত্ৰ বিষয়ত শিক্ষা দিয়াইছিল।

            দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰ চালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু ক্ৰমান্বয়ে সকলো বিষয়তে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱা পুত্ৰ হিচাপে তেওঁ গৃহত সেই সময়ৰ আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক , কুটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

আহোম  ৰাজ্যত  বিষয়া  হিচাপে  লাচিত  বৰফুকন –

নিজ কৰ্ম দক্ষতাৰ বলত অতি সোনকালেই লাচিতে ৰজা ঘৰত নিযুক্তি লাভ কৰি প্ৰথম অৱস্থাত হাচতি ধৰা তামুলীৰ পৰা কম সময়তে ঘোঁৰা বৰুৱা, দুলিয়া বৰুৱা আৰু শিমলুঙৰীয়া ফুকনৰ পদত অধিষ্ঠিত হয়। মীৰজুমলাৰ অসম আক্ৰমণত দিখৌ মুখত হোৱা যুদ্ধত লাচিতৰ পাৰদৰ্শিতা তথা পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধবজ সিংহই লাচিতক বৰ সেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্তি দিলে।

আহোম  ৰাজ্যত  বৰফুকন  হিচাপে  দায়িত্ব  গ্ৰহণ –

বৰফুকন হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই মোগল সকলক আক্ৰমন কৰে। এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুয়ো পাৰেই আহোম সৈন্যই বিজয় ধ্বজা উৰুৱাই আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে। ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নবেম্বৰ দিনা মাজ নিশা লাচিত বৰফুকনৰ আক্ৰমণৰ ফলস্বৰূপে বহু মোগল সৈন্যই প্ৰাণ আহুতি দিলে আৰু মীৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আলবৈ  ৰণ আৰু  লাচিত  বৰফুকন –

১৬৬৯ খ্ৰীষ্টাব্দৰ ফ্ৰেব্ৰুৱাৰী মাহত ৰাম সিংহৰ নেৃত্বতত মোগল সৈন্য বাহিনী অসমলৈ আহে। সেই সময়ত ৰণত যুঁজ দিবলৈ আহোম সেনা প্ৰস্তুত হোৱা নাছিল যদিও স্বৰ্গদেউ চক্ৰধবজ সিংহৰ আদেশ মৰ্মে ৰণত নামিবলৈ বাধ্য হৈছিল যাৰ ফলত ১৬৬৯ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত আলবৈ ৰণ সংঘটিত হৈছিল।  এই ৰণ আহোমৰ বাবে ধ্বংসাত্মক কাৰ্য হিচাপে বিবেচিত হৈছিল যদিও আঁতন বুঢ়াগোহাঁই সাহসত লাচিতে যুদ্ধত জপয়াই পৰিছিল।

শৰাইঘাটৰ  যুদ্ধত  লাচিত  বৰফুকন – 

ঐতিহাসিক শৰাই ঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন মহাবীৰ হিচাপে জিলিকি আছে। আলবৈ যুদ্ধত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চুড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংগজেৱৰ নিৰ্দেশত ৰাম সিংহ সাজু হৈছিল।

ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য  ঔৰেংগজেৱে প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অৰ্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে।

১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত যুদ্ধ হয়। দুৰ্ভাগ্যবশতঃ সেই সময়ত আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য অসুস্থ আছিল। প্ৰধান সেনাপতিৰ যুদ্ধৰ অবৰ্তমানত মোগল সৈন্য অনাসায়ে আহোম সৈন্যক পৰাস্ত কৰিছিল আৰু আহোম সৈন্যই ৰণ ভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল তেনে সময়ত আহোম সৈন্যৰ দুৰাৱস্থা দেখি নৰিয়া গাৰে লাচিত বৰফুকন যুদ্ধত জপিয়াই পৰিছিল আৰু আহোম সৈন্যক উদ্দেশ্য কৰি কৈছিল ” মই ইয়াতেই মৰিম, বঙালে মোক ধৰি লৈ যাওঁক, ৰাইজ সুখ শান্তিৰে ঘৰলৈ উভতি যাওঁক।” আৰু কৈছিল ” যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহয়, চিলা পৰ্বতৰ ওপৰত চাৰি কঠা মাটি কিনি থৈছোঁ তাতে মোক মৈদাম দিবি।” এই বাক্য শুনি আহোম সৈন্য দুগুণ পৰাক্ৰমেৰে যুদ্ধত জপিয়াই পৰিল অৱশেষত লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ হাতত মোগলৰ পৰাজয় হয়।

            পৰাজয়ী মোগল সেনাপতি ৰামসিংহই আহোম সৈন্যৰ পৰাক্ৰমৰ কথা স্বীকাৰ কৰি এনেদৰে কৈছিল ” ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি । প্ৰতিজন অসমীয়া সৈন্যই নাওঁ চলোৱা, কাঁড়  মাৰা , হিলৈ মাৰা এই সকলো ক্ষেত্ৰতে পাৰ্গত । মই ৰাম সিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইত দেখা নাই।”

মৃত্যু –

শৰাইঘাটৰ যুদ্ধৰ কিছু দিনৰ পিছতেই ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ মৃত্যু হয়। তেওঁ মৃত্যু হল যদিও তেওঁৰ বীৰত্ব আৰু সাহসে প্ৰতিজন অসমীয়া প্ৰাণত অমৰ হৈ ৰল।

সামৰণি

গভীৰ দেশ প্ৰেম , বীৰত্ব, কৰ্ত্যব পৰায়ন আৰু দৃঢ় নেতৃত্বৰ বাবে অসম বুৰঞ্জী পাতত লাচিত বৰফুকন অপ্ৰতিদ্বন্দ্বী নায়ক হৈ সোণালী আখৰে জিলিকি আছে। অসমৰ জাতীয় বীৰ, অসমীয়া সৌৰ্য্য বিৰ্য্যৰ প্ৰতীক লাচিত বৰফুকন হল আমাৰ সাহস আৰু প্ৰেৰণা উৎস। অসমীয়া জাতি জীয়াই থকা লৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ , দেশ প্ৰেম  অসমীয়াৰ তেজত সদায় প্ৰবাহিত হৈ ৰব।

চন্দ্ৰ বসুধা তৰক তপন

আছে মানে জগতত।

লাচিত বৰফুকনৰ দেশ প্ৰেমৰ কৃতি

অমৰ এই মৰমত।।


১৭। চমুটোকা লিখা।

(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহঃ- জয়ধ্বজ সিংহৰ ভাতৃ আছিল চক্ৰধ্বজ সিংহ। তেওঁ  ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।


(খ) লাচিত বৰফুকনঃ– লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।


(গ) ৰামসিংহঃ- ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য-সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।


Class 8 Assamese All Question Answer- Click Here


Class 8 Assamese Chapter 2 যুগমীয়া শৰাইঘাট Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment