Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 8
এন্ ফ্ৰাঙ্কৰ ডায়েৰী
Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী| Complete Question Answer in Assamese Medium
এন্ ফ্ৰাঙ্কৰ ডায়েৰী
অষ্টম শ্ৰেণী
অসমীয়া
(ক) জন্মসূত্রে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰঃ জন্মসূত্রে এন্ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।
(খ) এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?
উত্তৰঃ এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম হ’ল- অট’ ফ্রাঙ্ক আছিল।
(গ) নাজিবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?
উত্তৰঃ নাজিবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যগাৰত লুকাই আছিল।
(ঘ) এন্ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?
উত্তৰঃ এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্ট দিনলেখা লিখিছিল।
(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ’ল- এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক বৰ্বৰ অত্যাচাৰ কৰিছিল।
(চ) এন্ ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ নিজৰ মনৰ কথা উজাৰি প্ৰকাশ কৰিবলৈ এন্ ফ্রাঙ্কৰ কোনো প্ৰকৃত বন্ধু নাছিল। সেয়ে তেওঁৰ হৃদয়ত পুঞ্জীভূত হৈ থকা সকলো কথা দিনলেখা বা ডায়েৰিৰ পাততে লিখিবলৈ ইচ্ছা কৰিছিল।
(ছ) দিনলেখাসমূহ এন্ ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?
উত্তৰঃ ১৯৪৪ চনৰ কোনোবা এটা দিনত হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিছিল যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্রহণ কৰিব আৰু সেইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্র আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্রাপিত হৈ এফ্রাঙ্কে নিজষ ডায়েৰি খন সম্পাদনা কৰিছিল।
(জ) অট’ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জার্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল।লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাবে হত্যা কৰিছিল। তেনে অত্যাচাৰৰ পৰা হাত সাৰিবৰ বাবেই অট’ফ্রাঙ্কে পৰিয়ালসহ দুবছৰকাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল।
(ঝ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্ ফ্রাঙ্কে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা।
উত্তৰঃ এন্ ফ্রাঙ্কে উপলব্ধি কৰিছিল যে “মানুহতকৈ কাগজৰ ধৈৰ্য্য বেছি” কাৰণ যেতিয়া তাই নিজৰ অনুভৱবোৰ কাগজত লিখিছিল, তেতিয়া তাই দেখিছিল যে ই তাইৰ কথাত ভাগৰুৱা নহয়, হতাশ কৰা নাছিল বা তাইক বিচাৰ কৰা নাছিল । কাগজে তাইক বাধা নিদিয়ে বা খৰখেদা কৰিবলৈও নকয়, যাৰ ফলত তাই মুক্তভাৱে আৰু কোনো সংকোচ নকৰাকৈয়ে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। ইয়াৰ বিপৰীতে মানুহৰ লগত কথা পাতিলে হয়তো সদায় শুনিবলৈ সময় বা ধৈৰ্য্য নাথাকিবও পাৰে, বা তেওঁলোকে তাইৰ কথাত বাধা দিব বা বিচাৰ কৰিব পাৰে, যাৰ ফলত তাই দ্বিধাবোধ বা অস্বস্তি অনুভৱ কৰিব পাৰে। গতিকে, তাইৰ চিন্তাবোৰ লিখি থৈ তাই সান্ত্বনা পাইছিল কাৰণ কাগজ শুনিবলৈ সদায় সাজু থাকে ।
(ঞ) এন্ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?
উত্তৰঃএনফ্রাঙ্কৰ মাক-দেউতাক, আত্মীয় কটুম্ব আৰু প্রায় ৩০ জন মান বন্ধু আছিল। কিন্তু এই লোকসকলৰ লগত তেওঁ গতানুগতিক ভাবেহে কথা বতৰা পাতিছিল। তেওঁৰ হৃদয়ত পুঞ্জীভূত হৈ থকা সকলো কথা উজাৰি কব পৰাকৈ এজন প্রকৃত বন্ধু তেওঁ বিচাৰি পোৱা নাছিল। সেয়ে তেওঁ নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল।
২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰঃ গণ্য = ডাঙৰ বা শ্ৰেষ্ঠ বুলি মানিবৰ যোগ্য,
গতানুগতিক = প্ৰচলিত নিয়ম মতে চলা, নতুনত্ববিহীন।
অস্ত্ৰোপচাৰ = অপাৰেচন, ৰোগ চিকিৎসাৰ কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ।
বৰ্বৰ = নীচ, অসভ্য।
পৰিত্যক্ত = এৰা, ত্যাগ কৰা।
প্ৰবাদ = প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা।
অধিগৃহীত = আইনৰ সহায়েৰে দখল কৰা।
থিৰাং = নিশ্চিত।
উৎসৰ্গা = দান কৰা।
আড়ম্বৰ = জাক-জমকতা।
প্ৰত্যশিত = আশা কৰা।
ভাবমূৰ্তি = কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা।
পুঞ্জীভূত = থূপ খাই থকা।
শামকতা = উপশম হোৱা।
সন্নিৱিষ্ট = অন্তৰ্ভুক্ত।
৩। ‘কিটি’ কোন? এন্ ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰঃ ‘কিটি’ এনফ্রাঙ্কৰ কাল্পনিক বন্ধু।
এনফ্রাঙ্কে নিজৰ মনৰ কথা উজাৰি ক’ব পৰাকৈ কোনো প্রকৃত বন্ধু নাছিল। সেয়ে তেওঁ কিটি’ নামৰ বন্ধু এগৰাকী কল্পনা কৰি লৈছিল। ‘মৰমৰ কিটি’ বুলি বুলি সম্বোধন কৰি ডায়েৰিৰ পাততে তেওঁৰ মনৰ কথাবোৰ নিঃসংকোচে বর্ণনা কৰি গৈছিল। সঁচা বন্ধুৰ অভাৱৰ বাবে কাল্পনিক বন্ধু কিটিকে প্রকৃত বন্ধু হিচাপে গণ্য কৰিছিল।
৪। এন্ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?
উত্তৰঃ এনফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্রকাশ হোৱাত তেওঁৰ দেউতাক অটফ্রাঙ্কে আগভাগ লৈছিল।
নাজীবাহিনীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ বাবে এনফ্রাঙ্কৰ পৰিয়ালটো দুবছৰকাল এটা পণ্যাগাৰত লুকাই আছিল। যন্ত্রণাকাতৰ এই গোপন জীৱনৰ কৰুণ অভিজ্ঞতা এন্ফ্রাঙ্কে ডায়েৰিৰ পাতত লিখি গৈছিল। এনৰ মৃত্যুৰ পিছত দেউতাকে সেই ডায়েৰিখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে হলেণ্ড চৰকাৰে ঘোষণা কৰিছিল যে যুদ্ধ শাম কটাৰ পিছত জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যি সকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্রণা ভোগ কৰিছিল, তেওঁলোকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্র আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল। সেয়ে এনফ্রাঙ্কৰ দেউতাকে ডায়েৰি খন পুথি আকাৰে প্রকাশ কৰিছিল।
৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰঃএনফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল। তেওঁ আইতাকক যে বহুত ভাল পাইছিল, সেইকথা তেওঁ ডায়েৰিত, লিখা এই বাক্যটোৰ পৰাই বুজিব পাৰি -” ১৯৪২ চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্রতি মুহুর্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ।”
১৯৪২ চনৰ জন্মদিনৰ দিনা এনফ্রাঙ্কে জন্মদিনৰ মমবাতি বোৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল।
৬। পাঠটো পঢ়ি এন্ ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰঃ এন্ ফ্রাঙ্কৰ ডায়েৰীত প্ৰৱেশ কৰা তথ্যই তেওঁৰ জীৱনৰ প্রত্যাহ্বানমূলক সময়ছোৱাত তেওঁৰ গভীৰ আৱেগ আৰু চিন্তাৰ জটিলতা উন্মোচন কৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে আগুৰি থকাৰ পিছতো এনে্ অনুভৱ কৰিছিল যে তেওঁৰ সৈতে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা প্ৰকৃত বন্ধু অভাৱ। এই নিসংগতা আৰু সংযোগৰ আকাংক্ষা তীব্ৰতৰ হৈ পৰিছিল তাইৰ মৰমৰ আইতাকৰ মৃত্যুৰ পিছত, যাৰ লগত তাইৰ ঘনিষ্ঠ আৰু মধুৰ সম্পর্ক আছিল। জন্মদিনত আইতাকৰ স্মৃতিত মমবাতি জ্বলোৱাৰ কাৰ্য্যই আইতাকৰ প্ৰতি থকা চিৰস্থায়ী প্ৰেম আৰু সন্মানৰ লগতে স্মৃতিশক্তি জীয়াই ৰখাৰ ইচ্ছাও প্রকাশ কৰে। সামগ্রিকভাৱে এন্ লেখাবোৰে দুখ, আকাংক্ষা আৰু সংযোগ আৰু বুজাবুজিৰ বাবে হাহাকাৰৰ মিশ্ৰণ প্ৰতিফলিত কৰে।
সেই সময়ত এন্ ফ্রাঙ্কে তেওঁক গভীৰভাৱে বুজিব পৰা এজন প্ৰকৃত বন্ধুৰ বাবে বিচ্ছিন্নতাৰ অনুভৱ আৰু আকাংক্ষা প্রকাশ কৰিছিল। পৰিয়াল আৰু চিনাকি মানুহ থকাৰ পিছতো তাইৰ অন্তর্নিহিত চিন্তা আৰু আৱেগক ভাগ কৰিব পৰা এজন প্ৰকৃত বন্ধু গভীৰ প্রয়োজনীয়তা অনুভৱ কৰিছিল। এই নিসংগতাৰ অনুভৱ আৰু সংযোগৰ আকাংক্ষা তাইৰ ডায়েৰীখনত আত্মগোপন কৰাৰ সিদ্ধান্তত স্পষ্ট হৈ পৰে, যাৰ নাম তাই “কিটি” ৰাখিছিল, যেন তাইৰ প্ৰকৃত বন্ধু। ইয়াৰ উপৰিও বিশেষকৈ জন্মদিনৰ দৰে উল্লেখযোগ্য অনুষ্ঠানৰ সময়ত তাই দুখ আৰু নষ্টালজিয়াৰ মুহূৰ্ত অনুভৱ কৰিছিল, য’ত তাই মৃত আইতাকক মনত পেলাইছিল আৰু তাইৰ প্ৰতি থকা নিজৰ চলি থকা মৰম আৰু আকাংক্ষা প্ৰকাশ কৰিছিল। মুঠতে সেই সময়ৰ এন্ ফ্ৰেংকৰ অনুভৱবোৰত নিসংগতা, সংযোগৰ বাবে হাহাকাৰ আৰু হেৰুৱা আপোনজনৰ স্মৃতিৰ এক মাৰ্মান্তিক মিশ্ৰণ আছিল।
৭। পাঠটোত অধি, অনু, প্ৰতি — এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।
উত্তৰঃ অধি + গৃহীত = অধিগৃহীত।
অনু + প্ৰানিত = অনুপ্ৰানিত।
প্ৰতি + দিন = প্ৰতিদিন।
৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।
উত্তৰঃ স্থায়ী – গোপন, অপ্ৰকাশ।
ভোগ – ত্যাগ, দুৰ্ভোগ।
সমাপ্ত – আৰম্ভনি, অসমাপ্ত।
আড়ম্বৰ – অনুষ্টুপীয়া, অনাড়ম্বৰ।
ভাগ্য – দুৰ্ভাগ্য।
ধৈৰ্য – অধৈৰ্য।
৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
উত্তৰঃ যন্ত্ৰণা = যাতনা।
কৰুণ = কাতৰ।
কিশোৰী = বালিকা।
মৃত্যু = মৰণ।
১০। তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।
(ক) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল।
উত্তৰঃ যৌগিক বাক্য।
(খ) ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।
উত্তৰঃ জটিল বাক্য।
(গ) বৰষুণ পৰিছে।
উত্তৰঃ সৰল বাক্য।
(ঘ) মই সদায় ভাত খাই স্কুললৈ যাওঁ।
উত্তৰঃ সৰল বাক্য।
(ঙ) একমাত্ৰ দেউতাকেই নাজিবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল।
উত্তৰঃ জটিল বাক্য।
(চ) এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল।
উত্তৰঃ জটিল বাক্য।
(ছ) এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি’ বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তোমাৰ, এন্’ বুলি সমাপ্ত কৰিছিল।
উত্তৰঃ যৌগিক বাক্য।
(জ) জন্ম-দিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ’ল।
উত্তৰঃ জটিল বাক্য।
১১। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)
(ক) সোণ উজ্জ্বল।
উত্তৰঃ সোণ ৰূপতকৈ উজ্জ্বল।
আন বোৰ ধাতুতকৈ সোণ উজ্জ্বল।
(খ) মীনা মেধাৱী।
উত্তৰঃ ৰীণাতকৈ মীনা মেধাৱী।
শ্ৰেণীৰ আনবোৰ ছোৱালীতকৈ মীনা মেধাৱী ।
(গ) অৰুণ ওখ।
উত্তৰঃ অৰুণ বলেনতকৈ ওখ।
নৱম শ্ৰেণীৰ আটাইকেইটা ল’ৰাৰ ভিতৰতে অৰুণ ওখ।
(ঘ) জোনবাই ঘূৰণীয়া।
উত্তৰঃ পৃথিৱীতকৈ জোনবাই সৰু।
সূৰ্য, পৃথিৱী আদি জ্যোতিস্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু।
(ঙ) এই কিতাপখন ভাল।
উত্তৰঃ সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল।
লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল
১২/ বাক্য ৰচনা কৰা:
ক) অনতিপলমে: দুর্ঘটনাটোৰ বুজ ল’বলৈ অনতিপলমে পুলিচ আহি উপস্থিত হল।
খ) হাঁহি-ধেমালি: বিদ্যালয়ত আমি লগৰীয়াৰ লগত হাঁহি-ধেমালি কৰো।
গ) ৰূপান্তৰিত: এন্ফ্রাঙ্কৰ ডায়েৰিখন বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছে।
ঘ) আত্মগোপন: নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবৰ বাবে এন্ফ্রাঙ্কৰ পৰিয়ালটোৱে আত্মগোপন কৰি আছিল।
ঙ) চিঠি-পত্র: আজিকালি মানুহে চিঠি-পত্র লিখিবলৈ এৰিছে।
চ) দুখ-যন্ত্রণা: জীৱনত প্রত্যেকজন মানুহে দুখ-যন্ত্রণা সহিব লগা হয়।
ছ) পৰিত্যক্ত: এনফ্রাঙ্কৰ ডায়েৰি খন পৰিত্যক্ত অৱস্থাত দেউতাকে উদ্ধাৰ কৰিছিল।
জ) বিশ্ববিখ্যাত: ড° ভূপেন হাজৰিকা এজন বিশ্ববিখ্যাত শিল্পী আছিল।
ঝ) আদান-প্রদান: মনৰ কথা আদান-প্রদান কৰিবলৈ মানুহক প্রকৃত বন্ধুৰ প্রয়োজন।
ঞ) চিন্তা-ভাবনা: বহুত চিন্তা-ভাৱনাৰ অন্তত সিদ্ধান্তটো লোৱা হল।
১৩/ তলৰ খণ্ডবাক্যবোৰ ব্যৱহাৰ কৰি বাক্যৰচনা কৰা;
ক) মনপা (মন বুজ): ছোৱালীজনীৰ মন পাবলৈ বৰ টান।
খ) মন বান্ধ (মন দমা): প্রয়োজনত মানুহে মন বান্ধিব পাৰিব লাগে।
গ) মন পুতি লাগ (মনোযোগ দি লাগ): মন পুতি লাগিলেহে কামত কৃতকার্য লাভ কৰিব পাৰে।
ঘ) মন মাৰ (নিৰানন্দ হ): ছোৱালীজনীয়ে বৰ মন মাৰি আছে।ণ
ঙ) মন কৰ (ইচ্ছা কৰ): লৰাটোৱে পঢ়িবলৈ মন কৰা নাই।
চ) আটক কৰ (আৱদ্ধ কৰ): পুলিচে চোৰটোক আটক কৰিলে।
ছ) আটক-ধুনীয়া (অসাধাৰণ ৰূপে ধুনীয়া): কবিতা গাওঁখনৰ ভিতৰতে আটক ধুনীয়া ছোৱালী।
Class 8 Assamese All Question Answer- Click Here
Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰী Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam