Class 8 Social Science Chapter 1 (Geography and Economics) প্ৰাকৃতিক সম্পদ – সমাধান in Assamese Medium|| All Question Answer
প্ৰাকৃতিক সম্পদ
Class 8 Social Science Chapter 1 প্ৰাকৃতিক সম্পদ – Complete Question Answer in Assamese Medium
প্ৰাকৃতিক সম্পদ
অনুশীলনী
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
১। চমু উত্তৰ লিখা-
(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পায় অহাৰ দুটা কাৰণ হ’ল-
১) জনসংখ্যাৰ বৃদ্ধি।
২) অর্থনৈতিক প্রতিযোগিতা।
(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভবা? (দুটা কাৰণ লিখা)
উত্তৰঃ ১) খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হ’লে তাৰ আশে-পাশে জনবসতি ঘন হয়।
২) কোনো ঠাইত খনিজ সম্পদ উপলদ্ধ হ’লে সেই অঞ্চলৰ জন বসতি ঘন হয়।
(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
উত্তৰঃ১) কৃষি কার্যত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ।
২) খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে।
(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
উত্তৰঃ১) ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে।
২) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে।
২। শুদ্ধ উত্তৰত (√) চিন দিয়া—
(ক) তলৰ কোনটোৱে পানীৰ সংক্ষণত সহায় কৰে?
(১) অবাবতে পানীৰ টেপ খুলি থলে।
(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।
(৩) বৰষুণৰ পানী জমা কৰি থলে।
উত্তৰঃ (৩) বৰষুণৰ পানী জমা কৰি থলে।
খ) নিৰ্মল পানী পাবলৈ হ’লে—
(১) আবর্জনাবোৰ নৈত পেলাব লাগে।
(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।
(৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
উত্তৰঃ (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে–
(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।
(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।
(৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে।
উত্তৰঃ (১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ’লে।
৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)
উত্তৰঃ ভূমি সম্পদৰ গুৰুত্বঃ পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি। এই ভূমি জীৱজগতৰ আধাৰ। ভূমি সম্পদৰ ওপৰতে মানৱ সমাজ গঢ় লৈ আছে। মানৱ সভ্যতা-সংস্কৃতি, কৃষি, শিল্প-উদ্যোগ, যাতায়ত, যোগাযোগ আদি ভূমি সম্পদৰ ওপৰতেই গঢ় লৈ উঠিছে। ভূমি সম্পদ অবিহনে পৃথিৱীৰ মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ।
ভূমি সম্পদৰ ব্যৱহাৰঃ কৃষিকার্য, শিল্প-উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবে ভূমি সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, পানীৰ উৎস আদি প্ৰাকৃতিক কাৰকৰ ওপৰত।
৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা।
উত্তৰ: আমি থকা ঠাইৰ ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত অতীত আৰু বৰ্তমান সময়ৰ মাজত যথেষ্ট পৰিবৰ্তন হৈছে। অতীত কালত সকলোৱে বাসস্থান, কৃষিভূমি আৰু পশুপালনৰ উদ্দেশ্যে ভূমিৰ ব্যৱহাৰ কৰিছিল | বৰ্তমান জনসংখ্যা বৃদ্ধিৰ ফলত বাসস্থানৰ বাবে গগণচুম্বী অট্টালিকা মানুহৰ পচন্দ, জীৱিকাৰ বাবে কৃষি কাৰ্যৰ সলনি ব্যৱসায়-বাণিজ্য কৰে। তাৰোপৰি ব্যক্তিগত ভাৱে পশুপালন নকৰি ব্যৱসায়িক উদ্দেশ্যে ফার্ম সাজি জীৱ-জন্তু পুহি পেটৰ ভাত মুকলি কৰা মানুহৰ সংখ্যা বাঢ়িছে। যাতায়ত পৰিবহণ ব্যৱস্থা সূচল কৰিবলৈ অৰণ্যৰ ভূমি ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে।
৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?
উত্তৰঃ বনজ সম্পদে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্রদান কৰিছে। উদ্ভিদে আমাক খাদ্য সম্ভাৰৰ লগতে দৈনন্দিন ব্যৱহাৰ হোৱা অনেক সামগ্রী যোগান ধৰে। উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে, বন্যপ্রাণীক আশ্রয় প্রদান কৰে, মাটিৰ সংৰক্ষণত সহায় কৰে, ভূগৰ্ভৰ জলস্তৰ বৃদ্ধিত সহায় কৰে, গোলকীয় উত্তাপ হ্রাস কৰে। আকৌ পৃথিৱীত প্রাণী আৰু উদ্ভিদ বর্তি থাকিবলৈ পানী অপৰিহাৰ্য। পানী এবিধ নবীকৰণ যোগ্য সম্পদ।
মানুহে বনজ সম্পদ আৰু জলজ সম্পদ সমূহৰ ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ বাবে কিছু কাম কৰিব পাৰে। যেনে- মাটিৰ গুণাগুণ সাপেক্ষে গছ-গছনি ৰোপন কৰা, পৰিবেশ অনুকূল কৃষিপদ্ধতি প্রয়োগ, জধে-মধে গছকটা বন্ধ কৰা, পানীৰ উপযুক্ত ব্যবহাৰ নিশ্চিতকৰণ তথা আবর্জনা নিষ্কাষণত গুৰুত্ব দিয়া
৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা কৰিব লাগে?
উত্তৰ: শক্তি সম্পদ সংৰক্ষণৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ ল’ব পাৰো-
(i) সম্পদৰ অপচয় ৰোধ কৰা।
(ii) সম্পদৰ মিতব্যয়ী ব্যৱহাৰ।
(iii) সম্পদ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা।
৭। চমু টোকা লিখা–
(ক) বন্যপ্ৰাণী।
উত্তৰঃ (ক) বন্যপ্রানীঃ হাবিত বাস কৰা সৰু-বৰ জীৱ-জন্তু, চৰাই-চিৰিকতি, উভচৰ প্ৰাণী, কীট-পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্য প্রাণীয়ে হ’ল প্রাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পোৱাৰ ফলত অৰণ্যত থকা বন্য প্রাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। অৱশ্যে চৰকাৰে বন্যপ্ৰাণীবোৰক সংৰক্ষিত কৰিবৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে ।
খ) জীৱাশ্ম ইন্ধনঃ অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। জীৱাশ্মইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। ইয়াৰ সৃষ্টি এক দীঘলীয়া পৰিক্ৰমা। জীব দেহৰ বা উদ্ভিদৰ অংশসমূহ হাজাৰ হাজাৰ বছৰ মাটিৰ তলত তৰপে তৰপে জমা হোৱাৰ ফলতহে জীৱাশ্ম ইন্ধনৰ সৃষ্টি হয়। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। সেয়েহে ইয়াক অনবীকৰণযোগ্য শক্তি বা পুনঃসৃষ্টিহীন সম্পদ বুলি কোৱা হয়। জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমান দ্রুত গতিত কমি আহিছে। বর্তমান জীৱাশ্ম ইন্ধনৰ মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ সময় আহি পৰিছে। অন্যথা ভূগৰ্ভৰ সঞ্চিত জীৱাশ্ম ইন্ধনৰ ভঁৰাল শূণ্য হৈ পৰিব।
ঘ) সৌৰশক্তিঃ সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্রত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকো। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদান কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰহিটাৰ আদি চলোৱা হয়। সৌৰকোষ (বেটাৰী)ৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, বিদ্যুৎ সংযোগ নথকা গাওঁ বা অঞ্চলত বিজুলী চাকি জলোৱাৰ উপৰি মহাকাশ যান উপগ্রহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়।
(গ) মৰুকৰণঃ প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্রব্য জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূ-তল জল নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে।
ঙ) ভূমিস্খলনঃ ভূমিস্খলন প্রাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুর্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূ-খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ’ব পাৰে।
৮। পার্থক্য দেখুওৱা-
(ক) গ্রামাঅঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ
উত্তৰঃ গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজত পার্থক্য হ’ল-
গ্রামাঞ্চলত কৃষি-কাৰ্য কৰিবলৈ, খাল-বিলত মাছ পুহিবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। আনহাতে নগৰ অঞ্চলত ৰাস্তা-ঘাট, ব্যৱসায়-বাণিজ্য, কল-কাৰখানা, উচ্চ আট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়।
(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।
উত্তৰঃ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পার্থক্য হ’ল-
পৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুণৰ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ ই এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায়। আনহাতে অপৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি কাৰণ ই নিঃশেষ হৈ নাযায়।
৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্রহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা।
উত্তৰঃ আমাৰ ওচৰে-পাজৰে থকা বনজসম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্রহণ কৰিব পৰা উপায়সমূহ হ’ল —
(i) জধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা।
(ii) ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপন কৰা।
(iii) অৰণ্যৰ জীৱ-জন্তু হত্যা বন্ধ কৰি ৰক্ষণাবেক্ষণত গুৰুত্ব প্রদান।
(iv) বনজ সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰতি সকলো সচেতন হোৱা উচিত।
(v) সামাজিক আৰু ব্যক্তিগত পর্যায়ত বৃক্ষৰোপনত উৎসাহিত কৰা।
১০) অপৰম্পৰাগত শক্তি সম্পদ কি কি?
উত্তৰঃ অপৰম্পৰাগত শক্তিসম্পদ সমূহ হ’ল- সৌৰ শক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি, পাৰমাণৱিক শক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি আদি।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 1 প্ৰাকৃতিক সম্পদ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam