Assam Board Exam

Class 8 Social Science Chapter 1 | প্ৰাচীন কামৰূপ ৰাজ্য

Class 8 Social Science Chapter 1 (History and Political Science) প্ৰাচীন কামৰূপ ৰাজ্য – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 8 Social Science Chapter 1 প্ৰাচীন কামৰূপ ৰাজ্য – Complete Question Answer in Assamese Medium


প্ৰাচীন কামৰূপ ৰাজ্য

অষ্টম শ্ৰেণী

সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)

অনুশীলনী

১। চমু উত্তৰ দিয়া —

(ক) ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল?

উত্তৰঃ ভগদত্তৰ জীয়ৰীৰ নাম হ’ল ভানুমতী আছিল।

(খ) কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল।

(গ) কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল?

উত্তৰঃ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবহনে বিবাহ কৰাইছিল।

(ঘ) শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ শ্ৰীহৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

(ঙ) কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল?

উত্তৰঃ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজিৰ আক্ৰমণ প্ৰতিহত কৰিছিল।


২। শুদ্ধ উত্তৰ বাছি উলিওৱা—

(ক) বৰ্মন বংশ পুষ্য বৰ্মনে/ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল।

উত্তৰঃ বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল।

(খ) ‘চি-ইউ-কি’ কৌটিল্য/হিউৱেন চাঙৰ গ্ৰন্থ আছিল।

উত্তৰঃ ‘চি-ইউ-কি’  কৌটিল্যৰ গ্ৰন্থ আছিল।

(গ) কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল শকাব্দ/ভাস্কৰাব্দ।

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰপৰাই সূচনা হোৱা যুগটো হোৱা যুগটো হ’ল ভাস্কৰাব্দ।

(ঘ) প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক/গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।

উত্তৰঃ প্ৰাচীন কামৰূপত ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল।


৩। খালী ঠাই পূৰ কৰা—

(ক) প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল —————- ।

উত্তৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি।

(খ) বর্মন বংশ —————- প্রতিষ্ঠা কৰিছিল।

উত্তৰ বৰ্মন বংশ পুষ্য  বৰ্মনে প্ৰতিষ্ঠা কৰিছিল।

(গ) পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল —————- ।

উত্তৰ পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল।

(ঘ) কামৰূপ ৰাজ্যৰ ৰজাই ————– উপাধি গ্রহণ কৰিছিল।

উত্তৰঃ কামৰূপ ৰাজ্যৰ ৰজাই পৰমভট্টাৰক, মহাৰজাধিৰাজ, পৰমপৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল।

(ঙ) ————— কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল

উত্তৰ ভূমি ৰাজহ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল


৪। চমুটোকা লিখা।

(ক) ভাস্কৰ বৰ্মন।

উত্তৰঃ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা । তেওঁ অবিবাহিত আছিল বাবে তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল।৫৯৪ খ্ৰীঃত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। তেওঁ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। হিউৱেন চাঙৰ ‘চি-ইউ-কি’ গ্ৰন্থত ভাস্কৰ বৰ্মন আৰু সেই সময়ৰ কামৰূপ ৰাজ্যৰ বৰ্ণনা পোৱা যায়।


(খ) প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা।

উত্তৰঃ প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল।  শিক্ষা কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ বেদাংগ, ইতিহাস, পূৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। ইয়াৰ উপৰি জ্যোতির্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য, আদিৰ বিষয়ে শিক্ষা প্রদান কৰা হৈছিল


(গ) ভগদত্ত।

উত্তৰঃ  নৰকা সুৰৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়। ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ দুৰ্যোধনৰ লগত হৈছিল। ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীটো তেওঁৰ জীয়ৰী ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দাইছিল।


(ঘ) প্ৰাচীন কামৰূপৰ ধৰ্ম।

উত্তৰ প্রাচীন কামৰূপৰ বহুলোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰিছিল। লগতে বহুলোকে গছ, শিল, পাহাৰ, নদী আদিক দেৱতা ৰূপে গণ্য কৰি পূজা অৰ্চনা কৰিছিল। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল আছিল। পৰম্পৰাগত ভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। প্রাচীন সাহিত্য আৰু স্থাপত্য-ভাস্কর্যসমূহৰ ধ্বংসাৱশেষৰপৰা পুৰণি কালত কামৰূপত সূর্য পূজাৰ প্রচলন থকাৰ প্রমাণ পোৱা যায়।


(ঙ) দেৱদাসী প্ৰথা।

উত্তৰ বনামালা বৰ্মনৰ তাম্ৰ ফলিত দেবদাসী প্রথা আৰু দেবদাসীসকলে বাস কৰা স্থানত ৰজাই ‘হেতুকাচলিন’ৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। দেবদাসী প্রধান প্রচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য-গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে। তদুপৰি প্ৰাচীন মন্দিৰত খোদিত নাৰী মূর্তিসমূহ নৃত্যৰতা আৰু বাদ্য বাদকৰ ৰূপত দেখা যায়। হয়তো সেই সময়ৰ মহিলাসকল এনে বিদ্যাত বাৰুকৈ নিপুণ আছিল।


৫। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ-শাসনৰ সুবিধাৰ বাবে কামৰূপ ৰাজ্যখনক ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্রাম আদি ভাগত ভাগ কৰা হৈছিল। প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰমভট্টাৰক, মহাৰজাধিৰাজ, পৰম পৰমেশ্বৰ আদি উপাধি গ্রহণ কৰিছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলক অমাত্য, সচিব, মন্ত্রী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল। কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰ্গত আছিল। প্ৰতিৰক্ষাৰ বাবে দূৰ্গ নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ সৈন্য বাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তীবাহিনী আৰু পদাতিক সৈন্যৰে সু-সজ্জিত আছিল।


৬। প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা।

উত্তৰ শিলালিপি আৰু তাম্রলিপিসমূহ কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য ঐতিহাসিক সমল। প্রাচীন কামৰূপ ৰাজ্যত সিঁচৰিত হৈ থকা শিলালিপি, তাম্রলিপি, স্তম্ভলিপি, বিভিন্ন মঠ-মন্দিৰ দেৱালয়ৰ ভগ্নাৱশেষ শিলৰ ভাস্কর্যসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস সম্পর্কে অধ্যয়ন কৰিব পৰা যায়। এই ঐতিহাসিক প্রত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবর্ষৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। শিলালিপি সমূহৰ পৰা প্ৰাচীন কামৰূপৰ ৰজাসকলৰ লগতে ৰাজ্যৰ শাসন ব্যবস্থা, ভূমি-ৰাজহ ব্যৱস্থা, সমাজ ব্যবস্থা, অর্থনৈতিক অৱস্থা, ভাষা- সাহিত্য আৰু শিক্ষা ব্যৱস্থা, তথা ধর্মীয় পৰম্পৰাৰ বিষয়ে জানিব পৰা যায়। কিন্তু সংৰক্ষণৰ অভাৱত বা আৱিষ্কাৰৰ সময়ত ভগ্ন বা লুপ্ত হোৱা শিলালিপিৰ অংশই কেতিয়াবা আমাক তথ্য আহৰণৰ ক্ষেত্রত সমস্যাৰ সৃষ্টিও কৰে। এনে সম্পদসমূহৰ  সংৰক্ষণ আমাৰ কর্তব্য।

Class 8 Social Science All Question Answer- Click Here


Class 8 Social Science Chapter 1 প্ৰাচীন কামৰূপ ৰাজ্য– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment