Assam Board Exam

Class 8 Social Science Chapter 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Class 8 Social Science Chapter 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 8 Social Science Chapter 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – Complete Question Answer in Assamese Medium


সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

অনুশীলনী

অষ্টম শ্ৰেণী

সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)

১। চমু উত্তৰ লিখা—
(ক) সংবিধান বুলিলে কি বুজা?

উত্তৰঃ সংবিধান হ’ল কিছুমান ৰীতি-নীতি বা আইন-কানুনৰ সমষ্টি। ইয়াত চৰকাৰৰ বিভিন্ন অংগসমূহৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে লিপিবদ্ধ কৰা হয়।

(খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে?

উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বোলে।

(গ) নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়?

উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।

(ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল– ভাৰতবৰ্ষ, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ।


২। চমু টোকা লিখা–

(ক) নমনীয় সংবিধান।

উত্তৰঃ যি সংবিধান প্রয়োজন সাপেক্ষে সাধাৰণ আইন প্রণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি তেনে সংবিধানক নমনীয় সংবিধান বোলে।  ইংলেণ্ডৰ সংবিধান খন নমনীয় সংবিধান। নমনীয় সংবিধান লিখিত বা অলিখিত হ’ব পাৰে।

(খ) অলিখিত সংবিধান।

উত্তৰঃ অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি ৰীতি-নীতি, ঐতিহ্য, পৰম্পৰা ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হয়। 

(গ) ক্ষমতাৰ বিভাজন।

উত্তৰঃ সংবিধানে চৰকাৰৰ ক্ষমতা আৰু কাৰ্যাৱলী নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে।  চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতি সমূহ সংবিধানতেই লিপিবদ্ধ আছে। যদি চৰকাৰে ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰা ব্যৱস্থা থাকে। 


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত।

উত্তৰঃ অলিখিত।

(খ) ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

উত্তৰঃ নমনীয়।

(গ) কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে।

উত্তৰঃ বিধানমণ্ডলে।


৪। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি? ব্যখ্যা কৰা।

উত্তৰঃ সংবিধান চাৰি প্ৰকাৰৰ। যেনে- লিখিত সংবিধান, অলিখিত সংবিধান, নমনীয় সংবিধান আৰু অনমনীয় সংবিধান।

লিখিত সংবিধানঃ যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে।

অলিখিত সংবিধানঃ অলিখিত সংবিধানত কোনো লিখিত ৰূপ নাথাকে। বিভিন্ন সময়ত প্রচলিত প্রথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নির্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে।

নমনীয় সংবিধানঃ যি সংবিধান প্রয়োজন সাপেক্ষে সাধাৰণ আইন প্রণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি তেনে সংবিধানক নমনীয় সংবিধান বোলে।  ইংলেণ্ডৰ সংবিধান খন নমনীয় সংবিধান। নমনীয় সংবিধান লিখিত বা অলিখিত হ’ব পাৰে।

অনমনীয় সংবিধানঃ কিছুমান সংবিধান সংশোধন কৰিবলৈ হ’লে বিশেষ পদ্ধতিৰ প্রয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় সংবিধান। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।


৫। উত্তৰ লিখা–

(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য।

উত্তৰঃ লিখিত আৰু অলিখিত সংবিধানৰ দুটা পার্থক্য হ’ল- 

(ক) লিখিত সংবিধান লিখিত বা দস্তাবেজ ৰূপত থাকে, আনহাতে অলিখিত সংবিধান লিখিত ৰূপত নাথাকে।

(খ) লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে জানিব পাৰি, আনহাতে অলিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকালৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়।

(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য।

উত্তৰঃ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য

১। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল।

২। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।


৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’— যুক্তিসহ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰ এখনত বিভিন্ন সম্প্ৰদায়, জাতি-উপজাতি ভাষা সংস্কৃতিৰ মানুহে বসবাস কৰে। গতিকে সকলো চিন্তাধাৰা আৰু মনোভাৱৰ জনসাধাৰণকে সুকলামে পৰিচালনা কৰিবলৈ সংবিধানৰ প্ৰয়োজন। তদুপৰি দেশৰ নাগৰিক সকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাক সুৰক্ষা দিয়াত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নাগাৰিকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে কিছুমান অধিকাৰৰ প্ৰয়োজন এই অধিকাৰ সংবিধানে প্ৰদান কৰে।

          এখন দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে নিজৰ পছন্দ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্বও সংবিধানে প্ৰদান কৰিছে। লগতে নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ’ব আৰু কোনে পৰিচালনা কৰিব সেই সম্পৰ্কে সংবিধানত উল্লেখ থাকে।

          সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে, চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা ঠিক কৰি দিয়াৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চিত কৰে। যদি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাক সংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা থাকে।

Class 8 Social Science All Question Answer- Click Here


Class 8 Social Science Chapter 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment