Assam Board Exam

Class 8 Social Science Chapter 10 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Class 8 Social Science Chapter 10 (Geography and Economics) মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 8 Social Science Chapter 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা – Complete Question Answer in Assamese Medium


মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

অষ্টম শ্ৰেণী

সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)

অনুশীলনী

১। চমু উত্তৰ লিখা-

(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে-

১) অধিক জনসংখ্যা

২) মূলধন বা পূজিৰ অভাৱ

৩)দৰিদ্ৰতা

৪) নিৰক্ষৰতা

৫) অন্ধবিশ্বাস

৬) বিষমতা

(খ) যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম তলত উল্লেখ কৰা হ’ল-

    ১) ধৰ্মীয় বিষমতা

    ২) ভাষা ভিত্তিক বিষমতা

    ৩) লিংগ বিষমতা

(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্য়ালয় আছে?

উত্তৰঃ বৰ্তমান অসমত ১৩ খন চিকিৎসা মহাবিদ্য়ালয় আছে।

(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।

(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন?

উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থাৰ প্ৰয়োজন।

২। আলোচনা কৰা-

(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য় পৰামৰ্শ।

উত্তৰঃ ১) অত্যাধিক জনসংখ্যা বৃদ্ধিৰ হাৰে ভাৰতত এক গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত। মানৱ সম্পদৰ উন্নয়ন ঘটাবলৈ হ’লে জনসংখ্যা বৃদ্ধিৰ এই দ্রুত হাৰ হ্রাস হ’ব লাগিব ।

২) মানৱ সম্পদ উন্নয়নৰ বাবে প্রয়োজনীয় শিক্ষা, স্বাস্থ্য আৰু আন পৌৰ সুবিধা দিবৰ বাবে চৰকাৰৰ মূলধনৰ অভাৱ হোৱাটো আন এটা উল্লেখযোগ্য অসুবিধা। চৰকাৰে পৰিকল্পনা সমূহত এই সমস্যাটোক এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি ধৰি মানৱ সম্পদ উন্নয়নৰ বাবে বুজন পৰিমাণৰ ধন ধাৰ্য কৰি হলেও এই কাম কৰিব লাগে যাতে মানৱ সম্পদ উন্নয়ন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

৩) নিৰক্ষৰতা দূৰ কৰাৰ কাৰণে নিৰক্ষৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকক বাধ্যতা মূলক ভাৱে বিশেষকৈ ৩০ বছৰৰ তলৰ নিৰক্ষৰ লোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এই শিক্ষা দিব লাগে।

৪) অন্ধবিশ্বাস আৰু কুসংস্কাৰ ক্ষেত্ৰতো সতী দাস প্রথা আৰু কন্যা সন্তান হত্যা কৰাৰ দৰে কুপ্রথা আইন কৰি বন্ধ কৰা, বৰ্তমান প্রচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বোৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাটো উচিত।

 ৫) বিভিন্ন ধৰণৰ বিষমতাৰ ক্ষেত্ৰত আমি বিশেষকৈ ধৰ্ম আৰু ভাষাৰ ক্ষেত্ৰত প্রত্যেকেই সহনশীল হোৱাটো উচিত। ভাষা ধৰ্মৰ মানুহ কমি বা উৎপাদন কাৰ্য কৰাত বাধাৰ সৃষ্টি যাতে নহয় তাৰ বাবে আমি সকলো ৰাষ্ট্ৰীয় ভাষা ব্যৱহাৰ কৰা উচিত। ধৰ্ম মানুহৰ অন্তর্নিহিত বিশ্বাস ইয়াক বাহ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা উচিত নহয়।

(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।

উত্তৰঃ এখন দেশৰ মানৱ সম্পদ উন্নয়নত সেই দেশৰ চৰকাৰৰ ভূমিকা অপৰিসীম। চৰকাৰে গ্রহণ আৰু কার্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি  ত্বৰান্বিত কৰে। কোন দিশত চৰকাৰে সঠিক কর্মসূচী গ্রহণ কৰিলে মানৱ সম্পদৰ উন্নয়নৰ গতি খৰতকীয়া হ’ব তাৰ এটি সংক্ষিপ্ত আলোচনা তলত কৰা হ’ল:

I) উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।এই দায়িত্ব পালনৰ অর্থে আমাৰ চৰকাৰে বিভিন্ন স্তৰত বিদ্যালয়, মহাবিদ্যালয়, ৰাষ্ট্রীয় কাৰিকৰী শিক্ষা প্রতিষ্ঠান, চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কেন্দ্রীয় বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন কাৰিকৰী শিক্ষা প্রতিষ্ঠান, উচ্চ শিক্ষা আৰু গৱেষণা প্রতিষ্ঠান আদি প্রতিষ্ঠা কৰি সর্ব স্তৰৰ  ছাত্র-ছাত্রীৰ শিক্ষা লাভৰ বাবে বিভিন্ন সুবিধা প্রদান কৰিব লাগিব।

ii) মানৱ সম্পদ হিচাপে পৰিগণিত হ’বলৈ এজন মানুহ শাৰিৰীক  আৰু মানসিকভাবে সুস্থ আৰু সবল হ’বই লাগিব। এই দৃষ্টিভংগীক গুৰুত্ব দিবলৈ আমাৰ চৰকাৰে স্বাস্থ্য ক্ষেত্রৰ উন্নতিৰ কাৰণে উপযুক্ত পৰিকল্পনা গঢ়ি তোলাৰ বাবে গাঁও, চহৰ,গাঁও, জিলা  সকলোকে সামৰি প্রাথমিক স্বাস্থ্য কেন্দ্র, স্বাস্থ্য উপকেন্দ্র, মহকুমা স্বাস্থ্য কেন্দ্র, স্বাস্থ্য কেন্দ্র আদি প্রতিষ্ঠা কৰিব লাগিব।

iii) মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম হৈছে খাদ্য। দেশ এখনৰ জনসংখ্যা অনুপাতে খাদ্য সামগ্রীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্রয়োজন অনুসাৰে জনসাধাৰণক খাদ্য বস্তুৰ যোগান ধৰিব পৰাটো নিতান্তই প্রয়োজনীয়।

IV. আর্থিক উন্নতি অবিহনে সমাজৰ সামগ্রিক উন্নতিৰ কথা ভাবিব নোৱাৰি। আর্থিক উন্নতিৰ বাবে প্রযোজন হোৱা উপযুক্ত কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগিব।

(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ’ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।

(ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে?

উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আধিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যতা অতি প্ৰকট হৈ উঠে।

ঙ) অন্ধবিশ্বাস তথা কু-সংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ  মানৱ সম্পদ উন্নয়নৰ পথত আৰু এটা উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস। বিজ্ঞান আৰু প্রযুক্তিয়ে আজি সমগ্র বিশ্বৰ সামগ্রিক ছবি সলনি কৰি দিছে যদিও শিক্ষিত, অশিক্ষিত নির্বিশেষে আমাৰ দেশৰ এক বুজনসংখ্যক লোক অন্ধবিশ্বাস আৰু কু-সংস্তাৰ বলি। এই লোকসকল বৈজ্ঞানিক আৰু পৰিৱর্তনশীল চিন্তাধাৰাৰ পৰিপন্থী যাৰ ফলত তেওঁলোক উন্নত মানব সম্পদ হিচাপে গঢ়ি উঠিব পৰা নাই।

৩। খালী ঠাই পূৰ কৰা-

ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে  …………………. , স্বাস্থ্য আৰু পৌৰ সুবিধা।

উত্তৰ   মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে  শিক্ষা , স্বাস্থ্য আৰু পৌৰ সুবিধা।

খ) ……………….. লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।

উত্তৰ নিৰক্ষৰ  লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।

গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম  …………….  অধিকাৰ।

উত্তৰ শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম  মৌলিক  অধিকাৰ।

ঘ) ………………. চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।

উত্তৰ ২০০৯ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।

ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি …………….  কৰে।

উত্তৰ চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত  কৰে।

চ) উপযুক্ত শৈক্ষিক ………………….. গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।

উত্তৰ উপযুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।

Class 8 Social Science All Question Answer- Click Here


Class 8 Social Science Chapter 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment