Class 8 Social Science Chapter 11 (Geography and Economics) আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্রতিষ্ঠানৰ ভূমিকা – সমাধান in Assamese Medium|| All Question Answer
আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্রতিষ্ঠানৰ ভূমিকা
Class 8 Social Science Chapter 11 আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্রতিষ্ঠানৰ ভূমিকা – Complete Question Answer in Assamese Medium
আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্রতিষ্ঠানৰ ভূমিকা
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১) চমু উত্তৰ লিখা-
ক) দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে?
উত্তৰঃ দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ কার্যসূচী, আঁচনি আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে।
(খ) অর্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা।
উত্তৰঃ অর্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম হ’ল- ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱাপানীৰ সুব্যৱস্থা, চিকিৎসালয়, বিদ্যালয়, বিজুলি যোগান, টেলিফোন, বিত্তীয় প্ৰতিষ্ঠানৰ সেৱা আদি।
(গ) বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠান কাক বোলে?
উত্তৰঃ বিত্তীয় ব্যৱস্থাৰ অধীনত গঢ় লৈ উঠা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানক বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠান বোলে।এখন দেশৰ বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠান বোৰে হ্ৰস্বকালী, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগায়।
(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া।
উত্তৰঃ ১/ গ্ৰাহকৰ ধন সুৰক্ষিত ভাৱে জমা ৰাখে।
২/ গ্রাহকক ঋণ প্রদান কৰে।
(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়?
উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ‘ৰিজার্ভ বেংক অৱ ইণ্ডিয়া’ নামেৰে জনা যায়।
(চ)নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্রীসমূহ কত বিক্ৰী কৰা হয়?
উত্তৰঃ নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত স্থিত নেডফি হাটত বিক্রী কৰা হয়।
২। বহলাই আলোচনা কৰা
(ক) আর্থ-সামাজিক উন্নয়লত বাণিজ্যিক বেংকসমূহৰ অৱদান।
উত্তৰঃ i)বাণিজ্যিক বেংকে সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ গ্রাহকসকলক বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আগবঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্রাহকসকলক সুদ প্ৰদান কৰে।
॥. সম্পূর্ণ বিশ্বাসযোগ্যতাৰে মানুহক ঋণ প্রদান কৰি আর্থিকভাবে সচ্ছল আৰু কর্মক্ষম হোৱাত সহায় কৰে আৰু প্রযোজন সাপেক্ষে ব্যক্তি আৰু সমাজৰ স্বাৰ্থত ঋণৰ বাবদ ধাৰ্য কৰা সুদৰ পৰা ৰেহাই দি মানুহক উৎপাজনমুখী কৰাৰ দায়িত্বও বেংকে পালন কৰে।
III.দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম কাজ সুকলমে চলাই নিব পাৰে।
IV.বাণিজ্যিক বেংকসমূহে ছাত্র ছাত্রীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চশিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্র ছাত্রীসকলে এই ঋণ বেংকক ওভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ ১৮মাহ পর্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়।
(খ) উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।
উত্তৰঃ অসম, মেঘালয়, অৰুণাচল প্রদেশ, ত্রিপুৰা, নাগালেণ্ড, মণিপুৰ, ‘মিজোৰাম আৰু ছিকিমক লৈ উত্তৰ-পূব ভাৰত গঠিত। এই বৃহৎ অঞ্চলটোৰ সামগ্রিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ১৯৭১ চনত উত্তৰ-পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে। এই অনুষ্ঠানৰ লক্ষ্য আৰু উদেশ্যসমূহ যেনে-
১/ সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা।
২/ উত্তৰ-পূব ভাৰতৰ ৰাজ্যবিলাকৰ মাজত সহযোগিতা, সুসংহত প্রচেষ্টা আৰু ঐক্য বৃদ্ধি কৰা।
৩/ অংশীদাৰ ৰাজ্যবিলাকৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাবোৰৰ উন্নয়নৰ বাবে প্রচেষ্টা চলোৱা।
আনহাতে, উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সহায্য আগবঢ়োৱাৰ নিমিত্তে ১৯৯৫ চনত উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেড্ফিৰ নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। ক্ষুদ্র উদ্যোগ, কুটিৰ উদ্যোগ, হস্ত-তাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেড্ফিয়ে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে অহর্নিশে চেষ্টা চলাই আহিছে। আত্মসহায়ক গোটসমূহ এই প্রচেষ্টাৰে সুফল।
(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ।
উত্তৰঃ আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল–
১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।
২। উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।
৩। গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কার্যসূচী গ্রহণ কৰা।
৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।
৫। গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া।
৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা।
৩/ চমু টোকা লিখা-
(ক) সমবায় বেংকঃ আমাৰ দেশত গ্রাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্রেণী লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰপৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল। সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনি খলপীয়াঃ- ক) শীর্ষ পর্যায়ত প্রত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক, খ) জিলা পর্যায়ত একোটাকৈ কেন্দ্রীয় সমবায় বেংক আৰু, গ) তৃণমূল পর্যায়ত গ্রামাঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে।সমবায় বেংকে কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে।
(খ) নাবার্ডঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্রতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্রাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্রকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্রস্বকালীন আৰু দীর্ঘকালীন হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্রামীন বিকাশ বেংক, বাণিজ্যিক বংকসমূহক নাবার্ডে ঋণ প্রদান কৰে।গ্রামীণ ঋণ সৰবৰাহৰ বাবে নাবার্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রতিনিধি হিচাপে কাম কৰে ।
(গ) কেন্দ্রীয় বেংকঃ এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীর্ষস্থানীয় বেংকটোৱেই হ’ল কেন্দ্রীয় বেংক। ৰিজার্ভ বেংক অব ইণ্ডিয়া হৈছে আমাৰ দেশৰ কেন্দ্রীয় বেংক।এই বেংকটো ১৯৩৫ চলত সংস্থাপিত হৈছিল। কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। ই আন বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। ৰিজার্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। কাগজী মুদ্রা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। কেন্দ্রীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্রা ছপাব নোৱাৰে। বাণিজ্যিক বেংকসমূহে ভাৰতীয় ৰিজার্ভ বেংকৰ এজেন্ট হিচাপে কাম কৰে।
(ঘ) আত্মসহায়ক গোটঃ আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আর্থিকভাৱে স্বাৱলম্বী হ’ব বিচৰা জনসাধাৰণৰ এটা গোট যি সকল অর্থনৈতিকভারে সচ্ছল নহয়। সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আর্থিকভাৱে পিছপৰা আৰু কর্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এইধৰণৰ গোট গঠন কৰি বেংক, নেল্ফি আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে। এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা, ফুলৰ খেতি কৰা আদি আঁচনি গ্রহণ কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰি ল’ব পাৰে।
৪। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগখণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়।
উত্তৰঃ শুদ্ধ।
(গ) আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে।
উত্তৰঃ অশুদ্ধ।
(ঘ) নেড্ফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
উত্তৰঃ অশুদ্ধ।
(ঙ) আর্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।
উত্তৰঃ অশুদ্ধ।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 11 আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্রতিষ্ঠানৰ ভূমিকা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam