Class 8 Social Science Chapter 11 (History and Political Science) ভাৰতীয় সংবিধান – সমাধান in Assamese Medium|| All Question Answer
ভাৰতীয় সংবিধান
Class 8 Social Science Chapter 11 ভাৰতীয় সংবিধান – Complete Question Answer in Assamese Medium
ভাৰতীয় সংবিধান
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)
অনুশীলনী
১। চমু উত্তৰ লিখা–
(ক) ভাৰতীয় সংবিধানখন ৰচনা কৰোতে কিমান সময় লাগিছিল?
উত্তৰঃ ভাৰতীয় সংবিধানখন ৰচনা কৰোতে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।
(খ) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়।
(গ) কেতিয়াৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়?
উত্তৰঃ ১৮৯২ চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়।
(ঘ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।
(ঙ) সংবিধান সভাৰ খচৰা কমিটি খন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ সংবিধান সভাৰ খচৰা কমিটি খন ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে গঠন কৰা হৈছিল।
২। খালী ঠাই পূৰ কৰা—
(ক) ভাৰতীয় সংবিধানত ……… অনুচ্ছেদ, ……………. অধ্যয়, ………….. অনুসূচী আছে।
উত্তৰ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যয়, ১২ টা অনুসূচী আছে।
(খ) সংবিধানে ক্ষমতাসমূহ ………….., …………., ………………. তালিকাত ভাগ কৰিছে।
উত্তৰ সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকাত ভাগ কৰিছে।
(গ) সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত…………. শব্দটো সংযোগ কৰা হৈছে।
উত্তৰ সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোগ কৰা হৈছে।
(ঘ) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল …………….
উত্তৰ সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ’ল ছৈয়দ মহম্মদ চাদুল্লা
৩। উত্তৰ লিখা।
(ক) ভাৰতৰ সংবিধানক কিয় দীর্ঘতম সংবিধান বুলি কোৱা হয়?
উত্তৰঃ ভাৰতৰ সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় আৰু ১২ টা অনুসূচী আছে। সেয়েহে ভাৰতৰ সংবিধানক দীর্ঘতম সংবিধান বুলি কোৱা হয়।
(খ) সংমিশ্রিত সংবিধান মানে কি বুজা?
উত্তৰঃ নমনীয় আৰু অনমনীয় বৈশিষ্ট্যৰে গঠিত সংবিধানক সংমিশ্রিত সংবিধান বুলি কোৱা হয়। আমাৰ ভাৰতৰ সংবিধানখন এখন সংমিশ্রিত সংবিধান।
(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল- দেশৰ সকলো লোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰা, অর্থনৈতিক সমতা স্থাপন কৰা, গাওঁ অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, শান্তিপূর্ণভাৱে বিবাদ নিষ্পত্তি কৰা আৰু বন্ধুত্ব স্থাপন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক (৬-১৪ বছৰ) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্রদান কৰা, সমাজৰ পিছপৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা আদি।
(ঘ) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ আর্হিত আমাৰ সংবিধানত নির্দেশাত্মক নীতি অন্তর্ভুক্ত কৰা হৈছে।
৪। এটা শব্দত প্ৰকাশ কৰা—
(ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়।
উত্তৰঃ গণৰাজ্য।
(খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰপৰা মুক্ত।
উত্তৰঃ সাৰ্বভৌম ৰাষ্ট্ৰ।
(গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই।
উত্তৰঃ ধৰ্মনিৰপেক্ষ।
(ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে।
উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ।
৫। সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা–
(ক) বৃটিছ সংবিধানৰপৰা — সংসদীয় গণতন্ত্ৰ।
(খ) কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰপৰা — যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।
(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰপৰা — মৌলিক অধিকাৰ।
(ঘ) ফৰাছী সংবিধানৰপৰা — স্বতন্ত্ৰতা, সমতা, ভাতৃত্ব বোধ।
(ঙ) আয়াৰলেণ্ড সংবিধানৰপৰা — ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি।
৬/ ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯২২ চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে সৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত ১৯২৪ চনত স্বৰাজ পার্টিয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। বৃটিছ চৰকাৰে তেওঁলোকৰ দ্বিতীয় মহাযুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে ১৯৪০ চনত ‘আগষ্ট’ প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্রস্তাৱ আগবঢ়ায়। ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড° বি. আৰ. আম্বেডকাৰক সভাপতিৰূপে লৈ ছয় জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্র প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰপিছতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰপৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়।
৭/ সংবিধান প্রণয়নত অসমৰ ভূমিকা কি আছিল লিখা।
উত্তৰঃ ভাৰতৰ সংবিধান প্রণয়নত অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে – চৈয়দ মহম্মদ চাদুল্লল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাবেন্ট জে জে এম নিকলছ-ৰয়, নিবাৰণ চন্দ্র লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ। তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ চাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসুচীত জাতি-জনজাতি আৰু পার্বত্য জনজাতিৰ স্বার্থ ৰক্ষার্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কার্যভাৰ গ্রহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰে। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্রহণ কৰিছিল। সমগ্র দেশৰ লগতে নিজ ৰাজ্যৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্যৰ সকলো শ্রেণীৰ লোকে সংবিধান প্রদত্ত সুবিধাসমূহ লাভ কৰিব পাৰে।
৮/ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদর্শসমূহ বর্ণনা কৰা।
উত্তৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদর্শ সমূহ হৈছে- ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ।
1. ন্যায়- ন্যায় বোলাতে নাগৰিকসকলক সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে।
ক) সামাজিক ন্যায় বুলিলে ভাৰতৰ সকলো নাগৰিকে যাতে সম অধিকাৰ ভোগ কৰি এখন মর্যদা পূর্ণ জীৱন যাপন কৰিব পাৰে তাক বুজা যায়।
খ) অর্থনৈতিক ন্যায় বুলিলে সমাজৰ পৰা অর্থনৈতিক অসমতাক দূৰ কৰাৰ কথা বুজোৱা হয়।
গ) ৰাজনৈতিক ন্যায় বুলিলে প্রাপ্তবয়স্ক নাগৰিকে ৰাষ্ট্র বা চৰকাৰৰ কাম কাজত প্রত্যক্ষ আৰু পৰোক্ষভাৱে অংশ গ্রহণ কৰিব পৰা বুজাই।
2. স্বাধীনতা: স্বাধীনতাই ভাৰতীয় নাগৰিকসকলৰ চিন্তা, মত প্রকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। এই আদর্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ নাগৰিকসকলক স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিব পৰা, বিভিন্ন সমস্যাৰ ওপৰত নিজৰ মতামত প্রকাশ কৰিব পৰা, নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ কৰিব পৰা স্বাধীনতা দিয়া হৈছে।
3. সমতা: সমতা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ আদর্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সুযোগ-সুবিধা জাতি, বর্ণ, ধর্ম নির্বিশেষ ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা প্রস্তাবনাত গ্রহণ কৰা হৈছে।
4. ভ্রাতৃত্ববোধ: জাতীয় সংহতিত অৰিহণা যোগাবলৈ ভ্রাতৃত্ববোধক এক উল্লেখযোগ্য আদর্শ হিচাপে গ্রহণ কৰা হৈছে। তাৰ বাবে প্রত্যেক ব্যক্তিক সমান সুযোগ আৰু সমমর্যাদা প্ৰদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব।
৯) চমু টোকা লিখাঃ
ক) ড° ভীমৰাও আম্বেদকাৰঃ
উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবাচাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সম্মান সূচকভাবে বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্রতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। ভাৰতীয় সংবিধানখন কার্যক্ষম কৰিবৰ বাবে দঢ় পদক্ষেপ গ্রহণ কৰিছিল।
খ) ড° ৰাজেন্দ্ৰ প্রসাদ:
উত্তৰঃউত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰ সভাপতি আছিল। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বতেই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কার্যকাৰী হয়। তেখেত হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্রপতি ।
গ) সংসদীয় চৰকাৰ
উত্তৰঃ সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে বাষ্ট্রপতি যি নাম মাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কার্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অর্পণ কৰিছে। কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্রধানমন্ত্রীসহ মন্ত্রীপৰিষদে প্রয়োগ কৰে। মন্ত্রীপৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ৰাষ্ট্ৰপতিৰ নামত মন্ত্রীপৰিষদে দেশৰ সকলো কার্য পৰিচালনা কৰে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 11 ভাৰতীয় সংবিধান– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
I just could not ԁepart үour web site prior to sᥙggesting that I realⅼy enjoyed the usual info an individual supply in your visitors?
Is gonnɑ be again regularly in order to checқ out new posts