Class 8 Social Science Chapter 12 (Geography and Economics) গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা – সমাধান in Assamese Medium|| All Question Answer
গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা
Class 8 Social Science Chapter 12 গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা – Complete Question Answer in Assamese Medium
গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১) চমু উত্তৰ লিখা
(ক) গ্রাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।
উত্তৰঃ গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে।
১) গ্রাহক সজাগ আৰু সচেতন নহলে আর্থিকভাৱে লোকচান হ’ব পাৰে।
২) বিক্রেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে।
(খ) গ্রাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি?
উত্তৰঃ গ্রাহকক শোষণ কৰাৰ কেইটামান কৌশলৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
১) বস্তুৰ ওজন সঠিকভাৱে নকৰা।
২) ভেজাল বস্তু বিক্ৰী কৰা।
৩) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা।
৪) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা।
৫) মানসূচক চিহ্নসমূহ নকল কৰা।
৬। বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা।
৭। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।
৮। নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা
(গ) গ্রাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত?
উত্তৰঃ গ্রাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। বস্তু ক্রয় কৰাৰ সময়ত গ্রাহকে ল’বলগীয়া সাৱধানতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
১। বস্তু ক্রয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হোৱা।
২। বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।
৩। যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
৪। বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।
৫। দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কার্ড বিচৰা।
৬।পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP লক্ষ্য কৰা আদি।
(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ গ্রাহকে প্রতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সা-সুবিধা পোৱাটোৱে গ্ৰাহকৰ অধিকাৰ।
তলত এনেধৰণৰ কেইটামান অধিকাৰৰ বিষয়ে আলোচনা কৰা হ’ল-
১। যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা।
২। গ্রাহক সুৰক্ষাৰ বাবে গ্রাহক সুৰক্ষা সমিতি গঠন কৰা।
৩। প্রয়োজন সাপেক্ষে গ্রাহক সুৰক্ষা আইনৰ সহায় লোৱা।
৪। প্ৰতাৰণা কৰা বিক্রেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আদি।
(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্রহণ কৰিছে। সেইবোৰৰ ভিতৰত-
১। গ্রাহকক অধিকাৰৰ মান্যতা প্রদান।
২। গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত ‘গ্রাহক বিবাদ নিষ্পত্তিকৰণৰ আয়োগ’, ‘গ্রাহক সুৰক্ষা পৰিষদ’ আদি উল্লেখযোগ্য।
২। চমু টোকা লিখা—
(ক) গ্ৰাহক সুৰক্ষা আইন।
উত্তৰঃ ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰ পৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱৰ্তিত হয়। পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ ৰ সলনি বৰ্তমান এই আইনৰ অধীনত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱাচিতা কৰা হ’ব। এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ- আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিব। গ্ৰাহকৰ অধিকাৰ আৰু বিবাদ নিষ্পত্তিকৰণ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ বাবে এই আইনৰ অধীনত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ‘গ্ৰাহক সুৰক্ষা পৰিষদ’ নামেৰে উপদেষ্টাধৰ্মী পৰিষদ গঠন কৰা হয়।
(খ) গ্রাহক সজাগতাঃ গ্রাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সজাগতা অৱলম্বন কৰিব লাগে। যেনে-
১। বস্তু ক্রয় কৰোতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হোৱা।
২। বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।
৩। যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।
৪। বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।
৫। দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কার্ড বিচৰা।
৬।পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP লক্ষ্য কৰা আদি।
গ) গ্রাহক প্ৰতাৰণাঃ বিক্রেতাসকলে গ্রাহকসকলক প্ৰতাৰণা কৰিবলৈ বহু ধৰণৰ কৌশল অৱলম্বন কৰে। উদাহৰণস্বৰূপে-
১) বস্তুৰ ওজন সঠিকভাৱে নকৰা।
২) ভেজাল বস্তু বিক্ৰী কৰা।
৩) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা।
৪) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা।
৫) মানসূচক চিহ্নসমূহ নকল কৰা।
৬। বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা।
৭। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।
৮। নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা
(ঘ) গ্ৰাহকৰ অধিকাৰ : গ্রাহকে প্রতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সা-সুবিধা পোৱাটোৱে গ্ৰাহকৰ অধিকাৰ।
তলত এনেধৰণৰ কেইটামান অধিকাৰৰ বিষয়ে আলোচনা কৰা হ’ল-
১। যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা।
২। গ্রাহক সুৰক্ষাৰ বাবে গ্রাহক সুৰক্ষা সমিতি গঠন কৰা।
৩। প্রয়োজন সাপেক্ষে গ্রাহক সুৰক্ষা আইনৰ সহায় লোৱা।
৪। প্ৰতাৰণা কৰা বিক্রেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আদি।
(ঙ) গ্রাহক আদালতঃ গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্রাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম গঠন কৰা চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ। ইয়াক গ্রাহক আদালত বুলিও কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্রাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফ’ৰামসমূহ তিনিটা পর্যায়ত গঠিত হয়। যেনে-
১) জিলা ভিত্তিতঃ- জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
২) ৰাজ্যিক ভিত্তিতঃ ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
৩) ৰাষ্ট্ৰীয় ভিত্তিতঃ- ৰাষ্ট্রিয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
৩। শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা –
(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য ।
উত্তৰঃ অশুদ্ধ।
(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্র ৰাষ্ট্ৰ যিখনে আইন প্রণয়ন কৰিছে।
উত্তৰঃ শুদ্ধ।
(গ) শোষণৰ বলি হোৱা গ্রাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।
উত্তৰঃ শুদ্ধ।
(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্রাহক সুৰক্ষা আইন প্রযোজ্য।
উত্তৰঃ অশুদ্ধ।
(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্রমাণ হিচাপে হলমার্ক চিহ্ন ব্যৱহাৰ কৰা হয়।
উত্তৰঃ অশুদ্ধ।
(চ) বিক্রেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ।
উত্তৰঃ শুদ্ধ।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 12 গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam