Class 8 Social Science Chapter 12 (History and Political Science) মৌলিক অধিকাৰ – সমাধান in Assamese Medium|| All Question Answer
মৌলিক অধিকাৰ
Class 8 Social Science Chapter 12 মৌলিক অধিকাৰ Question Answer in Assamese Medium
মৌলিক অধিকাৰ
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)
অনুশীলনী
১। চমু উত্তৰ দিয়া—
(ক) মৌলিক অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়।
খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল।
(গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে?
উত্তৰঃ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে।
(ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়?
উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।
(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়?
উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়।
২। খালী ঠাই পূৰ কৰা–
(ক) অস্পৃশ্যতা এক সামাজিক ………।
উত্তৰ অস্পৃশ্যতা এক সামাজিক ব্যাধি।
(খ)ভাৰত এখন ধৰ্ম …………… ৰাষ্ট্ৰ।
উত্তৰ ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।
(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য ……….।
উত্তৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।
(ঘ) মৌলিক অধিকাৰে নাগৰিকৰ……….. বিকাশত সহায় কৰে।
উত্তৰ মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে/নোৱাৰে।
উত্তৰঃ নোৱাৰে।
(খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে/নোৱাৰে।
উত্তৰঃ পাৰে।
(গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা বনুৱালৈকে সকলো সমান হয়/নহয়।
উত্তৰঃ হয়।
(ঘ) চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে/নোৱাৰে।
উত্তৰঃ পাৰে।
(ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে/নোৱাৰে।
উত্তৰঃ পাৰে।
৪। সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা
উত্তৰঃ সংবিধানত মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰাৰ কাৰণসমূহ হ’ল-মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে। মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি, ধর্ম, ভাষা, বর্ণ নির্বিশেষে সমানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 12 মৌলিক অধিকাৰ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam