Class 8 Social Science Chapter 2 (History and Political Science) মধ্য যুগৰ অসম – সমাধান in Assamese Medium|| All Question Answer
মধ্য যুগৰ অসম
Class 8 Social Science Chapter 2 মধ্য যুগৰ অসম – Complete Question Answer in Assamese Medium
মধ্য যুগৰ অসম
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)
অনুশীলনী
১। উত্তৰ লিখা—
(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল?
উত্তৰঃ ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল।
(খ) চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল?
উত্তৰঃ চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন হ’ল বুঢ়াগোহাঁই আৰু বৰগোঁহাই।
(গ) মূলাগাভৰু কোন আছিল?
উত্তৰঃ মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল। তেওঁ স্বামীৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ তুবৰ্কৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।
(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?
উত্তৰঃ ১৬৮১ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে।
(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উত্তৰঃ কোচ ৰজা নৰনাৰায়ণে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল।
(চ) চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰঃ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল বা গৌৰীনাৰায়ণ।
২। ক্ৰমানুসাৰে সজোৱা—
(ক) ইয়াণ্ডাবু সন্ধি।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।
(গ) শৰাইঘাটৰ যুদ্ধ।
(ঘ) মিৰৰ্জুমলাৰ অসম আক্ৰমণ।
(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।
(চ) ইখ্তিয়াৰ উদ্দিন মালিক উজবেগ, তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ।
উত্তৰঃ (ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। (১২২৮ খ্ৰীষ্টাব্দত)।
(চ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ। (১২৫৭ খ্ৰীষ্টাব্দত)।
(খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ (১৪৯৮ খ্ৰীষ্টাব্দত)।
(ঘ) মিৰজুমলাৰ অসম আক্ৰমণ (১৬৬২ খ্ৰীষ্টাব্দত)।
(গ) শৰাইঘাটৰ যুদ্ধ।(১৬৭১খ্ৰীষ্টাব্দত)
(ক) ইয়াণ্ডাবু সন্ধি (১৮২৬ খ্ৰীষ্টাব্দত)
৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা—
(ক) আহোমসকল অসমলৈ অহাৰপৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ।
উত্তৰঃ শুদ্ধ।
(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰপৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।
উত্তৰঃ অশুদ্ধ।
(গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল।
উত্তৰঃ শুদ্ধ।
(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয়।
উত্তৰঃ শুদ্ধ।
(ঙ) চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল।
উত্তৰঃ অশুদ্ধ।
(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল।
উত্তৰঃ অশুদ্ধ।
৪। খালী ঠাই পূৰোৱা—
(ক) আহোমসকল অসমলৈ অহাৰ পাছৰেপৰা কামৰূপ ৰাজ্যখন..………. নামেৰে পৰিচিত হয়।
উত্তৰ আহোমসকল অসমলৈ অহাৰ পাছৰেপৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়।
(খ) আহোমসকলে ………… নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
উত্তৰ আহোমসকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
(গ) ………. স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।
উত্তৰ স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম।
(ঘ) সন্ধ্যাই কামৰূপৰ ৰাজধানী গুৱাহাটীৰ পৰা ………..লৈ স্থানান্তৰিত কৰে।
উত্তৰ সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে।
(ঙ) …………… চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল
উত্তৰ ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
(চ) …………. শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।
উত্তৰ ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক।
৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ
(ক) কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ ১২২৮ খ্রীষ্টাব্দত আহোমসকল চুকাফাৰ নেতৃত্বত অসমলৈ আহে। স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্রতিষ্ঠাতা। তেওঁ চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। চুকাফাই অসমলৈ আহোতে লগত বুঢ়াগোহাই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্রী লৈ আনিছিল আৰু তেওঁ এই মন্ত্রী দুজনৰ পৰামর্শ লৈ ৰাজ্য শাসন কৰিছিল। আহোমসকলে বর্তমানৰ ব্ৰহ্ম দেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পর্বত অতিক্ৰম কৰি অসমত প্রৱেশ কৰিছিল। চুকাফাই পোন প্রথমে চৰাইদেউত ৰাজধানী স্থাপন কৰে। এই সময়চোৱাত তেওঁ আগৰে পৰা বসবাস কৰি থকা লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল।
(খ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ’ল?
উত্তৰঃ শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল।
ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই। লাচিত বৰফুকন নেতৃত্বত আহোম সেনাই ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহৰ নেতৃত্বত থকা মোগল সেনাক পৰাস্ত কৰি আহোমৰ হেৰুৱা মান, যশ গৌৰৱ উদ্ধাৰ কৰিছিল।
গ) চিলাৰায় কোন আছিল ? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?
উত্তৰ চিলাৰায় কোচ ৰজা বিশ্বসিংহৰ পুতেক আছিল। বিশ্বসিংহৰ বৰপুত্র মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয় আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে। শুক্লধ্বজে চিলাৰ দৰে অতর্কিতে আক্রমণ কৰি ৰাজ্য জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁক চিলাৰায় নামে জনা যায়।
চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰাৰ ফলত আহোম ৰাজ্য কোচ ৰাজ্য কৰতলীয়া হয়। চিলাৰায়ে কচাৰী ৰাজ্যৰ লগতে ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্রীহট্ট আদি ৰাজ্যবোৰ জয় কৰিছিল।
ঘ) বাৰভূঞাসকল কোন ?
উত্তৰ কমতাপুৰ ৰাজ্য দুভাগত বিভক্ত হোৱাৰ সময়ত কমতেশ্বৰ দুর্লভনাৰায়ণে গৌড়েশ্বৰ ধৰ্ম নাৰায়ণৰ পৰা সাতঘৰ ব্রাহ্মণ আৰু সাতঘৰ কায়স্থ উপহাৰ স্বৰূপ লাভ কৰে। এওঁলোকৰ ভিতৰত চণ্ডীবৰ মুখীয়াল আছিল। সেয়ে চণ্ডীবৰক শিৰোমণি ভূঞা পাতিছিল। এই লোকসকলে পাছলৈ অসমত বাৰভূঞা হিচাপে জনাজাত হৈছিল। ‘ভূঞা’ শব্দৰ অৰ্থ মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলতঃ কায়স্থ, দৈবজ্ঞ, আৰু ব্রাহ্মণ ভূঞা। অসমৰ ভূঞাসকলক বাৰভূঞা নামে জনা যায়।
ঙ) কছাৰীসকল কোন ?
উত্তৰ কছাৰীসকল অসমৰ অতি প্ৰাচীন অধিবাসী আছিল। ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্রাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ এই শাসন বর্তমান বাংলাদেশৰ চিলেট, মৈমনসিংহ আদিকে ধৰি বংগোপসাগৰৰ পাৰলৈকে বিস্তৃত আছিল। চুতীয়া, কোচ, ত্রিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তর্ভুক্ত আছিল। আহোম বুৰঞ্জীমতে কছাৰী ৰাজ্য যথেষ্ট শক্তিশালী আছিল। সেয়ে আহোম সকলে অসমত প্রায় ২০০ বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতহে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আৰু ব্রহ্মপুত্র উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল।
৬। পাঠত থকা মানচিত্র দুখনৰ এটি তুলনামূলক চমুটোকা প্রস্তুত কৰা।
উত্তৰ পাঠত থকা প্রথম মানচিত্রখন আনুমানিক ত্ৰয়োদশ শতিকাৰ মানচিত্র আৰু দ্বিতীয় খন মানচিত্রত আনুমানিক ষোড়শ শতিকাৰ কোচ আৰু আহোম ৰাজ্যৰ মানচিত্র।
ত্ৰয়োদশ শতিকাত আহোম অহাৰ সময়ত অসমত কেবাখনো ক্ষুদ্র ক্ষুদ্র ৰাজ্য আছিল। পশ্চিমে কৰতোৱা নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলাক সামৰি কামৰূপ- কমতা নামৰ ৰাজ্যখন আছিল। ব্ৰহ্মপুত্র নদীৰ উত্তৰফালে সোৱণশিৰি আৰু দিচাংলৈ চুতীয়াসকলে ৰাজত্ব কৰিছিল। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্রহ্মপুত্রৰ দক্ষিণপাৰে দিখৌ নৈৰ পৰা কলং নৈলৈকে বিস্তৃত ভূভাগত কছাৰী ৰাজ্য আছিল।
ষোড়শ শতিকাৰ মানচিত্র খনত অবিভক্ত গোৱালপাৰা জিলা আৰু কোচবিহাৰৰ কিছু অংশক লৈ কোচ ৰাজ্য গঠন হৈছিল। কোচ ৰজা নৰনাৰায়ণৰ দিনত আহোম ৰাজ্যৰ কৰতলীয়া হয়। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য কোচবিহাৰ আৰু কোচহাজো নামেৰে দুভাগত বিভক্ত হয়। পৰৱৰ্তী সময়ত কোচসকল আহোমৰ কৰতলীয়া হিচাপে দৰঙ অঞ্চলত শাসনকৰে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 2 মধ্য যুগৰ অসম– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam