Class 8 Social Science Chapter 2 (Geography and Economics) জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ – সমাধান in Assamese Medium|| All Question Answer
জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
Class 8 Social Science Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ – Complete Question Answer in Assamese Medium
জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১। শুদ্ধ উত্তৰটো লিখা–
(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি–
(১) নিৰক্ষীয় অঞ্চল।
(২) উত্তৰ মেৰু।
(৩) পূব এছিয়া।
(৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি।
উত্তৰঃ (৩) পূব এছিয়া।
খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক–
(১) ইউৰোপ।
(২) আফ্ৰিকা।
(৩) এছিয়া।
(৪) অষ্ট্ৰেলিয়া।
উত্তৰঃ (৩) এছিয়া।
(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল—
(১) ২.২৪ কোটি।
(২) ৩.১২ কোটি।
(৩) ২.৩৫ কোটি।
(৪) ২.৪৬ কোটি।
উত্তৰঃ (২) ৩.১২ কোটি।
(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই—
(১) এছিয়া।
(২) দক্ষিণ আমেৰিকা।
(৩) কুমেৰু বা এণ্টাৰ্কটিকা।
(৪) ইউৰোপ।
উত্তৰঃ (৩) কুমেৰু বা এণ্টাৰ্কটিকা।
(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ’ল—
(১) ভাৰত।
(২) পাকিস্তান।
(৩) ৰাছিয়া।
(৪) চীন।
উত্তৰঃ (৪) চীন।
২। খালী ঠাই পূৰ কৰা—
(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ ……………. বৃদ্ধিক বুজায়।
উত্তৰঃজনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।
(খ) পৃথিৱীৰ বেছিভাগ মানুহে …………… গোলাৰ্ধত বসতি কৰে।
উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।
(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব
উত্তৰঃপ্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব
(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ ……………………বোলে।
উত্তৰঃ এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।
৩/ চমু টোকা লিখা –
(ক) মানৱ সম্পদৰ উন্নয়ন |
উত্তৰ:- মানৱ সম্পদ দেশৰ উন্নতিৰ ভেটি স্বৰূপ | কর্মকুশলতা, উৎপাদন দক্ষতা, জ্ঞান – বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য | এনে মানৱ সম্পদক উপযুক্ত ভাৱে গঢ়ি তুলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি | সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, উপযুক্ত কর্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথ ভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত |
খ) জনসংখ্যাৰ থুপীকৰণৰ|
উত্তৰ কিছুমান অঞ্চলত মানুহৰ বসতি অতি ঘন হ’বলৈ ধৰা প্রক্রিয়াকে জনসংখ্যাৰ থুপীকৰণ বা কেন্দ্রীভৱন বোলে।
সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্রাকৃতিক সম্পদৰ প্ৰাচুৰ্য আদি ঘনবসতিৰ প্ৰধান কাৰক।তদুপৰি উদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা-সুবিধা আদিয়েও জনসংখ্যা কেন্দ্রীভূত হোৱাত অৰিহণা যোগায়।
জনসংখ্যাৰ থুপীকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান চাৰিটা ঘন বসতি অঞ্চল হৈছে-
(ক) পূব এছিয়া,
(খ) দক্ষিণ পূর্ব এছিয়া,
(গ) পশ্চিম আৰু মধ্য ইউৰোপ আৰু
(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল।
গ) জনসংখ্যাৰ বিস্ফোৰণঃ
উত্তৰ জনসংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পালে জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। পৃথিৱীত মানুহৰ সংখ্যা দিনে দিনে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণৰ লগতে বেমাৰ-আজাৰবোৰ নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ ক্ৰমাৎ হ্রাস পাইছে। বর্তমানে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈছে জনসংখ্যা বিস্ফোৰণ। ইয়াৰ ফলতে পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাব, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে। অর্থাৎ জনসংখ্যা বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতো সমস্যাৰ সৃষ্টি কৰে।
৪/ বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত)
জন প্রব্রজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনে ধৰণৰ?
উত্তৰ:- মানুহে কর্মসূত্রে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাবে বসতি কৰা কাৰ্যকে জনপ্রব্রজন বোলে |
সাধাৰণতে যুদ্ধ-বিগ্রহ, প্রাকৃতিক দুর্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন নির্বাহ অধিক সুবিধাজনক হ’লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বর্তমান সময়ত উন্নত শিক্ষা গ্রহণ, কর্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্রব্রজন ঘটে।
প্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্রুতভাৱে বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্রাস কৰে। ইয়াৰ উপৰি কেতিয়াবা কোনো কোনো প্রব্রজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা-সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam