Class 8 Social Science Chapter 3 (Geography and Economics) বসতি – সমাধান in Assamese Medium|| All Question Answer
বসতি
Class 8 Social Science Chapter 3 বসতি – Complete Question Answer in Assamese Medium
বসতি
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১। খালী ঠাই পূৰ কৰা-
(ক)………………….কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰঃ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
(খ)…………………..উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
উত্তৰঃ পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা-সুবিধা ভোগ কৰে।
(গ) আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ………………. বসতি বোলে।
উত্তৰঃ আলিবাট, ৰে’লপথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে।
(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ……………………….খন।
উত্তৰঃ বর্তমান অসমত গাঁৱৰ সংখ্যা হ’ল ২৫,৫৯০ খন।
২।শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ-বাণিজ্য/উদ্যোগ/কৃষি।
উত্তৰঃ গ্ৰাম্য বসতিৰ মূল বৃত্তি হ’ল কৃষি।
(খ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/অধিক/সমান।
উত্তৰঃ গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক।
(গ) ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰঃ ভাৰতৰ প্ৰায় ৭০ শতাংশ লোকে গাঁৱত বাস কৰে।
(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল ৰৈখিক/কেন্দ্ৰীভূত/পাতল বসতি।
উত্তৰঃ কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ’ল কেন্দ্রীভূত বসতি।
৩। উত্তৰ লিখাঃ (৪টা বা ৫ টা বাক্যৰ ভিতৰত)
(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভবা?
উত্তৰঃ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে।
খ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সমূহ যেনে
১) গাঁৱৰ বাসিন্দাসকলৰ মূল বৃত্তি হ’ল কৃষি।
২) ঘৰ-বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত।
৩) যাতায়াত ব্যৱস্থা সাধাৰণতে সূচল নহয়।
৪) যান-বাহনৰ সংখ্যা কম।
৫) ব্যৱসায়-বাণিজ্যৰ সুবিধা কম।
৬) বসতি পাতল আৰু বিস্তৃত।
(গ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা।
উত্তৰঃ কেন্দ্রীভূত বসতি সৃষ্টি হোৱাৰ কাৰণ:
i) মানুহৰ জীৱনধাৰণৰ বাবে প্রয়োজনীয় বস্তু আৰু সা-সুবিধাবোৰ যদি একেঠাইতে বা ওচৰে পাজৰে পোৱা গলে কেন্দ্রীভূত বসতি সৃষ্টি হয়।
ii) কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্রীভূত বসতি সৃষ্টি হয়।
(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা।
উত্তৰঃ পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় বোৰ হ’ল – বেপাৰ-বাণিজ্য, শিল্প-উদ্যোগ, শিক্ষানুষ্ঠান, অফিচ-কাছাৰীৰ চাকৰি আদি প্ৰধান।
(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰঃ গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত বহুতো পার্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে।
সাধাৰণতে বেপাৰ-বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পর্ক বার্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যয়ো এই সম্পৰ্ক গঢ় কৰি তোলে। গাঁও বাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পর্ক স্থাপন হয়।
৪। চমুটোকা লিখা-
(ক) ৰৈখিক বসতি।
উত্তৰঃ কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বুলি কোৱা হয়। ৰৈখিক বসতি সাধাৰণতে নলা, ৰেলপথ, মটৰ পথ, নদী আদিৰ কাষে কাষে গঢ় লৈ উঠে।
(খ) বৰ্গক্ষেত্ৰাকাৰ বসতি।
উত্তৰঃ গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায়। এনে ধৰণৰ বসতিক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। এনে বসতিৰ চাৰিওফালে সাধাৰণতে বহল খেতি পথাৰ দেখা যায়।
(গ) উচ্চভূমি বসতি।
উত্তৰঃ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়তৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল।
৫। পার্থক্য লিখা-
(ক) গ্রাম্য বসতি আৰু পৌৰ বসতি।
উত্তৰঃ গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ পাৰ্থক্যসমূহ যেনে
১) গ্রাম্য বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল কৃষি, আনহাতে পৌৰ বসতিত মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ’ল বাণিজ্য, উদ্যোগ, চাকৰি আদি।
২) গ্ৰাম্য অঞ্চলৰ বসতি পাতল, আনহাতে পৌৰ অঞ্চলৰ বসতি ঘন।
৩) গ্রাম্য বসতিত যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়, আনহাতে পৌৰ বসতিত যাতায়াত ব্যৱস্থা সুচল।
খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি।
উত্তৰঃ কোনো কোনো অঞ্চলত বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থুপ খাই থাকে। এনে ধৰণে থূপ খাই থকা বসতিক কেন্দ্রীভূত বসতি বোলে, আনহাতে কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বোলে।
(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি।
উত্তৰঃ (১) উচ্চভূমি অঞ্চলত জনবসতি পাতল, আনহাতে নিম্নভূমি অঞ্চলত জনবসতি ঘন।
(২) উচ্চভূমি অঞ্চলত যাতায়াত-পৰিবহণ, খেতি-বাতি আদিৰ ক্ষেত্ৰত অসুবিধা, আনহাতে নিম্নভূমি অঞ্চলত যাতায়াত-পৰিবহণ খেতি-বাতি আদিৰ বাবে সুবিধাজনক।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 3 বসতি – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam