Assam Board Exam

Class 8 Social Science Chapter 4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science Chapter 4 (Geography and Economics) বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 8 Social Science Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন- Complete Question Answer in Assamese Medium


বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

অষ্টম শ্ৰেণী

সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)

অনুশীলনী

১। উত্তৰ লিখা—

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়। যেনে গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যিৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে প্ৰাচীন নগৰ, মধ্যযুগীয়া নগৰ আৰু আধুনিক নগৰ।

(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।


২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।

উত্তৰঃ অশুদ্ধ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।


৩। চমুকৈ উত্তৰ লিখা-

(ক) গ্রাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নির্বাহ কৰে।

(খ) নগৰত বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰত বসতিৰ সা-সুবিধাসমূহ হ’ল- যাতায়ত, যোগাযোগ, চিকিৎসা, শিক্ষা, ব্যবসা-বাণিজ্য, বেংক, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্র, বিদ্যুৎ, পানী যোগান, আমোদ-প্রমোদ আদি।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ নগৰত সকলো সুবিধা থকা বাবে নগৰত ঘন বসতিপূর্ণ। যেনে- নগৰৰ ৰাস্তা ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায়- বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল- কাৰখানা, শিক্ষানুষ্ঠান আৰু আমোদ-প্রমোদ, অৱসৰ বিনোদন সুবিধা বেছি বাবে নগৰত ঘন বসতি ঘন।

ঘ) মেগাল’পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’ পলিছ বুলি কোৱা হয়।


৪) নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পর্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা

উত্তৰঃ

নগৰৰ সমস্যানগৰৰ সা -সুবিধা
বিশুদ্ধ খোৱা পানীৰ যোগান পর্যাপ্ত নহয়।শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়
প্রদূষণ, আৱৰ্জনা আদিৰ নিষ্কাষণৰ সমস্যাউন্নত চিকিৎসা সেৱা পোৱা যায়
খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ।যাতায়তৰ সুবিধা থাকে।
যান-বাহনৰ সমস্যা, দ্রুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা। বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ।
কৃত্ৰিম বানপানীৰ সমস্যাপৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে।
 ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান -প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্রয়োজননিয়োগৰ সুবিধা বেছি।বেংক,পাইকাৰী আৰু  খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য।

৫) ভূ-চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা।

উত্তৰ

(ক) গুৱাহাটী ——–কামৰূপ (মেট্রো)

(খ) ধুবুৰী——-ধুবুৰী

(গ) বৰপেটা———বৰপেটা

(ঘ) হাফলং ———-উত্তৰ কাছাৰ

(ঙ) তেজপুৰ——শোণিতপুৰ

(চ) তিনিচুকীয়া———-তিনিচুকীয়া,

(ছ) নগাঁও ——-নগাঁও

জ) ডিব্রুগড় ——-ডিব্ৰুগড়

(ঝ) শিৱসাগৰ ——–শিৱসাগৰ

ঞ ) ধেমাজি ———ধেমাজি


Class 8 Social Science All Question Answer- Click Here


Class 8 Social Science Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment