Class 8 Social Science Chapter 5 (Geography and Economics) সাগৰ-মহাসাগৰ – সমাধান in Assamese Medium|| All Question Answer
সাগৰ-মহাসাগৰ
Class 8 Social Science Chapter 5 সাগৰ-মহাসাগৰ– Complete Question Answer in Assamese Medium
সাগৰ-মহাসাগৰ
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী :
(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কৰণবোৰ কি কি?
উত্তৰঃ পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে।
(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা?
উত্তৰঃ উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্রজল ওপৰে ওপৰে পৃষ্ঠপ্রবাহ ৰূপে শীতমণ্ডললৈ প্রবাহিত হয়। ইয়েই হ’ল উষ্ণ বা গৰম পানীৰ সোঁত।
(গ) সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?
উত্তৰঃ সাগৰীয় জীৱবোৰ তিনি প্ৰকাৰৰ। সেইবোৰ হ’ল- প্লৱক, বেনথজ আৰু নেক্টন । লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে।
(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?
উত্তৰঃ সাগৰৰ যি অংশত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্র গঢ়ি উঠে।
২/ কাৰণ দর্শোৱা –
(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰ:– পূর্ণিমা আৰু অমাবস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্রায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণৰ ফলত বাসন্তী জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে। ফলত ই শক্তিশালী হৈ পৰে। আনহাতে নাটনি জোৱাৰ সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূর্যই সমকোণত অৱস্থান কৰে।গতিকে সেই দুদিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামখি হোৱা ঠাইতো জোৱাৰ হয়। ফলত ই শক্তিশালী নহয়। সেয়ে নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
উত্তৰঃ সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় ।সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ।
(গ) জাপানত সঘনাই চুনামী হয়।
উত্তৰঃ ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা চৌক চুনামী বুলি কোৱা হয়। জাপান দেশখন প্রশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত (Ring of Fire) অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্রধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামীৰ সৃষ্টি হয়।
ঘ) সূর্য আকাৰত বিশাল হোৱা সত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।
উত্তৰঃ আকাৰত পৃথিৱী আৰু চন্দ্ৰতকৈ সূর্য বহুগুণে ডাঙৰ হোৱা সত্বেও সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী মধ্যাকর্ষণ শক্তি তুলনামূলকভাৱে কম। সূর্য চন্দ্রতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ, আৰু পৃথিৱীৰপৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা। সেয়েহে সূর্য আকাৰত বিশাল হোৱা সত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।
ঙ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰঃ পানীৰ স্বাভাৱিক ধৰ্মৰ বাবেই জাহাজবোৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ মাল-বস্তু সহজে কঢ়িয়াই নিব পাৰে। পানীৰ ওপৰেৰে গতি কৰা জাহাজবোৰত শক্তি বা ইন্ধনৰ খৰছো তুলনামূলকভাৱে কম হয়। ৰে’ল পৰিবহণ, পথ পৰিবহণ আৰু আকাশী পৰিবহণৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা থকাৰ বাবে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা।চাৰিওপিনে মুক্ত আৰু সমান বাবে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে।
৩। শুদ্ধ উত্তৰটোত ☑ চিন দিয়া—
(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়—
(ক) মেৰু অঞ্চলত, (খ) নিৰক্ষীয় অঞ্চলত (গ) এটাও নহয়।
উত্তৰঃ মেৰু অঞ্চলত।
(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে –
(ক) সাগৰীয় সোঁত (খ) জোৱাৰ-ভাটা (গ) ঢৌ বোলে।
উত্তৰঃ জোৱাৰ-ভাটা।
(৩) চুনামী শব্দৰ অৰ্থ হ’ল—
(ক) ভূমিকম্প (খ) সাগৰৰ ঢৌ (গ) পোতাশ্ৰয়ৰ ঢৌ।
উত্তৰঃ পোতাশ্ৰয়ৰ ঢৌ।
(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—
(ক) নেক্টন,(খ) বেনথ’জ,(গ) প্লেংকটন শ্ৰেণীৰ ৷
উত্তৰঃ নেক্টন।
৪। সোঁফালৰ লগত বাওঁফাল মিলোৱা —
উত্তৰঃ
(ক) ডায়েটম | (গ) এবিধ উদ্ভিদ প্লেংকটন। |
খ) নিৰক্ষীয় অঞ্চলত | (ঙ) পানীৰ ঘনত্ব কম হয়। |
(গ) সাধাৰণ নিমখ | (ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে। |
ঘ) সপ্তমী আৰু অষ্টমী তিথিত | (খ) নাটনি জোৱাৰ হয়। |
(ঙ) মৎস্য ক্ষেত্ৰবোৰ | (ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে। |
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 5 সাগৰ-মহাসাগৰ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam