Class 8 Social Science Chapter 6 (Geography and Economics) ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – সমাধান in Assamese Medium|| All Question Answer
ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
Class 8 Social Science Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – Complete Question Answer in Assamese Medium
ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১। চমু উত্তৰ লিখা —
(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰঃ আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ’ল- লো-তীখা উদ্যোগ।
(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰঃ এবিধ ইন্ধন খনিজৰ নাম হ’ল- কয়লা।
(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ’ল- গুজৰাট।
(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।
উত্তৰঃ ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হ’ল- ৰে’ল পৰিবহণ।
২। শুদ্ধ উত্তৰটো লিখা —
(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত —
(ক) তৃতীয়।
(খ) দ্বিতীয়।
(গ) প্ৰথম।
উত্তৰঃ (গ) প্ৰথম।
(খ) ভাৰতত প্ৰথমে ৰেল চলিছিল —
(ক) ১৮৩৫ চনত।
(খ) ১৯৩৫ চনত।
(গ) ১৮৫৩ চনত।
উত্তৰঃ (গ) ১৮৫৩ চনত।
(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল —
(ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(খ) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
উত্তৰঃ (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল —-
(ক) অসম।
(খ) কেৰালা।
(গ) অন্ধপ্ৰদেশ।
উত্তৰঃ (খ) কেৰালা।
৩) উত্তৰ লিখা
ক) ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তর্ভুক্ত হয়নে?
উত্তৰঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল-
১) উত্তৰ-পূব উপদ্বীপীয় বলয়,
২) মধ্য বলয়,
৩) দক্ষিণ বলয়,
৪) দক্ষিণ-পশ্চিম বলয়,
৫) উত্তৰ-পশ্চিম বলয় আৰু
৬) উত্তৰ-পূব তৈল বলয়।
অসম উত্তৰ-পূব তৈল বলয়ত অন্তর্ভুক্ত।
(খ) ভাৰতৰ পাঁচটা প্রধান লো-তীখা উদ্যোগৰ নাম।
উত্তৰঃ ভাৰতৰ পাঁচটা প্রধান লো-তীখা উদ্যোগৰ নাম-
১) জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ,
২) বাৰ্ণপুৰ লো আৰু তীখা উদ্যোগ,
৩) ভদ্রাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ,
৪) ভিলাই তীখা উদ্যোগ আৰু
৫) দুর্গাপুৰ তীখা উদ্যোগ।
গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?
উত্তৰঃ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্রশিল্পসমূহ প্রধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। বস্ত্র উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্র-পাতি, বং, ৰাসায়নিক দ্রব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্রীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ কাৰণেই মুম্বাই-আহমেদাবাদ অঞ্চলত বস্ত্র উদ্যোগসমূহ গঢ় লৈ উঠিছে ।
৪। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।
উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা অন্য ঠাইলৈ খোজ কাঢ়ি নাইবা হাতী, ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। জলভাগত নাৱেৰ দ্বাৰা মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল। পুৰণি যাতায়ত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিছে। বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে। অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী।
ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যানবাহন বোৰে আগতকৈ কম পৰিমাণে পৰিৱেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে।
৫। পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰাস্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।
উত্তৰ I)পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য বস্তুসমূহ দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।
II) পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোকক প্রতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত কৰি জীৱিকা উপার্জনৰ পথ দিছে।
III) পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতি টনকিয়াল কৰাত সহায় কৰিছে।
৬। ভুচিত্ৰাৱলীৰ সহায়ত লিখা—
(ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।
উত্তৰঃ অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম সমূহ হল – তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙ্গাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি।
(খ) ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম।
উত্তৰঃ ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নামসমূহ হ’ল চিকিম।
(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ কেন্দ ষ্টেচনটোৰ নাম।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম হ’ল মূর্কংচেলেক।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam