Class 8 Social Science Chapter 7 (Geography and Economics) অসমৰ নদ – নদী – সমাধান in Assamese Medium|| All Question Answer
অসমৰ নদ – নদী
Class 8 Social Science Chapter 7 অসমৰ নদ – নদী – Complete Question Answer in Assamese Medium
অসমৰ নদ – নদী
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১। চমু উত্তৰ লিখা —
(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰঃ চেমা-য়ুং-দুং।
(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ ২৯০৬ কিলমিটাৰ।
(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?
উত্তৰঃ তিব্বত।
(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?
উত্তৰঃ ইংৰাজীৰ U আখৰটিৰ দৰে হয়।
(ঙ) ব্রহ্মপুত্র নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰঃ তিব্বত, চীন,ভাৰত আৰু বাংলাদেশ।
২। শুদ্ধ উত্তৰটো লিখা —
(ক) গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰঃ উচ্চভূমি।
(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/সমভূমি/মালভূমিত দেখা যায়।
উত্তৰঃ সমভূমি।
(গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/ পৰিবহণ/ অৱক্ষেপনৰ ফলত সৃষ্টি হয়।
উত্তৰঃ অৱক্ষেপন।
(ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।
উত্তৰঃ ৩ খন।
(ঙ) বৰাক নৈৰ দৈর্ঘ্য হ’ল ৯০০ কিঃমিঃ / ৯২০০ কিঃমিঃ / ২৯০৬কিঃমিঃ।
উত্তৰঃ ৯০০ কিঃমিঃ
৩। সোঁফালৰ লগত বাঁওফাল মিলোৱা
চাংপো | একা–বেঁকা গতিপথ |
অৰুণাচল প্ৰদেশ | মাজুলী |
সর্পিল | চিয়াং |
কলং | তিবৃত |
নদী দ্বীপ | সুঁতি |
উত্তৰঃ
চাংপো | তিবৃত |
অৰুণাচল প্ৰদেশ | চিয়াং |
সর্পিল | একা-বেঁকা গতিপথ |
কলং | সুঁতি |
নদী দ্বীপ | মাজুলী |
৪। চমু টোকা লিখা-
(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য
উত্তৰ: নদীখনৰ উচ্চগতি পৰ্বতৰ উৎসত আৰম্ভ হয়। এই অংশত নৈখনে থিয় ঢালেৰে বৈ আহিব লগা হোৱা হেতুকে নদীৰ তলিত খনন অধিক হয়। সেয়েহে এই অংশত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটিৰ দৰে হয়। তদুপৰি ঠায়ে ঠায়ে নদীতলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰো ৰূপ লয়। পার্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতিপথত থকা শিল, বালি, মাটি আদি খহাই তললৈ কঢ়িয়াই আনে।
(খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।
উত্তৰঃ সমভূমিত প্ৰৱেশ কৰা ঠাইৰ পৰা নদীৰ গতিপথছোৱাক নৈখনৰ মধ্যগতি অংশ বুলিব পাৰি। পার্বত্য অঞ্চলত থিয় ঢালেদি বৈ অহা নৈয়ে সমভূমিৰ মৃদু ঢালৰ সম্মুখীন হয়। কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে এই অংশত নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ। গতিকে এই অংশত নৈখনৰ গেদ পৰিবহণ ক্ষমতা কম। ফলস্বৰূপে পার্বত্য অঞ্চলৰপৰা কঢ়িয়াই অনা শিল, বালি, বোকা আদি সমভূমি অঞ্চলত জমা হয়। মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম। কিন্তু ইয়াৰ বিপৰীতে নৈখনৰ পাৰ খহোৱা অর্থাৎ পার্শ্বখনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্র খহনীয়াৰ সৃষ্টি কৰে। মধ্যগতি অংশত নৈৰ গতিপথ সর্পিল আৰু গুম্ফিত।নৈৰ খনন আৰু অৱক্ষেপণ কার্যৰ ফলস্বৰূপে শাখা নৈসমূহৰ গতিপথ সঘনে পৰিবর্তন হৈ থাকে। শাখা নৈসমূহৰ এনে পৰিৱৰ্তনে ইয়াৰ এৰাসুঁতিত বিল বা জলাহৰ সৃষ্টি কৰে।
(গ) নৈৰ নিম্নগতি অংশৰ কাৰ্যঃ
নিম্নগতি অংশত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতি অংশত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্রশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়াৰ ‘ব’ আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰক ব-দ্বীপ বোলে।
(ঘ) বৰাক নৈৰ গতিপথ।
উত্তৰঃ বৰাক নৈখন মণিপুৰৰ সীমাৱন্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ – মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগে কুশিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছুদূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল। ই প্ৰায় ৩০ মিটাৰৰপৰা ৩০০ মিটাৰ পৰ্যন্ত বহল। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে।
৫। ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰ্পিল কিয়?
উত্তৰঃ অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্বখনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা-বেঁকা বা সৰ্পিল হোৱা দেখা যায়।
৬। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা।
উত্তৰঃ তিব্বত-চেমা- য়ুং-দুং হিমবাহ (উৎপত্তি স্থল) তিব্বত- চাংপো অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)- চিয়াং অৰুণাচল প্ৰদেশ (পাছিঘাট)- দিহং অসম-বহ্মপুত্ৰ বাংলাদেশ-পদ্মা (গংগা নদীৰ লগত মিলি)।
৮। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা।
উত্তৰঃ নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে। যেনে-খাদ্যৰ বাবে, ধোৱা মেলা, কৃষিকৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয। বাৰিষা কালত নদীবোৰে প্ৰতিবছৰে এৰি থৈ যোৱা পলস ৰ পৰা সৃষ্টি হোৱা প্লাৱভূমি সমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী খৰালি পানী কম হ’লেও নদ-নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰটো যথেষ্ঠ লাভবান হয়। নদীকাষৰ পাৰ্শ্বৱতী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ’ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 7 অসমৰ নদ – নদী– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam