Class 8 Social Science Chapter 8 (Geography and Economics) ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ – সমাধান in Assamese Medium|| All Question Answer
ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
Class 8 Social Science Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ – Complete Question Answer in Assamese Medium
ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
অনুশীলনী
১। চমু উত্তৰ দিয়া—
(ক) স্কেল বা মাপনী বুলিলে কি বুজা?
উত্তৰঃ যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়।
(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?
উত্তৰঃ যিটো ব্যৱস্থাই তথ্যসংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বোলে।
২। শুদ্ধ উত্তৰটোত (√) চিন দিয়া —
(ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল—
(১) ইৰাট’স্থেনিচে।
(২) ট’লেমিয়ে।
(৩) কাৰ্ল ৰিটাৰে।
উত্তৰঃ (২) ট’লেমিয়ে।
(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—
(১) নিৰূপক ভগ্নাংশ।
(২) ৰৈখিক স্কেল।
(৩) ভাষাৰ স্কেল।
উত্তৰঃ (১) নিৰূপক ভগ্নাংশ।
(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে —
(১) মিছৰত।
(২) মেছ’প’টেমিয়াত।
(৩) চীনত।
উত্তৰঃ (২) মেছ’প’টেমিয়াত।
৩। বহলাই লিখা—
মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা?
উত্তৰঃ সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্রাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত। এই মানচিত্র টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্র অংকন কৰিছিল। খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্র অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্র অংকন কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে মানচিত্র অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। দ্রাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নির্ণয় কৰিবলৈ চেষ্টা কৰিছিল।তাৰ পাছত কলম্বাছ, ভাস্কো-ডা-গামা আদি অভিযাত্রীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পর্কে মানুহৰ জ্ঞান বঢ়ায়।
ভাৰতত খ্ৰীষ্টপূর্ব ২৫০০ চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায়। ভাৰতৰ ৰজা-মহাৰজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল। আমাৰ দেশত প্ৰথমতে ইংৰাজসকলে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰে। তেওঁলোকেই ১৭৬৭ চনত চার্ভে অব ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। ১৯ শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্র অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল। সম্প্ৰতি দূৰসংবেদন প্রযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে।
৪। ভূগোল অধ্যয়নত কি কি প্রযুক্তি ব্যৱহাৰ কৰা হয় লিখা।
উত্তৰঃ-ভূগোল অধ্যয়নত মানচিত্র, আর্হি চিত্র, কম্পাছ আৰু নক্সা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও পৃথিৱী খনক ভালদৰে বুজিবলৈ ভূগোল অধ্যয়নত জি-আই-এছ ব্যৱহাৰ কৰা হয়। জি-আই-এছে ভৌগোলিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ভূগোল অধ্যয়নত ৰিম’ট চেন্সিঙে ব্যৱহাৰ উপগ্ৰহৰ চিত্ৰৰ দৰে আমাক ওপৰৰ পৰা ছবি দিয়ে। জি-পি-এছে আমাক সঠিক স্থান বিচাৰি উলিয়াবলৈ সহায় কৰে। আমি স্থানীয় তথ্যৰ ব্যাখ্যা আৰু উপস্থাপন কৰিবলৈ ডিজিটেল মেপিং আৰু দৃশ্যায়ন সঁজুলিও ব্যৱহাৰ কৰো।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam