Class 8 Social Science Chapter 9 (Geography and Economics) মানৱ সম্পদ উন্নয়ন – সমাধান in Assamese Medium|| All Question Answer
মানৱ সম্পদ উন্নয়ন
Class 8 Social Science Chapter 9 মানৱ সম্পদ উন্নয়ন – Complete Question Answer in Assamese Medium
মানৱ সম্পদ উন্নয়ন
অনুশীলনী
অষ্টম শ্ৰেণী
সমাজ বিজ্ঞান (ভূগোল আৰু অৰ্থনীতি বিজ্ঞান)
১। চমু উত্তৰ লিখা —
(ক) মানৱ সম্পদ কাক বোলে?
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়।
খ) দেশৰ উৎপাদন কার্যত কোনে অংশগ্ৰহণ কৰিব পাৰে?
উত্তৰ যি সকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে সক্ষম লগতে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে কোনো উৎপাদন মূলক কামত নিয়োজিত হৈ থাকে তেওঁ লোকে দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি?
উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।
(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।
(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি?
উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।
২) বহলাই আলোচনা কৰা-
ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।
উত্তৰ: মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী সমূহ হৈছে –
১) আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা।
২) নিয়োগ বৃদ্ধিৰ বাবে বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা।
৩) ল’ৰা- ছোৱালীৰ বাবে গুণগত প্রাথমিক শিক্ষা নিশ্চিত কৰা। জলপানী ব্যৱস্থা কৰা, উন্নত মানৰ প্ৰশিক্ষণ ব্যৱস্থা কৰা।
৪) দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস কৰা।
৫) সাক্ষৰতা, আয় আৰু সামাজিক ন্যায়ৰ বেলিকা লিংগ বৈষম্য দূৰ কৰা।
৬) শিশু আৰু মাতৃৰ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰা।
৭) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা।
৮) স্বাস্থ্যকৰ পৰিৱেশ আৰু দুখীয়া শ্রেণীৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰা।
৯) দৰিদ্ৰতাৰ অনুপাত হ্রাস কৰা।
১০) মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা।
খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে-
১) শিক্ষাৰ হাৰ– গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। শিক্ষা ব্যৱস্থা সঠিক হলেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়। যি দেশত শিক্ষিত হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত।
২) জীৱনৰ প্ৰত্যাশা– এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবল ভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ’ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ’ব। সেয়েহে উচ্চ জীৱনৰ প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক।
৩) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ:- এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্রাস হোৱাটো সেই দেশ খনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্রধান নির্দেশক হিচাপে বিবেচিত হয়। জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক। অসমত তাতোকৈও বেছি। মানৱ সম্পদৰ উন্নয়ন হব লাগিলে এনে মৃত্যুৰ হ্রাস পাব লাগিব
৪।জনমূৰি আয়ঃ দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয়। জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায়। উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক।
৫। বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ প্ৰাথমিক স্তৰৰপৰা উচ্চ শিক্ষাৰ স্তৰ পযর্ন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক।
৬) প্ৰতিষেধক টিকাকৰণৰ হাৰঃ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে। কিয়নো ই শিগুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়।
(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তি মূলক শিক্ষাৰ মাজত থকা সম্পর্ক।
উত্তৰ: কৰ্মসংস্থানৰ অভাৱ হ’লে মানুহৰ আয়ৰ উৎস নাথাকে। ফলত দৰিদ্ৰতা বাঢ়ে। দৰিদ্রতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। এক বুজন পৰিমাণৰ শিক্ষিত নিবনুৱাই মানৱ সম্পদৰ উন্নয়নত প্রাচীৰৰূপে থিয় দিচ্ছে। দিনক দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে।
গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত স্ব-নির্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্রয়োজন আহি পৰিছে। আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তিমূলক শিক্ষাই মানুহক অকল উপার্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্ব- নিয়োজন পথ মুকলি হোৱাত সহায় কৰে। মানুহক আর্থিকভাবে আত্মনির্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়।
(ঘ) বৃত্তি মূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?
উত্তৰ: আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। দিনক দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। বৃত্তি মূলক শিক্ষাই মানুহক আর্থিকভাৱে আত্মনির্ভৰশীল কৰি স্বনিযোজনত অৰিহণা যোগাই নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ।
৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেহে দেশৰ উৎপাদন বৃদ্ধি হয়।
উত্তৰঃ অশুদ্ধ।
(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয়।
উত্তৰঃ শুদ্ধ।
(গ) জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়।
উত্তৰঃ শুদ্ধ।
(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়।
উত্তৰঃ অশুদ্ধ।
(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
উত্তৰঃ শুদ্ধ।
(চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ।
৪। খালী ঠাই পূৰ কৰা—
(ক) এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল ………….. য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ …………..।
উত্তৰ এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।
(খ) ………… আয়ৰ বৃদ্ধিয়ে দেশ এখন ………….. হোৱাত সহায় কৰে।
উত্তৰ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
(গ) উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ………….. সকলো শিক্ষিত ব্যক্তিকে …………..যোগান ধৰাতো সম্ভৱ নহয়।
উত্তৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয়।
(ঘ) …………. শিক্ষা মানৱ সম্পদ উন্নয়নৰ ………….. সোপান।
উত্তৰ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান।
(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল ………….. নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি ……………..ৰ পথ মুকলি হোৱাত সহায় কৰে।
উত্তৰ বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে।
৫) চমু টোকা লিখা –
ক) মানৱ সম্পদঃ
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ । এইখিনিতে মন কৰিবলগীয়া কথা যে- বিশেষভাবে সক্ষম মানুহো মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কার্যত নিয়োজিত হয়।
খ) মানৱ সম্পদ উন্নয়ন।
উত্তৰঃ মানুহক সম্পদলৈ উন্নীতকৰণ কৰা অৱস্থাটোক বা মানৱ সম্পদৰ বিকাশ সাধন কৰা ব্যৱস্থাটোক মানৱ সম্পদ উন্নয়ন বোলে। এখন দেশত যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব সিমানেই দেশ খনে উৎপাদন কার্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ। কাৰণ শিক্ষা আৰু প্রশিক্ষণে মানুহৰ চিন্তাশক্তি জাগ্রত কৰে আৰু দক্ষতা বৃদ্ধি কৰে। আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায়।আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বর্তমান আমাৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে।
গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকঃ
উত্তৰ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নির্দেশক বুলি কোৱা হয়। মানৱ সম্পদ উন্নয়নৰ কিছুমান উল্লেখযোগ্য নির্দেশক হ’ল- শিক্ষাৰ হাৰ, জীৱনৰ প্রত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমুৰি আয়, বিদ্যালয়ত নামভর্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি।
ঘ) বৃত্তিমূলক শিক্ষাঃ
উত্তৰ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।বৃত্তিমূলক শিক্ষাই মানুহক আর্থিকভাবে আত্মনির্ভৰশীল কৰি স্ব-নিয়োজনত অৰিহণা যোগায় আৰু নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে।
Class 8 Social Science All Question Answer- Click Here
Class 8 Social Science Chapter 9 মানৱ সম্পদ উন্নয়ন– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam