Assam Board Exam

Class 8 Social Science Chapter 9 |১৮৫৭চনৰ বিদ্ৰোহ

Class 8 Social Science Chapter 9 (History and Political science) ১৮৫৭ চনৰ বিদ্ৰোহ – সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 8 Social Science Chapter 9 ১৮৫৭ চনৰ বিদ্ৰোহ – Complete Question Answer in Assamese Medium


১৮৫৭ চনৰ বিদ্ৰোহ

অষ্টম শ্ৰেণী

সমাজ বিজ্ঞান (ইতিহাস আৰু ৰাজনীতি বিজ্ঞান)

অনুশীলনী

১। উত্তৰ লিখা —

(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল?

উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল।

(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল?

উত্তৰঃ লৰ্ড ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল।

(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ মংগল পাণ্ডে আছিল।

(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ পিয়লি বৰুৱা।

(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?

উত্তৰঃ ৰাইজ মেলসমূহে।


২। ‘ক’ অংশৰ লগত ‘খ’অংশ মিলোৱা —

উত্তৰঃ (ক) ১৮৫৬ চনৰ আইন — সাগৰ যাত্ৰা বাধ্যতামূলক কৰা

(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ — মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ।

(গ) ১৮৫৮ চন — ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।

(ঘ) ১৮২৮ চন — গোমধৰ কোঁৱৰৰ বিদ্ৰোহ।

(ঙ) ১৮৬১ চন — ফুলগুৰি ধেৱা।


৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা —

(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

উত্তৰঃ শুদ্ধ।

(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।

উত্তৰঃ অশুদ্ধ।

(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ বৃটিছক আবেদন জনাইছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল।

উত্তৰঃ অশুদ্ধ।


৪। চমু টোকা লিখা —

(ক) মণিৰাম দেৱান।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামবা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কর্ষিলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্রাম প্রস্তুতি। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। কিন্তু তেওঁলোকৰ পৰিকল্পনা ব্রিটিছ চৰকাৰে ধৰা পেলালে আৰু কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে।


খ) ফুলগুৰি ধেৱা।

উত্তৰ:– অসমত কৃষক বিদ্রোহ সমুহ পৰিচালনা কৰিছিল’ ৰাইজ মেল’ সমুহে। সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত জাতি, ধর্ম নির্বিশেষে সকলোৱে ইয়াত অংশগ্রহণ কৰিছিল। ৰাইজ মেল ৰ ক্ষমতা ইমানেই বেছি আছিল যে কোনো কোনো ঠাইত ই চৰকাৰক অচল কৰি দিবলৈও সমর্থ হৈছিল। অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰি নামৰ ঠাইত সংঘটিত হৈছিল। ইয়াকে ফুলগুৰিৰ ধেৱা বুলি কোৱা।


(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ।

উত্তৰঃ চিপাহী বিদ্রোহৰ তৎকালীন কাৰণঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্রমণ কৰি বিদ্ৰোহৰ সূচনা কৰে।


৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যি কোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ = চিপাহী বিদ্ৰোহৰ কাৰণবোৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক আৰু ধাৰ্মিক আদি কাৰনত বিভক্ত কৰিব পাৰি।

বৃটিছ সকল অহাৰ আগতে ভাৰতবৰ্ষ এখন গ্রাম্য  প্রধান কৃষিভিত্তিক দেশ আছিল। সৰু সৰু হস্ত আৰু কুটিৰ শিল্পৰ দ্বাৰাই গাওঁবোৰ স্বাৱলম্বী আছিল। ভূমিৰ ক্ষেত্ৰত কোনো জটিল ৰাজহ গাঁঠনি নাছিল। ইংৰাজ সকল অহাৰ পিছত পর্যায়ক্রমে কৰা অৰ্থনৈতিক নীতিয়ে ভাৰতৰ পৰম্পৰাগত অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছিল। ইংলেণ্ডত সূচনা হোৱা শিল্প বিপ্লৱে এই পক্রিয়া অধিক ত্বৰান্বিত কৰিছিল। এফালেদি ইংলেণ্ডলৈ প্ৰচুৰ পৰিমানে কেঁচামাল সৰবৰাহ কৰিছিল আৰু আনফালে ইংলেণ্ডৰ শিল্পজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ নিয়ন্ত্ৰণ কৰি বৃটিছে সাধাৰণ জনগণৰ জীৱনলৈ ভয়াবহ অন্ধকাৰ নমাই আনিছিল। ইয়াৰ পৰিণাম স্বৰূপে ঊনবিংশ শতিকাত ভাৰতবৰ্ষত কেইবাটাও দুর্ভিক্ষৰ সৃষ্টি হৈছিল। কিন্তু কৃষি খণ্ডৰ উন্নয়নৰ বাবে ইংৰাজ চৰকাৰে কোনো ব্যবস্থা গ্রহণ কৰা নাছিল। আনহাতে ভূমি ৰাজহৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল। তাৰ মাজতে কৃষকসকল মধ্যস্বত্বভোগী আৰু মহাজনৰো বঞ্চনাৰ বলি হৈছিল। মুঠতে জন্মৰপৰা মৃত্যুলৈকে ভাৰতীয় কৃষকক ঋণৰ বোজাই লগ নেৰাটো এটা চিৰাচৰিত ঘটনাত পৰিণত হৈছিল।


৬। লৰ্ড ডেলহাউচিৰ নীতি সমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা।

উত্তৰ = লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতি প্রয়োগ কৰি ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। লর্ড ডেলহাউচিৰ শাসন কালত দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল। অৰাজকতাৰ কথা কৈ অন্যায়ভাৱে অযোধ্যা দখল, মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ পৰিকল্পনা, সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎখাত কৰাৰ ঘোষণা আদিয়ে চিপাহী বিদ্ৰোহৰ ইন্ধন হিচাপে কাম কৰিছিল।


৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্রোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দর্শোৱা।

উত্তৰ = এচাম আধুনিক ইতিহাসবিদৰ মতে চিপাহী বিদ্রোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কোনো মতেই কব নিবিচাৰে । কাৰন স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল। সেই বাবেই দক্ষিণ ভাৰতৰ লোক সকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল। তাৰোপৰি গোর্খা, শিখ, জমিদাৰ শ্ৰেনী আৰু বুদ্ধিজীরি সকলে এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।


Class 8 Social Science All Question Answer- Click Here


Class 8 Social Science Chapter 9 ১৮৫৭ চনৰ বিদ্ৰোহ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment