Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘আহোম সকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘আহোম সকল
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘আহোম সকল‘ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
আহোম সকল
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
অনুশীলনী
১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?
উত্তৰ: আহোম সকল আদিতে টাই জাতিৰ লোক আছিল।
২। আহোম সকলৰ আদি বাসস্থান কত আছিল?
উত্তৰ আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত, বৰ্তমানৰ ইউনান প্রদেশৰ মুংমাও ৰাজ্যত।
৩।আহোম সকলে কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰ: আহোম সকলে প্রায় ছশ বছৰ অসমত শাসন কৰিছিল।
৪। আহোম সকলৰ আদিভাষা কি আছিল?
উত্তৰ: আহোম সকলৰ আদিভাষা আছিল টাই বা শ্যান।
৫। আহোম সকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উত্তৰ: আহোম সকলৰ কেইটিমান উৎসৱৰ নাম হৈছে- মে-ডাম মে-ফী, ওমফা, চাইফা ইত্যাদি।
৬। চমুটোকা লিখা
(ক) লাচিত বৰফুকন – লাচিত বৰফুকন অসমৰ এজন মহান দেশপ্রেমিক বীৰ হিচাপে খ্যাত। তেখেতৰ জন্ম হৈছিল ১৬১২ খ্রীষ্টাব্দত, গড়গাঁৱৰ ওচৰত। দেউতাক আছিল মোমাই তামুলী বৰবৰুৱা। সৰুৰে পৰা দেউতাকৰ ৰাজকার্যাৱলী নিৰীক্ষণ কৰা লাচিতে নিজৰ দক্ষতাৰ বলত আহোমৰ বৰফুকন পদত নিযুক্ত হৈছিল।
১৬৬৭ চনৰ ২০ আগষ্টত আৰম্ভ হোৱা আহোম মোগলৰ যুদ্ধত লাচিতৰ নেতৃত্বত অসমে বিজয় সাব্যস্ত কৰিছিল। পুনৰ ১৬৭১ চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সু-চিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলা মূলক আয়োজন, ৰণসজ্জাৰ কৌশল আদিৰ বাবে মোগলক পৰাজিত কৰিব পাৰিছিল। তেওঁ নৰিয়া গাৰেই দেখুওৱা সাহস আৰু বীৰত্বৰ বাবে অসমীয়া সেনাই দুগুণ উৎসাহেৰে যুঁজ দিছিল। যুদ্ধৰ কামত অবহেলা কৰাৰ কাৰণে নিজৰ মোমায়েকৰ ডিঙি কাটি লাচিতে কৈছিল – “দেশতকৈ মোমাই ডাঙৰ নহয়।” দেশপ্রেমৰ চূড়ান্ত নিদর্শন দাঙি ধৰা এই কাৰ্য যুগ-যুগান্তৰলৈ আদর্শ হৈ ৰ’ব।
শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতে লাচিত বৰফুকনৰ মৃত্যু হয়। এই গৰাকী মহান দেশপ্রেমিক বীৰ তুলনাবিহীন আৰু অসমীয়া জাতিৰ আদৰ্শ আৰু গৌৰৱ।
খ) সতী জয়মতী: সতী জয়মতী আছিল আহোমৰ তুংখুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ পত্নী। সেই সময়ৰ মন্ত্রী লালুকসোলাই কু-অভিসন্ধি কৰি কেইবাজনো উপযুক্ত ৰাজকোঁৱৰ থকা স্বত্বেও চু-লিক্-ফা বা ল’ৰাৰজাক ৰজা পাতিছিল। উপযুক্ত কোঁৱৰ কেইজনে সেই কথাত বিদ্রোহ কৰিব বুলি অনুমান কৰি মন্ত্ৰীৰ পৰামৰ্শ মতে ল’ৰা ৰজাই কোঁৱৰ সকলৰ অংগক্ষত কাৰ্য আৰম্ভ কৰিলে। সেই কোঁৱৰ সকলৰ ভিতৰত গদাপাণিও আছিল অন্যতম। অংগক্ষতৰ পৰা সাৰিবৰ বাবে জয়মতীৰ অনুৰোধ ক্রমে গদাপাণি নগা পাহাৰলৈ পলাই গ’ল।
গদাপাণিৰ সন্ধান উলিয়াবৰ বাবে ৰজাই জয়মতীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে। কিন্তু জয়মতীয়ে কোনোপধ্যেই গদাপাণিৰ সন্ধান নিদিলে। শেষত লালুকসোলাৰ আদেশমৰ্মে চাউদাং হঁতে জয়মতীক জেৰেঙা পথাৰলৈ নি অবর্ণনীয় শাস্তি দিবলৈ ধৰিলে। জয়মতীয়ে নীৰবে সকলো শাস্তি ভোগ কৰি গ’ল, কিন্তু গদাপাণিৰ বাৰ্ত্তা নিদিলে। এই চৈধ্যদিন শাস্তি ভুগি ১৬৭৯ চনৰ ১৩ চ’তৰ দিনা জয়মতীয়ে নশ্বৰদেহ ত্যাগ কৰে। জয়মতীৰ এনে মনোবলৰ মাহাত্ম্য, স্বামী আৰু দেশৰ বাবে কৰা ত্যাগ, অসমীয়া নাৰীৰ বাবে পবিত্র চানেকি।
গ) টেঙাই মহন: টেঙাই মহন আছিল অসমৰ প্ৰথমজন অভিধান প্রণেতা। তেখেতৰ জন্ম হৈছিল ১৭১৫ চনত, চৰাইদেউত।
আহোম ৰাজত্বৰ শেষৰফালে আহোম বা টাই ভাষা প্রায় লুপ্ত হ’বলৈ ধৰিছিল। টেঙাই মহনে চিন্তা কৰিছিল যে ভাষাটো লুপ্ত হৈ গ’লে সেই ভাষাত লিখা অনেক সাহিত্য, বুৰঞ্জী, ধর্ম, নৈতিকতা, জ্যোতিষ, দর্শন আদি বিষয় ভবিষ্যৎ প্রজন্মই শিকিব নোৱাৰিব। সেয়ে তেওঁ আহোম অভিধান প্রণয়ণৰ কাম হাতত লয়। কিয়নো শব্দবোৰ ধৰি ৰাখিলেহে ভাষাটো জীয়াই থাকিব। ১৭৭৫ চনত তেওঁ ‘বৰ কাকত হু মুং পুথি’ নামৰ টাই ভাষাৰ অভিধানখন প্রস্তুত কৰি উলিয়ায়। সাঁচিপাতত লিখা এই পুথিখনত ৪২ খিলা পাত আছিল। ‘বৰ কাকত হু মুং অৰ উপৰিও টেঙাই মহনে ভালেকেইখন পুথি ৰচনা কৰিছিল।
ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন: ডম্বৰুধৰ দেওধাই ফুকন আছিল টাই ভাষা-সংস্কৃতিৰ সাধক। তেখেতৰ জন্ম হৈছিল ১৯১২ চনত, চৰাইদেউ মহকুমাত। এম.ভি. স্কুললৈকে পঢ়ি স্কুলীয়া শিক্ষা বাদ দি ঘৰতে টাই ভাষা-সংস্কৃতি অধ্যয়ন কৰিবলৈ লয়। খুব কম সময়তে এই ভাষাত বুৎপত্তি লাভ কৰি পণ্ডিত হিচাপে খ্যাতি লাভ কৰে। ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ তত্ত্বাৱধানত তেখেতে টাই আহোম বুৰঞ্জী অনুবাদ কৰে। বিভিন্ন আলোচনা চক্রত অংশ গ্রহণৰ বাবে তেখেত কেইবাবাৰো অসমৰ বাহিৰলৈ যায়।তেখেতে প্রতিষ্ঠা কৰা অনুষ্ঠান সমূহ হৈছে ১৯৭৫ চনত, সদৌ অসম বৌদ্ধ ফ্রালুং সংঘ; ১৯৮১ চনত পূর্বাঞ্চল টাই সাহিত্য সভা ইত্যাদি। ১৯৮৪ চনত বেংককত অনুষ্ঠিত দ্বিতীয় আন্তর্জাতিক টাই শিক্ষা সন্মিলনলৈ তেখেত আমন্ত্ৰিত হয় । থাইলেণ্ডৰ চিয়াংমাই মহানগৰত এমাহ কাল থাকি তেখেতে টাই ভাষা – সংস্কৃতিৰ সাধনা কৰে।
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা-সংস্কৃতি বিকাশৰ হকে ঢপলিয়াই থকা ডম্বৰু দেওধাই ফুকনদেৱৰ ১৯৯৩ চনৰ ১৫ ফেব্রুৱাৰিত মৃত্যু হয়
ঙ) কৃষ্ণকান্ত সন্দিকৈ: কৃষ্ণকান্ত সন্দিকৈ আছিল অসমৰ এজন বিদগ্ধ পণ্ডিত। তেখেতৰ জন্ম হৈছিল ১৮৯৮ চনত যোৰহাটত। সৰুৰে পৰা অতি মেধাবি সন্দিকৈদেৱে সকলো পৰীক্ষাতে পাণ্ডিত্যৰ পৰিচয় দিছিল। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ প্রথম হৈ এম. এ. পাছ কৰাৰ উপৰিও ১৯২৩ চনত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত এম.এ উপাধি লাভ কৰে। তাৰোপৰি পেৰিচ আৰু বার্লিন বিশ্ববিদ্যালয়ত গ্রীক, লাতিন, ইটালিয়ান আদি ভাষা আয়ত্ব কৰে। সন্দিকৈ দেৱ ১৯৩০ চনত জে.বি কলেজৰ অধ্যক্ষ আৰু ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্ত হৈছিল।
সন্দিকৈ দেৱে ‘নৈষধ চৰিত’ ‘যশস্তিলক এন্ড ইন্ডিয়ান কালচাৰ’ ‘সেতুবন্ধন’ আদি গ্রন্থ ৰচনা কৰাৰ উপৰিও বিভিন্ন প্রবন্ধ-পাতি লিখিছিল।
তেখেতে ভালেকেইখন অধিবেশনৰ সভাপতিত্ব কৰিছিল। তাৰ ভিতৰত ১৯৫১ চনত বহা অখিল ভাৰতীয় প্রাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিবেশন, ১৯৫৩ চনত ৱালটেয়াৰত বহা আন্তঃবিশ্ববিদ্যালয় সমিতি, ১৯২৯ চনৰ অসম ছাত্র সন্মিলন আদি উল্লেখযোগ্য। ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰো তেখেত সভাপতি আছিল।
এইজনা মহান পণ্ডিতক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্রী আৰু ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। গুৱাহাটী আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানিত ডি.লিট উপাধি প্রদান কৰিছিল।
চ) পদ্মনাথ গোহাঞি বৰুৱা:
প্রথম অসমীয়া উপন্যাস ‘ভানুমতী’ৰ স্রষ্টা পদ্মনাথ গোহাঞি বৰুৱা অসমৰ এজন স্বনামধন্য সাহিত্যিক। তেখেতৰ জন্ম হৈছিল ১৮৭১ চনৰ ২৪ অক্টোবৰত, লক্ষীমপুৰত। শিক্ষা জীৱন সমাপ্ত কৰি কহিমা, যোৰহাট, তেজপুৰ আদি বিভিন্ন ঠাইত্য শিক্ষকতা কৰে আৰু সমান্তৰালভাবে সাহিত্য চর্চা কৰি যায়। সাহিত্যৰ বিভিন্ন দিশলৈ আগবঢ়োৱা তেখেতৰ অৱদান সমূহ এনেধৰণৰ
১। কবিতা পুথি- জুৰণি, লীলা আৰু ফুলৰ চানেকী।
২। বুৰঞ্জীমূলক নাটক – জয়মতী, গদাধৰ, সাধনা, লাচিত বৰফুকন, আৰু বাণৰজা।
৩। প্রহসন নাটক – গাওঁবুঢ়া, টেটোন তামুলী, আৰু ভুত নে ভ্রম।
৪। উপন্যাস- ভানুমতী আৰু লাহৰী।
৫) আত্মজীৱনী – মোৰ সোঁৱৰণী।
৬) সংগ্রহ সাহিত্য – সংগ্ৰহ আৰু জীৱনী সংগ্রহ।
৭। ধর্মমূলক গ্রন্থ – শ্রী কৃষ্ণ আৰু গীতাসাৰ।
এইবোৰৰ উপৰিও তেওঁ ভুগোল দর্পন, নীতি শিক্ষা, শিক্ষা বিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেখেতে সম্পাদনা কৰা আলোচনী সমূহ হ’ল বিজুলী, আসাম বন্তি আৰু ঊষা।
১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্রথম খন অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। এইজনা মহান সাহিত্যিকৰ ১৯৪৬ চনৰ ৭ এপ্রিল তাৰিখে পৰলোক প্রাপ্তি ঘটে।
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘আহোম সকল’ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam