Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাছাৰৰ জনগোষ্ঠীসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
- 🔢 Chapter Title: কাছাৰৰ জনগোষ্ঠীসকল
- 📕 Book: বৈচিত্ৰময় অসম (দ্ৰুতপাঠ)
- 🎓 Class: 9
- 📚 Subject: Assamese
- 🏫 Board: SEBA (Assam Board)
- 🌐 Medium: Assamese Medium
🔍 Chapter Overview (পাঠ পৰিচয়)
এই পাঠত কাছাৰ অঞ্চলৰ বিভিন্ন জনজাতি তথা জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি, জীৱন-পদ্ধতি, পৰম্পৰা আদি বিষয়ে আলোচনা কৰা হৈছে। এই অঞ্চলৰ সামাজিক বৈচিত্ৰ্য, ভাষা আৰু ধৰ্মীয় সহাবস্থাৰ বিৱৰণৰ জৰিয়তে শিক্ষাৰ্থীয়ে অসম তথা ভাৰতৰ সমাজবিজ্ঞানী দৃষ্টিকোণৰে আচল জীৱনৰ সৈতে পৰিচিত হ’ব পাৰে।
কাছাৰৰ জনগোষ্ঠীসকল
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাছাৰৰ জনগোষ্ঠীসকল‘ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
‘কাছাৰৰ জনগোষ্ঠীসকল’
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
১। নৃতত্ত্ববিদ সকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে?
উত্তৰ: নৃতত্ত্ববিদ সকলে বৰাক উপত্যকাক Anthropological garden অর্থাৎ ‘নৃতত্ত্বৰ বাগিছা’বুলি অভিহিত কৰিছে।
২। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি?
উত্তৰ: বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ হৈছে- বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰী বিষ্ণুপ্রিয়া,ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বর্মন (ডিমাছা) ৰংমাই নাগা, মাৰ, কাৰবি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, মিজো, সিমতে, চাকমা, চিৰু, চৰৈ, আৰু নেপালি।
৩। বৰাক উপত্যকাৰ মানুহৰ প্রধান জীৱিকা কি?
উত্তৰ: বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীবিকা নির্বাহ কৰে – খেতি-বাতি, ব্যৱসায় আৰু চাকৰি।
8। “The background of Assamese Culture’- গ্রন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: The background of Assamese Culture – গ্রন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল।
৫। হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল?
উত্তৰ: হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল- সুনীল মোহন।
৬। চমুটোকা
ক) ৰাজমোহন নাথ: ৰাজমোহন নাথ আছিল এজন অভিযন্তা। কিন্তু তেওঁৰ বেছি আগ্রহ আছিল বুৰঞ্জীৰ গৱেষণা কৰা। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব গৱেষণাৰ ক্ষেত্ৰত ৰাজমোহন নাথৰ অৱদান যথেষ্ট। ১৯৪৮ চনত প্রকাশিত তেখেতৰ “The Background of Assamese culture” গ্রন্থখন এই ক্ষেএত এখন উল্লেখযোগ্য গ্রন্থ। তেখেতে শ্রীমন্ত শঙ্কৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষয়েও চর্চা কৰিছিল। ১৯৫৮ চনত, তিনিচুকীয়া চহৰত অনুষ্ঠিত ‘অসম সাহিত্য সভাৰ এয়োদশ অধিবেশনত তেখেত বুৰঞ্জী শাখাৰ সভাপতি আছিল।
খ) কামালুদ্দীন আহমদ: কামালুদ্দিন আহমদ আছিল এজন প্রসিদ্ধ বুৰঞ্জীবিদ। তেখেত কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক আছিল। পৰৱৰ্তী সময়ত অধ্যক্ষ হৈছিল। আহমদ ডাঙৰীয়াই সাহিত্য চর্চাও কৰিছিল। তেখেতে ‘দিগ্বলয় নামৰ এখন সাহিত্য পত্ৰৰ সম্পাদনা কৰিছিল। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেখেতৰ গ্রন্থ খনৰ নাম ‘The Art and Architecture of Assam ।‘ শতাধিক গবেষণা-নিবন্ধৰ লগতে তেখেতে উপন্যাস আদি সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।
গ) নন্দলাল বৰ্মণ: ৰাজমন্ত্রী বংশৰ নন্দলাল বর্মণ আছিল সমাজসেৱক। এজন প্রতিপত্তিশালী ব্যৱসায়ী হিচাপে তেখেতে সমাজত যথেষ্ট মান পাইছিল। বর্মণ সমাজৰ মানুহে তেখেতক সন্মানসূচক ‘মিলাউ’ আৰু আন সমাজৰ মানুহে ‘মহাজন’ বুলি সম্বোধন কৰিছিল। তেখেত আছিল এজন শিক্ষানুৰাগী। গঞা ল’ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে ১৯০১ চনত তেখেতে এখন স্কুল প্রতিষ্ঠা কৰিছিল।
ঘ) নলিনীন্দ্র কুমাৰ বৰ্মণ: নলিনীন্দ্র কুমাৰ বৰ্মণ আছিল এজন শিক্ষক। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেখেতে ব্যাপক অধ্যয়ন কৰিছিল আৰু এই বিষয়ত The Queen of Cachar or Herambo and the History of the Cacharis’ নামৰ এখন গ্রন্থ ৰচনা কৰিছিল। ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হল কীর্তন। নলিনীন্দ্র কুমাৰ বৰ্মণে শৰাধৰ কীৰ্ত্তন পদাবলীৰ এখন সংকলন প্রকাশ কৰিছিল। উক্ত গ্রন্থখনৰ নাম ‘হৈড়িম্বৰাজ গোবিন্দচন্দ্ৰকৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীৰ্তন গীতিকা।
ঙ) ইৰুংবম চন্দ্র সিংহ: ইৰুংবম চন্দ্র সিংহ মণিপুৰি সমাজৰ প্রথম অর্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল। গঞা লৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেখেতে বহুতো প্রচেষ্ঠা আগবঢ়াইছিল। দৰিদ্ৰ ল’ৰা-ছোৱালীক সহায় কৰিবৰ কাৰণে তেখেতে এখন স্কুল প্রতিষ্ঠা কৰিছিল। স্কুলখনৰ বৰ্তমান নাম ‘খেলম হাইস্কুল।‘
চ) বিপিন সিংহ: বিপিন সিংহ মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ এজন নৃত্য বিশাৰদ আছিল। নৃত্যকলা চর্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে বিপিন সিংহক ১৯৬৬ চনত ‘সংগীত নাটক অকাডেমী বঁটা প্রদান কৰা হৈছিল। পৰৱৰ্তী কালত তেখেতে মধ্যপ্রদেশ চৰকাৰৰ পৰা ‘কালিদাস ‘সন্মান লাভ কৰিছিল। তেখেতে কলিকতাত ‘মণিপুৰী নর্তনালয়’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান স্থাপন কৰিছিল ।
✍️ Summary (সাৰাংশ)
কাছাৰ অসমৰ এটা অন্যতম বহুজাতিক অঞ্চল, য’ত বিভিন্ন জনগোষ্ঠীযে যুগ যুগ ধৰি পৰস্পৰৰ সৈতে শান্তিপূৰ্ণ সহাবস্থান কৰি আহিছে। ডিমাছা, হালাম, কুকী, মণিপুৰী, ভঙালী আদি বিভিন্ন জনজাতি এই অঞ্চলত বাস কৰে। তেওঁলোকৰ ভাষা, উৎসৱ, খাদ্যাভ্যাস, পোছাক-পিন্ধন আৰু ধৰ্মীয় বিশ্বাসে কাছাৰ অঞ্চলক এটা সাংস্কৃতিকভাৱে সমৃদ্ধ ভূমি হিচাপে পৰিচিত কৰি তোলে। এই পাঠটোৱে অসমীয়া সমাজত সম্প্ৰীতি আৰু ঐক্যৰ বোধ সৃষ্টিত সহায় কৰে।
📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কাছাৰৰ জনগোষ্ঠীসকল’ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
অসমীয়া ৰচনা – Click Here