Class 9 Assamese Chapter 1 শিশুলীলা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
শিশুলীলা
Class 9 Assamese Chapter 1 শিশুলীলা | Complete Question Answer in Assamese Medium
শিশুলীলা
নৱম শ্ৰেণী
অসমীয়া
১।অতি চমু প্ৰশ্নৰ উত্তৰ লিখা:
ক)’কৃষ্ণগীত গাৱন্ত সুন্দৰী’ ।।
-কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰ: কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী যশোদা।
খ) ‘কর্ণত কুণ্ডল দোলে আতি।’
-কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰ: যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে।
গ) ‘কাম্পে কোপে অৰুণ অধৰ।‘
– ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰ: ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে।
ঘ) ‘মথনিত ধৰিয়া নিষেধি। –
-‘মথনি’ শব্দৰ অৰ্থ কি?
উত্তৰ: ‘মথনি’ হৈছে গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।
ঙ) নোজোড়ে আঙ্গুল দুই জৰী।’
-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উত্তৰ: ইয়াত যশোদাই কৃষ্ণক বান্ধিবলৈ লোৱা জৰীৰ নাটনি হৈছে।
চ) ‘ৰুণ ঝণ কেয়ুৰ কঙ্কণ।
– কাৰ কেয়ুৰ কঙ্কণৰ ৰুণ ঝুণ শব্দৰ কথা কোৱা হৈছে?
উত্তৰঃ ইয়াত যশোদাৰ কেয়ুৰ কঙ্কণৰ ৰুণ ঝুণ শব্দৰ কথা কোৱা হৈছে।
২।’শিশুলীলা’ পাঠটিত ফুটি উঠা শ্রীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰ: শ্রীকৃষ্ণ আছিল বিশ্ব-ব্রহ্মাণ্ডৰ সৃষ্টিকর্তা স্বয়ং ভগৱানৰ মানৱ অৱতাৰ। শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলি ভাবি মৰম কৰাৰ লগতে শাসনো কৰিছিল। কৃষ্ণই নিজৰ ঐশ্বৰিক মহিমা নেদেখুৱাই এটি সাধাৰণ মানৱ শিশুৰ দৰে আচৰণ কৰিছিল। তেওঁ অন্য শিশুৰ দৰে মাকৰ ওপৰত মান-অভিমান, খং, দুষ্টালি সকলো কৰিছিল। স্তন পিবলৈ নাপাই মাকৰ ওপৰত অভিমান কৰি দধিভাণ্ড ভাঙি পেলাইছিল, মাকৰ শাস্তিৰ ভয়ত দৌৰি পলাইছিল; এনেবোৰ কাৰ্যই তেওঁক চিৰশিশুৰ পৰিচয় দিছিল। এনেদৰে শিশুলীলা পদ্যটিত পৰম মহিমাময়ী ভগৱানৰ সাধাৰণ মানৱীয় ৰূপ প্রকাশ পাইছে।
৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীর্তন-ঘোষাৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: ‘কীর্তন’ মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰ বিজয় স্তম্ভ। এই পুথি গুৰুজনাৰ কাব্য প্রতিভাৰ শ্ৰেষ্ঠ নিদর্শন। ‘কীর্তন ‘পুথিখন ২৭ টা স্বয়ংপূর্ণ খণ্ডৰ সমষ্টি। কীর্তনত হর্ষ-বিষাদ, প্রেম-বিৰহ আদি নৱ ৰসৰ সন্নিবিষ্ট হৈছে। শাস্ত্ৰৰ সাগৰ মথি, শ্ৰৱণ-কীর্তন-ভক্তিৰে এজন পৰমেশ্বৰক ধ্যান কৰি, ৰসময়ী ভক্তিৰ সাগৰত অমৃত পান কৰিবলৈ গুৰুজনাই কীর্তনত আমাক উপদেশ দিছে। নাম প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদত অতি সাব্লীল ভাষাত কীর্তন পুথিখন ৰচনা কৰা হৈছে। কীর্তন পুথি প্রতিজন অসমীয়াৰে অতি আপোন, চিৰ পৰিচিত এক আপুৰুগীয়া সম্পদ।
৪। ‘শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰ: গুৰুজনাৰ ‘কীর্তন ‘পুথিৰ অন্তৰ্গত ‘শিশুলীলা’ পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্রবাহিত হৈছে। অনেক সাধনাৰ বলত যশোদাই জগতৰ স্রষ্টা কৃষ্ণক পুত্র ৰূপে লাভ কৰিছে। পৰম ব্রহ্ম পৰমেশ্বৰ হৈও কৃষ্ণই যশোদাৰ ওচৰত পুত্রৰূপে ধৰা দিছে। মাক যশোদাৰ ওপৰত কৰা খং, অভিমান, দুষ্টালি এইবোৰ যেন আমাৰ চিনাকী এক শিশুৰহে দুষ্টালি। লৱণু চুৰ কৰা, দধি-ভাণ্ড ভঙা এনেবোৰ কাৰ্যৰ মাজেদি চিৰ শিশুৰ এক মোহনীয় ৰূপ ফুটি উঠিছে। কিন্তু, কৃষ্ণৰ এনেবোৰ মানবীয় লীলাৰ আঁৰত ভগৱানৰ পৰম পুৰুষ স্বৰূপৰ ইংগিত পোৱা গৈছে। কৃষ্ণক বান্ধিবলৈ যশোদাৰ দুইআঙুল জৰীৰ নাটনি হোৱাটোৱে তাৰে ইংগিত দিছে। কৃষ্ণৰ বাল্যলীলাৰ আঁৰত লুকাই থকা জগত সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তিয়েই পাঠাটিৰ মূল তাৎপৰ্য।
৫। “তাহাংক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে।‘
-কথাষাৰৰ অন্তর্নিহিতা তাৎপর্য লিখা।
উত্তৰ: তনয় মানে পুত্র। যশোদাই অনেক সাধনা আৰু ভক্তিৰ বলত কৃষ্ণক পুত্র ৰূপে লাভ কৰিছিল। আনহাতে কৃষ্ণ হ’ল পৰম ব্ৰহ্ম পৰমেশ্বৰ, জগতৰ স্রষ্টা ভগৱানৰ মানৱ অৱতাৰ। কৃষ্ণই নিজৰ ঐশ্বৰিক মহিমা নেদেখুৱাই মাক যশোদাৰ ওচৰত এটি সাধাৰণ মানৱ শিশুৰ দৰে অনেক দুষ্টালি কৰিছিল।এদিন কৃষ্ণই মাক যশোদাৰ ওপৰত খং কৰি দধি-ভাণ্ড ভাঙি পেলাইছিল। সেইবাবে যশোদাই কৃষ্ণক মাৰিবলৈ খেদি ফুৰিছিল আৰু উড়ালত বান্ধি থ’ব-খুজিছিল। বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা স্বয়ং ভগৱানক নিজ পুত্র বুলি ভাবি উড়ালত বান্ধি থ’ব বিচৰাটোৱে হৈছে পদ ফাঁকিৰ তাৎপর্য।
৬। ‘নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্মা জগত ঈশ্বৰ।”
– ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্রকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰ ভগৱান নিৰাকাৰ, নিৰঞ্জন। তেওঁৰ আদিও নাই অন্তও নাই। এইজনা অনাদি অনন্ত, জগতৰ সৃষ্টিকর্তা ভগৱানে কৃষ্ণ ৰূপে মানৱ অৱতাৰ ধৰিছিল। শিশু অৱস্থাত তেওঁ যশোদাৰ দ্বাৰা লালিত-পালিত হৈছিল। যশোদাই কৃষ্ণক নিজ পুত্র বুলি ভাবিছিল আৰু প্রয়োজন অনুসৰি শাসনো কৰিছিল। এদিন কৃষ্ণই দধি ভাণ্ড ভাঙি লৱণু নষ্ট কৰা বাবে যশোদাই মাৰিবলৈ খেদি ফুৰিছিল আৰু শেষত উড়ালত বান্ধি থবলৈ লৈছিল। কিন্তু যশোদাই কৃষ্ণক বান্ধিব নোৱাৰিলে। তেওঁ বাৰে বাৰে চেষ্টা কৰে যদিও দুইআঙুল জৰীৰ নাটনি হয়। এই খিনিতে কৃষ্ণৰ ঐশ্বৰিক গুণ প্রকাশ পাইছে।
৭/ ব্যাখ্যা কৰা:
ক) “যাক যোপী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উত্তৰ: উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রীশ্রী শংকৰদেৱে লিখা ‘শিশুলীলা’ নামৰ ঘোষাটিৰ পৰা তুলি অনা হৈছে।
শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমাৰ বিষয়ে প্ৰকাশ কৰিবলৈ বৈষ্ণৱ কবি গৰাকীয়ে উক্ত পদ ফাঁকি অৱতাৰণা কৰিছে।
ভগৱান নিৰাকাৰ। তেওঁ সর্বলোকতে বিৰাজ মান। অথচ এইজনা মহিমাময়ী ভগৱানক কোনেও দেখা নাপায়; আনকি যোগী সকলেও বছৰ বছৰ ধ্যান বা তপস্যা কৰিও ভগৱানৰ দর্শন লাভ কৰিব নোৱাৰিছিল। কিন্তু, জগতৰ সৃষ্টি কর্তা এইজন ভগবানে কৃষ্ণ ৰূপে মানৱ অৱতাৰ লৈ শিশু অৱস্থাত যশোদাৰ দ্বাৰা লালিত পালিত হৈছিল। যশোদাই নিজ পুত্র বুলি ভাবি ‘কৃষ্ণক’ শাসন কৰিছিল। এদিন কৃষ্ণই দধি ভাণ্ড ভাঙি লবণু নষ্ট কৰা বাবে যশোদাই মাৰিবলৈ খেদি ফুৰিছিল। কৃষ্ণই এটি সাধাৰণ শিশুৰ দৰে আচৰণ কৰি মাকৰ ভয়ত পলাইছিল। বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা স্বয়ং ভগৱান এজনী সাধাৰণ গোৱালীৰ ভয়ত পলাই ফুৰাটো অতি আশ্চর্যকৰ।
খ) ভাণ্ড ভাঙি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ” মাথা “”
উত্তৰঃ উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী শংকৰদেৱে লিখা ‘শিশুলীলা’ নামৰ ঘোষাটিৰ পৰা’ তুলি অনা হৈছে।
জগতৰ সৃষ্টিকৰ্তা , পৰমব্রহ্মা হৈও সাধৰণ মানৱ শিশুৱে কৰাৰ দৰে তেওঁৰ দুষ্টালিৰ বোৰত মাতৃ যশোদাই ভয় দেখুৱাৰ প্ৰসংগত উক্ত পদ ফাঁকি অৱতাৰণা কৰিছে।
এদিন কৃষ্ণই স্তন পি থকা অৱস্থাত যশোদাই উতলি থকা দুগ্ধ নমাবলৈ কৃষ্ণক এৰি থৈ যায়। স্তন পিবলৈ নাপাই কৃষ্ণৰ খং উঠিল আৰু খঙত দধি ভাণ্ড ভাঙি পেলায়। কৃষ্ণৰ এনে কার্যত যশোদাৰ খং উঠিল আৰু কৃষ্ণক মাৰিবলৈ খেদি যায়। কৃষ্ণক খেদি খেদি যশোদা ভাগৰি পৰে। শেষত কৃষ্ণই নিজে ধৰা দি সভয় দৃষ্টিৰে মাকলৈ চাই ৰয়। তেতিয়া যশোদাই কৃষ্ণক ভয় খুৱাই কৈছিল যে দধি ভাণ্ড ভাঙিলি, আজি ঘৰলৈ গ’লে তোৰ মূৰ খাম।
গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত “
উত্তৰঃ উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী শংকৰদেৱে লিখা ‘শিশুলীলা’ নামৰ ঘোষাটিৰ পৰা’ তুলি অনা হৈছে।
লৱণু চোৰ কৃষ্ণক মাকে ধৰা পেলোৱাত ভয়ত কম্পমান কৃষ্ণই পলায়ন কৰা কথা কবলৈ কবিয়ে উক্ত পদ ফাঁকি অৱতাৰণা কৰিছে।
বিশ্বব্রহ্মাণ্ডৰ অধিপতি ভগৱানে কৃষ্ণৰূপে মানৱ অৱতাৰ ধৰি শিশু অৱস্থাত অনেক লীলা আৰু দুষ্টালি কৰিছিল। এদিন মাক যশোদাৰ ওপৰত খং কৰি কৃষ্ণই দধি ভাণ্ড ভাঙি লৱণুবোৰ নষ্ট কৰি পেলাইছিল। ফলত যশোদাৰ খং উঠি কৃষ্ণক মাৰিবলৈ খেদি ফুৰিছিল। কৃষ্ণইও এটি সাধাৰণ মানৱ শিশুৰ দৰে আচৰণ কৰি মাকলৈ ভয় কৰি পলাইছিল। নিজৰ ঐশ্বৰিক মহিমা গুপুত ৰাখি মাকৰ শাস্তিৰ ভয়ত দৌৰি পলাইছিল আৰু যশোদাই পিচে পিচে খেদি ফুৰিছিল। এইখিনিতে কৃষ্ণৰ বাৎসল্য ৰসৰ উৎকৃষ্ট নিদর্শন পোৱা যায়।
৮) ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰী কৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ– শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ। মৰতত অৱতাৰ লৈ শ্ৰীকৃষ্ণই নানান লীলা সম্পাদন কৰিছিল। ‘শিশুলীলা’ নামৰ কবিতাটিত কবিয়ে শ্ৰীকৃষ্ণৰ শৈশৱৰ লীলা বৰ্ণনা কৰিছে। কিন্তু তেনে বর্ণনাত কবিয়ে শ্রীকৃষ্ণক ভগৱানৰ অৱতাৰ হিচাপে নহয়, মানৱ শিশু হিচাপেহে বৰ্ণনা কৰিছে। শংকৰদেৱৰ বৰ্ণনাত পৃথিৱীৰ আন শিশুৱে কৰা কামবোৰ শ্রীকৃষ্ণইয়ো কৰিছে। শিশু কৃষ্ণৰ মাকৰ গাখীৰ খাবলৈ মন যোৱাত দধি মথি থকা মাক যশোদাক কৃষ্ণই কাম কৰাত বাধা দিছে। পুত্ৰৰ মন বুজি পাই যশোদাই স্তন্যপান কৰাবলৈ লয় কিন্তু সেই সময়তে গাখীৰ উতলি পৰিবলৈ লোৱা দেখি কৃষ্ণক গাখীৰ আধা খোৱা অৱস্থাতে কোলাৰ পৰা নমাই যশোদা দৌৰি যায়। এই কথাত কৃষ্ণৰ খং উঠে আৰু খঙৰ ভমকত শিলেৰে দধিভাণ্ড ভাঙি পেলাইছিল। ঘূৰি আহি মাকে দধি পাত্র ভাঙি থকা দেখি গম পালে যে সেয়া পুত্ৰৰ কাম আৰু খঙত এচাৰি লৈ পুত্ৰক মাৰিবলৈ খেদি গ’ল। মাকক এচাৰি লৈ অহা দেখি কৃষ্ণই ভয়তে পলাবলৈ ধৰিলে। পুত্ৰৰ পাছে পাছে খেদি অৱশেষত যশোদা ভাগৰোৱা হৈ পৰিছে। ভাগৰুৱা মাকক দেখি দুখ লাগি কৃষ্ণই কন্দনামোৱা হৈ নিজেই মাকৰ হাতত ধৰা দিছিল। দধি ভাণ্ড ভঙাৰ বাবে মাকে তেওঁৰ মূৰ খাব বুলি ধমকি দি উড়লত বান্ধিবলৈ লোৱাত একেবাৰে সাধাৰণ শিশুৰ দৰে ভয়ত কোঁচমোচ খাইছে। মুঠতে ‘শিশুলীলা’ পাঠটিত বর্ণিত শ্রী কৃষ্ণৰ শৈশৱৰ কৰ্ম কাণ্ডসমূহ জগতৰ প্ৰত্যেকটি শিশুৱে কৰা কৰ্ম কাণ্ডতকৈ অকনো বেলেগ নহয়।
৯) “মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱণু ভূঞ্জন্ত।।”
কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেঁও কিয় লৱণুবোৰ চাৰিওফালে ছতিয়াই খাইছিল বুজাই লিখা।
উত্তৰ শ্ৰী কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
এদিন যশোদাই দধি মথি থকা অৱস্থাত কৃষ্ণই মাকক আহি আমনি কৰাত কৃষ্ণৰ মন বুজি উঠি তেঁও কোলাত লৈ স্তন পান কৰাইছিল। সেই সময়ত উতলি থকা গাখীৰ চাবলৈ যাব লগা হোৱাত কৃষ্ণক তাতে থৈ যশোদা উঠি গ’ল। তাৰেই ক্ৰোধত কৃষ্ণৰ ৰঙা ওঁঠ কপিল আৰু দাঁত কামুৰিব ধৰিলে আৰু দধি মথি থকা ভাণ্ড বোৰো শিলগুটি মাৰি ভাঙি পেলালে। কৃষ্ণই অতি খঙেৰে কোঠাত সোমাই মনে মনে লৱণু খিনি নিজে খাইছিল আৰু বান্দৰকো খুৱাইছিল লগতে লৱণু খিনি ছটিয়াই দিছিল ।
অৰ্থাৎ মাতৃ যশোদাৰ বাবে থকা ক্ৰোধ আৰু অভিমানৰ বাবে কৃষ্ণই এনে কৰিছিল।
১০) কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উত্তৰঃ- কৃষ্ণক ধৰিবলৈ গৈ যশোদা বাৰে বাৰে বিফল হৈছিল। বহু সময় ধৰি চেষ্টা কৰিও কৃষ্ণক ধৰিব পৰা নাছিল। আগে আগে দৌৰি যোৱা পুত্ৰ কৃষ্ণক খেদি যাওঁতে যশোদাৰ খোপা খুলি গৈছিল আৰু খোপাত গুঁজি থোৱা মালতী ফুল পৰি ৰৈছিল। দৌৰি দৌৰি কঁকাল বিষাই গৈছিল আৰু ভাগৰত অৱস্থা কাহিল হৈছিল যশোদা।
ভাষা বিষয়ক:
(১১) তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা।
কর্ণ : কান
অৰুণ : সূর্য, ৰবি
দধি : দৈ গাখীৰ
বস্ত্র : কাপোৰ, বসন
বদন : মূখ
লৱণু : মাখন
কোপ: ক্রোধ, খং
দশন : দাঁত, দন্ত
দুগ্ধ : গাখীৰ
ঈশ্বৰ : প্রভু, ভগৱান
(১২) তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।
তাহাঙ্ক : তেঁওৰ
নোজোৰে : নাটে
খসি : খহি
ৰহিল: ৰ’ল
আসি : আহি
ভৈলা : হ’ল
আসন্ত : আহি
শিলায়ে : শিলেৰে
কাম্পে : কঁপে
মাৱক: মাকক
বসি: বহি
প্রয়াসি: যত্ন কৰি
খেদন্ত: খেদিলে
১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধন্য ‘ণ’ আৰু মূৰ্দ্ধন্য ‘ষ’ হৈছে বুজাই লিখা: অৰুণ; কঙ্কণ; কর্ণ; শ্রোণী; ভাণ্ড; নিষেধি।
উত্তৰ
অৰুণ: একেটা পদতে থকা ঋ, ৰ , ষ পাছত দন্ত ন মূধৰ্ণ্য ণ হয়।
কঙ্কণ: স্বাভাৱিকতে মূধৰ্ণ্য ণ হৈছে।
কর্ণ : একেটা পদতে থকা ঋ, ৰ , ষ পাছত দন্ত ন মূধৰ্ণ্য ণ হয়।
শ্রোণী: একেটা পদতে থকা ঋ, ৰ , ষ পাছত দন্ত ন মূধৰ্ণ্য ণ হয়।
ভাণ্ড: ট বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে মূধৰ্ণ্য ণ হৈছে।
নিষেধি : ই কাৰন্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ দন্ত `সʼ মূধৰ্ণ্য `ষʼ হয়।
১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰঃ পিন্ধি, বান্ধি, কান্দতে, নমাই, ধৰিয়া, পিবে।
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese Chapter 1 শিশুলীলা Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam