Assam Board Exam

পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন | Class 9 Assamese Chapter 10

📌 Introduction

Welcome to AssamBoardExam.com – your trusted learning partner for Class 9 Assamese Chapter 10.

On this page, you’ll find important Question Answers for Chapter 10 – পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, based on the SCERT Assam (SEBA) syllabus. These answers are perfect for school exams and final board exam preparation.

Use them for revision, home learning, and better chapter understanding.


📚 Chapter Details

  • Subject: Assamese
  • Class: 9
  • Chapter Number: 10
  • Chapter Title: পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
  • Board: SEBA / SCERT Assam
  • Medium: Assamese
  • Content Type: Question Answer

📖 Chapter Summary

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঠটোৱে এটি গাঁও আৰু তাৰ উন্নয়ন যাত্ৰাৰ বিষয়ে বর্ণনা কৰে। পাঠখনত গাঁওখনৰ আগৰ অৱস্থা আৰু উন্নয়ন পৰৱৰ্তী চিত্রৰ তুলনামূলক দিশ দেখুৱোৱা হৈছে।

Class 9 Assamese Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন| Complete Question Answer in Assamese Medium


পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

নৱম শ্ৰেণী

অসমীয়া

১। ) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?

উত্তৰ: ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজছমন্দ জিলাৰ উদয়পুৰত।

) পিপলান্ত্ৰি গাওঁখন অৱস্থিত?

উত্তৰ: পিপলান্ত্ৰি গাওঁখন ৰাজস্থানৰ ৰাজছমন্দ  জিলাত অৱস্থিত।

) কিহৰ বাবে পিপলান্ত্ৰি গাঁওখনেগ্রীনিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল?

উত্তৰ: পিপলান্ত্ৰি গাওঁখনে মাৰ্বল পাথৰৰ বৃহৎ ভাণ্ডাৰ থকাৰ বাবে গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছত স্থান পাইছিল।

) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তভূক্ত হৈছে?

উত্তৰ: ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্রমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে।

) “Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?”

উত্তৰ: ‘Tree Sisters’ নামৰ চিনেমাখন আর্জেন্টিনাৰ এটা দলে নির্মাণ কৰিছিল।

) কিৰণ কোন আছিল?

উত্তৰ: কিৰণ আছিল শ্যাম সুন্দৰ পালিৱালৰ কন্যা।

) ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে?

উত্তৰ: ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে।

) ‘কিৰণ নিধি যোজনা আঁৰৰ মানুহজন কোন?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল।

) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে?

উত্তৰ: কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে মৃতকৰ স্মৃতিত ১১টা গছপুলি ৰোপণ কৰে।


/ পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল?

উত্তৰ: পিপলান্ত্ৰি গাঁওখনত মাৰ্বল পাথৰৰ বৃহৎ ভাণ্ডাৰ আছে। ফলত গাঁও খনত ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলে বৃহৎ বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ ফলত গাওঁখনৰ পৰিৱেশ দূষিত হয়।


/ শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাওঁখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰ: শ্যাম সুন্দৰ পালিৱাল আছিল পিপলান্ত্ৰি গাঁৱৰ মুখিয়াল। তেওঁৰ  যত্নতে গাওঁখনৰ মৃতপ্রায় ছবিখন সলনি হৈ পৃথিৱীৰ ভিতৰতে এখন আদর্শ গাওঁ হিচাপে পৰিগণিত হ’ল।

মাৰ্বলৰ বৃহৎ খনিয়ে গাওঁখনৰ সকলো শেষ কৰি দিছিল। ভূগর্ভৰ পানী ৮০০ ফুট তললৈ নামি গৈছিল। গাওঁখনৰ মানুহে বিশুদ্ধ পানী, বায়ু আৰু জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল। তেনে সময়তে, শ্যাম সুন্দৰ পালিৱালে নিজৰ মৃত কন্যাসন্তানৰ স্মৃতিত এটি গছ পুলি ৰোপণ কৰে আৰু ‘কিৰণ নিধি যোজনা’ নামেৰে এখন আঁচনি প্রস্তুত কৰে। সেই আঁচনি মতে গাওঁখনত জন্ম হোৱা প্রতিজনী কন্যাসন্তানৰ নামত ৰাইজে ১১১টা গছপুলি ৰোপণ কৰিব লাগিব। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক আৰু চাৰিটা দায়িত্ব অর্পণ কৰে। সেই কেইটা হৈছে-

১। কন্যাসন্তানক লৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা,

২। পানী সংৰক্ষণ কৰা,

 ৩। গছ-গছনি ৰুই প্রতিপালন কৰা, আৰু

৪। খেতি বাতি কৰি নিজৰ প্রয়োজন পূৰণ কৰা।

গাঁৱৰ ৰাইজে উক্ত দায়িত্ববোৰ পালন কৰিবলৈ আৰম্ভ কৰাৰ ফলত গাঁৱৰ চেহেৰা সলনি হ’বলৈ ধৰিলে আৰু পৃথিৱীৰ ভিতৰতে এখন আদর্শ গাওঁ হৈ পৰিল।


৪।কিৰণ নিধি যোজনাকি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?

উত্তৰ: ‘কিৰণ নিধি যোজনা’ হৈছে পিপলান্ত্ৰি গাঁও খনৰ উন্নয়নৰ কাৰণে কৰিবলগীয়া কিছুমান কামৰ আঁচনি। এই আঁচনি প্রস্তুত কৰিছিল শ্যাম সুন্দৰ পালিৱালে।

এই যোজনাৰ অধীনত গাঁওখনৰ মানুহে পালন কৰিবলগীয়া চাৰিটা বিশেষ দায়িত্ব হৈছে –

১/ কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা,

২/ পানী সংক্ষৰণ কৰা,

৩। গছ-গছনি ৰুই প্রতিপালন কৰা আৰু

৪/ খেতি বাতি কৰি নিজৰ প্রয়োজন পূৰণ কৰা।


/ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?

উত্তৰ: কন্যা সন্তান সুৰক্ষাৰ  বাবে শ্যাম সুন্দৰ পালিৱালে এক অভূতপূর্ব পদক্ষেপ গ্রহণ কৰিছিল। তেওঁৰ আহ্বানত গাঁৱত ছোৱালী সন্তান জন্ম হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ছোৱালী জন্ম হ’লে দুখ কৰাৰ সলনি আনন্দ-উল্লাস কৰা হয় আৰু সেই ছোৱালী জনীৰ নামত ১১১টা গছ পুলি ৰোপণ কৰা হয়। তাৰোপৰি তেওঁ কেইটামান নিয়ম কৰি দিছিল। নিয়ম কেইটা এনেধৰণৰ –

১/ গাঁৱৰ কোনো লোকে কন্যা ভ্রূণ হত্যা কৰিব নোৱাৰিব।

২/ ছোৱালীজনীক যেনেদৰে আলফুলে তুলি-তালি ডাঙৰ কৰা হ’ব, সেই একেই মৰম-চেনেহ আৰু যত্নৰে ১১১ টা গছ পুলিকো প্রতিপালন কৰিব লাগিব।

৩। কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

৪/ কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব।

৫। ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।

৬/ ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছ পুলিবোৰ গাঁৱৰ সম্পত্তি হ’ব।

এখন ষ্টাম পেপাৰত এই নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি গাঁৱৰ ৰাইজে প্রতিশ্রুতি দিবলগীয়া হয়।

এনেদৰে শ্যাম সুন্দৰ পালিৱালে কন্যাসন্তান সুৰক্ষাৰ বাবে এক সুন্দৰ আঁচনি লৈছিল।


/ পিপলান্ত্ৰি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।

উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ মানুহে বুজি পাইছিল প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে গছ-গছনি অপৰিহার্য। শ্যাম সুন্দৰ পালিৱালে গ্রহণ কৰা আঁচনি মতে গাঁৱত কন্যা সন্তান জন্ম হ’লে ১১১ টা গছপুলি আৰু কোনো লোকৰ মৃত্যু হ’লে ১১ টা গছ পুলি ৰোপণ কাৰ্য আৰম্ভ হ’ল। গছ পুলিবোৰ নিজৰ ল’ৰা-ছোৱালীক কৰাৰ দৰে প্রতিপাল কৰিবলৈ ধৰিলে। লাহে লাহে গাওঁখন সেউজীয়া হ’বলৈ আৰম্ভ কৰিলে। প্রতিটো গছ-পুলিক এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্রতিজন লোকে পালন কৰিবলৈ ধৰিলে। আনকি ৰাখি বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পর্ক অধিক গভীৰ হৈ পৰে।


/ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্রচাৰ কৰিছে?

উত্তৰ: পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী দেশ বিদেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে প্রচাৰ হৈছে।

প্রথমতে, ডেনমার্কৰ প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত এই গাওঁখনৰ সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তর্ভূক্ত কৰা হৈছে।

দ্বিতীয়তে, ৰাজস্থানৰ শিক্ষাবিভাগে সপ্তম আৰু অষ্টম শ্রেণীৰ পাঠ্যক্রমত এই গাওঁখনৰ বিষয়ে পাঠ অন্তর্ভূক্ত কৰিছে।

তৃতীয়তে, আর্জেন্টিনাৰ এটা দলে আহি এই গাওঁখনক লৈ “Tree Sisters” নামৰ এখন চিনেমা নির্মান কৰে।

তাৰোপৰি বহুলোকে এই গাঁওখনক লৈ শতাধিক তথ্যচিত্র কৰিছে।দেশৰ প্ৰায়বোৰ বাতৰি কাকত সংবাদ মাধ্যম আদিত গাওঁখনৰ বিষয়ে প্রচাৰ চলোৱা হৈছে। ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমতো গাওঁখনৰ বিষয়ে যথেষ্ট তথ্য প্রকাশ পাইছে।


৮/ পিপলান্ত্ৰি গাওঁখন কিয় এখন আদর্শ গাওঁ বুলি তুমি ভাৱা? পাঠটোৰ শিক্ষণীয় দিশ কোন বিলাক?

উত্তৰ: পিপলান্ত্ৰি গাওঁখন নিশ্চয় এখন আদর্শ গাওঁ। মাৰ্বল পাথৰৰ বৃহৎ খনিৰ বাবে গাওঁখনৰ প্রাকৃতিক পৰিৱেশ ধ্বংস হোৱাৰ লগতে মানুহ জীয়াই থাকিবৰ বাবে বিশুদ্ধ বতাহ, পানী, আনকি খাদ্যৰ নাটনি হৈ দুখলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু গাঁৱৰ মানুহে শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনক পুনজীৱন দিবৰ বাবে যিবোৰ পদক্ষেপ ল’লে, সেইয়া আদর্শনীয়। এখন মৃতপ্রায় গাঁৱক সকলো দিশে আগুৱাই নি পৃথিৱীৰ ভিতৰতে আকর্ষণীয় কৰি তুলি পিপলান্ত্ৰি গাঁৱৰ মানুহে যি আদর্শ দেখুৱালে, তেনে চানেকি পৃথিৱীৰ ভিতৰতে বিৰল। পাঠটোৰ শিক্ষণীয় দিশবোৰ হৈছে

ক) প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে গছ-গছনি ৰোপণ অপৰিহার্য,

খ) ল’ৰা আৰু ছোৱালী সন্তানৰ মাজত কোনো বৈষম্য ৰাখিব নালাগে,

গ) কোনেও আৰামত জীৱন নকটাই কাম বন কৰি নিজেই উপার্জন কৰিব লাগে,

ঘ) পানী সংৰক্ষণ কৰিব লাগে,

ঙ) গছ-গছনি ৰোপণ আৰু প্রতিপালন কৰিব লাগে,

চ) যৌথ বা সমূহীয়া প্রচেষ্টাৰে সমাজ তথা নিজৰ অঞ্চলৰ বিকাশৰ বাবে কাম কৰিব লাগে।


৯/ বহলাই, বুজাই লিখাঃ

ক) বাৰটা মাহত তেৰটা খেতি: খেতিয়েই হৈছে আমাৰ দেশৰ অধিকাংশ মানুহৰ জীৱিকাৰ প্রধান আহিলা। খেতি পথাৰত শস্য উৎপাদন কৰি সেই শস্যৰে নিজৰ পৰিয়ালৰ প্ৰয়োজন পুৰণ কৰাৰ উপৰিও ৰাহি অংশ বজাৰত বিক্ৰী কৰি অৰ্থ উপার্জন কৰিব পাৰে।আমাৰ দেশত খেতিৰ প্রধান ঋতু দুটা-খাৰিফ আৰু ৰবি। দেখা যায় বহুতো লোকে বছৰটোৰ দুটা বা তিনিটা মাহ খেতিৰ কামত ব্যস্ত হয় আৰু বাকী সময়খিনি নিষ্কর্মা বা উপার্জনহীন হৈ থাকে। যিহেতু বছৰি জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে আৰু সেই অনুপাতে খেতিৰ মাটি বৃদ্ধি কৰিব নোৱাৰি, সেয়ে খেতিয়ক সকলে একে ডোখৰ মাটিতে বছৰৰ আন কেইটা মাহতো ভিন ভিন শষ্য উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে। বছৰটোৰ আটাইকেইটা মাহতে যদি বতৰ অনুযায়ী কৰিব পৰা শস্য উৎপাদন কৰে তেতিয়া, স্বচ্চতাৰে জীৱন নির্বাহ কৰিব পাৰে।


খ) স্বচ্ছ ভাৰত অভিযান: স্বচ্ছ ভাৰত অভিযান সমগ্ৰ ভাৰতবৰ্ষ জুৰি প্ৰচাৰ আৰু কার্যকৰী কৰা এক বৃহৎ আঁচনি। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষক এখন পৰিষ্কাৰ পৰিচ্চন্ন দেশ হিচাপে গঢ়ি তোলা। ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মাগান্ধীৰ সমাধিস্থল ৰাজঘাটত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। আঁচনিখনৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ মূল লক্ষ্য আছিল মুকলিত শৌচ-প্ৰস্ৰাৱ  কৰা বন্ধ কৰা আৰু বিভিন্ন ধৰণৰ পেলনীয়া বস্তুৰ সঠিক নিষ্কাষণ কৰা। এই লক্ষ্য পূৰণৰ বাবে চৰকাৰে ২০১৪-২০১৯ বর্ষলৈকে দেশৰ দৰিদ্ৰ পৰিয়াল সমূহৰ বাবে প্রায় ৮৯.৯ কোটি পায়খানাঘৰ নিৰ্মাণৰ বাবে ৰাজ সাহার্য আগবঢ়ায়। আঁচনিখনৰ দ্বিতীয় পর্যায়ত সকলো অঞ্চলতে পৰিৱেশ পৰিষ্কাৰ কৰিবৰ বাবে হাতে কামে চাফাই অভিযান আৰম্ভ কৰা হয় আৰু সৰ্ব-সাধাৰণৰ মাজত চাফ-চিকুণ আৰু স্বাস্থ্যবিধি সন্মত যথোচিত নিয়মাৱলী প্রচাৰ কার্যসূচী গ্ৰহণ কৰা হয়।স্বচ্ছ ভাৰত অভিযান এখন উৎকৃষ্ট আঁচনি আৰু দেশৰ চুকে কোণে সকলো অঞ্চলতে এই আঁচনিৰ সফল ৰূপায়ণ কৰাটো প্রতিজন নাগৰিকৰ কর্তব্য।


গ) সামাজিক মাধ্যম: সামাজিক মাধ্যম হৈছে আধুনিক উন্নত প্রযুক্তি কৌশলৰ ফলত সম্ভৱ হৈ উঠা এক বাস্তৱ উমৈহতীয়া মঞ্চ, য’ত ইন্টাৰনেট সংযোগী ম’বাইল বা কম্পিউটাৰত চৰকাৰী, বেচৰকাৰী, ব্যক্তিগত আৰু ৰাজহুৱা অনুষ্ঠান -প্রতিষ্ঠান, বিভিন্ন সংগঠন আদিয়ে অনেক বিষয় উপস্থাপন কৰিব পাৰে। এই মাধ্যমে গোটেই পৃথিৱীখনকে এখন ঘৰ আৰু এটা পৰিয়ালৰ দৰে সাঙুৰি পেলাইছে। বর্তমান বহুলভাবে ব্যবহৃত ফেচবুক, টুইটাৰ, লিংকইন, ইউটিউব, ইন্সাষ্টাগ্রাম, ইমর্গ’ৰ, স্নেপচাট্ আদিবোৰ সামাজিক মাধ্যমৰ উদাহৰণ ।সামাজিক মাধ্যমৰ দ্বাৰা পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰি বহুতো নেদেখা-নজনা কথা জানিব পাৰে আৰু বাৰ্তালাপ কৰিব পাৰে। সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য-সংস্কৃতি, খেলা-ধূলা, মনোৰঞ্জন, ব্যক্তিগত ধাৰণা, ইচ্ছা, সৃষ্টিশীল কর্মৰাজি আদি আটাইবোৰ বিষয় প্রচাৰ কৰিব পাৰে। ছাত্র-ছাত্রী সকলে যিকোনো বিষয়ৰ জ্ঞান সহজে আয়ত্ব কৰিব পাৰে। বর্তমান সামাজিক মাধ্যম মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে।


১০/ বাক্য ৰচনা কৰা:

হাতে কামে: সকলোৱে হাতে কামে লাগিলে কঠিন কামো সহজে হয়।

নিয়ম-শৃংখলা: আমি বিদ্যালয়ৰ নিয়ম-শৃংখলা মানি চলিব লাগে।

দিনে-নিশাই: – ৰামে দিনে-নিশাই অধ্যয়ন কৰিলেহে ভাল ফল পাব পাৰি।

খেতি-বাতি: আমাৰ দেশৰ অধিকাংশ লোকে খেতি-বাতি কৰি জীৱন নির্বাহ কৰে।

আনন্দ-উল্লাস: ফাকুৱা উৎসৱত সকলোৱে আনন্দ উল্লাস কৰে।


১১। কিয় মুর্দ্ধন্য ‘ণ’ হৈছে হৈছে লিখা: বৰষুণ, পৰিমাণ, ৰূপায়ণ

উত্তৰ: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ থাকিলে ‘ন’ৰ ঠাইত ‘ণ’ হয়। বৰষুণ, পৰিমাণ, ৰূপায়ণ- এই শব্দকেইটাত ‘ৰ থকাৰ বাবে মুর্দ্ধন্য ‘ণ’ হৈছে।


১২/ সমার্থক শব্দ লিখা:

মুক্ত – মুকলি

বায়ু -বতাহ

বৃহৎ – ডাঙৰ

পানী – জল

গছ – বৃক্ষ

চকু – নয়ন

গাও – গ্রাম


১৩/ তলৰ উপসর্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা:

প্রতি- প্রতিকাৰ / প্রতিনিধি

অধি -অধিকাৰ / অধিবেশন

উপ- উপকাৰ |উপস্থাপন

অব – অৱকাশ |অৱনতি

দুৰ -দুৰৰ্বীণ |দুৰৱস্থা


✅ Conclusion

We hope these Class 9 Assamese Chapter 10 – পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answers help you in your preparation. Stay connected with AssamBoardExam.com for chapter-wise Assamese study materials and updates for SCERT Assam.


🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment