Assam Board Exam

যুঁজ| Class 9 Assamese Chapter 11

Class 9 Assamese Chapter 11 যুঁজ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 9 Assamese Chapter 11 যুঁজ| Complete Question Answer in Assamese Medium


যুঁজ

নৱম শ্ৰেণী

অসমীয়া

ভাব বিষয়ক

১। অতি চমুকৈ উত্তৰ লিখা:

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ? 

উত্তৰঃ প্রশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল ।


(খ) সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম কি ? 

উত্তৰঃ সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম হ’ল- মহেন্দ্র । 


(গ) নির্মলে কাক বিচাৰি দোকানলৈ গৈছিল ? 

উত্তৰঃ নির্মলে সিদ্ধার্থক বিচাৰি দোকানলৈ গৈছিল । 


(ঘ) সিদ্ধার্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল ?

উত্তৰঃ সিদ্ধার্থই পেঞ্চিল বক্সত বাপেকে দিয়া চকলেটৰ কাগজ সাঁচি থৈছিল ।


(ঙ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল ? 

উত্তৰঃ নিৰ্মলৰ দেহত হোৱা জটিল ৰোগৰ চিকিৎসাৰ বাবে বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল । 


২। তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া : 

(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ? 

উত্তৰ: সিদ্ধার্থ তিব্র মানসিক যন্ত্রণাত ভুগিছিল। মানসিক যন্ত্রণাৰ পৰা উপশম পাবৰ বাবে সি ড্রাগছ খাবলৈ আৰম্ভ কৰিছিল। নিতৌ ড্রাগছ খাবৰ বাবে তাৰ প্রয়োজন হৈছিল বহুত টকা। সেয়ে সি স্কুলৰ সহপাঠী প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল।


(খ) কি কি কাৰণত সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল? 

উত্তৰ: সিদ্ধার্থ নিচাসক্ত হৈ পৰাৰ মূল কাৰণ আছিল তাৰ ঘৰ খনৰ পৰিৱেশ। নিতৌ মাক দেউতাকৰ দুৰ্বাদল কাজিয়াই তাৰ কোমল মনটো অস্থিৰ কৰি তুলিছিল। অবশেষত বাপেকে এদিন সিহঁতক এৰি ক’ৰবালৈ গুচি গ’ল ।দেউতাকে এৰি যোৱাৰ পিছত আৰু মাকৰ তাৰ প্রতি অমনোযোগিতাই তাক কৰি তুলিছিল বিদ্ৰোহী। মাক-দেউতাকৰ মৰম-চেনেহ, আদৰ-যত্নৰ পৰা বঞ্চিত হোৱা বাবে তাৰ অকলশৰীয়া মনটো তীব্র  যন্ত্রণাত ভুগিছিল। সেই নিঃসংগতা আৰু হতাশাৰ পৰা সকাহ পাবৰ বাবেই সি এজন পাণ দোকানীৰ কাষ চাপিছিল, সিজনে তাক ড্রাগছৰ অন্ধকাৰ জগত খনলৈ ঠেলি দিছিল।


(গ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল ? 

উত্তৰঃ সিদ্ধার্থ আছিল নিৰ্মলৰ অন্তৰংগ বন্ধু। সিদ্ধার্থ বিপথে যোৱাটো নিৰ্মলে সহজ ভাৱে ল’ব পৰা নাছিল। কাৰণ সিদ্ধার্থই আগতে নির্মলহঁতৰ লগত হাঁহিছিল , খেলিছিল । কেইমাহ মানৰ পৰা নিৰ্মলে লক্ষ্য কৰিছে সিদ্ধার্থ গহীন , খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে ,  বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে , শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে , আনকি মাজে মাজে স্কুলো খতি কৰে । নির্মলে সিদ্ধার্থৰ মাক – দেউতাকৰ বিষয়ে কিছু কথা ইকাণ – সিকাণকৈ শুনিছে । নির্মলে ভাবিছিল তাৰ পৰিবর্তন চাগে সেইবোৰ কাৰণতে হৈছে । গতিকে আপোন বন্ধু এজনক হেৰাই যাব দিব নোৱাৰি তাক শুদ্ধ পথলৈ আনিবলৈ মনতে সংকল্প লৈছিল। সিদ্ধার্থক ৰহস্যময় পাণ দোকনখনত নিৰ্মলে কেইবাদিনো দেখিছিল। সিদ্ধার্থক লগ কৰাৰ উদ্দেশ্য সেয়ে নিৰ্মলে পান দোকনখনলৈ গৈছিল।


ঘ) সিদ্ধার্থই প্রথমতে কিয় নির্মলৰ মুখামুখি হ’ব খোজা নাছিল?

উত্তৰ : সিদ্ধার্থ বুজা হোৱা বয়সৰে পৰা এক অশান্তিময় পৰিৱেশ-পৰিস্থিতিৰ মাজত সময় কটাইছিল। পিতৃ-মাতৃৰ পৰা পাবলগীয়া মৰম-স্নেহ সি পোৱা নাছিল, তাৰ পৰিবর্তে সি পাইছিল অৱহেলা, দুখ-যন্ত্রণা। তাৰ হৃদয়খনে মৰম বিচাৰি ফুৰিছিল। নিৰ্মলৰ মৰম তাৰ বাবে হৈ পৰিছিল আকুলতা। মৰম আকলুৱা তাৰ হৃদয়খন অভিমানী আৰু দুৰ্বল হৈ পৰিছিল। লগতে সি অপৰাধপ্ৰৱণ হৈছিল। ফলত সিদ্ধার্থক নির্মলৰ মুখামুখি হ’বলৈ অলপ মানসিক প্রস্তুতিৰ প্ৰয়োজন হৈছিল। সেয়ে সিদ্ধার্থই প্রথমতে নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল।


ঙ) নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? 

উত্তৰ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধার্থ হৈ পৰিছিল নির্বাক নিষ্পন্দ। তাৰ বুকুখন মোচৰ খাই উঠিছিল। জীৱন যুঁজৰ জটিল ক্ষণত নিৰ্মল তাৰ বাবে হৈ পৰিছিল দিক্দর্শক আৰু ৰথৰ সাৰথি। নিৰ্মলে তাক ড্রাগছ খোৱাত বাধা দিছিল আৰু লগতে বহু কথা বুজাইছিল। নিৰ্মলৰ বাবেই সিদ্ধার্থই পৃথিৱীখন নতুনকৈ চাবলৈ শিকিছিল। সেয়ে নির্মলে কোৱা কথাবোৰ সি পালন কৰিব বুলি নিৰ্মলক কথা দিছিল।


৩) ‘তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধাৰ্থ’ – নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? 

উত্তৰ: ‘তোৰকি হৈছে, মোক ক’বই লাগিব সিদ্ধার্থ ‘ –নিৰ্মলৰএই কথাখিনিয়ে সিদ্ধার্থৰ অন্তৰত বাৰুকৈয়ে প্রভাৱ পেলাইছিল। নিজৰ পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ মৰম-চেনেহ, আদৰ-যত্ন আৰু অনুশাসনৰ পৰা বঞ্চিত হোৱা বাবে সিদ্ধার্থ খুব নিঃসংগতা আৰু হতাশাত ভুগিছিল। মানসিক যন্ত্রণাৰ পৰা সকাহ পাবৰ বাবে ড্রাগছ খাবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে তাক বিপথগামী ৰাষ্টাৰ পৰা ঘুৰাই আনিবৰ বাবে চেষ্টা কৰিছিল। সেয়ে নির্মলে সিদ্ধার্থক লগ ধৰি আদেশ মিহলি সুৰত কৈছিল “তোৰ কি হৈছে মোক ক’বই লাগিব সিদ্ধার্থ। নির্মলৰ এই কথাষাৰত মিহলি হৈ আছিল যেন অতি আপোন কাৰোবাৰ মৰম মিহলি আদেশ। নিৰ্মলৰসেই কথাষাৰত সিদ্ধার্থই যেন হেৰাই যোৱা এটা মূল্যৱান বস্তু বিচাৰি পাইছিল। জীৱন সমুদ্রত দিশ-হাৰা হোৱা তাৰ অকলশৰীয়া মনটোৱে বিচাৰি পাইছিল এজন দিক্ দর্শক, সাৰথি। নিৰ্মলৰকথাষাৰে তাৰ অন্তৰত জোৱাৰ তুলিছিল। সি বিপথে যোৱা ৰাষ্টাটোত থমকি ৰ’বলৈ বাধ্য হৈছিল।


৪) সিদ্ধাৰ্থই  কিয়  নিঃসংগতাত  ভুগিছিল বুজাই লিখা? 

উত্তৰ: প্রতিটো শিশুৰ বাবে জীৱনৰ প্ৰথম বন্ধু হৈছে নিজৰ মাক-দেউতাক। মাক-দেউতাকেই সন্তানৰ বাবে আশ্রয়, সাহস আৰু পথ প্রদর্শক। কিন্তু সিদ্ধার্থৰ জীৱনত তেনে হোৱা নাছিল। সি সৰুৰে পৰা দেখিছিল মাক-দেউতাকৰ দুৰ্বাদল কাজিয়া। নিতৌ মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিয়ে সিদ্ধার্থৰ কোমল অন্তৰত বাৰুকৈয়ে আঘাট দিছিল। তেওঁলোকৰ প্রস্তৰ কঠিন মুখ দুখনে তাক কৰি তুলিছিল নির্বাক, নিস্পন্দ। মাক দেউতাকৰ অন্তৰৰ কোমলতাখিনি হেৰাই গৈছিল। সিদ্ধার্থক দুখ-যন্ত্রণাৰ অতল আৰু পাৰাপাৰহীন সাগৰত এৰি দি দুয়ো বিচৰণ কৰিছিল নিজ নিজ ৰাজ্যত। অৱশেষত দেউতাকে ঘৰ এৰি গুচি গৈছিল। মাক তাৰ বাবে হৈ পৰিছিল সম্পূর্ণ উদাসীন আৰু দায়িত্বহীন। পাবলগীয়া মৰম চেনেহবোৰ হেৰুৱাই সিদ্ধার্থ ভাগি পৰিছিল আৰু গভীৰ নিঃসংগতাত ভুগিছিল।


৫) নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা ? 

উত্তৰ: কোনো এজন লোক বিপথে যোৱাৰ আঁৰত নিশ্চয় কিবা কাৰণ থাকে। খুব কম বয়সতে সিদ্ধার্থ নিচাসক্ত হৈ বিপথগামী হোৱাটো নিৰ্মলেমানি ল’ব পৰা নাছিল। সেয়ে অতি সৎ আৰু পৰোপকাৰী স্বভাৱৰ নির্মলে সিদ্ধার্থৰ স্বভাৱৰ পৰিৱৰ্তনৰ আঁৰৰ কাৰণ বিচাৰি উলিয়াবলৈ থিৰাং কৰিলে।এজন আপোন বন্ধুৰ প্রতি থকা দায়িত্ববোধে নির্মলক টানি নিছিল পাণ দোকানখনলৈ, য’ত সিদ্ধার্থই ড্রাগছ খোৱা আৰম্ভ কৰিছিল। নির্মলে সিদ্ধার্থক লগ ধৰি বহু প্রশ্ন কৰিছিল, কিন্তু সিদ্ধার্থই একো উত্তৰ নিদি আঁতৰি গৈছিল। শেষত নির্মলে ‘তোৰ কি হৈছে মোক ক’বই লাগিব সিদ্ধার্থ বুলি কোৱা কথাষাৰত সিদ্ধার্থই বিচাৰি পাইছিল প্রকৃত আন্তৰিকতা, স্নেহৰ ছাঁয়া। সেয়ে সি এদিন আবেলি নির্মলক লগ ধৰি তাৰ জীৱনৰ দুখ যন্ত্ৰণাৰ সকলো কথা খুলি কৈছিল। অভিভাৱকহীন সিদ্ধার্থৰ বাবে নির্মল অভিভাৱক হৈ পৰিল। ড্ৰাগছৰ অন্ধকাৰ জগতখনৰ পৰা ওলাই আহিবৰ বাবে সিদ্ধার্থক বহুত বুজনি দিলে। ড্রাগছ এৰাটো যে সহজ কথা নহয়, সেইকথা সিহঁত দুয়োটাই জানিছিল। তথাপিও নির্মলে সিদ্ধার্থক ভাগি নপৰিবৰ বাবে সাহস দি কৈছিল ‘তোক ডাক্তৰৰ সহায় লাগিব।’ নির্মলে জানিছিল সেই কাম সি অকলে কৰিব নোৱাৰে। ডাঙৰ মানুহৰ সহায় লাগিব। সেয়ে সি সিহঁতৰ এজন মৰমীয়াল শিক্ষক ‘অনুভৱ চাৰক’ গোটেই কথাবোৰ কোৱাৰ সিদ্ধান্ত ল’লে, যিজনে এটা সঠিক বাট দেখুৱাব পাৰিব।

এনেদৰে অশেষ চেষ্টা কৰি নির্মলে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল।


৬। “ তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি ; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি”– কথাষাৰৰ অন্তৰ্নিহিত ভাব বিশ্লেষণ কৰা ।

উত্তৰ: আপোনজনৰ মৰম-আন্তৰিকতাই মানুহক দিয়ে জীয়াই থকাৰ সাহস আৰু প্রেৰণা। নিজৰ মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা সিদ্ধার্থ খুব নিসঙ্গতা আৰু হতাশাত ভুগিছিল। সেয়ে দুখৰ পৃথিৱীখন পাহৰি থাকিবৰ বাবে সি ড্রাগছ খাবলৈ আৰম্ভ কৰিছিল। লগে লগে সি হৈ পৰিছিল বেপেৰুৱা আৰু উদণ্ড স্বভাৱৰ। তেনে সময়তে সিদ্ধার্থৰ সহপাঠী নির্মলে দায়িত্বশীল মনোভাৱেৰে সিদ্ধার্থক সংগ দি ভূল পথৰ পৰা ঘূৰাই আনিবৰ বাবে চেষ্টা কৰিছিল। নির্মলৰ মৰম- আন্তৰিকতা আৰু সঁচা বন্ধুত্বই সিদ্ধার্থৰ অন্তৰ চুই গৈছিল। বঁঠা নাইকিয়া জীৱন নাৱত উটি-ভাঁহি ফুৰা সিদ্ধার্থৰ বাবে নির্মল হৈ পৰিছিল এটা অপ্রত্যাশিত অৱলম্বন। নির্মলৰ মৰম মিহলি আদেশক সি দলিয়াই দিব পৰা নাছিল। সি নির্মলৰ ওচৰত হাৰি গৈছিল। সেয়ে হয়তু সি নির্মলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মৌন হৈ ৰৈছিল।


৭। “ হাঁহিব নোৱাৰি, খেলিব নোৱাৰি,, শুৱ নোৱাৰি, — ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ – দুখৰ দাহন ” —কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা । 

উত্তৰ: উক্ত কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে।

মানুহ যেতিয়া নিঃসংগতাত ভোগে, হতাশাত ভোগে, তেতিয়া অন্তৰত অনুভূত হয় তীব্র যন্ত্রণা। সেই যন্ত্রণাই জীৱনটোক সুখ আনন্দৰ পৰা আঁতৰাই লৈ যায় গভীৰ শূন্যতালৈ। হেৰাই যায় জীৱনৰ অৰ্থ। আনকি ভালকৈ খাব আৰু শুৱও নোৱাৰা হয়। সিদ্ধাৰ্থৰ জীৱনতো তেনেকুৱাই হৈছিল। দেউতাকে ঘৰ এৰি যোৱাৰ পিছত আৰু মাকৰ অৱহেলাই তাক অতি নিঃসঙ্গ, অকলশৰীয়া কৰি পেলাইছিল। আপোনজনৰ মৰম বিচাৰি তাৰ অন্তৰে হাহাকাৰ কৰিছিল। গভীৰ অন্তর্দ্বন্দত ভুগি সি হেৰুৱাই পেলাইছিল জীৱনৰ মাদকতা। খেলা-ধুলা, হাঁহি-স্ফূর্তি, খোৱা-শুৱা একোৱেই তাৰ ভাল নলগা হ’ল। সকলো সময়তে এটা বিষাদৰ যন্ত্রণাই তাক কোঙা কৰিব ধৰিলে। বিশাল শূন্যৰ বুকুত যেন উপঙি ফুৰিছে এখন দুখৰ ভাৰ লৈ।


৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু তাৰ কিয় অন্তর্দহন হৈছিল — বুজাই লিখা । 

উত্তৰ: সিদ্ধার্থই যেতিয়া সকলো অবলম্বন হেৰুৱাই পেলাইছিল, তেতিয়া সি নিৰশ্ৰয় হৈ বিচাৰিছিল কাৰোবাৰ সামান্য স্নেহৰ ছাঁয়া, তেনে সময়তে লগ পাইছিল পাণদোকানীজনক। দোকানীজনে প্রথমে সিদ্ধার্থৰ দুখৰ সমভাগী হৈ দেখুৱাইছিল। কিন্তু পিছত তেওঁ কুচক্রান্ত কৰি সিদ্ধার্থক ড্রাগছৰ প্রতি আসক্ত কৰি তুলিছিল। ড্রাগছ আসক্ত সিদ্ধার্থক নিতৌ ড্রাগছ খাবৰ বাবে দৰকাৰ হৈছিল বহুত টকাৰ। সেয়ে এদিন সি মাকৰ সোণৰ খাৰুযোৰ চুৰ কৰি ড্ৰাগছ খোৱা দোকানখনত দিছিলগৈ। খাৰু যোৰ ঘৰৰ কাম কৰা ছোৱালীজনীয়ে চুৰ কৰা বুলি সন্দেহ কৰি মাকে যেতিয়া তাইক পুলিচৰ হাতত গটাই দিছিল, তেতিয়া তাইৰ কৰুণ মুখখনে সিদ্ধার্থক আমনি কৰিছিল। নির্দোষী ছোৱালীজনী লক্ আপত সোমাব লগীয়া হোৱাত সি যথেষ্ট মানসিক অন্তর্দ্বন্দত ভুগিছিল।


 ৯। “আচলতে মন গ’লেই সুখী হ’ব পাৰি জান । ” — কি প্ৰসংগত নির্মলে সিদ্ধার্থক এনেদৰে কৈছিল — বুজাই লিখা । 

উত্তৰ: সিদ্ধার্থ যেতিয়া তীব্র মানসিক অশান্তিত ভুগি ড্রাগছ সেৱন কৰিবলৈ লৈছিল আৰু ড্ৰাগছৰ ওপৰত তাৰ নির্ভৰতা বাঢ়ি গৈছিল, তেতিয়া তাৰ বন্ধু নির্মলে তাক বুজনি দি নিচাৰ অন্ধকাৰ জগতখনৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ দি তাক উক্ত বাক্যশাৰী কৈছিল। সেইখন জগতৰ পৰা সহজে আঁতৰি অহা সম্ভৱ নহয় বুলি জানিও নির্মলে তাক বুজাইছিল। নির্মলে কৈছিল, প্রত্যেকজন মানুহৰ বাবে জীৱনটো একোখন যুঁজ ।হাৰি হাৰিও মানুহে জীৱন যুঁজত জয়ী হ’ব বিচাৰে। সুখ-দুখ সকলো নিজৰ মনটোৰ ওপৰতে নিৰ্ভৰ কৰে।

নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখি মানুহে যদি নোপোৱাবোৰ একাশৰীয়া কৰি জীৱনটো উপভোগ কৰিবলৈ শিকে, ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যবোৰ বিচাৰি চাব জানে, ভাললগা কিতাপ, গান, আদিৰ মাজত নিজকে ব্যস্ত ৰাখিব পাৰে, তেতিয়া অকলশৰীয়া মনটোৱেও জীৱনৰ মাদকতা বিচাৰি পাব পাৰে। এনে-প্রসঙ্গতে নির্মলে সিদ্ধার্থক কৈছিল- ‘আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।”


১০। ব্যাখ্যা কৰা :

(ক) নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে । 

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন)ৰ অন্তৰ্গত ড°মৃণাল কলিতাই লিখা ‘যুঁজ’ নামৰ গল্পটোৰ পৰা তুলি অনা হৈছে।

সিদ্ধার্থই যেতিয়া সকলো অবলম্বন হেৰুৱাই পেলাইছিল, তেতিয়া সি নিৰশ্ৰয় হৈ বিচাৰিছিল কাৰোবাৰ আশ্রয়, মাক-দেউতাকৰ স্নেহৰ পৰা বঞ্চিত হৃদয়ে বিচাৰিছিল কাৰোবাৰ অকনমান মৰম, তেনে সময়তে নিৰ্মল তাৰ কাষত থিয় দিছিল এজন অভিভাৱকৰ দৰে। নির্মলে মৰম মিহলি শাসনৰ সুৰত সিদ্ধার্থক ভুল পথে যোৱাৰ কাৰণ সুধিছিল। ‘তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধার্থ’ নির্মলৰ এই কথাষাৰে ভাগি থান-বান হোৱা সিদ্ধাৰ্থৰ অন্তৰত দিছিল কিঞ্চিৎ আশাৰ ৰেঙনি। থাউনি নোপোৱা জীৱন সাগৰত সি যেন বিচাৰি পাইছিল অকনমান আশ্রয়। সেয়ে তাৰ মনটো দুর্বল আৰু অভিমানী হৈ পৰিছিল।


খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তৰ্গত ড°মৃণাল কলিতাই লিখা ‘যুঁজ’ নামৰ গল্পটোৰ পৰা তুলি অনা হৈছে।

পৃথিৱীত ভিন্ন প্রকৃতিৰ মানুহ আছে। কোনোৱা সৎ বা সাধু, আন কোনোবা অসৎ বা দুষ্ট স্বভাৱৰ। কিন্তু জন্মতে কোনো শিশু দুষ্ট হৈ জন্ম নলয়। বিভিন্ন বাহ্যিক কাৰকে শিশুৰ চৰিত্ৰত প্রভাৱ পেলায়। দুষ্ট স্বভাৱৰ মানুহক কোনেও ভাল নাপায় বা সকলোৱে ঘৃণা কৰে। কিন্তু, কোনেও দুষ্ট হোৱাৰ কাৰণ বিচাৰি নাচায়। সিদ্ধার্থই নিজৰ কৰণ বাস্তৱৰ যন্ত্রণা পাহৰি থাকিবৰ বাবে ড্ৰাগছ সেৱন আৰম্ভ কৰিছিল। ড্রাগছ ল’বলৈ তাক প্রতিদিনে প্রয়োজন হোৱা টকা-গোটাবৰ বাবে সি লগৰ ল’ৰাৰ বেগৰ পৰা টকা চুৰ কৰিছিল। লগৰ লৰাৰ পৰা চুৰ কৰা বাবে মহেন্দ্র মাষ্টটৰে যেতিয়া তাৰ বিষয়ে ককৰ্থনা কৰিছিল, তেতিয়া নিৰ্মলৰ বেয়া লাগিছিল। নিৰ্মলে উপলব্ধি কৰিব পাৰিছিল যে সিদ্ধার্থৰ এই পৰিৱৰ্তনৰ কাৰণ সি নিজে নহয়; তাৰ নিষ্ঠুৰ মাক দেউতাক। সেয়ে সি মনৰ ভিতৰতে উক্ত কথাষাৰ আওঁৰাইছিল।


গ) পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ ।

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তৰ্গত ড° মৃণাল কলিতাই লিখা ‘যুঁজ’ নামৰ গল্পটোৰ পৰা তুলি অনা হৈছে।

ল’ৰা-ছোৱালীৰ প্ৰথম শিক্ষাৰ কঠিয়াতলী হৈছে নিজৰ ঘৰখন। মাক-দেউতাকৰ মৰম-চেনেহ, যত্ন, অনুশাসন আদিৰ মাজেৰে ডাঙৰ হোৱা এটি শিশু শাৰীৰিক আৰু মানসিক দুয়ো পিনৰ পৰা সুস্থ হয়। শিশুৰ চৰিত্ৰ গঠনত মাক-দেউতাকৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ। কিন্তু সিদ্ধার্থৰ জীৱনত তেনে নহ’ল। মাক-দেউতাকে তাৰ কোমল অন্তৰখনৰ হাহাকাৰ বুজি নাপালে। নিতৌ দুয়ো ব্যস্ত থাকিল দুর্বাদল কাজিয়া কৰাত। সেই নিষ্ঠুৰ সময়খিনিত সিদ্ধার্থ হৈ পৰিছিল নিৰুপায় আৰু অসহায়।দেউতাকে ঘৰ এৰি গুচি যোৱাৰ পিছত মাকে তাক সম্পূর্ণ ৰূপে অৱহেলা কৰিছিল। তাৰ কোনো কথাতে মাকৰ উদ্বিগ্নতা নাছিল। মাক-দেউতাকৰ পৰা অৱহেলিত হোৱা তাৰ কোমল মনটো ক্রমান্বয়ে বিদ্রোহী হৈ উঠিল। চৰম নিঃসংগতা আৰু হতাশাগ্রস্ততাৰে ভৰা এটি কৰুণ জীৱনৰ মাথো সাক্ষী হৈ ৰ’ল সি।


ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ । 

উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন) ৰ অন্তৰ্গত ড°মৃণাল কলিতাই লিখা ‘যুঁজ’ নামৰ গল্পটোৰ পৰা তুলি অনা হৈছে।

মানুহৰ জীৱনটো একো একোখন সমৰ ক্ষেত্র। ঘাট-প্রতিঘাট, বিৰহ-বিচ্ছেদ, অভাৱ-অনাটন, ৰোগ-ব্যাধি আদিৰ সমষ্টিয়েই হ’ল মানুহৰ জীৱন। এইবোৰ অতিক্রম কৰিবলৈ চেষ্টা কৰাই হৈছে একোখন যুঁজ । কোনো মানুহেই এইবোৰৰ পৰা মুক্ত নহয়। এই বোৰৰ লগত যুঁজ কৰি আগবাঢ়ি যোৱাটোৱেই হৈছে জীৱন। ‘যুঁজ’ গল্পটোত সিদ্ধার্থই নিজৰ মানসিক অন্তর্দ্বন্দৰ লগত যুঁজি ড্রাগছৰ আশ্ৰয় লৈছিল। পুনৰ সি শুদ্ধ পথলৈ আহিবৰ বাবে ড্রাগছ এৰিবলৈও কৰিবলগীয়া হৈছে আন এখন যুঁজ । ইফালে নির্মলে এটা জটিল ৰোগৰ পৰা নিজক বচাবৰ বাবে কৰিব লগীয়া হৈছে যুঁজ । এনেদৰে প্রত্যেকজন মানুহে কিবা নহয় কিবা সংঘাটৰ সৈতে যুঁজ কৰি জীয়াই থাকিব লগা হয়। সেয়ে, কোৱা হৈছে -সকলো মানুহৰে জীৱনবোৰ একো একোখন যুঁজ ।


১১। ‘ যুঁজ ’ গল্পটোৰ শিৰোনামৰ তাৎপর্য বুজাই লিখা । 

উত্তৰ: ড° মৃণাল কলিতাৰ ‘যুঁজ’ গল্পটি এটা অর্থবহ সামাজিক গল্প। ‘যুঁজ’শিৰোনামটোৱে গল্পটোৰ গভীৰ তাৎপর্য বহন কৰিছে।

গল্পটোত এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখন অংকন কৰা হৈছে। সিদ্ধার্থ নামৰ সংবেদনশীল কিশোৰজনে পাৰিবাৰিক কাৰণত নিঃসংগতা আৰু হতাশাত ভুগি ড্রাগছৰ আশ্রয় লৈছে। তাৰ বন্ধু নির্মলৰ মৰম আৰু দায়িত্ববোধৰ বাবে সি সেই অন্ধকাৰ জগতৰ পৰা উভতি অহাৰ ইংগিত দেখা গৈছে। নিচাসক্তি এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ’ব পাৰে। আনহাতে গল্পটোত নির্মলে যুঁজিছে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে। সিদ্ধার্থ আৰু নিৰ্মলৰ দৰে আচলতে প্রত্যেক জন মানুহেই কিবা নহয় কিবা সংঘাটৰ লগত যুঁজ কৰিহে জীয়াই থাকিব লগা হয়। কাৰো জীৱন মসৃণ বা সংঘাট বিহীন নহয়। হৰা-জিকা পিছৰ কথা, কিন্তু জীৱন কালত মানুহে যুঁজ কৰি যাবই লাগিব। এনেবোৰ কাৰণতে গল্পটোৰ শিৰোনাম ‘যুঁজ’ ৰখাটো অতি তাৎপর্যপূর্ণ হৈছে।


ভাষা বিষয়ক

১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা— 

মৃত্যুশীতল , অসহনীয় , অতল , অমীমাংসিত , বেপৰোৱা , অচিনাকি । 

উত্তৰঃ  মৃত্যুশীতল       –    মৃত্যুৰ দৰে শীতল – কর্ম ধাৰয় সমাস । 

          অসহনীয়        –     যাক সহিব নোৱাৰি – বহুব্রীহি সমাস । 

          অতল             –     যাৰ তলি পোৱা নাযায় – বহুব্রীহি সমাস । 

          অমীমাংসিত   –      নাই মীমাংসা যাৰ –নঞ্‌ তৎ পুৰুষ সমাস । 

          বেপৰোৱা       –      যি নিম্ন গুন সম্পন্ন – বহুব্রীহি সমাস । 

           অচিনাকি       –      যাৰ চিনাকি নাই– বহুব্রীহি সমাস । 


১৩) বাক্য ৰচনা কৰাঃ

উত্তৰঃ উজাগৰ : দাঁত বিষত যোৱা কালি ৰাতিটো উজাগৰে কটালো। 

অবাধ্য: ল’ৰা – ছোৱালী কেতিয়াও মাক – দেউতাকৰ অবাধ্য হ’ব নালাগে। 

অৱলম্বন:  শিক্ষক – শিক্ষয়িত্ৰী  সজ উপদেশক সদায় অৱলম্বন কৰিব লাগে।

খেৰকুটা: বিপদত সময়ত সামান্য খেৰকুটা ডালয়েও কেতিয়াবা উপকাৰ সাধে।


১৪। সমার্থক শব্দ লিখা—

নীৰৱতা , বিষাদ , প্রস্তৰ , একাকীত্ব , আন্ধাৰ । 

উত্তৰঃ   নীৰৱতা         –      নিস্তব্ধতা । 

           বিষাদ           –       বেজাৰ , দুখ । 

           প্রস্তৰ             –      পাথৰ , শিল । 

           একাকীত্ব       –       নিঃসংগ , অকলশৰীয়া । 

            আন্ধাৰ         –        নিশা , তমসা ।


১৫। ড. মৃণাল কলিতাৰ ‘যুঁজ’ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।

উত্তৰঃ  ড° মূণাল কলিতাৰ ‘‘যুঁজ’ গল্পটি এটা অতি উৎকৃষ্ট সামাজিক গল্প। অপৰাধ জগতত খোজ দিয়া লোক সকলক সাধাৰণতে মানুহে খং আৰু ঘৃণা কৰে। কিন্তু সেইখন জগতলৈ যোৱাৰ আঁৰত কিবা কাৰণ থাকিব পাৰে বুলি মানুহে ভাবি নাচায়। গল্পটোত খুব কম বয়সতে ড্রাগছ আসক্ত হোৱা সিদ্ধার্থৰ প্রতি সহপাঠী নির্মলে সি মানবীয় সঁহাৰি দেখুৱাইছে, সি সঁচাই প্রশংসনীয়। সহপাঠী হৈও এজন বয়োজ্যেষ্ঠ লোকৰ দৰে নির্মলে উপলব্ধি কৰিব পাৰিছিল যে সিদ্ধাৰ্থৰ স্বভাৱৰ পৰিবৰ্তনৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে। সেয়ে সি সিদ্ধার্থক লগ দি তাৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিছিল। সি দৃঢ় প্রতিজ্ঞ হৈছিল যে সিদ্ধার্থক যেনে তেনে শুদ্ধ পথলৈ আনিবই। সি তাক মৰম মিহলি শাসনেৰে ড্রাগছৰ কু-প্ৰভাৱৰ কথা বুজাইছিল আৰু ড্রাগছ ত্যাগ কৰিবলৈ পৰামর্শ দিছিল। ইচ্ছা কৰিলেই এজন ড্রাগছ আসক্ত লোকে ড্রাগছ এৰিব নোৱাৰে। সেয়ে সি সিদ্ধার্থক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথা ভাবিছে।

নির্মলৰ চৰিত্ৰটোৰ যোগেদি লেখকে বার্তা প্রেৰণ কৰিছে যে ড্রাগছ আসক্ত সকলক কেৱল ঘৃণাৰ দৃষ্টিৰে নাচাই, মানৱীয় সহানুভূতি দেখুওৱা উচিত। সেইসকল লোকক শুদ্ধ পথলৈ আনিবৰ বাবে চেষ্টা কৰাটো সকলোৰে সামাজিক দায়িত্ব।


১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানবীয় সহাঁৰি কেনেধৰণৰ হ’ব লাগে নিজৰ কথাৰে লিখা।

উত্তৰ: মৰম আদৰেৰে নিচাসক্ত লোকক বুজনি দি সেই অন্ধকাৰ জগতৰ পৰা আঁতৰাই অনাটো সমাজৰ প্রত্যেক লোকৰে দায়িত্ব আৰু কৰ্তব্য হ’ব লাগে। প্রত্যেক মানুহেই নিজৰ লগত যুঁজিব পাৰে। নিচাসক্ত লোককো সেয়ে আত্মবিশ্বাস গভীৰ কৰিবলৈ বুজনি দিব লাগে।


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 11 যুঁজ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment