Welcome to the official resource page for Class 9 Assamese Chapter 12 – লোকসংস্কৃতি. This chapter is part of the SCERT Assam curriculum and helps students explore the rich folk culture of Assam, including its traditions, art forms, and way of life.
These question answers are written in simple and easy-to-understand Assamese, making it ideal for students who want to prepare for exams, revise quickly, or learn deeply.
📄 Chapter Details:
- Chapter Name (English): Folk Culture
- Chapter Name (Assamese): লোকসংস্কৃতি
- Book: Class 9 Assamese (SCERT Assam)
- Medium: Assamese
- Subject: Assamese Language
- Chapter Number: 12
Class 9 Assamese Chapter 12 লোক সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
লোক সংস্কৃতি
Class 9 Assamese Chapter 12 লোক সংস্কৃতি| Complete Question Answer in Assamese Medium
লোক সংস্কৃতি
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
১/ক) লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?
উত্তৰ: লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়।
খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?
উত্তৰ: লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।
গ) লোক কৃষ্টি কাক বোলে?
উত্তৰ: গঞা লোকে বছৰটোৰ বিভিন্ন সময়ত অনুষ্ঠিত কৰা সভা, উৎসৱ, গীত-নাচ, অভিনয় আদি কামবোৰৰ সমষ্টিকে লোক কৃষ্টি বোলা হয়।
ঘ) লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?
উত্তৰ: লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু-সংস্কৃতি বোলা হয়।
ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰ: পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম – বুঢ়ী আইৰ সাধু।
২/ লোক সমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্রহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে?
উত্তৰ: লোক সমাজক সমাজৰ নিম্নস্তৰৰ বুলি কিছুমান লোকতত্ত্ববিদে দিয়া ধাৰণা গ্রহণ যোগ্য নহয় বুলি লেখকে কৈছে। কিয়নো বিজ্ঞানসন্মত দৃষ্টিভঙ্গী হ’লেই যে কোনো এখন সমাজ উচ্চতৰ হ’ব আৰু তাৰ বিপৰীতে লোক বা গঞা সমাজ নিম্নস্তৰৰ হ’ব লাগিব, তেনে কোনো কথা নাই। আনহাতে গাঁৱতো শিক্ষিত মানুহে বাস কৰে আৰু নগৰ-চহৰতো বিভিন্ন কাম-কাজৰ বাবে গঞা লোকে বাস কৰে।
৩/ চমুটোকা লিখাঃ
ক) নিচুকনী গীত: নিচুকনী গীত অসমীয়া লোক সাহিত্যৰ এটি উল্লেখযোগ্য উপাদান। কেঁচুৱা ল’ৰা-ছোৱালীক শোৱাবলৈ বা টোপনি আনিবলৈ যিবোৰ গীত গোৱা হয়, সেইবোৰকে নিচুকনী গীত বোলা হয়। যেনে:
আমাৰে মইনা শুৱ এ..
বাৰীতে বগৰী ৰুব এ..
বাৰীৰে বগৰী পকি সৰি যাব
মইনাই বুটলি খাব।
খ) মালিতা বা কাহিনী গীত: মালিতা বা কাহিনী গীত সমূহ অসমীয়া লোক গীতৰ অন্তর্গত। পুৰণি আখ্যান, সাধুকথা আদিৰ ভিত্তিত এই গীতসমূহ সৃষ্টি হৈছে। মালিতা সমূহ লেথাৰি নিচিগাকে বর্ণনা কৰা পদ বা গীত।
যেনে: ফুলকোঁৱৰৰ মালিতা।
গ) সাঁথৰঃ সাঁথৰ সমূহ অসমীয়া লোক সাহিত্যৰে একোটি অংশ। সাঁথৰ সমূহ বুজিবৰ নিমিত্তে দিয়া গুপ্ত অৰ্থৰ এক বা অধিক ফাঁকি বা পদ। সাঁথৰ বোৰৰ অৰ্থ সহজে উলিয়াব নোৱাৰি, এইবোৰৰ অৰ্থ বিচাৰি পানীত পৰাৰ দৰে ককবকাই থাকিবলগীয়া হয়।
যেনে: ডিঙি আছে, মূৰ নাই।
কাণ আছে, চকু নাই।
পেট আছে, হাত নাই। মুখ আছে, জিতা নাই।
সেইটো কি কোৱা ভাই।
ঘ) জনশ্রুতি: জনশ্রুতি হৈছে গঞাসমাজত মুখে মুখে প্রচলন হোৱা কিছুমান কথা, এইবোৰৰ কোনো সত্যাসত্য যুক্তি নাথাকে। অন্যভাষাত জনশ্রুতিবোৰক লোকৰ মুখে শুনা কথা বা উৰাবাতৰি বুলিও ক’ব পাৰি।
ঙ) জিকিৰ: জিকিৰ সমূহ সাবলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদর্শ আৰু আচাৰ নীতিৰ মৌলিক ভাব-চিন্তা প্রকাশক কিছুসংখ্যক ভক্তিমূলক গীত। আজান ফকিৰে এই জিকিৰ সমূহ ৰচনা কৰিছিল। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাবাদর্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কর্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্রকাশ কৰা হৈছে।
চ) দেহবিচাৰৰ গীত: দেহবিচাৰৰ গীত সমূহ মানুহৰ দেহতত্ত্ব সম্পর্কীয় আধ্যাত্মিক গীত। এই গীত সমূহত মানৰ দেহৰ ক্ষণস্থায়িত্ব, আত্মাৰ অবিনশ্বৰতা, কাম-ক্রোধ, লোভ-মোহ’ আদিৰ প্রভাৱ প্রধানকৈ প্রকাশ কৰা হয়। এই গীতবোৰত প্রতীকৰ মাধ্যমেদি, বিশেষকৈ দেহটোক ঘৰ, নাও, গছ আদিৰ সহায়ত উপলব্ধি কৰিবলৈ চেষ্টা কৰা হয়।
ছ) হুঁচৰিগীত: হুঁচৰি গীত হৈছে ব’হাগ বিহুত গাঁৱৰ ডেকা-গাভৰু সকলো মিলি বা জুম বান্ধি ঘৰে ঘৰে লৈ ঢোল, তাল, পেঁপা, গগনা আদি বজাই গৃহস্থৰ মংগল কামনা কৰি গোৱা গীত।
যেনে:দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই অ’ গোবিন্দাই ৰাম।
৪। লোক জীৱন তিনিটা ভাগত বিভক্ত।’- লোক জীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰ: লোক জীৱন তিনিটা ভাগত বিভক্ত। ভাগ কেইটা হৈছে –
ক) সামাজিক আচাৰ-অনুষ্ঠান,
খ) ভৌতিক বা বস্তু সংস্কৃতি আৰু
গ) লোক পৰিৱেশ্য কলা।
ক) সামাজিক আচাৰ-অনুষ্ঠান: সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা, অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত।
খ) ভৌতিক বা বস্তুসংস্কৃতি: লোক সংস্কৃতিৰ দৃশ্যমান দিশটোৱেই হ’ল ভৌতিক সংস্কৃতি। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়ন সামগ্রী।
গ) লোক পৰিৱেশ্য কলা: পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট-আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে।
৫। বহলাই লিখা:
ক) সামাজিক আচাৰ- অনুষ্ঠান: সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা, অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবোৰ প্রধানভাবে লোকবিশ্বাসৰ সৈতে জড়িত।সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত। যেনে: উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোক ধর্ম। এই বোৰৰ মাজতে লোক সমাজৰ পৰম্পৰাগত জীৱন।
খ) লোক পৰিৱেশ্য কলা: লোক জীৱনৰ শেষৰ ভাগটো হৈছে লোক পৰিৱেশ্য কলা। লোক সমাজৰ পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা, বা গীত গোৱা আদিক পৰিৱেশন কৰা বোলে। এনে ধৰণৰ পৰিৱেশন পদ্ধতি এজন বা কেইবাজনো লোকে লোক বাদ্য-যন্ত্র, নৃত্যৰ পোছাক -পৰিচ্ছদ আৰু দৃশ্য-বিৱৰণিৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰে।
গ) ভৌতিক বা বস্তু সংস্কৃতি: ভৌতিক বা বস্তু সংস্কৃতি হ’ল লোক-সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তুসংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগ কেইটা হৈছে লোক কলা, লোক শিল্প, লোক-স্থপতি -কলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।
৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্রেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: লোক নাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লেখকে কৈছে। এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত বেছি গুৰুত্ব দিয়া নহয়।
সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্বহে বেছি। লোক- নাটত গীত-নৃত্য আৰু বাদ্যযন্ত্ৰৰ সমাহাৰ ঘটে আৰু সংলাপ অবিহনে অভিনয়ৰ দ্বাৰা কাহিনী পৰিস্ফুট কৰাৰ চেষ্টা কৰে।
৭/ লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।
উত্তৰ: লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি।
সেই ভাগবোৰ হৈছে:
ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত,
খ) গদ্যধর্মী লোককথা,
গ) প্রবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ,
ঘ) সাঁথৰ আৰু
ঙ) লোকভাষা।
৮। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী কি? ইয়াৰ উপবিভাগ কি কি?
উত্তৰ: জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী।
ভৌতিক বা বস্তু-সংস্কৃতিৰ উপবিভাগ কেইটা হৈছে-লোককলা, লোকশিল্প, লোক -স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।
৯/ ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা গীতটি কোনে লিখিত ৰূপ দিয়ে?
উত্তৰ: অ’ মাই যশোৱা হে, মাইহে যশোৱা গীতটি ড° ভূপেন হাজৰিকাই লিখিত ৰূপ দিয়ে।
১০। তাৎপর্য ব্যাখ্যা কৰা:
ক) লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।
উত্তৰ: সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিবৰ্তন ঘটে। পৰস্পৰাগত লোকসংস্কৃতিৰ উপাদান বোৰত আধুনিকতাৰ পৰশ পৰি সময় সাপেক্ষ স্থিতি লাভ কৰে। মানুহ শিক্ষিত হোৱাৰ লগে লগে মুখে মুখে চলি অহা গীত-মাতবোৰে লিখিত ৰূপ পালে আৰু কিছু নতুনত্ব লাভ কৰিলে। তেনেকৈ সভ্যতাৰ উন্নতিৰ লগে লগে মানুহৰ ৰুচিবোধ আৰু জীৱন ধাৰণৰ প্ৰণালী উন্নত হ’বলৈ ধৰিল।ফলত লোক সংস্কৃতিৰ উপাদান বোৰত বাহ্যিকতাৰ প্রভাৱ পৰিল। এনেকৈ সময় বাগৰাৰ লগে লগে আৰু সভ্যতাৰ ক্ৰমবিকাশৰ ফলত লোক সংস্কৃতিয়েও দ্বিতীয় অস্তিত্ব লাভ কৰিছে। তেনে অৱস্থাতো লোকসংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। সেয়ে কোৱা হৈছে লোকসংস্কৃতি পুৰণি হৈও নতুন, আৰু নতুন হৈও পুৰণি।
খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবর্তন ঘটে।
উত্তৰ: গঞা সমাজে পালন কৰা বিভিন্ন উৎসৱ-পার্বণ, ৰীতি-নীতি, আচাৰ-আচৰণ, খাদ্য ৰীতি, সাজ সজ্জা, গীত-মাত, অভিনয় আদিৰ সামগ্ৰীক ৰূপটোৱেই হৈছে লোকসংস্কৃতি। কিন্তু এই লোক সংস্কৃতি এটা স্থৱিৰ বস্তু নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সভ্যতাৰ ক্ৰমবিকাশ ঘটে সভ্যতাৰ উন্নতিৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, ৰুচিবোধ ইত্যাদিৰ পৰিৱৰ্তন হয়। কৃষি, শিল্প, বাণিজ্য, শিক্ষা আদি সকলো ক্ষেত্রতে আমূল পৰিৱৰ্তন হয়। ফলত লোক সংস্কৃতিৰ ক্ষেত্ৰটো পৰিৱর্তনে দেখা দিয়ে বা নতুনত্বৰ প্রভাৱ পৰে। লোকসংস্কৃতিৰ পৰস্পৰাগত উপাদানবোৰত আধুনিকতাৰ প্ৰভাৱ পৰাৰ ফলত এক নতুন ৰূপ পায়, অর্থাৎ লোক-সংস্কৃতিৰ ৰূপান্তৰ ঘটে। সেয়ে কোৱা হৈছে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে।
১১/ তলৰ শব্দ কেইটাত মূৰ্দ্ধণ্য ‘ণ’ আৰু ‘ ষ’ হোৱাৰ কাৰণ দর্শোৱা:
কৃষি: কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধণ্য ষ হয়। কৃষি শব্দটোত স্বাভাৱিকতে ষ হৈছে।
অনুষ্ঠান: ষত্নবিধি মতে ট বর্গব লগত যুক্ত দন্ত্য স, মূৰ্দ্ধণ্য ষ হয়। অনুষ্ঠান শব্দটোত ঠ ৰ লগত যুক্ত হোৱা বাবে ষ হৈছে।
ধাৰণ: ণত্নবিধি মতে একেটা পদতে ঋ, ৰ আৰু ষ থাকিলে ন ৰ ঠাইত ণ হয়। ‘ধাৰণ’ শব্দটোত ‘ৰ’- থকাৰ বাবে ণ-হৈছে।
আহৰণ: ণত্নবিধি মতে একেটা পদতে য, ৱ বা হ থাকিলে ন ৰ ঠাইত ণ হয়। আহৰণ শব্দটোত ‘হ থকাৰ বাবে ণ হৈছে।
১২/ বিপৰীত অর্থ বুজোৱা শব্দ লিখা:
বিশ্বাস – অবিশ্বাস
মৌখিক – লিখিত
সংযোগ – বিয়োগ
প্রয়োজনীয় – অপ্রয়োজনীয়
জন্ম- মৃত্যু
উচিত – অনুচিত
১৩। সমার্থক শব্দ লিখা:
গঞা – গাঁৱলীয়া
পিতা – পিতৃ
বেমাৰ – ৰোগ
চহৰ – নগৰ
লোক – জন
Class 9 Assamese Chapter 12 লোক সংস্কৃতি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
📥 What This Page Includes:
- ✅ Chapter 12 complete question answers
- ✅ Explained in student-friendly Assamese
- ✅ Based on SCERT textbook pattern
- ✅ Prepared for best exam results
🧠 Why This Chapter Is Important:
- Learn about Assam’s traditional lifestyle
- Explore folk music, dance, dress, and food
- Understand the role of culture in daily life
- Great for cultural awareness and essay-type questions
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com