Class 9 Assamese Chapter 13 | হনুমন্তৰ লংকাদৰ্শন– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
🔍 Chapter Overview
“হনুমন্তৰ লংকাদৰ্শন” হৈছে পৱিত্ৰ ৰামায়ণ কাব্যৰ অংশবিশেষ। এই অধ্যায়টিত হনুমানে ৰামৰ কাষৰ পৰা অতি গুৰুত্বপূর্ণ দায়িত্ব লাভ কৰি লংকালৈ গমন কৰি সীতাৰ সন্ধান কিদৰে কৰিছিল, সেই দৃষ্টিভংগীৰে ঘটনা সমূহ বৰ্ণনা কৰা হৈছে।
- 🏫 Subject: Assamese
- 🎓 Class: 9
- 📚 Board: SEBA (Assam Board)
- 🔢 Chapter Number: 13
- 📖 Chapter Name: হনুমন্তৰ লংকাদৰ্শন
- 📅 Academic Year: 2025
হনুমন্তৰ লংকাদৰ্শন
Class 9 Assamese Chapter 13 হনুমন্তৰ লংকাদৰ্শন | Complete Question Answer in Assamese Medium
হনুমন্তৰ লংকাদৰ্শন
নৱম শ্ৰেণী
অসমীয়া
১। ক) মাধৱ কন্দলী কোন আছিল?
উত্তৰ: মাধব কন্দলী আছিল শংকৰ পূর্ব যুগৰ কবিসকলৰ ভিতৰত এগৰাকী শ্রেষ্ঠ কবি।
খ) মাধব কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উত্তৰ: মাধব কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল।
গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উত্তৰ: মাধৱ কন্দলীৰ ৰামায়ণত আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজৰ পাঁচটা কাণ্ড পোৱা যায়।
ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল?
উত্তৰ: মাধৱ কন্দলীক শংকৰদেৱে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল।
ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উত্তৰ: মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰে।
চ) হনুমন্তৰ লঙ্কাদর্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰ: হনুমন্তৰ লঙ্কাদর্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।
২। মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উত্তৰ: মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম হৈছে- হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্র কালিন্দী আৰু কবিৰত্ন সৰস্বতী।
৩। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উত্তৰ: মাধৱ কন্দলীয়ে ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ বৰাহী ৰাজ্যৰ ৰজা আছিল।
৪। তলত দিয়া বোৰৰ টোকা-লিখা:
হনুমন্ত : মহাবীৰ হনুমান বা হনুমন্ত আছিল বাসু দেৱতাৰ পুত্র। সেয়ে তেওঁক পৱন নন্দন বুলিও কোৱা হয়।মহাবীৰ হনুমান অতি বলী আৰু পৰাক্ৰমী আছিল। তেওঁ ভগৱান ৰামচন্দ্ৰৰ একান্ত ভক্ত আছিল। সীতাৰ সন্ধানত হনুমন্তই জাঁপ মাৰি সাগৰ পাৰ হৈ লংকালৈ গৈছিল আৰু বান্দৰ সেনাৰ সেনাপতি হৈ লংকাৰ ৰণত ৰামচন্দ্ৰক সহায় কৰিছিল।
সুগ্রীৱ: ৰামায়ণ অনুসৰি সুগ্রীৱ আছিল কিষ্কিন্ধ্যাৰ বান্দৰৰ ৰজা বালীৰ ভায়েক। তেওঁ আছিল ভগৱান ৰামৰ পৰম বন্ধু। ৰাম ৰাৱণৰ যুদ্ধত ৰামক সহায় কৰিবৰ বাবে তেওঁ হনুমন্তৰ লগত সাগৰ পাৰহৈ লংকালৈ গৈছিল।
নীল: নীল আছিল বান্দৰ সেনাৰ এজন সেনাপতি। সীতা অন্বেষণৰ বাবে তেওঁ হনুমন্তৰ লগত লংকালৈ গৈছিল আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰিছিল।
অম্লাবতী: অম্লাবতী বা অমৰাৱতী হৈছে দেৱতাসকল থকা ঠাই, চমুকৈ দেৱপুৰী। এই ঠাইক ইন্দ্ৰৰ নগৰ বা স্বৰ্গৰ ৰাজধানী বুলি কোৱা হয়। বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত এই দেৱপুৰীৰ সৌন্দর্য অতুলনীয়।
কাশ্যপ নন্দন: সূর্য দেৱতাৰ অন্য নাম কাশ্যপ নন্দন। তেওঁ কাশ্যপঋমি আৰু অদিতিৰ পুত্র আছিল। সেইবাবে কাশ্যপ নন্দন বুলিও কোরা হয়।
বিশ্বকর্মা: বিশ্বকর্মা আছিল ব্রহ্মাৰ পুতেক আৰু দেবতা বিলাকৰ শিল্পকাৰ। তেওঁ দেৱতাসকলৰ বিমান, অলংকাৰ আদি নির্মাণ কৰা দেৱতা হিচাপে খ্যাত। শিল্পীগণৰ ভিতৰত বিশ্বকর্মাক শ্রেষ্ঠ বুলি কোৱা হয়।
৫) লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল – ফুলৰ গছ দেখিবলৈ পাইছিল ?
উত্তৰঃ লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই দেখা পোৱা ফলৰ গছ সমূহ আছিল ঔ টেঙা, কমলা টেঙা আঙুৰ, বগৰী, নেমু, সোলেং, খেজুৰ, তেঁতেলি, আম, জাম, শিলিখা, আমলখি, নাৰিকল, শ্রীফল, কদ্দৈ, অমৰা ইত্যাদি।
হনুমন্তই দেখা পোৱা ফুল গছ সমূহ আছিল-কদম, গোলাপ, পাৰিজাত, সেৱতী, মালতী, ইত্যাদি।
৬। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্রবেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল।
উত্তৰ: হনুমন্তই বিৰাল বা মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্রবেশ কৰিছিল।
হনুমন্তৰ শৰীৰ আছিল বিৰাট ডাঙৰ। সেই বৃহৎ আকাৰৰ শৰীৰে লংকা নগৰীত প্রবেশ কৰিলে ৰাক্ষসে ধৰি বান্ধি ঘৰে ঘৰে লৈ ফুৰাব বুলি ভাবি তেওঁ সামান্য এটা বিৰাল বা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীত প্রবেশ কৰিছিল।
৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
উত্তৰ: হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী খন আছিল অতি বিতোপন। তেওঁৰ এনে লাগিছিল যে লংকা নগৰীখন বিশ্বকর্মাই নিৰ্মাণ কৰা দেৱপূৰী অমৰাৱতীহে। সোণালী বৰণৰ প্রাচীৰে চাৰিওফালে গোটেই নগৰীখন বেৰি আছে। ঠাইয়ে ঠাইয়ে সুবর্ণ মাণিক জ্বলি নগৰীখন উজ্জ্বলাই তুলিছে। ঠাইখন বহল ডাঙৰ আৰু নানা যন্ত্র সাজি শাৰী শাৰীকে থোৱা আছে। দেৱতা কিম্বা অসুৰ কোনেও তাত সহজে প্রবেশ কৰিব নোৱাৰে।
৮/ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?
উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি বীৰ হনুমন্ত বহুত চিন্তাবিষ্ট হৈ পৰিছিল। অতি দুর্গম ঠাইখনত তেওঁ কেনেকৈ প্রবেশ কৰিব তাকে ভাবি চিন্তাত পৰিছিল। অঙ্গদ, সুগ্রীৱ, আৰু নীল আদি বান্দৰ সেনাৰ সৈতে সাগৰ পাৰ হৈ আহিল, কিন্তু এই বান্দৰ সেনাই এই লংকা নগৰীতকেনেকৈ কি কাম কৰিব। তেওঁ ভগৱান ৰামৰ নাম স্মৰণ কৰি ভাবিলে যে যত ভগৱান ৰামৰ অচিন্ত্য প্রভাৱ আছে,তাত ভয় সংশয়ৰ কোনো কাৰণ নাই।
৯/ সুবেল-শৃংগত বহি হনুমন্তই কি’ ভাবিছিল?
উত্তৰ: সীতাৰ অন্বেষণত যোৱা হনুমন্তই বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্রিকূটপিৰি শৃংগত অৱতৰণ কৰি কিছু সময় জিৰণি লয়। ত্রিকূট শৃংগৰ পৰা তেওঁ লংকানগৰীখন অতি বিতোপন দেখিছিল, আৰু দ্বিতীয় স্বর্গ-পুৰী অমৰাৱতী যেন অনুভৱ হৈছিল। তেওঁ ভাবিছিল যে কোনো ভয় শংকা নোহোৱাকৈ সাগৰ পাৰ হৈ এই অচিন ঠাইত সুস্থ শৰীৰে অৱতৰণ কৰিব পাৰিলে যেতিয়া আৰু কোটি যোজন বাট যাবলৈও তেওঁৰ সাহ আছে। মূৰ তুলি তেওঁ অস্ত যাব ধৰা আদিত্য অর্থাৎ সূর্যদেৱতাক দেখি প্রণাম কৰে আৰু দিনৰ ভাগতে লংকাৰ গড় ফুৰি চোৱাৰ ইচ্ছা কৰে।
১০/ ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ:- ‘হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশটো মাধৱ কন্দলীৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তর্গত। ইয়াত কবিয়ে মূল বিষয়বস্তু চমু ৰূপত উপস্থাপন কৰিছে। কাব্যাংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল শৃংগত অৱতৰণ কৰা আৰু সেই শৃংগৰ পৰা দৃষ্টিগোচৰ হোৱা লংকা নগৰীৰ কিছু মনোমোহা দৃশ্যৰ বিৱৰণেই হল ইয়াৰ মূল বিষয় বস্তু।
হনুমন্তই সুবেল শৃংগৰ পৰা লংকাৰ মনোমোহা সৌন্দর্য দেখি মুগ্ধ হৈ গৈছে। কিন্তু সেই দৃশ্য উপভোগ কৰি থাকোঁতেই বেলি অস্ত যাবলৈ ধৰে। তেতিয়া হনুমন্তই দিনৰ ভাগতে লংকাখন ভালদৰে চাই-চিতি লোৱাৰ বাবে সূর্য দেৱতাক হাতযোৰ কৰি আৰু কিছু সময় ৰ’বলৈ অনুৰোধ জনায়। সূর্যদেৱতাইও ৰামভক্ত হনুমানৰ প্ৰাৰ্থনা শুনি কিছু সময় ৰৈ দিয়ে। বেলিৰ পোহৰত সুবেলৰ পৰা নামি নগৰৰ পিনে যাওঁতে তেওঁ নানান ধৰণৰ ফল-ফুলৰ গছেৰে জাতিষ্কাৰ হৈ থকা লংকাৰ বননি দেখিছিল। জলাশয়বোৰত পদুম ফুল ফুলি আছে আৰু তাত ভোমোৰাবোৰে মৌ চুহি আনন্দতে নাচি-বাগি আছে। ইয়াৰ বাহিৰেও চৰাই-চিৰিকটিবোৰৰ মধুৰ মাতে লংকা নগৰী ৰজনজনাই আছে। এনেদৰে লংকাৰ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দর্য্য উপভোগ কৰাৰ অন্তত গধূলি সময়ত তেওঁ নগৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ বাবে তেওঁৰ বিশাল শৰীৰটো এটা মেকুৰীৰ ৰূপলৈ পৰিৱৰ্তন কৰে ,যাতে ৰাক্ষসবিলাকে তেওঁক চিনি নাপায়।তেওঁ দেৱালৰ ওপৰেৰে লংকা নগৰীখন স্বৰ্গৰ অমৰাবতী যেন দেখিলে, যাক বিশ্বকর্মাই নানা প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে। চাৰিওফাল সোণৰ দেৱালে বেৰি থকা লংকা নগৰীৰ অনেক যোজন পথ সোণ, মণি, মুকুতাৰে জিলিকি আছে। ইয়াৰ চাৰিওফালে নানা যন্ত্র-পাতিৰে তৈয়াৰী দুৰ্গবোৰ দেৱতা, অসুৰেও পাৰ হোৱাটো সম্ভৱ নহয়। তেনে ক্ষেত্রত সাধাৰণ বান্দৰ বিলাকে কেনেকৈ সীতাক উদ্ধাৰৰ বাবে লংকাত প্ৰৱেশ কৰিব সেই লৈ হনুমন্তৰ মনত চিন্তাৰ উদ্ৰেক ঘটিছে।
১১/ আধুনিক ৰূপ লিখা
কণ্টকি- কাঁইটীয়া গছ
ছাতিয়াল – ছতিয়না গছ
তহিতে – তাত
দেখিলন্ত – দেখিলে
১২/ সমার্থক শব্দ
গগন – আকাশ
বিৰাল – মেকুৰী
গড় – প্রাচীৰ | ঢাপ
সমুদ্র – সাগৰ
প্ৰৱন – বায়ু
✍️ Summary (সাৰাংশ)
এই পাঠত বৰ্ণনা কৰা হৈছে, হনুমানে ৰামৰ আদেশত কিদৰে সমুদ্ৰ পাৰ হৈ লংকালৈ গৈছিল। লংকাৰ সৌন্দৰ্য, ৰাৱণৰ ৰাজপ্ৰাসাদ, আৰু সীতাৰ অৱস্থাক লক্ষ্য কৰি তেওঁ বেদনাহত হয়, কিন্তু তেওঁ নিজৰ ধৈৰ্য আৰু বুদ্ধিৰে সকলো পৰিস্থিতিক সন্মুখীন হয়। হনুমানৰ সাহস, একাগ্ৰতা আৰু দেশপ্ৰেমৰ এক অসাধাৰণ উদাহৰণ এই পাঠৰ মাজেৰে প্ৰকাশ পায়।
Class 9 Assamese All Question Answer- Click Here

📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com