Assam Board Exam

সন্মান| Class 9 Assamese Chapter 16

Class 9 Assamese Chapter 16 সন্মান– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

  • 🏫 Subject: Assamese
  • 🎓 Class: 9
  • 📚 Board: SEBA (Assam Board)
  • 🔢 Chapter Number: 16
  • 📖 Chapter Name: সন্মান

🔍 Chapter Overview (পাঠ পৰিচয়)

“সন্মান” পাঠটিত মানুহৰ আত্মমৰ্যাদা, নিজস্ব মূল্যবোধ আৰু সমাজত একে অপৰজনৰ প্ৰতি থকা সন্মানৰ বোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই মানুহৰ চিন্তা-চেতনাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পৰা এটি পাঠ।

Class 9 Assamese Chapter 16 সন্মান | Complete Question Answer in Assamese Medium


সন্মান

নৱম শ্ৰেণী

অসমীয়া

১/ অতি চমু উত্তৰ দিয়া

 ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে?

উত্তৰ: অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখন অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে স্ব-প্ৰধান হৈ নিজৰ ইচ্ছামতে আচৰণ কৰে।


খ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে?

উত্তৰ: ছাতৰে শিক্ষকৰ ধাৰ শুজিব নোৱাৰে, কিয়নো শিক্ষকৰ ধাৰ শুজিব পৰা বস্তু পৃথিৱীত একোৱেই নাই।


গ) তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’- তেওঁ’ কোন?

উত্তৰ: ‘তেওঁ দেৱতাৰে৷ দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ ‘তেওঁ’ হৈছে ঈশ্বৰ ।


ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰ: হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।


ঙ) ‘হেমকোষ’ কি?

উত্তৰ: ‘হেমকোষ’ অসমীয়া ভাষাৰ অভিধান।


চ) ‘কানীয়াৰ কীৰ্তনৰ’ ৰচক কোন?

উত্তৰঃ ‘কানীয়াৰ কীৰ্তন’ৰ ৰচক হেমচন্দ্ৰ বৰুৱা।।


২। ‘ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’- কথাষাৰ বুজাই লিখা।

উত্তৰ: ঈশ্বৰে এই বিচিত্র পৃথিৱীখন সৃষ্টি কৰিছে। পিতৃ-মাতৃয়ে আমাক জন্ম দিয়াৰ বাবে এই বিচিত্র পৃথিৱীখন বা সংসাৰখন দেখিবলৈ পাইছো। পিতৃ-মাতৃয়ে অনেক দুখ-কষ্ট সহি আমাক কেঁচুৱাৰ পৰা ডাঙৰ কৰে। আমি নাখালে তেওঁলোকৰ আহাৰত ৰুচি নহয়। আমি দুখ পালে বা নৰিয়া পৰিলে তেওঁলোক শোকত বিহ্বল হয় আৰু আৰোগ্যৰ নিমিত্তে যত্ন কৰে। আমি অলপ ডাঙৰ হোৱা লগে লগে তেওঁলোকে আমাক জ্ঞান বিদ্যা শিকাই ভাল মানুহ কৰিবৰ কাৰণে পাৰে মানে যত্ন কৰে। আমি ধনী, মানী আৰু যশস্বী হ’লে তেওঁলোকৰ আনন্দৰ সীমা নাথাকে। আমাৰ দুৰ্যশ বা দুর্ভাগ্যৰ কথা শুনিলে তেওঁলোকৰ মুখ মলিন হয় আৰু চকু লোতকেৰে পুৰ হয়। সেই পিতৃ-মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। সেয়ে কোৱা হৈছে -“ঈশ্বৰৰ পিচতে পিতৃ-মাতৃ আমাৰ মাননীয়।’


৩/  শিক্ষকৰ প্রতি ছাত্রই মান-সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰ: শিক্ষক সকল হৈছে ছাত্র-ছাত্রীৰ গুৰু, জ্ঞান দিওঁতা। ছাত্রসকল যেতিয়া একেবাৰে অজ্ঞ হৈ থাকে অর্থাৎ নেদেখা নজনা অৱস্থাত থাকে, শিক্ষক সকলেই তেওঁলোকক কণা মানুহক চকু দান দিয়াৰ দৰে জ্ঞান চকু মুকলি কৰি দিয়ে। শিক্ষকসকলৰ যত্নতে ছাত্র সকলে নজনাটো জানিব পাৰে, নুবুজাটো বুজিব পাৰে আৰু জ্ঞানৰ সাগৰত বুৰ মাৰিবলৈ সাহস গোটাব পাৰে। শিক্ষকসকলেই ছাত্র-ছাত্রীক জীৱন গঢ়াৰ পথ মুকলি কৰি দিয়ে। সেয়ে শিক্ষকৰ প্ৰতি ছাত্রই মান-সৎকাৰৰাখিব লাগে।


৪/ ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা।

উত্তৰ: হেমচন্দ্ৰ বৰুৱাদেৱৰ ‘সন্মান’ পাঠটো এটা সময়োচিত আৰু গুৰুত্বপূর্ণ পাঠ। পাঠটোৰ পৰা আমি ভালেখিনি শিক্ষা লাভ কৰিব পাৰিলো।

সন্মান হৈছে এজনে আনজনৰ প্রতি দেখুওৱা শ্রদ্ধা বা আদৰ। আমাৰ ব্যক্তিগত আৰু সামাজিক উভয় জীৱনতে এই শ্রদ্ধা, আদৰ বা সন্মান অপৰিসীম। সমাজ পাতি বাস কৰা প্রত্যেকেই প্রত্যেকক উপযুক্ত সন্মান প্রদর্শন কৰিলেহে সমাজখন শৃংখলিত হৈ থাকে। পাঠটোৰ পৰা আমি প্রকৃত সন্মানৰ পাত্ৰ কোন, সেইসকলক কিয় আৰু কেনেকৈ সন্মান বা শ্রদ্ধা কৰিব লাগে, সন্মান প্রদর্শনে মানুহক কিদৰে মহান কৰে এই আটাইবোৰ কথা আমি সুন্দৰকৈ বুজিব পাৰিলো।


ভাষা বিষয়ক:

১। সমার্থক শব্দ লিখা:

নৰিয়া – বেমাৰ

জগত – পৃথিবী

লোতক  –  অশ্রু

চকু – নয়ন

হেতু – কাৰণ

মান – সন্মান


২। বিপৰীত শব্দ লিখা:

শ্রদ্ধা – অশ্রদ্ধা

শলাগ – নিন্দা

আদি – অন্ত

দুষ্ট – শান্ত

জ্যেষ্ঠ – কনিষ্ঠ

ন্যায় – অন্যায়


✍️ Summary (সাৰাংশ)

এই পাঠটিত লেখকে মানুহৰ জীৱনত সন্মানৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰিছে। সন্মান মাথোঁ ধন-সম্পত্তিৰে কিনিব নোৱাৰি, ই মানুহৰ চিন্তা, আচার-ব্যৱহাৰ আৰু সৎ জীৱনপদ্ধতিৰে আহে। পাঠটোৱে সমাজত একে অপৰজনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ দ্বাৰা মানুহৰ জীৱনত হোৱা ইতিবাচক পৰিবৰ্তনৰ বর্ণনা দিছে।


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 16 সন্মান Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment