Assam Board Exam

মানৱ বন্দনা | Class 9 Assamese Chapter 2

Class 9 Assamese Chapter 2 মানৱ বন্দনা – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9

📘 Chapter Overview

“মানৱ বন্দনা” হৈছে Class 9 Assamese পাঠ্যকৰ্মৰ দ্বিতীয় অধ্যায়। এই কবিতাটোত কবিয়ে মানুহৰ মহানতা, বুদ্ধি, নৈতিকতা আৰু সৃষ্টি-ক্ষমতাৰ বন্দনা কৰিছে। কবিতাটো এটি প্ৰেৰণাদায়ক সৃষ্টি, যিয়ে মানুহক আত্মবিশ্বাসী আৰু আদৰ্শ জীৱন গঢ়ি তুলিবলৈ উৎসাহিত কৰে।


🔑 Key Topics Covered

  • কবিতাৰ মূল ভাব
  • মানুহৰ বুদ্ধি, শক্তি, আৰু সৃষ্টিশীলতাৰ গুণ
  • নৈতিক মূল্যবোধ আৰু আদৰ্শ
  • কবিৰ উদ্দেশ্য
  • প্ৰশ্নোত্তৰ আৰু বিশ্লেষণ

Class 9 Assamese Chapter 2 মানৱ বন্দনা | Complete Question Answer in Assamese Medium


মানৱ বন্দনা

নৱম শ্ৰেণী

অসমীয়া

ভাব-বিষয়ক

১। চমু উত্তৰ লিখাঃ

(ক) ‘মানুহেই পৰাৎপৰ’  বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ  অৰ্থ হৈছে এই পৃথিৱীত মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ  জীৱ।


খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অর্থ কি?

উত্তৰ: মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ হৈছে- মানুহ মায়া, মোহ আৰু ভ্রান্তি উপজোৱা জীৱ।


গ) পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?

উত্তৰ: মানুহেই মানুহৰ বাবে দেৱতা। মানুহেই মানুহৰ লগ, সংগ সকলো। মানুহক সেৱা শুশ্রূষা কৰাই মানুহৰ পৰম ধর্ম। মানৱ সেৱাৰ জৰিয়তে ভগৱানৰ কৃপা লাভ কৰিব পাৰি। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।


২। ‘মানৱ বন্দনা ‘কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰ: ‘মানৱ বন্দনা’ কবিতাটো কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ উদাৰ মানৱতাবাদ প্রকাশ পোৱা এটি উৎকৃষ্ট কবিতা। কবিতাটিৰ জৰিয়তে কবিয়ে মানুহেই যে শ্ৰেষ্ঠ জীৱ সেই কথা অতি সুন্দৰ আৰু সাবলীল ভাৱে প্ৰকাশ কৰিছে।

এই পৃথিৱীত মানুহৰ সোঁত অন্তহীন ভাবে বৈ আছে। এই পৃথিৱীতে মানুহৰ জন্ম হৈছে, কর্ম কৰিছে আৰু মৃত্যুৰ লগে লগে এই পৃথিৱীতে বিলীন হৈছে। গতিকে পৃথিৱীখনেই মানুহৰ আপোন আৰু নিজাপী ঘৰ।জীৱন কালত মানুহেই মানুহৰ লগ, সংগ আৰু বিপদ আপদৰ বন্ধু। সেয়ে মানুহৰ পাৰস্পৰিক মৰম-চেনেহৰ জৰিয়তে এই মর্ত্যতে স্বর্গীয় সুখ লাভ কৰিব পাৰি আৰু তাতেই ভগৱানো সন্তষ্ট হয়। সেয়ে কবিয়ে দেৱ পূজা সলনি মানৱ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে। তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ’ব ।


৩। ‘এই যে পৃথিৱী স্বর্গতো অধিক

মানুহৰ নিজাপী ঘৰ।’- কথাষাৰৰ অৰ্থ বুজাই লিখা

উত্তৰঃ পৃথিৱীখনেই মানুহৰ অতি আপোন, নিজাপী ঘৰ। এই পৃথিৱীতে মানুহে জন্ম লাভ কৰে, কর্ম কৰে আৰু মৃত্যুৰ লগে লগে এই পৃথিৱীতে বিলীন হৈ যায়। গতিকে পৃথিৱীখনেই মানুহৰ বাবে স্বর্গতকৈও শ্রেষ্ঠ, স্থায়ী বসতি স্থান আৰু নিজাপী ঘৰ ।


৪/ তাৎপর্য ব্যাখ্যা কৰা:

(ক) মানৱী জনম দিয়া উটুৱাই

         মানৱী কৰম সোঁতে,

   মানুহৰ মৰম বুজিবা মানুহে

             ধৰম যে মৰমতে।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত অসমীয়া সাহিত্য চয়ানিকা অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ‘মানৱ বন্দনা ‘কবিতাটিৰ পৰা তুলি অনা হৈছে।

মানৱ সেৱা যে পৰম ধৰ্ম উক্ত কবিতাফাঁকিৰ মাজেৰে কবিয়ে তাকেই বৰ্ণনা কৰিছে।

                        মানুহ হৈছে দেৱতাৰ তুল্য। দেৱ পূজা নকৰি মানুহৰ পূজা কৰিলেই  মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ’ব। কিয়নো মানুহ সামাজিক প্রাণী। মানুহ অবিহনে মানুহ জীয়াই থকা সম্ভৱ নহয়। গতিকে জীয়াই থকা কালচোৱাত সকলোৰে লগত মিলা-প্রীতি, সদ্‌ভাব আৰু পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে জীয়াই থাকিব পৰাটোৱেই মানুহৰ প্ৰকৃত ধর্ম। এই ধর্ম পালন কৰিলে সকলো লোকে সুখ, শান্তি আৰু আনন্দত দিন কটাব পাৰিব।


খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

            জয় জয় মানৱ দেৱ।

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত অসমীয়া সাহিত্য চয়ানিকা অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ‘মানৱ বন্দনা ‘কবিতাটিৰ পৰা তুলি অনা হৈছে।

            উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহেই যে সৰ্বশ্ৰেষ্ঠ , মানুহৰ বিনে যে পৃথিৱীত কোনো নাই সেই কথা অৱতাৰণা কৰিছে।

মানুহ দেৱতাতকৈও শ্রেষ্ঠ। এই পৃথিৱীত দেৱতা পূজা সলনি কবিয়ে মানৱ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইেছ।মানুহেই মানুহৰ বাবে দেবতা। মানুহৰ বাদে মানুহৰ অন্য লগ সংগ বা বিপদৰ বন্ধু নাই।গতিকে মানুহৰ পাৰস্পৰিক স্নেহ বান্ধোন আৰু সেৱা  শুশ্রূষাৰ যোগেদি এই পৃথিৱীতে স্বর্গীয় সুখ লাভ কৰিব পাৰি,আৰু তাতেই ভগৱানো সন্তষ্ট হয়। সেয়ে কবিয়ে দেৱতা স্বৰূপ মানুহক অতি আন্তৰিকতাৰে পূজা কৰিব লাগে বুলি কৈছে, তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ’ব ।সেয়ে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ বন্দনা কৰিবলৈ সকলোকে আহ্বান জনাইছে।


৫। সমার্থক শব্দ

মানুহ-মানৱ

সংগ- লগ

পৃথিৱী – ধৰিত্ৰী, ধৰা

সোঁত – ধাৰা

স্বর্গ – সৰগ

দেৱ – দেৱতা


📚 Detailed Summary (সাৰাংশ)

এই কবিতাত কবিয়ে মানৱৰ মানৱত্ব, চিন্তাশক্তি, কৰ্মশক্তি আৰু চেতনাক বন্দনা কৰিছে।
মানুহ প্রকৃতিকে জয় কৰাৰ যোগ্যতা ৰাখে, আৰু তেওঁৰ শক্তি, জ্ঞান আৰু কৰ্মই তেওঁক এই পৃথিৱীত বিশেষ স্থান দিছে।
মানুহৰ প্ৰকৃতিৰ সৈতে সহাবস্থান, নৈতিকতা, আৰু উন্নতিৰ মনোভাবক প্ৰশংসা কৰা হৈছে।
কবিতাটো মানুহক আত্মবিশ্বাস, সাহস, আৰু আদৰ্শপূৰ্ণ জীৱন গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।


Class 9 Assamese All Question Answer- Click Here


Class 9 Assamese Chapter 2 মানৱ বন্দনা  Complete Question Answer in Assamese Medium

📌 Important Links

🔗 More Study Materials


🔔 Join Our Study Groups

📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now

▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment