Class 9 Assamese Chapter 3 গীত আৰু ছবি– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
✅ 📘 Chapter Overview
“গীত আৰু ছবি” হৈছে এক হৃদয়স্পৰ্শী ৰচনাৰ সংকলন, য’ত গীত আৰু চিত্রৰ দ্বাৰা জীৱনৰ বৰ্ণনা কৰা হৈছে। এই অধ্যায়ত গীতৰ সুৰ আৰু ছবিৰ ৰঙে জীৱনক কেনেদৰে স্পৰ্শ কৰে, সেইটো বৰ্ণনা কৰা হৈছে। ই শিক্ষাৰ্থীক মনোজগত, কল্পনা আৰু সৃষ্টিশীলতা বিকাশ কৰাত সহায় কৰে।
✅ 🔑 Key Topics Covered
- গীত আৰু ছবিৰ সংজ্ঞা
- কল্পনা আৰু ভাবনা
- সৃষ্টিশীলতা আৰু অনুভূতি
- সাহিত্য আৰু কলাৰ সংযোগ
- প্ৰশ্নোত্তৰ আৰু বিশ্লেষণ
গীত আৰু ছবি
Class 9 Assamese Chapter 3 গীত আৰু ছবি| Complete Question Answer in Assamese Medium
গীত আৰু ছবি
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
১) চমু উত্তৰ দিয়া:-
ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰ: যিবোৰ গীত কেৱল বুজাইহে বুজে অর্থাৎ সকলোৱে বুজি নাপায়, তেনেবোৰ গীতক কোনেও ভাল নোবোলে আৰু যি ছবিৰ মূল আটাইয়ে বুজি নাপায়, তেনে ছবিক কোনেও ভাল নোবোলে।
খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত হলে কেনেকৈ আমাৰ প্রাণ টানি ধৰে?
উত্তৰ: গীতত সুৰ, তাল, লয় আদিৰ সমাবেশ ঘটে বাবে শুনিবলৈ শুৱলা হয় আৰু মানুহৰ মন পুলকিত কৰে। সেয়ে আমি সদায় শুনি থকা সৰু কথা এটিকে যদি সুৰ লগাই গোৱা হয়, সেই সুৰে আমাৰ প্ৰাণ টানি ধৰে।
গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰ: অজৰ-অমৰ মানে হৈছে চিৰস্থায়ী। কবিৰ মতে মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা অজৰ -অমৰ।
২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰ: গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত । এই দুইবিধ কলাই মানুহৰ মনত আনন্দ দিয়ে। কিয়নো গীত আৰু ছবিৰ মাধ্যমেৰে মানুহে মনৰ দুখ বেদনা , সুখ শান্তি প্ৰকাশ কৰে। কিন্তু আটাইবোৰ গীত আৰু ছবিকে মানুহে ভাল বুলি স্বীকৃতি নিদিয়ে। ভাল গীত আৰু ছবিৰ মহত্ত্ব সুকীয়া। ভালগীত আৰু ছবি সকলোৱে বুজি পায় আৰু সকলোকে একে ৰং দিয়ে বা আনন্দিত কৰে। তেনে গীত আৰু ছবিয়ে জগতৰো উলাহ বঢ়ায় আৰু মানুহৰ মনত নিজে নিজে ঠাই পায়। ভাল গীত আৰু ছবি হয় অজৰ-অমৰ বা চিৰস্থায়ী।
৩/ সদায় চকুৰে দেখা গছপাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰ: একোগৰাকী চিত্রশিল্পীয়ে ৰং, তুলিকা, পোহৰ, ছাঁ আদিৰ সমাবেশ ঘটাই এটি সাধাৰণ বস্তুকে অধিক জীৱন্ত ৰূপ দিয়ে, যি মানুহৰ দৃষ্টিত অধিক সৌন্দৰ্যবোধৰ সৃষ্টি কৰে। শিল্পী সকলে তুলিকা চালনাৰ কৌশলৰ দ্বাৰা প্ৰকৃতিৰ বস্তুবোৰক ইমান সুন্দৰকৈ বাস্তৱ ৰূপ দিয়ে, যেন ছবি নহয় এখন বাস্তৱ জগতহে। আমি সদায় দেখি থকা আমাৰ চৌপাশৰ বস্তুবোৰে যেতিয়া মানুহৰ হাতৰ ৰং তুলিকাত সুবহু ৰূপ পায়, সি স্বাভাৱিকতে মানুহৰ দৃষ্টিত সুন্দৰ হৈ পৰে আৰু মনত কৌতূহল জন্মায়। সেয়ে কবিৰ ভাষাত সদায় দেখি থকা গছপাতটিও ছবিটিত ভাল হৈ পৰে।সেয়ে কবিৰ ভাষাত সদায় দেখি থকা গছপাতটিও ছবিটিত ভাল হৈ পৰে।
৪/ কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা।
উত্তৰ: গীত আৰু ছবি দুয়োবিধেই মানুহৰ সৃষ্টিশীল কলা। গীত আৰু ছবিয়ে মানুহক দিয়ে অনাবিল প্রশান্তি আৰু মানসিক তৃপ্তি। তথাপিও সকলোবোৰ গীত আৰু ছবিক মানুহে ভাল নোবোলে বা অন্তৰত ঠাই নিদিয়ে। যিবোৰ গীত আৰু ছবি কেবল বুজাইহে বুজে অর্থাৎ সকলোৱে বুজি নাপায়, আৰু অর্থশূন্য হয়, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।
আনহাতে যিবোৰ গীত শুনিলে আৰু যিবোৰ ছবি দেখিলে সকলোৱে বুজি পায়, মনত ৰং পায় বা তৃপ্তি পায় আৰু গভীৰ অৰ্থবহ হয়, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে।
৫।`গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰ:গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত উপস্থাপন কৰিছে।
গীত আৰু ছবি হৈছে সুকুমাৰ কলাৰ অন্তৰ্গত । গীত আৰু ছবিয়ে মানুহক দিয়ে অনাবিল প্রশান্তি আৰু মানসিক তৃপ্তি। তথাপিও সকলোবোৰ গীত আৰু ছবিক মানুহে ভাল নোবোলে বা অন্তৰত ঠাই নিদিয়ে। যিবোৰ গীত আৰু ছবি কেবল বুজাইহে বুজে অর্থাৎ সকলোৱে বুজি নাপায়, আৰু অর্থশূন্য হয়, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে। ভাল গীত আৰু ছবিৰ মহত্ত্ব সুকীয়া। ভালগীত আৰু ছবি সকলোৱে বুজি পায় আৰু সকলোকে একে ৰং দিয়ে বা আনন্দিত কৰে। তেনে গীত আৰু ছবিয়ে জগতৰো উলাহ বঢ়ায় আৰু মানুহৰ মনত নিজে নিজে ঠাই পায়। ভাল গীত আৰু ছবি হয় পৰে অজৰ-অমৰ বা চিৰস্থায়ী।
এয়ে হৈছে কবি দুর্গেশ্বৰ শৰ্মাদেৱৰ ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ।
৬/ ব্যাখ্যা কৰা:
ক) সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন)ৰ অন্তৰ্গত কবি দুর্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত ‘গীত আৰু ছবি’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
গীত আৰু ছবি দুয়োবিধ মানুহৰ সৃষ্টিশীল কলা। এই সৃষ্টিশীল কলাত থাকে মানুহৰ অন্তৰাত্মাৰ সুখানুভূতি আৰু পৰি তৃপ্তি , এই কথাকে বুজাবলৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।
আমি সদায় দেখি থকা প্ৰকৃতিৰ বস্তুবোৰৰ সৌন্দৰ্য আমি বৰকৈ উপলব্ধি নকৰোঁ। কিন্তু তাৰে এটি সাধাৰণ বস্তুকে চিত্রশিল্পীয়ে যদি ৰং তুলিকা, পোহৰ, ছাঁ আদিৰ সমাবেশ ঘটাই সুবহু আঁকি দিয়ে, সি সঁচাকৈ অধিক প্রাণৱন্ত হৈ পৰে। ঠিক একেদৰে আমি সদায় শুনি থকা কথাবোৰকে যদি এগৰাকী সংগীত শিল্পীয়ে সুৰ, তাল, লয় আদিৰ সমাবেশ ঘটাই শুৱলাকৈ গাই দিয়ে, সেই শ্রুতি মধুৰ গীতে আমাৰ মন-প্রাণ পুলকিত কৰি তোলে। সেয়ে কবিতাংশৰ যোগেদি আমাৰ বাস্তৱ জীৱনত গীত আৰু ছবিৰ সার্বজনীন মাদকতাৰ কথা প্রকাশ কৰা হৈছে।
খ) ‘মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য’তে পৰে ত’ তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা (নতুন)ৰ অন্তৰ্গত কবি দুর্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা বিৰচিত ‘গীত আৰু ছবি’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ তাকে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।
সৃজনশীল মানুহে স্ব-প্রতিভাৰে সৃষ্টি কৰে গীত, ছবি আদিৰ দৰে কলাৰ। এই কলাসমূহে মানুহক দিয়ে পৰম তৃপ্তি, বিমল আনন্দ। প্রকৃত চিত্রশিল্পী এজনৰ তুলিকা চালনাৰ কৌশল অতি মিহি নিমজ। তাত ফুটি উঠে বাস্তৱৰ সাদৃশ্যতা, হৈ পৰে জীৱন্ত প্রতিচ্ছবি।একেদৰে একোগৰাকী ভাল কণ্ঠশিল্পীৰ গীতৰ মাজত পোৱা যায় স্বর্গীয় সুখানুভূতি। শিল্পী সকলৰ কৌশলী বিদ্যাই মোহিত কৰে সকলোকে। এনে সৃষ্টি হয় অজৰ অমৰ। যিকোনো ঠাইৰ; যি কোনো মানুহে আদৰি লয়। কবিতাফাঁকিৰ যোগেদি কবিয়ে প্রকৃত গীত আৰু ছবিৰ সার্বজনীন আবেদন আৰু মহত্বৰ কথা প্রকাশ কৰিছে।
ভাষা-বিষয়ক
৭) সমাৰ্থক শব্দ লিখা :
জগতঃ পৃথিৱী, ধৰণী
উলাহঃ উৎসাহ, আনন্দ
চকুঃ নয়ন
সৰুঃ ক্ষুদ্ৰ, সুক্ষ্ম
ভালঃ উত্তম, সজ
কানঃ কৰ্ণ
৮) বাক্য ৰচনা কৰা:
কৌশলী বিদ্যাঃ শিল্পী সকলৰ কৌশলীবিদ্যাৰ অতুলনীয়।
অজৰ-অমৰঃ কবিৰ মতে ভাল গীত আৰু ছবি হয় অজৰ-অমৰ ।
আলাসত ঠাইঃ ভাল গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘলঃ ঘাট – মাউৰা ল’ৰাটোক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।
৯) বিপৰীত শব্দ লিখা :
মিহিঃ খহটা
প্ৰাণঃ নিস্প্ৰাণ
মৃত্যুঃ জন্ম
মূলঃ নিমূল
ক্ষুদ্ৰঃ বৃহৎ
✅ 📚 Summary in Assamese (সাৰাংশ)
এই অধ্যায়ত ‘গীত’ আৰু ‘ছবি’ নামৰ দুই শক্তিশালী কলামাধ্যমৰ দ্বাৰা জীৱন উপলব্ধি কৰা হৈছে।
গীতৰ সুৰ আমাদের আত্মাৰ ভাষা, যি হৃদয়ৰ অনুভূতি প্ৰকাশ কৰে। আনহাতে, ছবিয়ে ভাবনাৰ ৰূপ প্ৰদান কৰে।
এই অধ্যায়ত দেখুওৱা হৈছে যে কিদৰে সুৰ আৰু ৰঙে জীৱনৰ গভীৰ অনুভূতি, সমাজৰ চিত্ৰ আৰু মানুহৰ ভিতৰ পৰিৱর্তন প্ৰভাৱিত কৰে।
Class 9 Assamese All Question Answer- Click Here
For More details check our Youtube Channel Assam Board Exam
Youtube
📌 Important Links
- 📚 Class 9 All Subjects: Click Here
- 🧪 Class 9 Assamese: Explore Now
- 🌍 Class 9 Social Science: Check Here
- অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now
🌐 Visit Website: https://assamboardexam.com