Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কোচ-ৰাজবংশীসকল‘– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 9
কোচ-ৰাজবংশীসকল
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কোচ-ৰাজবংশীসকল‘ | Complete Question Answer in Assamese Medium
বৈচিত্র্যময় অসম দ্ৰুতপাঠ
‘কোচ-ৰাজবংশীসকল’
নৱম শ্ৰেণী
অসমীয়া
অনুশীলনী
১) কোচ-ৰাজবংশীসকল কোন ধর্মৰ লোক?
উত্তৰ:- কোচ-ৰাজবংশীসকল হিন্দু ধর্মীয় লোক।
২) কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।
উত্তৰ:- মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত বসবাস কৰা কোচলোক সকলে আৰ্যেতৰ ধাঁৰা অর্থাৎ সুপ্রাচীন কোচ ভাষা আৰু সংস্কৃতি প্ৰতিপালন কৰি আহিছে। আনফালে পশ্চিম অসম উত্তৰবংগ, নেপাল , বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা সংস্কৃতি হ’ল আৰ্য ভাষা সংস্কৃতি। কোচ ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষা।এই ৰাজবংশী ভাষা নিজস্ব শব্দ সম্ভাৰ, সর্বনাম, নিজস্ব ক্রিয়াৰূপ, শব্দ ৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা। কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমক প্ৰদ সংস্কৃতি পাঁও। বর্ণ হিন্দুৰ আচাৰ-নীতি গ্রহণ কৰিলেও কোচ ৰাজবংশীসকলৰ নিজস্ব আচাৰ- সংস্কাৰ, পূজা পার্বন, ধর্মীয় বিশ্বাস, খাদ্য-সম্ভাৰ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, গীত-মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল। ভাৰতবৰ্ষত আর্যসকলে সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকলে সম্পূর্ণ পৃথক।
৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোচাকৰ বিষয়ে লিখা।
উত্তৰ:-কোচ-ৰাজবংশীসকলৰ খাদ্য-সম্ভাৰৰ ভিতৰত হৈছে ছেকা, পেল্কা, ভেল্কা, সিদল, সুট্কা, টোপলাভাত আদি।
সাজ-পোছাক পৰিচ্ছদৰ ভিতৰত কোচ-ৰাজবংশীসকলৰ মহিলাসকলে পাটানী, বুকুনী, ফোতা, ছেউটা;আদি পৰিধান কৰে।আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰ, শাখা, বাজু, গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ, কাণত মাকিৰি, অন্তি, নাকত নোলোক, ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি পৰিধান কৰে ।
৪। কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি?
উত্তৰ:- কোচ-ৰাজবংশীসকলৰগীত-মাতৰ সমূহৰ ভিতৰত ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, ৰাবাণ গান, কুশান গান, দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুক্খা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, ডাকনাম, জাগ গান আদি ।
৫। চমুটোকা লিখাঃ
(ক) জননেতা শৰৎচন্দ্র সিংহ
উত্তৰ: শৰৎচন্দ্ৰ সিংহৰ জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰীত। শৰৎচন্দ্ৰ সিংহদেৱ আছিল স্বাধীনতাৰ উত্তৰকালৰ অসমৰ ৰাজনীতিত এজন শ্রেষ্ঠ ৰাজনীতিজ্ঞ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।দুর্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপোন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কার্য নির্বাহ কৰিছিল। তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫২ চনলৈ, ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ, ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসম বিধান সভাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল। তেওঁ অসমৰ মুখ্যমন্ত্রী থকা কালত বহুতো উন্নয়নমূলক কাম কৰিছিল। তেওঁ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্ৰতা আৰু দুর্নীতি দূৰীকৰণ, গ্রাম্য অর্থনীতিৰ উন্নতি আৰু সম্প্ৰসাৰণৰ আদর্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ (১) জৰুৰীকালীন ৰবিশস্য আঁচনি, (২) গাঁও পঞ্চায়ত সমবায় সমিতি (৩) কৃষি নিগম (৪) আকলন পত্র আঁচনি (৫) তদাৰক কোষ আঁচনি (৬) পঞ্চায়তীৰাজ (৭) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ (৮) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু (৯) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি।
তেওঁ আছিল প্রকৃত জনতাৰ নেতা। সেয়ে তেওঁক জননেতা বিশেষণেৰে বিভূষিত কৰা হয়। এই গৰাকী মহান ব্যক্তি ২০০৫ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ইহ সংসাৰ ত্যাগ কৰে।
(খ) অম্বিকাচৰণ চৌধুৰী
উত্তৰ: ১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত, বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ চৌধুৰীদেৱৰ জন্ম হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। ১৯৫৩-৫৪ চনত কটন কলেজৰ সমাজসেৱা বিভাগৰ সক্রিয় সদস্য হৈ থাকোঁতে পলাশবাৰী, মির্জা অঞ্চলৰ বানপানী আৰু গঢ়াখহনীয়াত ক্ষতিগ্রস্তসকলক সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল।
অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু-ডাঙৰ প্রায় ৩২খন ইতিহাস, সংস্কৃতি, সমালোচনা আদি বিষয়ক গ্রন্থ লিখিছিল। ইংৰাজী, অসমীয়া আৰু ৰাজবংশী এই তিনিওটা ভাষাতেই তেওঁৰ সমান দখল আছিল। ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্রায় শতাধিক প্রবন্ধও লিখিছিল।
১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ‘ৰত্নপীঠৰ ৰত্ন’ উপাধিৰে বিভূষিত হৈছিল। ১৯৯২ চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা ‘কামতাৰত্ন’ উপাধি লাভ কৰে। ১৯৯৪ চনৰ পৰা তেওঁ সাহিত্যিক পেন্সন পাইছিল। ২০০৩ চনত তেওঁ নতুন দিল্লীব প্রেণ্ড্ৰি সংঘৰ তৰফৰ পৰা মহেন্দ্ৰ নাথ বৰা পুৰস্কাৰ লাভ কৰে। প্ৰাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ ‘শিক্ষাবান্ধৱ’ উপাধিও পাইছিল। তদুপৰি তেওঁ জীৱনকালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা, অসম প্রকাশন পৰিষদ, ভাৰত বিকাশ পৰিষদ, বঙাইগাঁও জিলা প্রশাসন, বঙাইগাঁও নর্মালস্কুল কর্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বর্ধনা লাভ কৰিছিল।
(গ) অৰুণ কুমাৰ ৰায়
উত্তৰ:অৰুণ কুমাৰ ৰায়ৰ জন্ম হয় ১৯২৫ চনৰ ৮ অক্টোবৰ তাৰিখে বঙাইগাঁৱৰ ছিপন ছিলা গাঁৱত । স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যলৈ আহি আৰ চি পি আইত যোগদান কৰে। বামপন্থী মতাদর্শ প্ৰচাৰৰ বাবে তেওঁ কাৰাবৰণ খাতিবলগীয়া হয়। তেওঁ কৃষক আন্দোলনৰ লগতো সক্রিয়ভাৱে জড়িত হৈ পৰে। তেওঁ কোচ-ৰাজবংশীসকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ ৰাজবংশী ভাষাত কোচ-ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেবাখনো গ্রন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকোষ প্রণয়ন কৰে। তেওঁ সৰ্বমুঠ ১০ খন গ্রন্থ ৰচনা কৰিছিল। ২০০৪ চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে। ২০১৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰুশিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘লোক-সংস্কৃতিৰ গুৰু’ ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে। ২০১৩ চনত তেও বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ‘কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা’ লাভ কৰে। কোচ-ৰাজবংশী জনগোষ্ঠী তথা তেওঁলোকৰ ভাষা-সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ-ৰাজংবশী সাহিত্য সভাই মৰণোত্তৰভাৱে ২০১৬ চনত তেওঁক ‘সাহিত্য ৰত্ন’ সন্মান প্রদান কৰে।
(ঘ) ৰুক্মিণী কান্ত ৰায়
উত্তৰ:কোচ-ৰাজবংশী সম্প্ৰদায়ৰ পশ্চিম অসমৰ এজন খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায়ৰ নাম প্রসিদ্ধ। তেওঁ এটি সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্ম গ্রহণ কৰি, গাঁৱত স্কুলীয়া জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীত অর্থনীতি বিভাগত প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাবী ছাত্র হিচাপে পৰিগণিত হৈছিল।সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁৰ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল। নিজৰ বুদ্ধি, দক্ষতাৰ জৰিয়তে এজন সাধাৰণ কেৰাণীৰ চাকৰিৰ পৰা কলেজৰ অধ্যাপক, অধ্যক্ষ, তথা বিধায়ক পর্যায়লৈকে উন্নীত হৈছিল। শৈক্ষিক, সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক, ধাৰ্মিক আদি দিশত উজ্বলি উঠা এই গৰাকী ব্যক্তিয়ে সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল, কলেজ, মঠ-মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল । তেওঁ কিছুমান ধর্ম বিষয়ক তত্ত্বগধূৰ নিবন্ধ লিখিছিল।
(ঙ) ‘দুৰন্ত তৰুণ’ পানীৰাম দাস
উত্তৰ:আজীৱন শুভ্র খদ্দৰৰ ধুতী কুর্তা পৰিধান কৰা, সময়ৰ বালিত হেৰাই নোযোৱা খোজবোৰৰ অধিকাৰী, ত্যাগ, দেশ প্রেমৰ আদৰ্শৰে আপোচহীন অবিৰত সংগ্রাম চলাই যোৱা, সমাজকর্মী, মুক্তিযুজাৰু পানীৰাম দাসৰ জন্ম হয় ১৯১৭ চনৰ ৭ এপ্রিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী গাঁৱৰ এটি সাধাৰণ কৃষক । ১৯৩৭ চনত কলিকতাৰ পৰা কৃতিত্বৰে প্ৰথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্রামত যোগ দিয়ে। ১৯৩৮ চনত কংগ্ৰেছত যোগদান কৰি ১৯৪১ চনত মহাত্মা গান্ধীৰ সত্যাগ্রহত জড়িত হৈ কাৰাবাস খাটে। তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়োজন কৰা ‘কৃষক শ্বহীদ দিৱস’ত তেওঁক ‘খাদী পৰিহিত সেনাধ্যক্ষ’ উপাধিৰে বিভূষিত কৰিছিল।২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্ৰামীজনৰ মৃত্যু হয়। দেশলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ ৬৫ নং ফিল্ড ৰেজিমেন্টে সম্পূর্ণ সামৰিক মর্যাদাৰে তেওঁলৈ শেষ সন্মান যচাৰ লগতে অসম আৰক্ষীয়েও টোপধ্বনিসহ ৰাষ্ট্রীয় মর্যাদাৰে শেষ সন্মান যাচিছিল।
Class 9 Assamese All Question Answer- Click Here
Class 9 Assamese বৈচিত্র্যময় অসম দ্ৰুতপাঠ ‘কোচ-ৰাজবংশীসকল’ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
অসমীয়া ৰচনা – Click Here