🔥 About Class 9 Science Chapter 1 – আমাৰ চাৰিওকাষৰ বস্তুবোৰ
🔹 Class: 9
🔹 Subject: Science
🔹 Chapter 1 Name: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter Around Us)
🔹 Board: Assam Board (SCERT Assam)
In this chapter, students learn about the basic concepts of matter, physical properties, and different states such as solids, liquids, and gases.
It builds the base for understanding chemistry and physics in higher classes.
📝 Topics Covered in Chapter 1 – আমাৰ চাৰিওকাষৰ বস্তুবোৰ
- বস্তুৰ প্ৰকৃতি (Nature of Matter)
- বস্তুৰ গুণ (Properties of Matter)
- বস্তুৰ অৱস্থা (States of Matter)
- অৱস্থান্তৰণ (Interconversion of States)
- বাষ্পীভৱন আৰু তাৰ প্ৰভাৱকাৰী কাৰক (Evaporation and Factors Affecting it)
This chapter helps students to develop scientific thinking and observe the surroundings scientifically.
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
প্ৰশ্নাৱলীঃ (Page 3)
1. তলৰ কোনবোৰ পদার্থ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।
2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা ।
উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ- উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়। ফলত ই বহু দূৰলৈকে বিয়পি পৰে। সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ কণিকাবোৰে বেছি দূৰ অতিক্রম নকৰে সেইবাবে ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুৱাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদার্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰঃ- এজন ডুৱাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদার্থৰ যি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ সেইটো হ’ল- পানীৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি আৰু পানীৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম।
4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ’ল –
- পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।
- পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।
- পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে।
প্ৰশ্নাৱলীঃ (Page 6)
1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। (ঘনত্ব = ভৰ /আয়তন)। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা – বায়ু, চিমনিৰ পৰা ওলোৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰঃ বায়ু < চিমনৰি পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি < লো।
২। (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ
বৈশিষ্ট্য | গোটা | জুলীয়া | গেছীয় |
পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান | কম | মধ্যমীয়া | আটাইতকৈ বেছি |
পদাৰ্থৰ কণিকাবোৰ গতি | কম | মধ্যমীয়া | আটাইতকৈ বেছি |
পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ | আটাইতকৈ বেছি | মধ্যমীয়া | কম |
(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া 一
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।
দৃঢ়তা: কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থৰ নিজৰ আকাৰ আৰু আয়তন সলনি নকৰে,পদাৰ্থৰ সেই গুণক দৃঢ়তা বোলে। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদার্থৰ দৃঢ়তা নাই।
সংকোচনশীলতা: কোনো পদাৰ্থৰ ওপৰত বাহ্যিক চাপ প্ৰয়োগ কৰিলে সেই পদাৰ্থটোৰ আয়তন কমি যায়, পদাৰ্থৰ এই গুণক সংকোচনশীলতা বোলে।
প্ৰবাহীতা: কোনো পদাৰ্থৰ নিজৰ আকৃতি বজাই নৰাখি সহজে বৈ যোৱাৰ ক্ষমতাক প্ৰবাহীতা বোলে।
আকাৰ: কোনো পদাৰ্থৰ বাহ্যিক ৰূপ বা গঠনক আকাৰ বোলে।
গতিশক্তি: এটা পদাৰ্থৰ গতি কৰাৰ ক্ষমতাক গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায়।
ঘনত্ব: কোনো পদাৰ্থৰ একক আয়তনত থকা ভৰৰ পৰিমাণক ঘনত্ব বোলে।
3. কাৰণ দৰ্শোৱা 一
(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
উত্তৰঃ- গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ শক্তি একেবাৰে কম, সেইবাবে গেছীয় পদাৰ্থ কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
উত্তৰঃ- গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে আৰু খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়।
(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি পাৰি।
উত্তৰঃ- কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। তদুপৰি টেবুল খন দৃঢ়, সংকুচিত নহয় সেয়ে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি পাৰি।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
উত্তৰঃ- বায়ুৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম তথা ইহঁতৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি সেয়ে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো। কিন্তু কাঠ এডোখৰৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি আৰু কণিকাবোৰৰ মাজত ব্যৱধান কম সেয়ে কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে; কিয় বাৰু?
উত্তৰঃ- বৰফৰ আয়তন পানীৰ আয়তনতকৈ বেছি সেয়ে বৰফৰ ঘনত্ব পানীতকৈ কম। সেইবাবে বৰফ পানীত ওপঙে।
প্ৰশ্নাৱলীঃ (Page 9)
1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা 一
(a) 300 K (b) 573 K
উত্তৰঃ- (a) 300 K = (300 – 273) oC = 27 oC
(b) 573 K = (573 – 273) oC = 300 oC
2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?
(a) 250 oC (b) 100 oC
উত্তৰঃ-
(a) 250 oC উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হব – গেছীয়
(b) 100 oC উষ্ণতাত পানীৰ ভৌতিক অৱস্থা হব – গেছীয় আৰু জুলীয়া দুয়োটা
3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰঃ- কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ বাবে তাপশক্তিৰ প্ৰয়োজন হয়। কিন্তু ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে। এই সময়ত প্ৰদান কৰা অতিৰিক্ত তাপে পদাৰ্থৰ অৱস্থাৰ পৰিবৰ্তনৰ কৰাত সহায় কৰে।
4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ- চাপ বৃদ্ধি কৰি নাইবা উষ্ণতা কম কৰি বায়ুমণ্ডলীয় গেছক জুলীয়া অৱস্থালৈ আনিব পাৰি।
প্ৰশ্নাৱলীঃ (Page 6)
1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰঃ- শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়। যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। এই বাষ্পীভৱন বৃদ্ধিৰ ফলত উষ্ণতা হ্ৰাস হয়। সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।
2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ: মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্র থাকে। এই ছিদ্রবোৰেৰে পানীৰ কণাবোৰ বাহিৰ হৈ আহে। ভিতৰত পানীৰ পৰা নিৰ্গত তাপে পানীৰ কণাবোৰক বাষ্পীভূত কৰে। ফলত পাত্ৰৰ ভিতৰৰৰ পানী খিনি, ঠাণ্ডা হয়।
3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয়?
উত্তৰঃ- এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি দিলে এইবোৰ বাষ্পীভূত হয় আৰু বাষ্পীভৱনত প্ৰয়োজন হোৱা তাপ হাতৰ তলুৱাৰ পৰা শোষণ কৰে। ফলত হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয়।
4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰঃ- পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে আৰু বাষ্পীভৱনৰ মাত্ৰা বাঢ়িলে সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।
5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰঃ- গ্ৰীষ্মকালত আমি কম ৰঙৰ কপাহী কাপোৰ পিন্দিব লাগে। কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। যাৰ ফলত আমাৰ দেহটো শীতল পৰি যায়।
অনুশীলনী
1. তলৰ উষ্ণতাবিলাক ছেণ্টিগ্ৰেডত প্ৰকাশ কৰা—
(a) 293 K
উত্তৰঃ 293 K = (293 – 273) °C = 20°C
(b) 470 K
উত্তৰঃ 470 K = (470 – 273) °C = 197°C
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা –
(a) 25°C
উত্তৰঃ 25°C = (273 + 25) K = 298 K
(b) 373°C
উত্তৰঃ 373°C = (273 + 373) K = 646 K
3. কাৰণ দৰ্শোৱা一
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
উত্তৰঃ- উৰ্ধপাতনৰ ফলত নেফথেলিন বল কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয়। সেয়ে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উত্তৰঃ- আতৰৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কম। আতৰৰ কণিকাবোৰে ক্ষিপ্ৰভাৱে বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈকে বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা 一 পানী, চেনি আৰু অক্সিজেন।
উত্তৰঃ- অক্সিজেন < পানী < চেনি।
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°C
(b) 0°C
(c) 100°C
উত্তৰঃ
(a) 25°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা – জুলীয়া।
(b) 0°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা – গোটা।
(c) 100°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা – গেছীয় আৰু জুলীয়া দুয়োটা।
6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা —
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন।
উত্তৰঃ
(a) পানীৰ গলনাংক 0°C আৰু উতলাংক 100°C। তদুপৰি সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্ত নিৰ্দিষ্ট আয়তন থাকে। গতিকে সাধাৰণ উষ্ণতাত পানী জুলীয়া।
(b) লোৰ গলনাংক আৰু উতলাংক সাধাৰণ উষ্ণতাতকৈ বেছি। তদুপৰি সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট আকৃতি আছে। সেয়ে লোৰে নিৰ্মিত আলমাৰিটো কঠিন।
7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰঃ 273 K উষ্ণতাত বৰফৰ কণিকাবোৰে মাধ্যমৰ পৰা তাপ শক্তি শোষণ কৰি পানীলৈ পৰিবৰ্তন হয়। কিন্তু একে উষ্ণতাত থকা পানীৰ কণিকাই তাপ শোষণ নকৰে। সেইকাৰণে 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে।
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰঃ- 100°C উষ্ণতাত জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীনতাপ ধৰি ৰখাৰ বাবে ইয়াত থকা তাপ শক্তিৰ পৰিমান উতলা পানীতকৈ বেছি হব। সেয়ে পানীৰ ভাপে বেছিকৈ পুৰিব।
9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰঃ-
[A] = গলন
[B] = বাষ্পীভৱন
[C] = ঘণীভৱন
[D] = স্ফটিকীকৰণ
[E] = উৰ্ধপাতন
[F] = উৰ্ধপাতন
✍️ Class 9 Science Chapter 1 Solutions – আমাৰ চাৰিওকাষৰ বস্তুবোৰ
✅ Step-by-step solutions to textbook questions
✅ Simple and easy explanations in Assamese
✅ Important notes and key concepts for quick revision
✅ 100% based on the latest SCERT Assam syllabus
🎯 Why Study from AssamBoardExam.com?
✅ Updated Content as per SCERT Assam
✅ Free access to solutions and notes
✅ Helps in Class Tests, Half-Yearly, and Annual Exams
✅ Written in easy Assamese language for better understanding
📢 Stay Updated with Assam Board Study Materials!
🔵 Join Our Telegram Channel: Click Here to Join
🔵 Follow Our WhatsApp Channel: Click Here to Follow
Get daily updates on notes, solutions, PDFs, and exam tips! 🚀
💬 FAQs
📌 What is the main focus of Class 9 Science Chapter 1?
The chapter “আমাৰ চাৰিওকাষৰ বস্তুবোৰ” focuses on understanding matter, its states, and how it changes from one form to another.
📌 Are the solutions based on the Assam Board SCERT syllabus?
Yes, all the solutions follow the latest SCERT Assam guidelines strictly.
📌 Where can I find Class 9 Science Chapter 1 Assamese Medium solutions?
You can easily view complete Chapter 1 solutions at AssamBoardExam.com.