Assam Board Exam

🧬 Class 9 Science Chapter 5 – জীৱৰ মৌলিক একক | সম্পূৰ্ণ প্ৰশ্ন উত্তৰ (Assamese Medium)

📚 Subject: Science
📖 Class: 9
🏫 Medium: Assamese
🧾 Chapter 5: জীৱৰ মৌলিক একক
📝 Syllabus: SEBA / SCERT Assam


📘 অধ্যায়ৰ বিৱৰণ (Chapter Overview)

About Class 9 Science Chapter 5 – জীৱৰ মৌলিক একক

Class 9 Science Chapter 5 –“জীৱৰ মৌলিক একক” পাঠটো জীৱবিজ্ঞানৰ এক অত্যন্ত জৰুৰী অধ্যায়। এই পাঠৰ জৰিয়তে শিক্ষাৰ্থীয়ে কোষৰ গঠন, কাৰ্য, আৰু তাত থকা বিভিন্ন অংগসমূহৰ বিষয়ে শিকিব।

অধ্যায়টোৰ মুখ্য বিষয়বস্তু:

  • কোষ কি?
  • কোষ আবিষ্কাৰৰ ইতিহাস
  • প্ৰাণী আৰু উদ্ভিদ কোষৰ পাৰ্থক্য
  • কোষৰ বিভিন্ন অংগ – নিউক্লিয়াছ, মাইটোকণ্ড্ৰিয়া, গলগী বডি, ইত্যাদি
  • কোষ বিভাজন আৰু পুনৰুৎপাদন

Class 9 Science Chapter 5 – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ


জীৱৰ মৌলিক একক

প্ৰশ্নাৱলীঃ (Page 59)

1. কোষ কোনে আৰু কেনেকৈ আৱিস্কাৰ কৰিছিল?

উত্তৰঃ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আবিস্কাৰ কৰিছিল।

ৰবাৰ্ট হুকে যেতিয়া নিজে সাজি উলিওৱা অণুবিক্ষণ যন্ত্ৰত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰিছিল তেতিয়া তেখেতে মৌকোহৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। তেখেতে সেই কোঠালিবোৰকে “কোষ” নাম দিছিল। তেনেদৰে কোষৰ আৱিস্কাৰ হৈছিল।

2. কোষত কিয় গঠনৰ আৰু কাৰ্য্ৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰঃ কোষক গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা হয়, কাৰণ—

  1. গঠনৰ একক: সকলো জীৱই কোষৰ পৰা গঠিত। কোষে জীৱৰ দেহৰ গঠন তৈয়াৰ কৰে।
  2. কাৰ্যৰ একক: সকলো জীৱনীয় কাৰ্য যেনে—খাদ্য গ্ৰহণ, শ্বাস-প্ৰশ্বাস, বংশবৃদ্ধি আদি কোষৰ ভিতৰতে হয়।

গতিকে, কোষেই হৈছে গঠনৰ আৰু কাৰ্য্ৰ মৌলিক একক।


প্ৰশ্নাৱলীঃ (Page 61)

1. CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। 

উত্তৰ: কোষৰ বাহিৰৰ পৰিৱেশত CO2 ৰ গাঢ়তা কোষটোৰ ভিতৰৰ CO2 ৰ গাঢ়তাতকৈ কম। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO2 ৰ গাঢ়তাৰ তাৰতম্য ঘটে তেতিয়াই কোষটোৰ ভিতৰৰ CO2 উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্রক্রিয়াৰে ওলাই আহে।

                আনহাতে, পানী এখন অর্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্রবাহিত হয় আৰু এই প্ৰক্ৰিয়াক আসৃতি বুলি কোৱা হয়।

                এনেদৰে CO₂ আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে।

2. কোষাবৰণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ কোষাবৰণখনে কিছুমান দ্রব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা-যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্রব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্রদান কৰে। সেইবাবেই কোষাবৰণখনক অর্ধভেদ্য আৱৰণ বুলি কোৱা হয়।


প্ৰশ্নাৱলীঃ (Page 63)

1. প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা।

Class 9 Science Chapter 5 Q1

উত্তৰঃ

prokaryotic and eukaryotic difference

প্ৰশ্নাৱলীঃ (Page 65)

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগানুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগানুৰ নাম উল্লেখ কৰা যি দুটাৰ আনুবংশিক পদার্থ (Genetic material) থাকে। 

উত্তৰঃ প্লাষ্টিড আৰু মাইট্ৰ’কন্দ্ৰিয়া।

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ’ব?

উত্তৰঃ যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া  কোষটোৱে তাৰ প্ৰাথমিক কাম কৰিবলৈ বন্ধ কৰি দিব। ফলত কোষটোৰ মৃত্যু হ’ব।

3. লাইছছ’মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ কোষৰ বিপাকীয় কার্যত কিবা বিসংগতি হ’লে, উদাহৰণ হিচাবে যদি কোষ এটা মৰি যায় তেতিয়া লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ’জ ‘মক কোষৰ আত্মঘাটি মোনা বুলি কোৱা হয়

4. কোষৰ অভ্যন্তৰৰ ক’প্ৰটিন সংশ্লেষণ সংঘটিত হয়? 

উত্তৰঃ কোষৰ অভ্যন্তৰৰ ৰাইব’জ মত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। সেয়েহে ইয়াক “প্ৰটিনৰ কাৰখানা” বুলি কোৱা হয়।


অনুশীলনী

1. উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষতকৈ পৃথক উল্লেখ কৰা। 

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণীকোষৰ মাজৰ পাৰ্থক্য :

উদ্ভিদ কোষপ্ৰাণীকোষ
কোষবেৰ থাকেকোষবেৰ নাথাকে
প্লাষ্টিড থাকেপ্লাষ্টিড নাথাকে
ডাঙৰ আৰু কেন্দ্ৰীয় ৰসধানী থাকেসৰু আৰু বহুতো ৰসধানী থাকে

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা।

উত্তৰঃ 

prokaryotic and eukaryotic difference

3.  কোষৰ কোষাবৰণখন ফাটি গ’লে কি হ’ব?

উত্তৰ: যদি কোষৰ কোষাৱৰণ ফাটি যায়, তেন্তে – কোষৰ ভিতৰৰ পদাৰ্থবোৰ বাহিৰলৈ ওলাই যাব। কোষৰ বাহিৰৰ বিষাক্ত পদাৰ্থ বা ৰোগৰ বিজাণু কোষলৈ প্ৰৱেশ কৰিব পাৰে। ফলস্বৰূপে, কোষৰ গঠন নষ্ট হৈ যায় আৰু কোষটো মৰি পৰে।

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?

উত্তৰঃ- অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজিসংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা-নিয়াত অংশ গ্ৰহণ কৰে। গলজিসংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ। কোনো কোনো ক্ষেত্ৰত গলজিসংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গলজিসংঘই লা’ইছ’জম গঠন কৰাতো সহায় কৰে। গতিকে গলজিসংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ’ব আৰু ফলত কোষটো মৰি যাব। 

5. কোনটো কোষ অংগানুক কোষৰ শক্তিৰ ভৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰঃ মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

                জীৱৰ জীৱন নির্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্রয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পি (Adenosine Triphosphate চমুকৈ ATP) ৰ অণুবিলাক মাইট’কন্ড্রিয়াই উৎপাদন কৰে। সেয়ে মাইট’কণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভৰাল বুলি কোৱা হয়।

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক’সংশ্লেষিত হয়?

উত্তৰঃ প্ৰটিনবোৰ ৰাইব’জমত সংশ্লেষিত হয়। আনহতে লিপিডবোৰ মিহি অন্তঃগ্ৰৰসীয় জালিকাত সংশ্লেষিত হয়।

7.এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? 

উত্তৰঃ এমিবাই কূটপদ নামৰ বাহু সদৃশ অংশৰ সহায়ত আহাৰ গ্ৰহণ কৰে। ই আহাৰটোক আৱৰি লৈ কোষৰ ভিতৰত খাদ্য ৰিক্তিকা বনায়। তাৰ ভিতৰত পাচনৰ এনজাইমে আহাৰ ভাঙে আৰু পাচিত খাদ্য এমিবাই শোষণ কৰে।

8. আসৃতি কি?

উত্তৰঃ অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু উচ্চ গাঢ়তা অঞ্চলৰ পৰ নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াকে আসৃতি বোলে।


🎥 Video Explanation in Assamese

Watch the full explanation video of this chapter on our YouTube channel:

📺 Watch Now – জীবৰ মৌলিক একক | Class 9 Science Assamese Medium

✅ Explained in Assamese
✅ With examples and visuals
✅ Helpful for SEBA board exams


📥 Download PDF Notes

Get downloadable PDF version of this chapter’s notes and Q&A (Coming Soon).
Stay connected with our community for instant updates:


📚 Related Study Resources


❓FAQs – Frequently Asked Questions

1. Class 9 Science Chapter 5 Assamese Medium ৰ নাম কি?

👉 পাঠটোৰ নাম হ’ল “জীৱৰ মৌলিক একক”

2. এই পাঠত কেনেকুৱা প্ৰশ্ন আহিব পাৰে?

👉 কোষৰ গঠন, উদ্ভিদ কোষ বনাম প্ৰাণী কোষ, আৰু কোষ বিভাজনৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে।

3. এই অধ্যায়ৰ ভিডিঅ’ ক’ত পাব পাৰি?

👉 ExamPedia Assam YouTube Channel ত এই পাঠৰ সম্পূৰ্ণ ভিডিঅ’ উপলব্ধ।

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment