Assam Board Exam

Class 9 Social Science Chapter 2 (Geography) বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Class 9 Social Science Chapter 2 Geography বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ– সমাধান in Assamese Medium|| All Question Answer

Class 9 Social Science Chapter 2

Class 9 Social Science Chapter 2 (Geography) বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ- Complete Question Answer in Assamese Medium

নৱম শ্ৰেণী

ভূগোল খণ্ড

বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ


১ । বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰ: পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হল বায়ুমণ্ডল।

            সাধাৰণতে বায়ুমণ্ডলটো ৩ টা উপাদানেৰে গঠিত। সেই উপাদান ৩ টা হল – বিভিন্ন প্ৰকাৰৰ গেছ, জলীয় বাষ্প,আৰু ধুলিকণা। বিভিন্ন প্ৰকাৰৰ গেছৰ ভিতৰত পৰে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু  অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ হল নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ হল অক্সিজেন ,আৰ্গন হল ০.৯৩শতাংশ আৰু কাৰ্বন – ডাই – অক্সাইড হল ০.০৩৬  শতাংশ আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টণ, হাইড্ৰজেন, অ’জন, জেনন ইত্যাদি  গেছৰ পৰিমাণ হল ০.০১৪ শতাংশ।

উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।

২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰ: বায়ুমণ্ডলীয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধান কৈ দুটা ভাগত ভগোৱা হৈছে । সেইকেইটা হৈছে- হম’ স্ফিয়েৰ আৰু হেটৰ’ স্ফিয়েৰ ।

হম’স্ফিয়েৰ-   ভূ –পৃষ্ঠৰ পৰা প্ৰায় ৮০ কি.মি. উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে বাবে এই নিম্ন স্তৰটোক হম’স্ফিয়েৰ বোলে ।এই স্তৰটোক উত্তাপ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগ কেইটা হ’ল – ট্রপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’ স্ফিয়েৰ।

হেটৰ’স্ফিয়েৰ- মেছ’স্ফিয়েৰ স্তৰৰ পিছৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰ’জেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰ’জেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰ’জেন তৰপ (৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), অক্সিজেন তৰপ (১১২৫ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), হিলিয়াম তৰপ (৩৫৪০ কিলিমিটাৰ উচ্চতা পৰ্যন্ত) আৰু হাইড্ৰ’জেন তৰপ (প্ৰায়১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত)। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

৩ । উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি। চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

উত্তৰ:- উচ্চতা আৰু উত্তাপৰ হ্ৰাস- বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাঁচটা স্তৰত ভাগ কৰিব পাৰি আৰু সেইকেইটা হ’লঃ  ট্ৰপ’স্ফিয়েৰ, ষ্টেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ, থাৰ্ম’ স্ফিয়েৰ আৰু এক্স’স্ফিয়েৰ।

বায়ুমণ্ডলৰ গঠন আৰু উচ্চতা অনুসৰি উষ্ণতা

১)ট্রপ’স্ফিয়েৰ: ভূ –পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্রপ’স্ফিয়েৰ বা ট্রপ’মণ্ডল ।এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কি. মি.। অৱশ্যে এই স্তৰটোৰ উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুবীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কি. মি. আৰু মেৰু অঞ্চলত ৮ কি. মি. হয়। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্রায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকনা কেৱল এই ট্ৰপ’স্ফিয়েৰ স্তৰতে আছে । বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়।

বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য  যেনে- মেঘ, বৰষুণ, ঘূৰ্ণিবতাহ, ধুমুহা, বৃষ্টি, আদি এই স্তৰতে সংঘটিত হয় । এই স্তৰটোৰ ঊধৰ্বসীমাটোক ট্ৰপ’পজ বোলা হয় । ই প্ৰায় ১.৫ কি. মি. ডাঠ।

2)ষ্ট্ৰেট’স্ফিয়েৰ: ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা স্তৰমণ্ডল। ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোক ট্রপ’পজ বুলি কোৱা হয়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুৱে সূৰ্য্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। ট্রপ’পজৰ পৰা ষ্ট্ৰেট’স্ফিয়েৰ স্তৰটো প্ৰায় ৪০ কি. মি. ওপৰলৈ বিস্তৃত । ষ্ট্ৰেট’স্ফিয়েৰৰ ঊধৰ্বসীমাটোক ষ্ট্ৰেট’পজ বোলা হয়।

(৩) মেছ’স্ফিয়েৰ: ষ্ট্ৰেট’স্ফিয়েৰ বা ষ্ট্ৰেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয়। এই স্তৰটো ষ্ট্ৰেট’পজৰ পৰা প্ৰায় ৩০ কি. মি. উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটো প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। মেছ’স্ফিয়েৰ ঊর্ধ্বসীমাক মেছ’পজ বোলে।

৪)থাৰ্ম’স্ফিয়েৰঃ মেছ’স্ফিয়েৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় ৮০ কি. মি. উচ্চতাত থকা মেছ’পজৰ পৰা প্ৰায় ৪০০ কি. মি. উচ্চতালৈ বিস্তৃত। এই স্তৰটো প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা বৃদ্ধি পায়। এই স্তৰত উত্তাপ প্রায় ১৬৫০° ছেন্টিগ্ৰেট পৰ্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য। এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ  বুলিও কোৱা হয় ।পৃথিৱীৰ পৃষ্ঠৰ পৰা পঠোৱা ৰেডি’অ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।

৫) এক্স’স্ফিয়েৰ: থাৰ্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতাৰ পৰা প্ৰায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত। হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্য এই স্তৰ টোত বেছি বাবে বায়ু অতি পাতল হয়। বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় ৫৫৫০° চেন্টিগ্ৰডলৈ বৃদ্ধি পায়।

(৪) বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কৰণবোৰ উদাহৰণসহ আলোচনা কৰা।

উত্তৰ:- বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা – বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা।

১) বায়ুৰ উষ্ণতাঃ পথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। উষ্ণতা বেছি হ’লে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়।

২) পৃথিৱীপৃষ্ঠৰ উচ্চতাঃ সমুদ্ৰপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলক ভাৱে বেছি। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস-বৃদ্ধি হয়।

৫ । চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছেঃ

পৃথিৱীৰ চাপমণ্ডল

(১) নিৰক্ষীয় নিম্নচাপ বলয়

(২) উপক্ৰান্তীয় উচ্চচাপ বলয়

(৩) উপ- মেৰুদেশীয় নিম্নচাপ বলয়

(৪) মেৰুদেশীয় উচ্চ- চাপ বলয়

(১) নিৰক্ষীয় নিন্মচাপ বলয়: নিৰক্ষীয় নিন্মচাপ বলয়ৰ বৈশিষ্ট সমূহ হৈছে –

(ক) এই বলয়টো বিষুৱৰেখাৰ উত্তৰে ১০° অক্ষাংশ আৰু দক্ষিণে ১০° অক্ষাংশ মাজত অৱস্থিত।

(খ) এই অঞ্চলত সূৰ্যৰ ৰশ্মি সদায় লম্বভাৱে পৰে কাৰণে উত্তাপ বেছি। গতিকে এই অঞ্চলৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস প্ৰায় , ফলত এই অঞ্চলত নিম্ন চাপৰ সৃষ্টি হয়।

(গ) এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্ৰাস পায়।

(ঘ) এই অঞ্চলৰ বায়ু উত্তপ্ত হৈ উৰ্ধগামী হয়। ইয়াত  ভূ- পৃষ্ঠৰ সমান্তৰাল ভাৱে  কোনো বতাহ নবলে। ইয়াৰ বায়ু সদায় শান্ত অৱস্থাত থাকে বাবে ইয়াক নিৰক্ষীয় শান্ত বলয়ো বোলে।

(২) উপক্ৰান্তীয় উচ্চচাপ বলয় :

 (ক) এই বলয়টো   উত্তৰ গোলাৰ্ধত ২৫°-৩৫° উত্তৰ অক্ষৰেখাৰ মাজত  আৰু দক্ষিণ গোলাৰ্ধত ২৫°-৩৫° দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত।

(খ) দুই মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে।

(গ) এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্ৰবাহ অনুভূত হয়।

(ঘ) এই উপক্ৰান্তীয় উচ্চচাপ বলয়টো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণ লৈ প্ৰসাৰিত হয়।

(৩) উপমেৰুদেশীয় নিম্নচাপ বলয়:

(ক) এই বলয়টো উত্তৰ গোলাৰ্ধৰ ৬০° – ৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধত ৬০–৭০ দক্ষিণ অক্ষাংশ মাজত অৱস্থিত।

(খ) দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আবৰ্তন গতিৰ কাৰণে বায়ু উপ-ক্ৰান্তীয় অঞ্চলৰ ফালে  বিক্ষিপ্ত হয়। ফলত দুই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্ৰাস পায় নিম্ন চাপৰ সৃষ্টি হয়।

(গ) এই চাপ মণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু দক্ষিণলৈ গতি কৰে।

(৪) মেৰু দেশীয় উচ্চচাপ বলয়: পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুই মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।

৬) পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ু মণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা।

উত্তৰঃ- পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব আছে অপৰিসীম। বায়ুমণ্ডল হৈছে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। স্থলমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ বায়ুমণ্ডলে যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছ সমুহ এক সঠিক অনুপাতত আছে বাবেই ভূ-পৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক পৰিৱেশ বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ’লেও ৰক্ষা পায়। বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ লৈ অহাৰ বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ – প্ৰাণী আদি জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত অস্তিত্বৰ কথা ভাবিবই নোৱাৰি।

(৭) বায়ু প্ৰবাহ কাক বোলে?  বায়ুপ্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰ: বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ুপ্রবাহ বোলা হয়। অর্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ’ল বতাহ। সাধাৰণতে এই বায়ুপ্রবাহ ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে হয়। মূলতঃ বায়ুৰ গতি দুই প্ৰকাৰৰ অনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহ বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্রবাহ বোলে।

বায়ুপ্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ’লঃ

 ১) চাপনতি শক্তি,  

২) মাধ্যাকৰ্ষণ শক্তি,  

৩) অপকেন্দ্ৰিক শক্তি,  

৪) ঘৰ্ষণ শক্তি

১) চাপনতি শক্তিঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত । ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।

২)মাধ্যাকৰ্ষণ শক্তি : সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মাধ্যকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।

৩) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

৪) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হ’লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ’লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।ঘর্ষণ শক্তিৰ বাবে  বতাহৰ গতিবেগ কমে এনে নহয়, ইয়াৰ বাবে বতাহৰ দিশৰো কিছু পৰিবৰ্তন হয়।

গতিকে এই চাৰি শক্তিৰ যৌথ ক্ৰিয়াত উদ্ভৱ হোৱা পৰিনামী শক্তিয়েহে প্ৰবাহিত বায়ুৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে।

(৮) বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।

উত্তৰঃ- ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা চাপনতি শক্তি ৰ ফলতবায়ুপ্ৰবাহৰ সৃষ্টি হয়।

বায়ুপ্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ’ল –

       (১) চাপনতি শক্তি

       (২) মাধ্যাকৰ্ষণ শক্তি

       (৩) অপকেন্দ্ৰিক শক্তি আৰু

       (৪) ঘর্ষণ শক্তি

১) চাপনতি শক্তিঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়।

২)মাধ্যাকৰ্ষণ শক্তি : সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মাধ্যকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।

৩) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

৪) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হ’লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ’লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।ঘর্ষণ শক্তিৰ বাবে  বতাহৰ গতিবেগ কমে এনে নহয়, ইয়াৰ বাবে বতাহৰ দিশৰো কিছু পৰিবৰ্তন হয়।

(৯) ‘কোৰিওলিচ বল‘ বুলিলে কি বুজায়? বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ:  পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

কোৰিওলিচ বলৰ প্ৰভাৱত বতাহৰ বিক্ষেপণ

বতাহৰ গতিদিশ নিৰ্ধাৰণ ‘কোৰিওলিচ বলৰ’ ভূমিকা : বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। কিন্তু মন কৰিব লগীয়া যে বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ – পৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰত একে হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ুপ্ৰবাহক ঘড়ীৰ কাটাৰ বিপৰীতে দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়। ফেৰেলৰ সূত্ৰ অনুসৰি উত্তৰ গোলাৰ্ধৰ মেৰুমুখী বতাহ অপেক্ষিকভাৱে উত্তৰ-পূবমুৱা হয়। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। এই বলৰ মান বিষুৱৰেখাত শূণ্য আৰু ই মেৰুৰফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়।

১০)’ চাপনতি শক্তি ‘ বুলিলে কি বুজায় ? বায়ুপ্ৰবাহত ইয়াৰ ভূমিকা কি?

উত্তৰ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত।

ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।

১১ । বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ : সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মাধ্যকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায় সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ প্ৰবাহিত হয়। মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।

(১২) বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?

উত্তৰঃ- বতাহৰ নামকৰণ প্ৰবাহৰ দিশ অনুযায়ী কৰা হয়। অৰ্থাৎ যি দিশৰপৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়। তাকে বতাহৰ নামাকৰণ বোলা হয়।

উদাহৰণ স্বৰূপে পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ-পূব দিশৰ পৰা বলা বতাহক উত্তৰ-পূব বতাহ বোলে। যি অঞ্চলৰ ওপৰেদি বতাহ বলে, বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা, আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে। সেয়ে সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয়বাষ্প থাকে। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়। ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয়। এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কৰা হয়।

১৩ । বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি

উত্তৰঃ বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ ইত্যাদিবোৰ গতিৰ পৰাই জানিব পাৰি। কিন্তু উইণ্ড ভে’ন নামৰ যন্ত্ৰটোৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এনিম’মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়।  এনিম’গ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিৱদ্ধ হয়। ১৮০৫ চনতে বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে প্ৰস্তুত কৰা ০- ১২ নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফ’ৰ্ট স্কেল বুলি কোৱা হয়।

          বতাহৰ গতিবেগ নট প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এক নট মানে প্ৰতি ঘণ্টাত ১ নটিকেল মাইল। অৰ্থাৎ প্ৰতি ঘণ্টাত ১.৮৫৪ কিলোমিটাৰ বা প্ৰতি মিনিটত ৩০. ৯ মিটাৰ।

১৪ । বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বতাহক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে-

১) মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ

২) গৌণ বায়ু প্ৰবাহ

৩) স্থানীয় বায়ু প্ৰবাহ

১) মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহঃ পৃথিৱী-পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ুপ্ৰবাহ বোলে।উল্লেখযোগ্য যে প্ৰাথমিক বায়ুপ্ৰবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ুপ্ৰবাহৰ পৰিবেশ সৃষ্টি কৰে। বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰু দেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত।

২) গৌণ বায়ুপ্ৰবাহ : ভূ – অৱয়বৰ প্ৰকৃতি আৰু ভূমি-জল ভাগত বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ – তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ুপ্ৰবাহ বোলা হয়। ঘূৰ্ণীবতাহ বা চক্ৰবাত , প্ৰতীপ ঘূৰ্ণীবতাহ , বায়ুৰাশি , বাতাগ্ৰ , মৌচুমী বতাহ আদি গৌণ বায়ুপ্ৰবাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণৰ পৰিবৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে।

(৩) স্থানীয় বায়ুপ্ৰবাহ : কিছুমান স্থানীয় কাৰক যেনে – ভূ – অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্ৰবাহ বা তৃতীয়ক বায়ুপ্ৰবাহ বোলা হয়। এই বায়ুপ্ৰবাহক অস্থায়ী বা অনিয়মিত বায়ুপ্ৰবাহ বুলিও কোৱা হয়। স্থানীয় বায়ুপ্ৰবাহৰ ভিতৰত জলবতাহ , স্থলবতাহ , পৰ্বতীয়া বতাহ , ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য।

১৫ । প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায়? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ:  পৃথিৱী-পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ুপ্ৰবাহ বোলে। উল্লেখযোগ্য  যে প্ৰাথমিক বায়ুপ্ৰবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ুপ্ৰবাহৰ পৰিবেশ সৃষ্টি কৰে। বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰু দেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত।

পৃথিৱীৰ চাপবলয় আৰু প্ৰাথমিক বায়ুপ্ৰবাহ

প্ৰাথমিক বায়ুপ্ৰবাহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল –

১) প্ৰাথমিক বায়ুপ্ৰবাহবোৰ গোটেই পৃথিৱীজুৰি থাকে।

২) প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্নপৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে।

৩)  প্ৰাথমিক বায়ু প্ৰবাহবোৰ স্থায়ী আৰু নিয়মিত

৪) এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰু দেশীয় উচচ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে।

১৬ । গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা।

উত্তৰ: ভূ – অৱয়বৰ প্ৰকৃতি আৰু ভূমি-জল ভাগত বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ – তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ুপ্ৰবাহ বোলা হয়। ঘূৰ্ণীবতাহ বা চক্ৰবাত , প্ৰতীপ ঘূৰ্ণীবতাহ , বায়ুৰাশি , বাতাগ্ৰ , মৌচুমী বতাহ আদি গৌণ বায়ুপ্ৰবাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণৰ পৰিবৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে।

এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণত গৌণ বতাহৰ বা বায়ুপ্ৰবাহৰ যথেষ্ট ভূমিকা আছে। বায়ুৰাশি উচ্চ ভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হৈ আহোঁতে বতৰৰ পৰিবৰ্তনৰ লগতে জলবায়ুৰো পৰিবৰ্তন আনে। একোটা বায়ু ৰাশিয়ে উৎস স্থান ত্যাগ কৰি প্ৰবাহিত হ’লে উত্তাপ বিতৰণৰ তাৰতম্য হয়। ঠিক সেইদৰে বহি ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কাৰণে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। উচচ স্তৰৰ বায়ু অতিপাত চেঁচা হ’লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণীৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশ খন মুকলি হয়। অৱশ্যে ৰিব্ ৰিব্ বতাহ বলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয়।

উপক্ৰান্তীয় অঞ্চলৰ প্ৰতীপ ঘূৰ্ণীবতাহবোৰ যদি উষ্ণ সাগৰৰ ওপৰেদি প্ৰবাহিত হয় , তেতিয়া জলীয়বাষ্পৰ প্ৰচুৰ সৰবৰাহ আৰু উত্তাপৰ তাৰতম্যৰ বাবে কিছু পৰিমানে বৰষূণ হয় । ইয়াৰ ফলত জলবায়ু পৰিবৰ্তন হয়।

               মৌচুমী বতাহৰ বাবেও এখন ঠাইৰ জলবায়ু পৰিবৰ্তন হয়। গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুত গতিত কম – বেছি পৰিমানে চেঁচা আৰু সেমেকা বায়ু ভূ – ভাগলৈ বলে। এনে বায়ু ভূ – ভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি পৰ্বত – পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে।

১৭ । স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়। উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ: কিছুমান স্থানীয় কাৰক যেনে – ভূ – অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্ৰবাহ বা তৃতীয়ক বায়ুপ্ৰবাহ বোলা হয়। এই বায়ুপ্ৰবাহক অস্থায়ী বা অনিয়মিত বায়ুপ্ৰবাহ বুলিও কোৱা হয়। স্থানীয় বায়ুপ্ৰবাহৰ ভিতৰত জলবতাহ , স্থলবতাহ , পৰ্বতীয়া বতাহ , ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য।

কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত স্থানীয় বায়ুপ্ৰবাহৰ প্ৰভাৱ যথেষ্ট আছে ।স্থানীয় বতাহৰ অন্তৰ্গত জলবতাহ আৰু স্থল বতাহৰ প্ৰভাৱত স্থলভাগে দিনৰভাগত অতি কম সময়ত তাপ শোষণ কৰি উত্তপ্ত হয় আৰু ঠিক সেইদৰে ৰাতি অতি সোনকলে তাপ এৰি দি চেঁচা হয়। আনহাতে জলভাগে দিনৰ ভাগত অতি লেহেম গতিত তাপ শোষণ কৰে, ঠিক সেইদৰে ৰাতি লেহেম গতিত তাপ এৰি দিয়া ।সেয়ে জলভাগ আৰু স্থলভাগৰ মাজত উষ্ণতাৰ পাৰ্থক্য হয় ।দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়।

পৃথিৱীৰ ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ বলে। এনে স্থানীয় বায়ুপ্ৰবাহে সময়িকভাৱে হ’লেও একোখন ঠাইৰ বতৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উৰ্ধ্বমূখী প্ৰবাহক উপত্যকা বতাহ বোলা হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়।

ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয় ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্ন চাপ কেন্দ্ৰৰ সৃষ্টি হয়। এনে অস্থায়ী নিম্ন চাপ কেন্দ্ৰৰ প্ৰবল আকষৰ্ণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক চিৰ’ক্কো বোলে। ইজিপ্তত এনে বতাহক খামচিন আৰু আৰবত চিমুখ বোলা হয়। এই বায়ু ইমান উচ্চ আৰু শুকান যে একেৰাহে কেইবাদিন এনে বায়ু প্ৰবাহ হ’লে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাঁট মেলে আৰু গছ গছনি শুকাই সৰিবলৈ ধৰে। শুকান মৰুভূমিৰ পৃষ্ঠভূমিয়েদি এনে বায়ু প্ৰবাহিত হ’লে প্ৰচুৰ ধূলি বালি কঢ়িয়াই আনি সঘনে ধূলি ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা এনে বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰতৰ গংগা সমভূমি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া ইয়াক লু বোলা হয়। আনহাতে শীতকালত দক্ষিণ পশ্চিম ইউৰোপৰ উচ্চভূমি অঞ্চলৰ পৰা দক্ষিণ ঢালেদি ভূমধ্য সাগৰীয় উপকূল অঞ্চলত প্ৰবাহিত গধুৰ শীতল বতাহক মিষ্ট্ৰেল বোলা হয়।

 এইদৰে স্থানীয় বতাহে স্থানীয় পৰ্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিৱৰ্তন আনে।

১৮ । ‘ঘূর্ণীবতাহ কাক বোলে ? ই কেইপ্রকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।

উত্তৰঃ বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে।

ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ –

১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ,

২) বহি ক্ৰান্তীয় বা মধ্য ক্ৰান্তীয় ঘূৰ্ণীবতাহ।

এই ঘূৰ্ণীবতাহ বোৰ বছৰৰ যিকোনো সময়ত সৃষ্টি হ’ব পাৰে। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ’লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণীৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশ খন মুকলি হয়।

১৯ । ‘বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?

উত্তৰঃ উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে।

বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা  শ্ৰেণীত বিভক্ত কৰিব পাৰি –

(১) ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।

(২) ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।

(৩) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।

(৪) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।

এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত বায়ুৰাশিৰ ভূমিকা হ’ল – এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হ’লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহন হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হওঁতে বতৰৰ পৰিৱৰ্তন ঘটোৱাৰ উপৰিও নিজৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয়।

২০) ‘বাতাগ্ৰ ‘ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা।

উত্তৰঃ যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্ৰ বোলা হয়।

বাতাগ্ৰ সৃষ্টি হ’বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন –

১) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব।

২) বায়ুপ্ৰবাহ অভিসাৰী হ’ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমূখে প্ৰবাহিত হয়।

জলবায়ু আৰু বাতাগ্ৰৰ মাজৰ সম্পৰ্ক হ’ল – বিপৰীত গুণসম্পন্ন দুটা বায়ুৰাশিৰ মিলন হ’লে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অবতৰণ কৰি এক সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমুৰ্খী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়।

২১ । ‘মৌচুমী’ বতাহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট?

উত্তৰঃ- ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক, বায়ুপ্ৰবাহক মৌচুমী বতাহ বোলে। সাধাৰণতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ুপ্ৰবাহ, যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত।

ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী প্ৰবাহৰ দিশ সলনি হয়। ই প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ুপ্ৰবাহ। পৃথিৱীৰ যিবোৰ অঞ্চল সাগৰ – মহাসাগৰে আগুৰি আছে  তাত মৌচুমী বতাহ বেছিকৈ পৰিলক্ষিত হয়। গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুতগতিত কম-বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূ-ভাগলৈ বলে। এনে সেমেকা আৰু চেঁচা বায়ুৱে ভূ-ভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি পৰ্বত- পাহাৰত খুন্দা খাই  ধাৰাসাৰ বৰষুণ দিয়ে। এনে কাৰণতে  মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চলৰ পাদ-ভূমিত আৰু পশ্চিমঘাট পাৰ্বতমালৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ হয়।

শীতকালত মৌচুমী বতাহৰ দিশ সলনি হয়। কাৰণ শীতকালত ভূ-ভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় বাবে জল ভাগত নিম্নচাপৰ সৃষ্টি হয়, অর্থাৎ ভূ-ভাগত উচ্চ চাপৰ সৃষ্টি হয়। সেয়ে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ প্রবাহিত হয়। এনে বতাহ শুকান হোৱা বাবে বৰষুণ নহয়। শীতকালত শুকান উত্তৰ-পূব মৌচুমী বতাহে বঙ্গোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে।

পৃথিৱীৰ বিভিন্ন অঞ্চল যেনে: দক্ষিণ আফ্ৰিকা, যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূব উপকূল আৰু দক্ষিণ-পশ্চিম উপকূল;মেক্সিকো উপসাগৰীয় অঞ্চল, উত্তৰ-পূব অষ্ট্ৰেলিয়া আদিত মৌচুমী বায়ু প্ৰবাহ পৰিলক্ষিত হয়।  এছিয়া মহাদেশৰ বিশেষকৈ দক্ষিণ আৰু দক্ষিণ-পূব অংশত মৌচুমীৰ প্ৰভাৱ আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল হয়।

২২) কাৰণ দৰ্শাই উত্তৰ লিখা।

(ক) ট্ৰপ’স্ফীয়েৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্ৰিয়া-কলাপ কিয় সংঘটিত হয়?

উত্তৰঃ- ট্ৰপ’স্ফীয়েৰ স্তৰটো ভূ-পৃষ্ঠত লগ লাগি থকাৰ বাবে ইয়াৰ বায়ুমণ্ডলত অধিক জলীয় বাষ্প থকাৰ লগতে প্ৰায় তিনি-চতুৰ্থাংশ  বায়ুমণ্ডলত গেছ আৰু ধূলিকণা   থাকে। সেয়েহে মেঘ, বৰষুণ আদি সৃষ্টিৰ লগতে বতৰৰ ক্ৰিয়া-কলাপ এই স্তৰটোতে সংঘটিত হয়।

(খ) বায়ুমণ্ডলত কার্বন ডাই -অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব?

উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব। যাৰ ফলত জীৱৰ জীৱন প্ৰক্ৰিয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হব।

(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি?

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয়। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি গৰম বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। সেইবাবে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি।

(ঘ) অ’জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে?

উত্তৰঃ- বায়ুমণ্ডলৰ প্ৰায় ৪০-৫০ কি.মি., উচ্চতাত অ’জন গেছৰ এটা স্তৰ আছে। এই স্তৰত থকা অ’জন গেছৰ অণু য়ে সূৰ্য্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক উপকাৰ সাধে।

(ঙ) সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি?

উত্তৰ: উচ্চতা কম হলে বায়ুৰ চাপ বেছি হয়। সাগৰ পৃষ্ঠত উচ্চতা তুলানামুকভাৱে কম হোৱা বাবে তাত বায়ুৰ চাপ অধিক হয়। সেই কাৰণে সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি।

(চ) ট্ৰপ’স্ফীয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ?

উত্তৰঃ ট্ৰপ’স্ফিয়েৰ স্তৰত উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়।

ছ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়?

উত্তৰঃ নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হোৱাৰ বাবে এই অঞ্চলত ভূ-পৃষ্ঠৰ সমন্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয়।

(২৩) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:

ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

উত্তৰঃ ভূ পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত।

খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়  একে থাকে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে।

গ) হ’ম’স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?

উত্তৰঃ হ’ম’ স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম হ’ল – মেজ’পজ।

ঘ) ফেৰেলৰ সূত্ৰটো কি?

উত্তৰঃ পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিওলিচ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়।

ঙ) বিউফ’ৰ্ট স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ১৮০৫ চনতে বৃটিছ বিজ্ঞানী চাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে প্ৰস্তুত কৰা ০- ১২ নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফ’ৰ্ট স্কেল বুলি কোৱা হয়।

বতাহৰ গতিবেগ নট ত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে – বিউফ’ৰ্ট নম্বৰ ০; বতাহৰ গতিবেগ নট হিচাপে ১;বতাহৰ প্ৰকৃতি মন্থৰ বতাহ, বতাহৰ প্ৰভাৱ – ধোৱা উলম্বিকভাৱে ওপৰলৈ উঠে।

বিউফ’ৰ্ট নম্বৰ ১ বতাহৰ গতিবেগ নট হিচাপত ১-৩ বতাহৰ প্ৰকৃতি ক্ষীণ বতাহ, বতাহৰ প্ৰভাৱ ধোঁৱা বায়ুৰ দিশ অনুযায়ী যায়; কিন্তু বতাহ নির্দেশক নুঘুৰে।

চ) লেপ্চ হাৰ কি চমুকৈ লিখা।

উত্তৰঃ বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়েৰ স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫॰ চেন্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়। ইয়াকে লেপ্চ হাৰ বোলা হয়।

২৪। চমুটোকা লিখা?

ক) হ’ম’স্ফিয়েৰঃ     ভূ – পৃষ্ঠৰ পৰা প্ৰায় ৮০ কি.মি. উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে বাবে এই নিম্ন স্তৰটোক হম’স্ফিয়েৰ বোলে ।এই স্তৰটোক  উত্তাপ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগ কেইটা হ’ল – ট্রপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ।

খ) হেটেৰ’স্ফিয়েৰ: মেছ’স্ফিয়েৰ স্তৰৰ পিছৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰ’জেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰ’জেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰ’জেন তৰপ (৮০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), অক্সিজেন তৰপ (১১২৫ কিলোমিটাৰ উচ্চতা পৰ্যন্ত), হিলিয়াম তৰপ (৩৫৪০ কিলিমিটাৰ উচ্চতা পৰ্যন্ত) আৰু হাইড্ৰ’জেন তৰপ (প্ৰায়১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত)। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

গ) বায়ুৰ তাপ, ভূ-পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্কঃ বায়ুমণ্ডলৰ তাপ , ভূ – পৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ মাজত এক নিবিড় সম্পৰ্ক আছে। বায়ুমণ্ডলত তাপ কমিলে চাপ বাঢ়ে। আনহাতে তাপ বাঢ়িলে চাপ কমে। পৃথিৱীৰ যিবোৰ অঞ্চলত তাপৰ মাত্ৰা অধিক, তাত নিম্নচাপৰ সৃষ্টি হয় আৰু যিবোৰ অঞ্চলত শীতৰ প্ৰভাৱ বেছি তাত উচ্চ চাপৰ সৃষ্টি হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ ওপৰত বিভিন্ন চাপ মণ্ডলৰ সৃষ্টি হৈছে। উচ্চতাৰ লগত বায়ুৰ চাপৰ সম্পৰ্ক আছে। উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায়। উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ ঘনত্বও কমি যায়। উচ্চতাৰ লগত বায়ুমণ্ডলৰ তাপৰ সম্পৰ্কও আছে। সেয়েহে ট্রেপ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কামে , ট্রেপ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে তাপ বাঢ়ে , মেছ’স্ফিয়েৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কমে আৰু থাৰ্ম’স্ফিয়েৰ স্তৰত উচ্চতা বঢ়াৰ লগে লগে তাপৰ মাত্ৰাও অধিক পৰিমানে বাঢ়ি যায়।

ঘ) মেৰুদেশীয় উচ্চচাপ বলয়: পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুই মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।

ঙ) বায়ুপ্ৰবাহ তন্ত্ৰ : বায়ুমণ্ডলত বায়ু কেতিয়াও স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে যেতিয়া ভূ – পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্ৰবাহ বোলে। বায়ুৰ গতি সদায় অনুভূমিক। বায়ু যেতিয়া ঊৰ্ধবগামী হয় তেতিয়া বায়ুৱে উল্লম্বিক দিশত গতি কৰে ।দৰাচলতে বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়া – কলপাৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে । সেয়ে বহল অৰ্থত ইয়াক বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয়।

(চ) চাপনতি: ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়।আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত।

 ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।

ছ) বাণিজ্য বতাহঃ ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশেপাশে অৱস্থিত উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে। কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ-পূব বাণিজ্য বতাহ বোলে।

জ) অশ্ব-অক্ষাংশঃ উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছোৱা বতাহ বলে তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্তবলয় আছে। এই অঞ্চলৰ পৰা বায়ু বহিঃমুখী হয় যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ ৩০° ৰ পৰা ৩৫° অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অশ্ব-অক্ষাংশ বোলা হয়।

ঝ) গৰ্জনমুখৰ চল্লিশঃ দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়েহে মহাসাগৰীয় নাবিকসকলে চল্লিশ দশকৰ অক্ষাংশৰ অঞ্চলক গৰ্জনমুখৰ চল্লিশ বোলে।

ঞ) প্ৰতীপ ঘূৰ্ণীবতাহ: যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবাতাহ বোলা হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্ৰও বোলে।পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। প্ৰতীপ ঘূৰ্ণীবতাহ প্ৰধানতঃ দুই প্ৰকাৰৰ –

১) উপক্ৰান্তীয় উষ্ণ প্ৰতীপ ঘূৰ্ণীবতাহ আৰু

২) উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ

ট) জেট প্ৰবাহঃ ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূৱমুৱা বায়ুপ্ৰবাহিত হয়। ইয়াকে জেটপ্ৰবাহ বোলা হয়। জেটপ্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়।

ঠ) সমচাপ ৰেখা: পৃথিৱীৰ উপৰিভাগত থকা সমান চাপবিশিষ্ট ঠাইবোৰ সংযোগ কৰিলে যি ৰেখা পোৱা যায় তাকে সমচাপ ৰেখা বোলে। যিবোৰ ঠাইৰ চাপনতিৰ মান একেবাৰে কম হ’লে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা প্ৰায় একেবাৰেই দেখা নাযায়।

ড) ক্ৰান্তীয় ঘূৰ্ণীবতাহঃ ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয়, তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণী বতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত  বলে। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ ৰ পৰা ২৮০ কিলোমিটাৰ পৰ্যন্ত হয়। একো একোটা বৃত্তাকাৰ ঘূৰ্ণীবতাহৰ ব্যাস কেই কিলোমিটাৰ মানৰ পৰা কেবাশ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণৰূপে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয়। একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ , ধ্বংসকাৰী আৰু ক্ষতিকাৰক হয়। এইবোৰ ধুমুহা বহু অঞ্চল আৰু বহু সময় ব্যাপি সক্ৰিয় হৈ থাকে। উত্তৰ আমেৰিকাৰ দক্ষিণ – পূব অংশ, জাপানৰ পূব উপকূল, ভাৰতবৰ্ষৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধন – জনৰ বহুতো ক্ষতি হয়।

ক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত ইয়াক প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন,ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন, অসমত বৰদৈচিলা আদিৰে নামেৰে পৰিচিত।

২৫) পাৰ্থক্য লিখা :

(ক) অনুভূমিক প্ৰবাহ আৰু উল্লম্বিক প্ৰবাহ

 উত্তৰঃ- অনুভূমিক প্ৰবাহ আৰু উল্লম্বিক প্ৰবাহৰ মাজত পাৰ্থক্য হ’ল –

১) অনুভূমিক বতাহ ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে আনহাতে উল্লম্বিক বতাহ ভূ-পৃষ্ঠৰ উল্লম্বিকভাৱে গতি কৰে।

(২) অনুভূমিক প্ৰবাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চল লৈ বলে, কিন্তু উল্লম্বিক প্ৰবাহ নিম্নচাপৰ পৰা উচ্চচাপ অঞ্চললৈ বলে।

খ) বায়ুপ্ৰবাহ আৰু বায়ুৰাশিঃ

উত্তৰঃ- বায়ুপ্ৰবাহ হ’ল বায়ুৱে গতি কৰা অৱস্থা আনহাতে, বায়ুৰাশি হ’ল উত্তাপ, আৰ্দ্ৰতা আদি সমগুণ সম্পন্ন একোটা বৃহৎ আকাৰৰ বায়ুপুঞ্জ।

গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ:

উত্তৰঃ- (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত সৃষ্টি হয় আনহাতে বহিঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হয়।

(২) ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ ১২০ – ২৮০ কি.মি. পৰ্যন্ত হয়; আনহাতে বহিঃক্ৰান্তীয় ঘূৰ্ণীবাতাহৰ গতিবেগ ৩০০ – ১৫০০ কি. মি. ৰ ভিতৰত হয়।

(ঘ) জলবতাহ আৰু স্থলবতাহ:

 উত্তৰঃ- জলবতাহ আৰু স্থলবতাহৰ পাৰ্থক্য হ’ল –

(১) জলবতাহ দিনৰ ভাগত বলে আনহাতে স্থলবতাহ ৰাতিৰ ভাগত বলে।

(২) জলবতাহ জলভাগৰ পৰা স্থলভাগলৈ বলে আনহাতে স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ বলে।

(ঙ) পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ:

উত্তৰঃ- পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহৰ পাৰ্থক্য হ’ল –

(১) পাৰ্বত্য বতাহ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ গতি কৰে আনহাতে ভৈয়ামৰ বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি গতি কৰে।

(২) পাৰ্বত্য বতাহ নিম্নগামী হয় কিন্তু ভৈয়ামৰ বতাহ ঊধৰ্বমুখী হয়।

(৩) পাৰ্বত্য পাহাৰ ৰাতিৰ ভাগত বলে কিন্তু ভৈয়ামৰ বতাহ দিনৰ ভাগত বলে।

চ) ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহ:

উত্তৰঃ- ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহৰ মাজত পাৰ্থক্য হ’ল –

উত্তৰঃ ১) বায়ুমণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে। আনহাতে যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়।

২) বহি:ক্ৰান্তীয় আৰু ক্ৰান্তীয় দুয়ো অঞ্চলতে ঘূৰ্ণীবতাহ বলে আনহাতে উষ্ণ উপক্ৰান্তীয় আৰু উষ্ণ উচ্চ অক্ষাংশৰ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহ বলে।

ছ) শীতল বাতাগ্ৰ আৰু উষ্ণ বাতাগ্ৰ:

উত্তৰঃ ১) যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাক শীতল বাতাগ্ৰ বোলে। আনহাতে,যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰ বোলে।

জ) ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ:

 উত্তৰঃ- ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল –

১) ট্রপ’স্ফিয়েৰ পৃথিৱীৰ একেবাৰে গাতে লাগি থকা স্তৰ; ষ্ট্ৰেট’স্ফিয়েৰ ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰতে থকা স্তৰ।

২) ট্রপ’স্ফিয়েৰৰ গড় উচ্চতা ১০ কিলোমিটাৰ, ষ্ট্ৰেটস্ফিয়েৰৰ গড় উচ্চতা ৫০ কিলোমিটাৰ।

(৩) ট্রপ’স্ফিয়েৰৰ ঊৰ্ধবসীমাটোক ট্ৰপ’পজ বোলে ; ষ্ট্ৰেট’স্ফিয়েৰৰ ঊৰ্ধবসীমাটোক ষ্ট্ৰেট’পজ বোলে।

(২৬) শুদ্ধ উত্তৰ বাছি উলিওৱা:

(জন গেছৰ স্তৰটো  অৱস্থিত?

  1. ট্রপস্ফিয়েৰ  
  2. ষ্ট্ৰেটস্ফিয়েৰ
  3. মেছস্ফিয়েৰ
  4. থাৰ্মস্ফিয়েৰ

উত্তৰঃ- (২) ষ্ট্ৰেট’স্ফিয়েৰ।

(বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?

  1. ২০.৯৪%   
  2. ২৯.০১
  3. ৩২.৪৭%    
  4. ৭৮.০৮%

উত্তৰঃ- (১) ২০.৯৪% 

(বায়ুপ্ৰবাহৰ মূল কাৰণটো কি ?

  1. আৰ্দ্ৰতাৰ তাৰতম্য 
  2. চাপৰ তাৰতম্য
  3. মাধ্যাকৰ্ষণ শক্তি
  4. অপকেন্দ্ৰীক বল

 উত্তৰঃ- (২) চাপৰ তাৰতম্য।

(বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো  –

  1. উইণ্ড ভেন 
  2. এনিমমিটা
  3. বিউফৰ্ট  স্কেল 
  4. হাইড্ৰমিটাৰ মম

উত্তৰঃ- (২) এনিম’মিটাৰ।

(বতাহৰ গতিবেগৰ এককটো  –

  1. নট
  2. মিলিবাৰ
  3. শতাংশ
  4. ডিগ্ৰী

উত্তৰঃ- (১) নট।

(মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত?

  1. স্থানীয় বতাহ
  2. প্ৰাথমিক বতাহ
  3. গৌণ বতাহ
  4. নিয়মিত বতাহ

উত্তৰঃ- (৩) গৌণ বতাহ।

(প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি?

  1. চাইক্ল
  2. হাৰিকেন
  3. উইলী উইলী
  4. টাইফুন

উত্তৰঃ-   (২) হাৰিকেন।


Class 9 Social Science All Question AnswerClick Here


Class 9 Social Science Chapter 2 (Geography) বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment