Assam Board Exam

Class 9 Social Science Chapter 2 (History) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Class 9 Social Science Chapter 2 (History) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ– সমাধান in Assamese Medium|| All Question Answer

Class 9 Social Science Chapter 2

Class 9 Social Science Chapter 2 (History) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ- Complete Question Answer in Assamese Medium


নৱম শ্ৰেণী

ইতিহাস খণ্ড

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ


অতি চমু প্ৰশ্ন উত্তৰ :

১) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।

উত্তৰঃ- ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হ’ল –  ঊনবিংশ শতিকাৰ পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ।

২) আনন্দমঠ কোনে লিখিছিল?

উত্তৰঃ- আনন্দমঠ বঙ্কিম চট্টোপাধ্যায়ে লিখিছিল।

৩) ‘স্যাৰে জাহাছে আচ্ছা …………’ গীতৰ গীতিকাৰ কোন?

উত্তৰঃ- স্যাৰে জাহাছে আচ্ছা …………গীতৰ গীতিকাৰ হ’ল – চাৰ মহম্মদ ইকবল।

৪) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক’ত সূচনা হৈছিল?

উত্তৰঃ:- ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত, বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।

৫) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?

উত্তৰঃ-১৮৩৯ খ্ৰীষ্টাব্দত, কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ সূচনা হৈছিল।

৬) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত, শ্ৰীৰামপুৰত স্থাপন হৈছিল।

৭) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?

 উত্তৰঃ:- প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে, কলকাতাত প্ৰতিষ্ঠা হৈছিল। ১৮১৭ খ্ৰীষ্টাব্দত।

৮) লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংষ্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ- লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংষ্কাৰৰ বিষয়ে তলত লিখা হ’ল –

(ক) সতীদাহ প্ৰথাৰ নিষিদ্ধ  আইন প্ৰনয়ন কৰিছিল।

(খ) স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে গুৰুত্ত্বপূৰ্ণ  ভূমিকা লৈছিল।

৯) ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্রথমখন বাতৰি কাকত কি?

উত্তৰঃ- ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্রথমখন বাতৰি কাকত হ’ল – বেংগল গেজেট।

চমু/ দীঘল উত্তৰৰ প্ৰশ্ন

(১) চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।

উত্তৰ:  ইং ৰাজৰ বিৰুদ্ধে সংঘটিত হোৱা চিপাহী বিদ্রোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল যদিও বিদ্রোহৰ ফলত হোৱা পৰিৱর্তনে ভাৰতীয় জনসাধাৰণৰ মাজত এটা নতুন যুগৰ আৰম্ভণি কৰিছিল। এই বিদ্রোহৰ পিছত ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ গৈছিল। ইংৰাজে  শাসনৰ সুবিধাৰ বাবে ভাৰতবর্ষত পশ্চিমীয়া শিক্ষাৰ প্রসাৰ ঘটাইছিল, কৃষিজাত সামগ্রীৰ আদান প্রদানৰ বাবে যাতায়াত ব্যৱস্থা উন্নত কৰিছিল, বাতৰি- কাকঁতৰ প্রচলন কৰিছিল। এই সকলোবোৰে ভাৰতীয় জনসাধাৰণৰ মাজৰ পৰা পুৰণি চিন্তা-ধাৰা বিভিন্ন কু-সংস্কাৰ আদি আতৰ কৰি তেওঁলোকৰ মনত জাতীয়তাবোধৰ উন্মেষ ঘটাইছিল।

২) ‘উদৰ প্ৰেৰণ পত্ৰ’ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।

উত্তৰ: (ক) উদৰ প্রেৰণ পত্রৰ দ্বাৰা ভাৰতবর্ষত পশ্চিমীয়া শিক্ষাৰ প্ৰৱর্তন কৰা হৈছিল।

(খ) ইয়াৰ দ্বাৰা ভাৰতবর্ষৰ বিভিন্ন প্রান্তত শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছিল।

(গ) উদৰ প্রেৰণ পত্রৰ দ্বাৰা প্ৰাথমিক পর্যায়ত আঞ্চলিক ভাষাৰে আৰু উচ্চ পর্যায়ত ইং ৰাজী ভাষাৰে শিক্ষা দিয়া হৈছিল।

(ঘ) এই আঁচনিৰ দ্বাৰা মেধাবী ছাত্রক বৃত্তি দিয়াৰো ব্যৱস্থা কৰা হৈছিল।

৩) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৫ টা কাৰকৰ বিষয়ে লিখা।

উত্তৰ: (ক) পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱ: উডৰ প্রেৰণ পত্রৰ দ্বাৰা ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষাৰ প্রৱর্তন কৰা হৈছিল। এই শিক্ষাই ভাৰতীয় জনসাধাৰণক বিশ্ব-বিখ্যাত গন্থ বোৰৰ সৈতে চিনাকি কৰাই দিছিল, যিয়ে তেওঁলোকৰ মনত স্বাধীনতা বোধৰ জন্ম দিছিল।

(খ) যাতায়াত যোগাযোগৰ উন্নতি: ইংৰাজে নিজৰ বাণিজ্যিক লাভালাভৰ বাবে ভাৰতবৰ্ষত ৰেল সেৱাৰ মুকলি কৰিছিল। এই সেৱাই ভাৰতীয় জনসাধাৰণ মাজৰ পৰা বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ, উচ্চ- নীচৰ ব্যৱধান আদিবোৰ নোহোৱা কৰাৰ লগতে একতাৰ মনোভাৱো জাগ্ৰত কৰিছিল।

(গ) ধর্ম আৰু সমাজ সংস্কাৰ আন্দোলন: পশ্চিমীয়া শিক্ষাৰে শিক্ষিত কিছুমান ভাৰতীয় ব্যক্তিয়ে কিছুমান সামাজিক অনুষ্ঠান গঢ়ি তুলি জনসাধাৰণৰ মাজত জাতীয়তাবোধৰ উন্মেয় ঘটাবলৈ চেষ্টা চলাইছিল। ৰজা ৰামমোহন ৰায়ৰ ব্রাহ্ম সমাজ, দয়ানন্দ সৰস্বতীৰ আৰ্য সমাজ, কেশৱ চন্দ্র সেনৰ প্রার্থনা সমাজ আদিয়ে ভাৰতীয় জনসাধাৰণৰ মাজত চলি থকা কুসংস্কাৰ আঁতৰ কৰি তেওঁলোকক পশ্চিমীয়া শিক্ষাৰ প্রতি আগ্রহী কৰি তুলিছিল।

(ঘ) বাতৰি কাকতৰ ভূমিকা: উইলিয়াম হিকি নামৰ এজন ইংৰাজ বিষয়াৰ চেষ্টাত ভাৰতবৰ্ষত বেংগল গেজেট’ নামৰ প্রথমখন বাতৰিকাকতৰ জন্ম হৈছিল। পৰৱর্তী পর্যায়ত ইয়াক অনুসৰণ কৰি আৰু বহুতো আঞ্চলিক ভাষাৰ বাতৰিকাকতৰ সৃষ্টি হৈছিল। এইবোৰত ইংৰাজ চৰকাৰৰ বিভিন্ন দমন মূলক নীতি বা কাৰ্যৰ বিষয়ে কাঠোৰ ভাবে সমালোচনা কৰা হৈছিল।

(ঙ) ভাৰতীয় জাতীয় কংগ্রেছৰ জন্ম: এলেন অক্টেভিয়ান হিউম কামৰ এগৰাকী ইংৰাজ বিষয়াৰ চেষ্টাত ১৮৮৫ চনত ‘ভাৰতীয় জাতীয় কংগ্রেছৰ জন্ম হৈছিল। জন্মলগ্নৰে পৰা এই অনুষ্ঠানে বৃটিছভক্ত ৰাজনৈতিক অনুষ্ঠান হিচাপে কাম কৰি গৈছিল যদিও ১৯০৫ চনৰ বংগ বিভাজনে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য সলনি কৰিছিল। পৰৱর্তী পর্যায়ত ইংৰাজৰ বিৰুদ্ধে সংঘটিত হোৱা প্রত্যেকটো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ভাৰতীয় জাতীয় কংগ্রেছে।

৪) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰ: (ক) পশ্চিমীয়া শিক্ষাই ভাৰতীয় জনসাধাৰণৰ মাজৰ পৰা পূর্ব প্রচলিত কিছুমান কু-সংস্কাৰ, অন্ধবিশ্বাস আদি আঁতৰ কৰি তেওঁলোকক এটা নতুন যুগলৈ ঠেলি দিছিল।

(খ) পশ্চিমীয়া শিক্ষাই ভাৰতীয় জনসাধাৰণৰ মাজত একতাৰ মনোভাৱ জাগ্রত কৰিছিল।

(গ) এই শিক্ষাৰ দ্বাৰা ভাৰতীয়সকলে বহুতো বিখ্যাত গ্ৰন্থ সৈতে চিনাকি হৈছিল, যিয়ে তেওঁলোকৰ মাজত জাতীয় জাগৰণ গঢ়ি তোলাত সহায় কৰিছিল।

(ঘ) পশ্চিমীয়া শিক্ষাৰ সৈতে চিনাকি হোৱাৰ পিছত বহুতো ভাৰতীয়ই স্বাধীনতা প্রেমী কিছুমান গীত, কবিতা আদি ৰচনা কৰিছিল, যিয়ে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।

(৫) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।

উত্তৰ: (ক) যাতায়াতৰ উন্নতিয়ে ভাৰতীয় জনসাধৰণৰ মাজৰ পৰা বিশেষকৈ জাতিভেদ প্রথা, উচ্চ-নীচৰ ব্যৱধান নোহোৱা কৰিছিল।

(খ) ৰেল পথেৰে সমগ্ৰ ভাৰতৰ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ সংযোগ ঘটোৱাৰ ভাৰতবাসীৰ মনত একতাৰ ভাৱ জাগ্রত হৈছিল।

(গ) যাতায়তৰ উন্নতিৰ লগে লগে ইংৰাজে ভাৰতবর্ষৰ ঔদ্যোগিক দিশটোৰো বিকাশ সাধন কৰিছিল, যিয়ে স্বাধীনতাৰ পিছত ভাৰতবর্ষৰ অর্থনৈতিক বিকাশত অৰিহণা জগাইছিল।

(ঘ) যাতায়তৰ উন্নতিয়ে ভাৰতীয় জনসাধাৰণৰ মাজত জাতীয়তাবোধৰ জন্ম দিছিল।

৬) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ: ভাৰতীয় জনসাধাৰণৰ মাজত জাতীয়তাবোধৰ জন্ম দিয়াত বা ভাৰতীয় জনসাধাৰণৰ মাজত নৱজাগৰণ অনাৰ ক্ষেত্রত যিসকল ব্যক্তিয়ে আগভাগ লৈছিল তেওঁলোকৰ ভিতৰত ৰাজা ৰামমোহন ৰায়ৰ নাম বিশেষভাবে উল্লেখযোগ্য। তেওঁ বাহ্ম সমাজ নামৰ এটা অনুষ্ঠানৰ দ্বাৰা সমাজত প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি আঁতৰ কৰি তেওঁলোকক পশ্চিমীয়া শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচাৰিছিল তেওঁৰ চেষ্টাতেই সতীদাহ প্রথা ভাৰতবর্ষৰ পৰা সম্পূৰ্ণৰূপে নির্মূল হৈছিল। স্ত্রী শিক্ষাৰ প্রচলনৰ ওপৰত, বিধৱা বিবাহৰ প্রচলনৰ ওপৰত তেঁও বিশেষ ভূমিকা পালন কৰিছিল।

৭/ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ: ৰজা ৰামমোহন ৰায়ক অনুসৰণ কৰি ভাৰতবৰ্ষত আন বহুতো  ব্যক্তিয়ে বিভিন্ন সামাজিক  অনুষ্ঠানৰ জন্ম দি সমাজত সংস্কাৰ  আনিব বিচাৰছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ নামৰ এটা অনুষ্ঠানৰ দ্বাৰা সমাজৰ পৰা বিভিন্ন কুসংস্কাৰ, অন্ধবিশ্বাস আদি আঁতৰ কৰিব বিচাৰিছিল। তেওঁ মূর্তি পূজাৰ বিৰোধিতা কৰিছিল  আৰু এক ঈশ্বৰক উপাসনাৰ ওপৰত গুৰুত্ব দিছিল। অন্য ধর্মৰ দৰে হিন্দু ধর্মলৈ ধর্মান্তৰিত হব পৰা এটা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল, যাক শুদ্ধি আন্দোলন বুলি জনা গৈছিল। স্ত্রী শিক্ষাৰ প্রচলনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে বিধৱা বিবাহৰ প্ৰচলন আদিৰ ওপৰটো তেওঁ গুৰুত্ব দিছিল।

৯) ভাৰতীয় জাতীয় জাগৰণৰ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ: ব্ৰাহ্ম সমাজৰ আর্হিত কেশৱ চন্দ্র সেনে প্রার্থনা সমাজ নামৰ এটা সামাজিক অনুষ্ঠানৰ জন্ম দিছিল। এই অনুষ্ঠানটোৱে বিধবা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা অনুষ্ঠান গঢ়ি তুলিছিল। প্রথমটোৰ দ্বাৰা বিধৱা বিবাহৰ প্রতি সমাজত উৎসাহ জগোৱা হৈছিল আৰু অনাদ্রীত বিধৱাসকলৰ আর্থিক সংস্থাপনৰ ব্যৱস্থা কৰিছিল। দ্বিতীয়টোৰ দ্বাৰা অনাথ শিশুৰ বাবে বিভিন্ন ঠাইত আশ্রম স্থাপন কৰিছিল আৰু নিৰক্ষৰ আৰু অন্নুনিত জাতিক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয় স্থাপন কৰিছিল।

১০) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ: ৰামকৃষ্ণ পৰমহংস  আছিল এগৰাকী সহজ-সৰল ব্যক্তি। অতি সুন্দৰ উপমাৰে তেওঁ ধর্মব বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। তেখেতৰ  মতবাদকে কেন্দ্র কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল । ৰাম কৃষ্ণ মিছন প্রতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। তেওঁৰ প্ৰকৃত নাম আছিল  নৰেন্দ্র নাথ দত্ত। স্বামী বিবেকানন্দই হিন্দু ধর্মৰ প্রকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁ হিন্দু ধৰ্মক বিশ্ব দৰবাৰত  উপস্থাপন কৰিছিল। স্বামী বিবেকানন্দৰ তেজস্বী ভাষণেৰে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। বিবেকানন্দৰ কৰ্ম চিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্রাচুর্য অনুধাৱন কৰিবলৈ প্রেৰণা যোগাইছিল  যাৰ ফলত ভাৰতীয়ৰ মনত জাতীয়তাবাদৰ চেতনাৰ সঞ্চাৰ হৈছিল।

১১) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ: মাদ্রাজক কেন্দ্র কৰি সমগ্র ভাৰতবর্ষতে থিয়’ছফিকেল ছ’চাইটিক জনপ্রিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা এনি বেছান্টৰ বিশেষ কর্মদক্ষতা। ১৮৭৫ খ্রীষ্টাব্দত আমেৰিকাৰ নিউয়র্ক চহৰত এই অনুষ্ঠানটো প্রতিষ্ঠা কৰা হৈছিল। ভাৰতীয় আধ্যাত্মিকতাক  প্রাধান্য দি তেওঁ ১৮৯৮ খ্ৰীষ্টাব্দত বাৰাণসীত চেণ্ট্ৰল হিন্দু স্কুল প্রতিষ্ঠা কৰিছিল । ১৯১৬ খ্রীষ্টাব্দত তেখেতে ‘হোম ৰুল লীগ’ প্রতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়োজনীয়তা প্রচাৰ কৰিছিল। তেখেত আছিল  ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম মহিলা সভাপতি।

১২) ‘আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।

উত্তৰ: হিন্দু সমাজৰ দৰে মুছলমান জনসাধাৰণৰ মাজতো সংস্কাৰ অনাৰ উদ্দেশ্য ছাৰ  চৈয়দ  আহমদ খান নামৰ এজন ব্যক্তিয়ে আলীগড়ত এটা আন্দোলন গঢ়ি তুলিছিল, যাক আলীগড় আন্দোলন বুলি জনা যায়। মুছলমান সমাজত প্রচলিত বিভিন্ন কুসংস্কাৰ লগতে অন্ধবিশ্বাসবোৰ আঁতৰোৱাৰ উদ্দেশ্যে তেওঁ জনসাধাৰণৰ মাজত পশ্চিমীয়া শিক্ষাক জনপ্রিয় কৰি তুলিব বিচাৰিছিল। বিখ্যাত গ্ৰন্থবোৰ তেঁও অধ্যয়ন কৰি সেইবোৰ উর্দু ভাষালৈ অনুবাদ কৰিছিল। পশ্চিমীয়া শিক্ষাক জনপ্রিয় কৰাৰ উদ্দেশ্যে তেওঁ শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰতো আগভাগ লৈছিল।

১৩) ‘বাতৰি কাকত’ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা।

উত্তৰ: ভাৰতীয় জনসাধাৰণৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটোৱাৰ এটা প্রধান কাৰক হল- বাতৰিকাকত। উইলিয়াম হিকি নামৰ  ইংৰাজ ব্যক্তিৰ প্ৰচেষ্টাত ভাৰতবর্ষত বেংগল গেজেট নামৰ প্রথমখন বাতৰিকাকতৰ প্রচলন হৈছিল। ইয়াক অনুসৰণ কৰি পশ্চিমীয়া শিক্ষাৰে শিক্ষিত বহুকেইগৰাকী ভাৰতীয়ই বহুকেইখন স্থানীয় কাকতৰ প্রচলন কৰিছিল। ইয়াত ব্রিটিছৰ সাম্রাজ্যবাদী নীতি তথা অন্যান্য কু-কৰ্মৰ কঠোৰভাবে সমালোচনা কৰা হৈছিল। যাৰ বাবে গৱৰ্ণৰ  জেনেৰেলে স্থানীয় কাকতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু প্ৰেছ আইন বলবৎ কৰিছিল, কিন্তু ভাৰতীয়ৰ আপত্তিত লর্ড হেষ্টিংছে এই নিষেধাজ্ঞা কিছু পৰিমানে উঠাই দিয়ে। এনেদৰে সময়ে -সময়ে ভাৰতীয় বাতৰি কাকতসমূহৰ ওপৰত  বিভিন্ন দমনমূলক নীতি ইংৰাজে প্রয়োগ কৰিছিল যদিও জাতীয়তাবাদী জনসাধাৰণক বাধা দিব পৰা নাছিল।

১৪) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা।

উত্তৰ: গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এগৰাকী ইংৰাজ বিষয়াই  ভাৰতীয় জনসাধাৰণৰ স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। হিউমে কলিকতা  বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰসকলক  উদ্দেশ্যি এখন মুকলি পত্র প্রেৰণ কৰিছিল আৰু তেওঁলোকক দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনহিছিল। ছাত্ৰসকলেও ইয়াৰ প্ৰতি সঁহাৰি দি দেশৰ উন্নতিৰ স্বার্থত সর্বভাৰতীয় জাতীয় অনুষ্ঠান এটা গঠন কৰাৰ পোষকতা কৰিছিল। সেই উদ্দেশ্যে ১৮৮৫ খ্রীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাই গকুল  দাস তেজপাল  সংস্কৃত কলেজত এখন মহাসভা অনুষ্ঠিত কৰিছিল। ইয়াৰ সভপতি আছিল উমেশ চন্দ্র বেনার্জী। এই সভাতেই সকলোৰে সমর্থনত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল।

            জন্মলগ্নৰে পৰা এই অনুষ্ঠানটোৱে ইংৰাজৰ ভক্ত হিচাপে নিজৰ কাৰ্য চলাই গৈছিল। কিন্তু ১৯০৫ চনৰ কার্জনৰ বংগ বিভাজনে ইয়াৰ উদেশ্য আৰু লক্ষ্য সম্পূর্ণৰূপে সলনি কৰি দিছিল। এই ঘটনাক কেন্দ্র কৰি কংগ্রেছৰ ভিতৰচৰাত খেলিমেলিৰ সৃষ্টি হৈছিল আৰু চৰম পন্থী আৰু নৰম পন্থী হিচাপে দুটা ভাগত বিভক্ত হৈছিল। পৰবৰ্তী পৰ্যায়ত ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব বহন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে।

১৫) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: ইংৰাজ শাসক আৰু বৃটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসন তন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। এই আশা কৰিয়েই ১৮৯০ খ্রীষ্টাব্দত জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সঁজাতী দল ইংলেণ্ডলৈ গৈছিল। কিন্তু ১৮৯২ খৃষ্টাব্দত ভাৰত পৰিষদ আইনে কার্যতঃ ভাৰতীয়ক একো নিদিয়াত জাতীয় কংগ্ৰেছক হতাশ কৰিছিল। শান্তিপূর্ণ উপায়েৰে ব্ৰিটিছৰ পৰা বহু আশা কৰিও একো নোপোৱাত কংগ্ৰেছৰ এচাম নেতা-কর্মীৰ মনত প্রচলিত চিন্তা ত্যাগ কৰাৰ মানসিকতা গঢ়ি উঠিছিল। কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিয়ে গা-কৰি উঠিছিল। তেওঁলোকে আবেদন-নিবেদনৰ পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সষ্টম হ’বলৈ সকলোকে সকীয়াই দিছিল।

১৯০৫ খ্রীষ্টাব্দত ঘটি যোৱা দুটা ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত এটা প্রবল চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্রথমটো আছিল জাপানৰ হাতত ৰাছিয়াৰ পৰাজয় আৰু আনটো বংগ ভংগ। এছিয়াৰ ক্ষুদ্র শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰাছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদীসকলৰ মনত সংগ্রামী চেতনা জাগ্রত কৰিছিল। আনহাতে কাৰ্জনৰ বংগ ভংগই অর্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাব জাগ্রত কৰিছিল।

১৯০৫ খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপালকৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ ,বিপিনচন্দ্র পালে স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অবলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল। ১৯০৬ খ্রীষ্টাব্দত দাদাভাই নৌৰজীৰ সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্রেছৰ কলিকতা অধিবেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতিৰ কিছু পৰিৱৰ্তন ঘটে। কিন্তু ১৯০৭ খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়- এটা চৰমপন্থী আনটো নৰমপন্থী। চৰমপন্থীৰ দলত আছিল বালগংগাধৰ তিলক , লালা লাজপত ৰায়  ,আৰু বিপিনচন্দ্র পাল । চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। ১৯১৬ খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল।


Class 9 Social Science All Question AnswerClick Here


Class 9 Social Science Chapter 2 (History) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ­­­­­­­­­­­­­­­­­­­­­- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment