Assam Board Exam

Class 9 Social Science Chapter 2 (Political Science) চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Class 9 social science Chapter 2 Political Science|| Class 9 Social Science Chapter 2 (Political Science) চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ in assamese medium question answer|| Class 9|| ৰাজনীতি বিজ্ঞান খণ্ড|| Class 9 social science chapter 2 Assamese Medium

Class 9 social science Chapter 2

Political Science class 9 social science Chapter 2 assamese medium question answer|| Class 9|| চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ || ৰাজনীতি বিজ্ঞান খণ্ড Class 9 social science chapter 2 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|


নৱম শ্ৰেণী

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

ৰাজনীতি বিজ্ঞান

অতি চমু উত্তৰৰ প্ৰশ্ন :

(চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন?

উত্তৰঃ- চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ’ল – গ্ৰীক দাৰ্শনিক প্লেটো।

(২বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ?

উত্তৰঃ- বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰটো হ’ল – গণতান্ত্ৰিক চৰকাৰ।

(সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল – ইংলেণ্ড।

(সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন?

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হ’ল  প্ৰধানমন্ত্ৰী  আৰু ৰাষ্ট্ৰপ্ৰধান হ’ল ৰাষ্ট্ৰপতি।

(ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে।

উত্তৰঃ – ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে।

(ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ – ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ’ল – আমেৰিকা যুক্তৰাষ্ট্ৰ।

(এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উত্তৰঃ – এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল – জাপান।

(যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?

উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল – ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ।

প্ৰশ্ন :- (ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে।

উত্তৰঃ- ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্রীয় চৰকাৰ পদ্ধতিৰ চৰকাৰ আছে।

(১০ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উত্তৰঃ- ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।

চমু  উত্তৰৰ প্ৰশ্ন :

() বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?

উত্তৰঃ- বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ

(ক) এককেন্দ্ৰীয় চৰকাৰ

(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ,

(গ) সংসদীয় চৰকাৰ আৰু

(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰ।

(সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য

(ক) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য: এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

(খ) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ: সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।

(৩) সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখ।

উত্তৰঃ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি ।

(খ) এই চৰকাৰ বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ – 

(ক) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলে বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে , তেতিয়া মৰ্চা  চৰকাৰ গঠিত হয় ।

(খ) এই চৰকাৰত থকা মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

(ক্ষমতাৰ পৃথকীকৰণ নীতি মানে  কি ?

উত্তৰঃ- ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হ’ল一 ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত  দায়ৱদ্ধ নহয় । দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল’ব নোৱাৰে। 

(ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ- ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য

(ক) ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই: সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বুলি দুজন ব্যক্তি নাথাকে। ইয়াত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধানৰ লগতে চৰকাৰ প্ৰধানো।

(খ) ক্ষমতাৰ পৃথকীকৰণ নীতি: ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কার্যক্রমণিকাত অংশ ল’ব নোৱাৰে।

(এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা 

উত্তৰঃ- এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ

(ক) এককেন্দ্ৰীয় চৰকাৰে সমগ্র দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্রয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয়।

(খ) এককেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম।

এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ

(ক) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।

(খ) এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্ৰহণৰ সুযোগ নাপায়।

দীঘল উত্তৰৰ প্ৰশ্ন :

() ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা

উত্তৰঃ- ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নির্দিষ্ট কার্যকাল থাকে।

(খ) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাবে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত ‘অৱৰোধন আৰু সজ্বলন’ (Checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ’ব নোৱাৰে।

(গ) এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্রভাবে লোৱাতো সহজ হয়।

(ঘ) কার্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

(ঙ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ

(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।

(খ) ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্রিকভাবে ই দেশৰ প্ৰশাসনত বিৰূপ প্রভাৱ পেলায়।

(গ) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধান খন সংশোধন কৰাত জটিলতা আহে।

(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক।

(ঙ) এই চৰকাৰত মন্ত্ৰীত্ব (ছেক্রেটাৰী/সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

(২সংসদীয় পদ্ধতিৰ চৰকাৰৰ  বৈশিষ্ট্যসমূহ লিখা 

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ  বৈশিষ্ট্যসমূহ

(ক) দুজন মুৰব্বী : এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কার্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ’ল প্রকৃত কার্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্ৰপতি) নামমাত্র কার্যপালিকাহে।

(খ) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য: এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

(গ) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ: সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।

(ঘ) মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ: সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

(ঙ) মন্ত্রীপৰিষদৰ সামূহিক দায়বদ্ধতা: এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্রীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়।

() যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে , উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভিন্ন ধর্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা বিশাল ৰাষ্ট্ পৰিচালনাৰ ক্ষেত্রত উত্তম। এই চৰকাৰ অধিক গণতান্ত্রিক। চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ কেন্দ্রীয় চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য। ফলত কেন্দ্রীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্রৱণতা নাথাকে। এই চৰকাৰৰ তিনিটা অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্মক্ষেত্রত স্বাধীন। এনেবোৰ দিশে যুক্তৰাষ্ট্রীয় পদ্ধতিৰ চৰকাৰ বর্তমান জনপ্রিয় হৈছে।

(৪এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ- এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ

(ক) শক্তিশালী কেন্দ্রীয় চৰকাৰ : এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।

(খ) লিখিত অথবা অলিখিত সংবিধান: এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।

(গ) একক নাগৰিকত্ব: একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বি-নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই।

(ঘ) দুর্বল ন্যায়পালিকা: এককেন্দ্ৰীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইন সভাই প্ৰস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্রযোজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে। আইন সভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।

(ঙ) নমনীয় সংবিধান: এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।

(এককেন্দ্ৰীক চৰকাৰ প্ৰকৃততে গণতান্ত্ৰিক নেসমালোচনা কৰা।

উত্তৰঃ- ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি চৰকাৰক এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুটা ভাগত ভাগ কৰা হৈছে। বর্তমান সময়ত পৃথিৱীৰ বিভিন্ন দেশত একককেন্দ্রীক চৰকাৰৰ প্রচলন আছে যদিও ইয়াৰ বৈশিষ্ট্য সমূহৰ ফালৰ পৰা এই চৰকাৰক সম্পূর্ণ গণতান্ত্রিক বুলি ক’ব নোৱাৰি। ইয়াত মাত্র এখন চৰকাৰৰ হাততে দেশ শাসনৰ সকলো ক্ষমতা ন্যস্ত থাকে। যাৰ ফলত এখন বৃহৎ দেশৰ য’ত বিভিন্ন জাতি-ধর্মৰ লোকে বসবাস কৰে তেনেকুৱা অঞ্চলত সকলোৰে স্বার্থ ৰক্ষা কৰাত কেতিয়াবা বিফল হয়। বিৰোধী পক্ষ নাথাকে বাবে কিছুমান পৰিস্থিতিত স্বেচ্ছাচাৰীও হৈ উঠে। সেইবাবে গণতান্ত্রিক শাসন ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্যৰ বিপৰীতে হোৱা বাবে ইয়াক সম্পূর্ণৰূপে গণতান্ত্রিক চৰকাৰ বুলি ক’ব নোৱাৰি।


Class 9 Social Science (Political Science) in Assamese Medium

Class 9 Social Science Chapter 2 Political Science Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment