Class 9 social science Chapter 3 Economics|| Class 9 Social Science Chapter 3 (Economics) অৰ্থনীতিৰ মৌলিক বিষয়সমূহ in assamese medium question answer|| Class 9|| অৰ্থনীতি বিজ্ঞান খণ্ড Class 9 Social Science Chapter 3 || Class 9 social science chapter 3 Assamese Medium
🔍 Chapter Overview:
এই পাঠত অৰ্থনীতিৰ মূখ্য ধাৰণা সমূহ সম্পৰ্কে আলোচনা কৰা হৈছে। মানুহৰ প্ৰয়োজন, সম্পদৰ সীমাবদ্ধতা, আৰু চমু অথচ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কিদৰে লৈ হয়, সেয়া এই পাঠৰ মূল বিষয়।
অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
Economics class 9 social science Chapter 3 assamese medium question answer|| Class 9|| অৰ্থনীতিৰ মৌলিক বিষয়সমূহ || অৰ্থনীতি বিজ্ঞান খণ্ড Class 9 social science chapter 3 Assamese Medium
নৱম শ্ৰেণী
অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
অৰ্থনীতি বিজ্ঞান
অতি চমু উত্তৰৰ প্ৰশ্ন :
(১) অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে।
(২) অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ‘ Oikonomia ‘ ৰ পৰা লোৱা হৈছে।
(৩) অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ – এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হৈছে।
(৪) অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।
(৫) অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল।
(৬) অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ – অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়’নেল ৰবিন্সে আগবঢ়াইছিল।
(৭) এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ – এডাম স্মিথে ১৭৭৬ চনত প্ৰকাশিত গ্ৰন্থ An Enquiry into the Nature and Causes of the Wealth of Nations অত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।
(৮) আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ – আলফ্ৰেড মাৰ্ছেলে ১৮৯০ চনত Principles of Economics গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল।
(৯) লায়‘নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ – অৰ্থনীতিত লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ “An Essay on the nature and singificance of Economic science ” গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
(১০) এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰঃ – সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল।
(১১) দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছি?
উত্তৰঃ – দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
(১২) কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰঃ – কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।
(১৩) উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰঃ- উৎপাদনৰ উৎপাদিত আহিলাক ভোগকাৰ্য বুলি কোৱা হয়।
(১৪)‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ- ‘Micro’ আৰু ‘Macro’ শব্দ দুটা গ্ৰীক শব্দ Mikros আৰু Makros ৰ পৰা লোৱা হৈছে।
চমু উত্তৰৰ প্ৰশ্ন :
(১) এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয়।
(২) মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ণ কৰে , যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰত সৈতে ঘনিষ্ঠভাৱে জড়িত।
(৩) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- লায়’নেল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।
(৪) ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – দুপ্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয়।
(৫) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উত্তৰঃ- ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হৈছে –
(ক) মানুহৰ অভাৱ অসীম।
(খ) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
(৬) ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে।
(৭) সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা , উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে।
(৮) আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা।
উত্তৰঃ- আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য হ‘ল –
আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত সেয়েহে এনে আৰ্থিক বস্তুৰ দৰ বা দাম থাকে যেনে খাদ্য, বস্ত্ৰ আদি, অনাআৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্তদান যেনে সূৰ্যৰ তাপ, বতাহ, বৰষুণ আদি।
(৯) ৰাষ্ট্ৰীয় আয় কাক বোলে?
উত্তৰঃ- এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।
(১০) জনমুৰি আয়ৰ সূত্ৰটো লিখা।
উত্তৰঃ- এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমুৰি আয় বুলি কোৱা হয়।
জনমূৰী আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা।
দীঘল উত্তৰৰ প্ৰশ্ন :
(১) অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ল অৰ্থবিজ্ঞান। সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰাই হ’ল অৰ্থবিজ্ঞান বা অৰ্থনীতি বুলি কোৱা হয়।
বিভিন্ন কাৰণত অৰ্থনীতি অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। কৰ দি থকা জনসাধাৰনে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি বিষয়ে জনাটো অত্যন্ত জৰুৰী। সমাজৰ উন্নয়নত বাধা দিয়া বিভিন্ন কাৰক যেনে দৰিদ্ৰতা, নিৰক্ষৰতা আদিৰ কাৰণসমূহ ফহিয়াই চাব পাৰে। অৰ্থনীতিৰ জ্ঞান থাকিলে সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি বা সমাজত সৃষ্টি হোৱা বিভিন্ন আৰ্থিক সমস্যা বোৰৰ বিষয়েও অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰি এইবোৰৰ সমাধানৰ পথ উলিয়াব পাৰে।
(২)অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়! ব্যাখ্যা কৰা।
উত্তৰঃ – অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ’ল লায়’নেল ৰবিন্সৰ সংজ্ঞা।
লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ “An Essay on the nature and singificance of Economic science” ত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল। তেওঁৰ সংজ্ঞাটো হ’ল “যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।“ এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে –
(ক) মানুহৰ অভাৱ অসীম।
(খ) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।
এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাবে ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পুৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অর্থনৈতিক সমস্যা বা পছন্দৰ (বাছনি) সমস্যা বোলা হয়। ৰবিন্সৰ সংজ্ঞাক দুষ্প্রাপ্ৰতা (নাটনি)ৰ সংজ্ঞা বুলিও কোৱা হয়।
(৩) অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা ।
উত্তৰঃ – অর্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়।
(১) ভোগকার্য: আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তর্ভুক্ত।
(২) উৎপাদন: উপযোগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।
(৩) বিতৰণ: সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকার্য সম্ভৱ হৈ উঠিব।
(৪) বিনিময়: কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল’ব নোৱাৰে। এনে ক্ষেত্রত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে, আভ্যন্তৰীণ বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তর্জাতিক বিনিময় হয়।
(৫) মুদ্রা: দ্রব্যৰ প্রত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল।
(৬) আয়: জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তর্গত।
ইয়াৰ উপৰিও ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান, কল্যাণকামী অর্থনীতি, পৰিৱেশীয় অৰ্থনীতি, দক্ষতা আদি বিষয়সমূহ অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰে।
🧠 Chapter Summary (Assamese):
অর্থনীতি হৈছে এনে এক বিষয়, যিয়ে মানুহৰ সীমিত সম্পদৰ ব্যৱহাৰে অসীম প্ৰয়োজন পূৰণৰ কৌশল চাৰ্চা কৰে। এই পাঠত নিম্নলিখিত মৌলিক ধাৰণাবোৰ আলোচনা কৰা হৈছে–
📌 মূল বিষয়সমূহ:
- প্ৰয়োজন আৰু ইচ্ছা: সকলো ইচ্ছা প্ৰয়োজন নহয়, কিন্তু সকলো প্ৰয়োজনেই গুৰুত্বপূৰ্ণ।
- সম্পদৰ সীমাবদ্ধতা: সময়, ধন, বস্তু ইত্যাদি সীমিত।
- পছন্দ আৰু সিদ্ধান্ত: মানুহে বিভিন্ন বিকল্পৰ ভিতৰত সঠিক সিদ্ধান্ত ল’ব লাগে।
- উৎপাদনৰ উপাদান: ভূমি, শ্রম, পুঁজিৰ লগতে উদ্যোগ।
- উৎপাদনৰ বিকল্প ব্যৱস্থা: সীমিত সম্পদৰ ব্যৱহাৰে বিভিন্ন বিকল্পৰ মাজত বাছনি।
এইবোৰৰ দ্বাৰা মানুহে কিদৰে সঠিক অৰ্থনৈতিক সিদ্ধান্ত লয়, তাৰ ওপৰত ধাৰণা দিয়া হৈছে।
Class 9 Social Science (Economics) in Assamese Medium
Class 9 Social Science Chapter 3 Economics Asaamese Medium
📌 Important Links
- 📚 Class 9 All Subjects:Click Here
- 🧪 Class 9 Assamese:Explore Now
- 🌍 Class 9 Social Science:Check Here
- 🧪 Class 9 Science: Click Here
- 📚 অসমীয়া ৰচনা – Click Here
🔗 More Study Materials
🔔 Join Our Study Groups
📱 WhatsApp Channel: Join Now
📢 Telegram Channel: Join Now
▶️ Youtube Channel: Watch Now