Assam Board Exam

Class 9 Social Science Chapter 3 (Geography) ভাৰতবৰ্ষৰ ভূগোল

Class 9 social science Chapter 3 Geography || Class 9 Social Science Chapter 3 (Geography) ভাৰতবৰ্ষৰ ভূগোল in assamese medium question answer|| Class 9|| ভূগোল খণ্ড || Class 9 social science chapter 3 Assamese Medium||

Class 9 social science Chapter 3

Geography class 9 social science assamese medium question answer|| Class 9|| ভাৰতবৰ্ষৰ ভূগোল || ভূগোল খণ্ড || Class 9 social science chapter 3 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

নৱম শ্ৰেণী

ভূগোল খণ্ড

ভাৰতবৰ্ষৰ ভূগোল


১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

উত্তৰঃ- ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশ খন এছিয়া মহাদেশৰ দক্ষিণাংশত  অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত । ভাৰতবৰ্ষ ৮°৪/২৮//উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। ২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে । এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ।ইয়াৰে দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত ।উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। ভাৰতবৰ্ষ এখন বিশাল দেশ । আকাৰত ই পৃথিৱীৰ দেশ সমূহৰ ভিতৰত সপ্তম স্থানত আছে ।ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে।

২) ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬,১০০ কিলোমিটাৰ।

৩) ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

৪) ভাৰতৰ ভূ-খণ্ড সম্পৰ্কে এটি চমুটোকা লিখা।

উত্তৰ: ভাৰতবৰ্ষ হৈছে এচিয়া মহাদেশত অৱস্থিত পৃথিৱীৰ সপ্তম খন বৃহৎ দেশ। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ  প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত। পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। এই উপকূল অঞ্চলত ভালেমান বন্দৰ গঢ়ি উঠিছে। ভাৰতৰ ভূ-খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থল-ভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ।

৫) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা।

উত্তৰঃ – উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় । তাৰে চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল –

(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এই নদীবোৰত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায়।

(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি স্পষ্টকৈ দেখা যায়, কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই তিনিটা গতি স্পষ্ট দেখা নাযায়।

(গ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূৰ্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু বহু দূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা । সেয়েহে এই নদীবোৰ নাব্য নহয়।

৬) ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা কি কি?

উত্তৰঃ – ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল –

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল  

(খ) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল    

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু  

(ঘ) উপকূল অঞ্চল।

(৭) উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ – উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । হিমালয়  আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল ।এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায়  ৫,০০,০০০  বৰ্গ কিলোমিটাৰ আৰু এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক।

৮) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট তলত আলোচনা কৰা হ’ল

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২,৪০০ কি. মি. বিস্তৃত। ইয়াক প্ৰধানকৈ -সিন্ধু-গঙ্গা – ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।

(খ) উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭০,০০,০০০বৰ্গ কি.মি. আগুৰি আছে।

(গ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো পাঁচখন সৰু – বৰ সমভূমিৰ সমষ্টিয়েই গঠিত হৈছে। এই পাঁচখন সমভূমি হৈছে – পশ্চিম সমভূমি, পাঞ্জাব – হাৰিয়ানা সমভূমি, গংগা সমভূমি , উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি।

(ঘ) হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে।

(ঙ) সাৰুৱা মাটি আৰু সুচল যাতায়ত ব্যৱস্থাৰ বাবে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো জনবসতিপূৰ্ণ আৰু কৃষি ক্ষেত্ৰত আগবঢ়া।

৯) দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –

(ক) দাক্ষিণাত্য মালভূমি অঞ্চলটোৰ আকৃতিত ত্ৰিভূজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত।

(খ) উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ দাক্ষিণাত্য মালভূমি অঞ্চলটো গঠিত হৈছে।

(গ)বিন্ধ্য, সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতে এই সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত । আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত।

(ঘ) দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী।

(ঙ) দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলিয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বঙ্গোপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গোদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্ৰধান।

১০)  উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ –উপকূল অঞ্চলৰ বৈশিষ্ট সমূহ তলত উল্লেখ কৰা হল

(ক) দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বঙ্গোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত।

(খ) ভাৰতৰ উপকূল অঞ্চলটো গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত ।

(গ) উপকূল অঞ্চলটো প্ৰায় ১,১০০ কিলোমিটাৰ দীঘল আৰু গড়ে ১২০  কিলোমিটাৰ বহল আৰু  সাগপৃষ্ঠৰ পৰা  উচ্চতা ৩০ -৫০মিটাৰ ভিতৰত।

(ঘ) ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক।

(ঙ) ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত  ভগাব পাৰি। ইয়াৰ পূব উপকূল অঞ্চলটো এফালে বঙ্গোপসাগৰ আৰু আন ফালে পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত।

১১) ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান, যেনে – উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হয়। প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে।অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়।একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আর্দ্রতাৰ পাৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়।

ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি।ভাৰতৰ ভূ – খণ্ড পৰ্বত – পাহাৰ, মালাভূমি, মৰুভূমি , সমভূমি , আদি ভূ – প্ৰকৃতিৰে গঠিত । এনে ভূ – প্ৰকৃতিৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে। ফলত জলবায়ু বেলেগ বেলেগ হয়।

১২) ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ- ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । দেশখনত বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰবাহিত হয় ।দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ -পশ্চিম মৌচুমী বতাহ বোলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায়।তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে।এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰ এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বঙ্গোপসাগৰৰ ফালে আগবাঢ়ে। বঙ্গোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ – পূৰ্বাঞ্চলত প্ৰৱেশ কৰে । এই বতাহে মেঘালয় মালভূমিত বাধ্যপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায়  ১,২৫০  চেণ্টিমিতাৰ পৰ্যন্ত বৰষুণ হয় । এই দক্ষিণ – পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।

আনহাতে উত্তৰ – পূব মৌচুমী বতাহ শীতকালত কালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ – পূব দিশেৰে ভাৰতলৈ প্ৰভাৱিত হয় বাবে ইয়াক উত্তৰ – পূব মৌচুমী বতাহ বোলে। উত্তৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয়।ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু , এই বতাহ বঙ্গোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয়ভাপ আহৰণ কৰে । জলীয়ভাপ যুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল  উপকূলত বৰষুণ হয়।

১৩) ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া।

উত্তৰ: দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবেই ভাৰতত যথেষ্ট বৰষুণ হয় ।ভাৰতৰ বাৰ্ষিক বৰষূণৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ভাৰতৰ সকলো ঠাইতে বৰষুণৰ পৰিমাণ একে নহয়।  উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত বাৰ্ষিক ৩০০ চেণ্টিমিটাৰৰো অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ গড়ে ৪০০চেণ্টিমিটাৰতকৈ অধিক হয়। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেন্টিমিটাৰৰো কম বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। এই অঞ্চলত বাৰ্ষিক গড়ে ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়।

১৪) ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।

উত্তৰঃ- ভাৰতৰ উদ্ভিদসমূহক ছয় ভাগত ভগোৱা হৈছে, সেইকেইবিধ হৈছে–

(ক) চিৰসেউজীয়া উদ্ভিদ।

(খ) মৌচুমীয় উদ্ভিদ।

(গ) কাঁইটীয়া মৰু উদ্ভিদ।

(ঘ) তৃণজাতীয় উদ্ভিদ।

(ঙ) ব-দ্বীপিয় উদ্ভিদ।

(চ) পাৰ্বত্য উদ্ভিদ।

১৫) ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?

উত্তৰঃ- ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্টবোৰ হৈছে –

(ক) যিবোৰ অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিতাৰকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫0 চেণ্টিগ্ৰেডৰ পৰা ২৭° চেণ্টিগ্ৰেড হয়, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়।

(খ) বছৰৰ কোনো ঋতুতে এই উদ্ভিদৰ পাত নসৰে বাবে এই উদ্ভিদক চিৰসেউজীয়া উদ্ভিদ বোলে।

            (গ) চিৰসেউজীয়া বননিবোৰ ওখ ওখ গছ-গছনিৰে ভৰা ।ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত ওখ হয় । ওখ গছ-গছনিৰ বাহিৰেও বেত, বাঁহ , ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়।

(ঘ) চিৰসেউজীয়া অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়।

(ঙ)পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামানি ভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।

১৬) ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ- ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰনত উচ্চতাৰ যথেষ্ট গুৰুত্ব আছে , কিয়নো উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰষুণ ,উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে । সেইবাবে পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায়।

(খ) বহিঃহিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত । ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে । এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ পোৱা যায়।

(গ) ইয়াৰ ঠিক ওপৰৰ ১,০০০  মিটাৰৰ  পৰা  ২,০০০  মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায় । ইয়াৰ উপৰিও  ১,৬০০  মিটাৰৰ পৰা  ৩,০০০  মিটাৰ উচ্চতাত সৰল গছ বেছিকৈ দেখা যায়।

(ঘ) কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল,দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে । ইয়াতকৈ অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত আল্পীয় উদ্ভিদ দেখা যায়।

১৭) ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?

উত্তৰঃ – ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে  ১,২১০,৭৬২,৯৩২ জন। ২০১১  চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গকিলোমিটাৰত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব  ৩৮২ জন।

১৮) জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: জনপ্ৰব্ৰজন দুই প্ৰকাৰৰ –

(১) আভ্যন্তৰীণ প্ৰব্ৰজন , আৰু  (২) বাহ্যিক প্ৰব্ৰজন

(১) আভ্যন্তৰীণ প্ৰব্ৰজন :- দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হয়।

(২) বাহ্যিক প্ৰব্ৰজন : – ভাৰতবৰ্ষ আৰু অন্য দেশবিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে। এই প্ৰকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায়। যেনে – ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত হোৱা প্ৰব্ৰজনক বাহ্যিক বা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়।

১৯) জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে?

উত্তৰঃ- জনপ্ৰব্ৰজনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ভাৰতবৰ্ষৰ এটা অন্যতম প্ৰধান সমস্যাৰূপে  পৰিগণিত হৈছে । প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক , অৰ্থনৈতিক , পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱর্তন আহিছে । জনপ্ৰব্ৰজনৰ ভাৰতত কেনে প্ৰভাৱ পেলাইছে তলত আলোচনা কৰা হ’ল –

(ক) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে।

(খ) প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ-বাণিজ্য প্ৰসাৰ ঘটিছে।

(গ) প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাথঁনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে । কোনো কোনো অঞ্চলত প্ৰব্ৰজনকাৰী  সংখ্যা ভূমিপুত্ৰ সকলক সংখ্যাতকৈ অধিক হোৱাৰ ফলত ভাষা , ধৰ্ম , সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে।

(ঘ) প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে । জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যাৰ সৃষ্টি হৈছে। দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে, অৰণ্য আৰু আৰ্দ্ৰ ভূমিৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু  শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে।

(ঙ) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।         

(চ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে।

(ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে।

(জ) প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱৰ্তন হোৱাৰ উপক্ৰম হৈছে।

২০) ভাৰতৰ অৰ্থনৈতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল-

            (ক)নিম্ন জনমূৰি আয়

            (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি

            (গ) অত্যধিক জনসংখ্যাৰ চাপ

            (ঘ) দৰিদ্ৰতা

            (ঙ) কৃষি – নিৰ্ভৰশীলতা

            (চ) বৰ্ধিত নিবনুৱা সমস্যা আৰু

            (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।

২১) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি ?

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ’ল-

                        ১) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ,

                        ২) চণ্ডীগড়,

                        ৩) দিল্লী

                        ৪) দাদ্ৰা আৰু নগৰ হাভেলী

                        ৫) দমন আৰু ডিউ

                        ৬) লাক্ষাদ্বীপ

                        ৭) পণ্ডিচেৰী।

২২) ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা।

উত্তৰঃ  ভাৰতৰ বৰ্তমান ৰাজ্য ২৯ খন আৰু সেইবোৰ হ’ল – অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, চত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উওৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগ।

২৩) ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?

উত্তৰঃ- ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’ল -তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি হ’ল – ১,১৪,৮৪০ বৰ্গ কি. মি. আৰু ইয়াৰ জনসংখ্যা ৩৫.১৯ মিলিয়ন।


Class 9 Social Science (Geography) in Assamese Medium

Class 9 Social Science Chapter 3 Geography Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment