Assam Board Exam

Class 9 Social Science Chapter 3 (History) মোৱামৰীয়া গণ বিদ্ৰোহ

Class 9 Social Science Chapter 3 (History) মোৱামৰীয়া গণ বিদ্ৰোহ– সমাধান in Assamese Medium|| All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 9 Social Science Chapter 3 (History) মোৱামৰীয়া গণ বিদ্ৰোহ- Complete Question Answer in Assamese Medium

Class 9 Social Science Chapter 3

নৱম শ্ৰেণী

ইতিহাস খণ্ড

মোৱামৰীয়া গণ বিদ্ৰোহ

অতি চমু/ চমু উত্তৰ প্ৰশ্ন

1) মায়ামৰা কি?

উত্তৰঃ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম।

2) সত্ৰ বুলিলে কি বুজা?

উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

3) সংহতি কি?

উত্তৰঃ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহৰ চাৰিটা ভাগত ভাগ হৈছিল তাকে সংহতি বোলা হয়।

4) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰঃ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল।

5) মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত শেষ হৈছিল।

6) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?

উত্তৰঃ আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।

7) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

উত্তৰঃ চুৰুমফা ভগাৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।

8) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?

উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তক অপমান কৰা হৈছিল।

9) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?

উত্তৰঃ আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ’ল ছোমদেউ।

10) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।

11) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ ৰুদ্ৰ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।

12) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?

উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য আছিল বংগ দেশৰ নদীয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল।

13) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।

14) গাগিনি কোন?

উত্তৰঃ গাগিনি হ’ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।

15) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?

উত্তৰঃ মোৱামৰীয়াসকলে পোনপ্ৰথমে ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল।

16) কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?

উত্তৰঃ কেপ্তেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।

17) অসমৰ ক’ত লোণ উৎপাদন হৈছিল?

উত্তৰঃ অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।

18) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?

উত্তৰঃ লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল।

চমু/দীঘল উত্তৰৰ প্ৰশ্নঃ

১) মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভূৎখান বুলি ক’ব পৰা যায় নে?

উত্তৰ: মোৱামৰীয়া শব্দ ‘মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হৈছে। মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। প্রথম অৱস্থাত মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ অন্তৰ্গত আছিল। লাহে লাহে অন্যান্য ক্ষুদ্র সম্প্রদায়ৰ লোকসকলো এই সত্ৰৰ শিষ্যত্ব গ্রহণ কৰিছিল।

অসম বুৰঞ্জীত মোৱামৰীয়া বিদ্ৰোহ এটা অতি উল্লেখযোগ্য ঘটনা। প্রথম অবস্থাত  মোৱামৰীয়া সত্ৰত ভকত-মহন্তসকলে আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল যদিও সময় যোৱাৰ লগে লগে পাইককে ধৰি অন্যান্য সাধাৰণ শ্রেণীৰ লোকসকলেও  এই বিদ্রোহত যোগ দি ইয়াক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল।

২) মোৱামৰীয়া বিদ্রোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।

উত্তৰ: ⅰ) মোৱামৰীয়া বিদ্রোহৰ প্রথম কাৰণটো আছিল- গুৰু নিত্যানন্দ দেৱৰ হত্যাকাণ্ড। ভগাৰজাৰ ৰাজত্বকালত মায়ামৰা সতৰ সত্রাধিকাৰ গুৰু নিত্যানন্দ দেৱক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল, যিয়ে মোৱামৰীয়া সত্ৰৰ ভকত-মহন্তৰ মনত আহোম ৰজাৰ প্রতি অসন্তুষ্টিৰ ভাৱ সৃষ্টি কৰিছিল।

ii) প্রতাপ সিংহৰ সময়ত মোৱামৰীয়া শিষ্যসকলৰ গুৰু ভক্তিক উপলুঙা কৰি সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি সম্মুখত দুখন চোকা তৰোৱাল বান্ধি ঘোঁৰা চেকুৰাই দিছিল। এই শিষ্য দুজনে মৃত্যুৰ ভয়ত ৰজাৰ ওচৰত শিৰ নটকৰাৰ পৰিবর্তে শিৰচ্ছেদ গ্ৰহণ কৰিছিল। এই অপমানৰ পোতক তুলিবলৈ মোৱামৰীয়া শিষ্য সকলে সুবিধা বিচাৰি আছিল।

iii) গদাধৰ সিংহই পলাই ফুৰোঁতে মোৱমৰীয়া সত্ৰত আশ্ৰয় লৈছিল । এই সত্ৰবোৰৰ আর্থিক শক্তি আৰু একতা দেখি তেওঁ আচৰিত হৈছিল। সিংহাসন আৰোহণ কৰিয়েই তেওঁ এই সত্রবোৰ ধবংস কৰিছিল আৰু তাত থকা শিষ্য-ভকতসকলক কামত খটুৱাইছিল।

iv) ৰুদ্ৰ সিংহৰ ৰাজত্বকালত বামুণীয়া সত্ৰসমূহক বিশেষ ৰাজ অনুগ্রহ প্রদান কৰা হৈছিল যাৰ ফলত ক্ষুদ্র সম্প্রদায়ভুক্ত সত্ৰ সমূহৰ মাজত অসন্তুষ্টিৰ ভাব সৃষ্টি হৈছিল।

v) মোৱামৰীয়া বিদ্ৰোহৰ গুৰুত্বপূর্ণ কাৰণ আছিল ৰাণী ফুলেশ্বৰীৰ বৈষ্ণৱ নিৰ্যাতন। ৰাণী ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্ৰহন কৰি শক্তি পূজা পাতি তালৈ ভকত-মহন্তসকলক নিমন্ত্রণ কৰিছিল আৰু তেওঁলোকক বলিৰ ফোঁট দিয়াৰ লগতে পূজাৰ প্রসাদ জোৰ – জুলুমকৈ খুবাই দিছিল, যিটোৱে তেওঁলোকক অপমানিত কৰিছিল।

৩) আহোমৰ ধর্মীয় নীতিৰ পৰিবৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে। আলোচনা কৰা।

উত্তৰ: প্ৰথম অৱস্থাত আহোম সকলে নিজৰ ধর্মীয় নীতিত বিশ্বাসী আছিল। সময় যোৱাৰ লগে লগে তেওঁলোকে হিন্দু ধর্মও গ্রহণ কৰিছিল। জয়ধ্বজ সিংহৰ ৰাজত্বকালত  সত্ৰবোৰে বিশেষ ৰাজ  অনুগ্রহ লাভ কৰিছিল, যাৰ ফলত সকলো  সত্রৰ মাজত ৰাজ অনুগ্রহ  লাভৰ বাবে প্রতিযোগীতা আৰম্ভ হৈছিল । গদাধৰ সিংহৰ ৰাজত্বকালত বৈষ্ণৱ সত্ৰৰ প্রতি বিশেষ অনুগ্রহ প্রদান কৰিছিল আৰু শূদ্র সম্প্রদায়ভুক্ত সত্ৰবোৰত বিভিন্ন অত্যাচাৰ চলাইছিল, যি বামুণীয়া সত্র আৰু শূদ্র সম্প্রদায়ভুক্ত সত্ৰৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিছিল। ৰুদ্ৰ সিংহৰ ৰাজত্বকালতো শূদ্র সম্প্রদায়ভুক্ত সত্ৰ বোৰৰ প্রতি কৰা দুব্যৱহাৰে বিদ্রোহ সৃষ্টিত অৰিহণা যোগাইছিল।

৪) পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।

উত্তৰ: পাইক প্রথা আহোমে প্রৱর্তন কৰা প্রথাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য, ব্যৱস্থা আছিল। আহোম ৰাজ্যৰ সকলো সক্ষম পুৰুষেই আছিল একো- একোজন পাইক। প্রথম অৱস্থাত চাৰিজন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল । কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত চাৰিজনৰ ঠাইত তিনিজন কৰা হৈছিল, যাৰ  ফলত পাইকসকলৰ মূৰত কামৰ বোজা বৃদ্ধি পাইছিল । এই পাইকসকলক দুটা ভাগত ভাগ কৰা হৈছিল। প্রথমটো আছিল কাড়ী পাইক আৰু আনটো আছিল চমুৱা পাইক। চমুৱা পাইকসকলে ধনৰ বিনিময়ত পাইক খটাৰ  পৰা ৰেহাই পাইছিল। আনহাতে, যিসকলে ধন জমা দিব পৰা নাছিল, তেওঁলোকক কাড়ী পাইকৰ ভিতৰত ধৰা হৈছিল। এই বিভাজনৰ ফলত কাড়ী পাইকৰ মনত অসন্তুষ্টিৰ ভাৱ গঢ়ি উঠিছিল আৰু তেওঁলোকে মোৱা মৰীয়া বিদ্রোহত সহযোগ আগবঢ়াইছিল।

৫) মোৱামৰীয়া বিদ্রোহৰ ফলাফল আলোচনা কৰা।

উত্তৰ: মোৱামৰীয়া বিদ্রোহৰ ফলাফল তলত আলোচনা কৰা হল-

(ক) ৰাজনৈতিক ফলাফল- মোৱামৰীয়া বিদ্রোহৰ ৰাজনৈতিক ফলাফল অতি বিষময় আছিল।এই বিদ্রোহৰ ফলত আহোম ৰাজ্য সম্পূর্ণৰূপে চেদেলি-ভেদেলি হৈ গৈছিল। দুয়ো পক্ষৰ মাজত হোৱা সংঘাতৰ ফলত সাধাৰণ জনসাধাৰণৰ অবস্থা বেয়াৰ পিনে গতি কৰিছিল। এই বিদ্রোহ দমনৰ সুবিধা লৈয়ে ইংৰাজে প্রথমে অসমত প্ৰৱেশ কৰি অসম সম্পর্কীয় সকলো তথ্য আহৰণ কৰিছিল। এই বিদ্রোহে আহোম শাসন ব্যৱস্থাৰ অবনতিৰ ক্ষেত্রতো অৰিহণা যোগাইছিল। আহোম সামৰিক শক্তি সম্পূর্ণৰূপে ধ্বংস হৈ গৈছিল। ইয়াৰ সুযোগ লৈয়ে আন বহুকেইটা বিদ্রোহে মূৰ দাঙি উঠিছিল।

(খ) আর্থ-সামাজিক ফলাফলঃ মোৱামৰীয়া বিদ্রোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্রখনক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছিল। দীঘলীয়া সময়জুৰি দুয়োপক্ষৰ মাজত হোৱা সংঘাতৰ ফলত সাধাৰণ জনতাৰ আৰ্থিক দিশটো বেয়াৰ পিনে গতি কৰিছিল। ৰজাৰ সৈন্যসকলেও দোষী-নির্দোষী বিচাৰ নকৰি ল’ৰা-বুঢ়া-তিৰোতা নির্বিশেষে বহু লোকক হত্যা, নির্যাতন, নির্বাসন আদি দণ্ডেৰে দণ্ডিত কৰিবলৈ  কুণ্ঠাবোধ কৰা নাছিল। দুয়োপক্ষৰ চূড়ান্ত আতিশয্যৰ ফলস্বৰূপে বহুতো লোকে নিজৰ ঠাই এৰি হাবি-বননি, পর্বত-পাহাৰলৈ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল। দুয়োপক্ষই পৰস্পৰৰ ঘৰ আৰু খেতিপথাৰ জ্বলাই দিয়াৰ ফলত দেশত দুর্ভিক্ষই দেখা দিছিল।

(গ) মটক ৰাজ্য সৃষ্টি: মোৱামৰীমা বিদ্রোহৰ সম্পূর্ণৰূপে সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে নৱ নিযুক্ত বুঢ়াগোহাঞি পুর্ণানন্দই মোৱামৰীয়া নেতাৰ সৈতে আলোচনা কৰি মটক নামৰ এটুকুৰা অঞ্চল তেওঁলোকক এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। সিদ্ধান্ত অনুসৰি মোৱামৰীসকলে মটক ৰাজ্য খন লাভ কৰে আৰু সর্বানন্দক তেওঁলোকক বৰ সেনাপতি হিচাপে নিযুক্তি দিয়ে।

৬) মোৱামৰীয়া বিদ্রোহক তুমি সফল নে বিফল বিদ্রোহ বুলি ভাবা? যুক্তি দিয়া।

উত্তৰ: লক্ষ্মীসিংহৰ ৰাজত্বকালত আৰম্ভ হোৱা মোৱামৰীয়া বিদ্রোহক সফল বুলি ক’ব নোৱাৰি যদিও ইয়াক সম্পূর্ণৰূপে বিফল বুলিও ক’ব নোৱাৰি। বিভিন্ন কাৰণত মাৱামৰা সত্ৰৰ ভকত- মহন্তসকল ৰজাৰ প্রতি অসন্তুষ্ট হৈ মোৱামৰীয়া বিদ্রোহ সংঘটিত কৰিছিল; কিন্তু আহোম জনসাধাৰণে বিচৰা ধৰণে এটা সুস্থিৰ শাসন ব্যৱস্থাৰ প্রৱর্তন তেওঁলোকে কৰিব পৰা নাছিল। যাৰ ফলত জনসাধাৰণো তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈছিল। অৱশেষত ইংৰাজ বিষয়া কেপ্তেইন বেলছৰ হস্তক্ষেপত এই বিদ্ৰোহৰ সমাপ্তি ঘটিছিল। এই মোৱামৰীয়া বিদ্রোহে আহোম শাসন ব্যৱস্থা সম্পূর্ণৰূপে ভাঙি পেলাইছিল। আহোমৰ সামৰিক শক্তি ধ্বংস হৈছিল। এই বিদ্রোহৰ সুবিধা লৈয়ে প্ৰথম বাৰৰ বাবে ইংৰাজ অসমত প্ৰৱশ  কৰি অসম সম্পর্কীয় সকলো তথ্য আহৰণ কৰিছিল, যাৰ ওপৰত ভিত্তি কৰিয়েই ইংৰাজে অসম দখল কৰিছিল আৰু অসম প্ৰথমবাৰৰ বাবে বিদেশী জাতিৰ অধীন হৈছিল।

৭) কেপ্তেইন ওবেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল। কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘুৰি গ’ল।

উত্তৰ: মোৱামৰীয়া বিদ্রোহত তিষ্টিব নোৱাৰি আহোম ৰজা গৌৰীনাথ সিংহই গুৱাহাটীলৈ পলাই যায় আৰু বিদ্রোহ দমনৰ বাবে ইংৰাজৰ সহায় বিচাৰে। মোৱামৰীয়া বিদ্রোহৰ সুবিধা লৈয়ে সেই সময়ত আৰু বহুতো সৰু-সুৰা বিদ্রোহে মূৰ দাঙি উঠিছিল। ইংৰাজেও সহায় কৰাৰ উদ্দেশ্যে কেপ্তেইন থমাছ ৱেলছে নামৰ এজন ইংৰাজ নাৱিকৰ অধীনত এটা সামৰিক বাহিনী অসমলৈ প্ৰেৰণ কৰে। ৱেলছে অসমলৈ আহি মোৱামৰীয়া বিদ্রোহকে ধৰি অন্যান্য সকলো বিদ্রোহ দমন কৰে আৰু গৌৰীনাথক ৰজা হিচাপে স্বীকৃতি দিয়ে।

ৱেলছে গৌৰীনাথক ৰজা হিচাপে স্বীকৃতি দিয়ে যদিও শাসন ব্যৱস্থাৰ মূৰব্বী তেওঁ হৈ পৰে। সেইখিনি সময়তে তেওঁ অসম সম্পৰ্কীয় সকলো তথ্য আহৰণ কৰি এটা লিখনি প্ৰস্তুত কৰিছিল আৰু বংগদেশলৈ প্ৰেৰণ কৰি ইংৰাজক অসম অধিকাৰ কৰিবলৈ জোৰ দিছিল, কিন্তু সেই সময়তে গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে অৱসৰ লৈছিল আৰু ছাৰ জন চোৰে কার্যভাৰ গ্রহণ কৰিছিল। তেওঁ আছিল পৰ ৰাজ্যত হস্তক্ষেপ বিৰোধি নীতিত বিশ্বাসী। সেয়েহে তেওঁ ৱেলছক অসমৰ শাসনভাৰ অসমৰ হাতত এৰি দি উভতি আহিবলৈ কঠোৰ ভাৱে নির্দেশ দিছিল।

৮) মোৱামৰীয়া বিদ্রোহ দমনত ওবেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?

উত্তৰ: মোৱমৰীয়া বিদ্ৰোহত তিষ্টিৱ নোৱাৰি আহোম ৰজা গৌৰীনাথ সিংহই  ইংৰাজৰ সহায় বিচাৰিছিল আৰু ৰাজধানী এৰি পলাই গৈছিল। ইংৰাজেও এই সুযোগৰ অপেক্ষাত আছিল আৰু কেপ্তেইন থমাছ ওৱেলেছ  নামৰ এজন ইংৰাজ নাৱিকৰ অধীনত এটা সামৰিক অভিযান প্ৰেৰণ কৰিছিল। ওৱেলছে গৌৰীনাথ সিংহক লগত লৈ ৰাজধানীত আহি  উপস্থিত হয় আৰু মোৱমৰীয়া বিদ্ৰোহৰ লগতে অন্যান্য বিদ্রোহসমূহো দমন কৰি  গৌৰিনাথক ৰজা হিচাপে স্বীকৃতি দিয়ে। আহোম ৰজাৰ লগত তেঁও এখন বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে, যাৰ দ্বাৰা অসমত ইংৰাজে ব্যৱসায় কৰাৰ  অধিকাৰ লাভ কৰে।

            অসমত থকা সময়খিনিতে তেওঁ অসমৰ ৰাজনৈতিক, ভৌগলিক, সামাজিক, অর্থনৈতিক, সামৰিক আদি সকলো দিশ সামৰি এটা টোকা প্রস্তুত কৰি ইংৰাজ লৈ প্রেৰণ কৰিছিল আৰু অসম সম্পূর্ণৰূপে অধিকাৰ কৰিবলৈ জোৰ দিছিল কিন্তু গৱর্ণব জেনেৰেল ছাৰ জন চোৰে ইয়াৰ বিৰোধিতা কৰাত তেওঁ  অসমৰ পৰা উভতি গৈছিল। কিন্তু পৰবর্তী পৰ্যায়ত এই লিখনি ওপৰত ভিত্তি কৰিয়েই ইংৰাজে অসম দখল কৰিছিল।

৯) কেপ্তেইন ৱেলছৰ অসম সম্পর্কীয় বিৱৰণ আলোচনা কৰা।

উত্তৰ: মোৱমৰীয়া  বিদ্রোহ দমনৰ উদ্দেশ্যে কেপ্তেইন ৱেলছ অসমলৈ আহিছিল যদিও তেওঁৰ প্ৰকৃত  উদ্দেশ্য আছিল অসম সম্পর্কীয় এটা লিখনি প্রস্তুত কৰা। এই টোকাত তেওঁ অসমৰ  সামাজিক, ৰাজনৈতিক অর্থনৈতিক ভৌগোলিক আদি সকলো বিষয়ে উল্লেখ কৰিছিল । সেই সময়ত অসমৰ ৰাজনৈতিক অস্থিৰতা, সামৰিক দুর্বলতা অর্থাৎ মাত্র এশজন মানুহৰ বিদ্রোহো যে ৰজাই  দমন কৰিব নোৱাৰে, উচ্চ পদবীধাৰী লোকসকলৰ মাজত চলা খোৱা-কামোৰা আদিৰ কথা উল্লেখ  কৰি ইংৰাজক অসম দখল কৰিবলৈ জোৰ দিছিল। অসমৰ লগত ব্যবসায়িক সম্পর্ক কৰিলে ইংৰাজৰ যে লাভ হব সেই কথাও তেওঁ লিখনিত উল্লেখ কৰিছিল । কৃষিজাত সামগ্রীৰ অসমত যথেষ্ট পৰিমাণে  উৎপাদিত হৈছিল আৰু প্রয়োজন সাপেক্ষে অসমে চীন, ভুটান আদিৰ লগত ব্যৱসায়ীক সম্পর্ক কৰিছিল। গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল বুলি তেওঁ উল্লেখ কৰিছিল।

চমুটোকা লিখা:

১) কীৰ্তিচন্দ্ৰ বৰবৰুৱাঃ – কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তই কীৰ্তিচন্দ্ৰই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ নাৱেৰে ফুৰিবলৈ গৈছিল। যাওঁতে মায়ামৰা সত্ৰৰ কাষত মহন্তই ৰজাক নমস্কাৰ জনাই সন্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সন্মান প্ৰদৰ্শন নকৰিলে। ইয়াতে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানান গালি- শপনি পাৰি অপমান কৰিলে। এই ঘটনাৰ কেইমাহমানৰ পিছত মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঁগে ৰাজঘৰলৈ বাৰ্ষিক দিব লগা কৰৰ বাবে এদল হাতী লৈ আহিছিল। তাৰে বৰবৰুৱাৰ উদ্দেশ্য নিয়া হাতীটোৰ নানান খুঁট উলিয়াই কীৰ্তিচন্দ্ৰই তেওঁলোকক গালি- শপনি পৰাৰ উপৰিও ৰাঘৱ নেওগক সৌকাৰে কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ালে।

২) মায়ামৰা সত্রঃ – মোৱমৰীয়া’ শব্দৰ পৰা উৎপত্তি হৈছিল ‘মায়াময়া’ শব্দ। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰ। ই কাল সংহতিৰ অন্তর্ভুক্ত। মুখ্যত মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। এই সত্ৰৰ জনপ্রিয়তাৰ আৰৰ মূল কাৰণ আছিল এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্র সম্প্রদায়ভুক্ত। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত মনোমালিন্য হৈছিল আহোম ৰাজশক্তিৰ যিয়ে অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হোৱা মোৱমৰীয়া গণ বিদ্ৰোহৰ পাতনি মেলিছিল।

৩) পূৰ্ণানন্দ বুঢ়াগোহাঁঞি:- পূৰ্ণানন্দ বুঢ়াগোহাঁঞি আছিল ঘনশ্যাম বুঢ়াগোহাঁঞিৰ পুত্ৰ । তেওঁৰ বুদ্ধি, বিক্ৰম আৰু কৰ্তব্যনিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। তাকৰীয়া সৈন্যৰেই  বুঢ়াগোহাঁঞিয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল। নিৰাপত্তাৰ খাতিৰত সময়ে সময়ে তেওঁ সৈন্যৰ কোঠ পিছুৱাই আনি যোৰহাট পৰ্যন্ত পিছুৱাই আহিছিল আৰু পিছলৈ তাতেই আহোমৰ ৰাজধানীও প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত বহু আহোমলোকে মোৱামৰীয়াৰ অত্যাচাৰ তিষ্ঠিব নোৱাৰি মোৱামৰীয়াৰ সৈতে যোগ দি আত্মৰক্ষা কথাও ভাবিছিল। কিন্তু বুঢ়াগোহাঁঞিয়ে তেওঁলোকক তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ গাঁৱৰ মানুহখিনিক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ ৰণলৈ পঠাইছিল। এই বিপদকালত বুঢ়াগোহাঁঞিয়ে পক্ষীয়ে পোৱালিক ডেউকাৰ আঁৰত ৰখাৰ দৰে প্ৰজাক ৰক্ষা কৰিছিল বুলি জনা যায়। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বতে মোৱামৰীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।

৪) কাড়ী পাইক আৰু চমুৱা পাইক: আহোমসকলে প্ৰৱর্তন কৰা প্রথা বোৰৰ ভিতৰত ‘পাইক প্রথা’ আছিল উল্লেখযোগ্য। আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকে আছিল একো একোজন পাইক। পাইক সকলক দুটা ভাগত ভগা কৰিব পাৰি। প্ৰথম ভাগটো কাড়ী পাইক যাৰ সংখ্যাই অধিক। দ্বিতীয় ভাগটো চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হ’লেও তেওঁলোক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাড়ী পাইকৰ সংখ্যা ক্ৰমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল।

৫) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি :- গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত এখন বাণিজ্যিক চুক্তিৰ স্বাক্ষৰিত হৈছিল। এই চুক্তিমতেঃ

  1. ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হ’ল।
  2. অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হল।
  3. ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
  4. গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল।
  5. ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

৬) বৰৰজা ফুলেশ্বৰী :- ৰাণী ফুলেশ্বৰী স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী আছিল । ৰাণী ফুলেশ্বৰী শাক্ত ধৰ্মী আছিল ।শাক্ত ব্ৰাহ্মণ পুৰোহিতসকলে ৰজা শিৱসিংহৰ ছত্রভংগৰ যোগ আছে বুলি কৈ ৰাণী ফুলেশ্বৰীক বৰৰজা পাতিছিল ।স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী ফুলেশ্বৰীয়ে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ সৈতে জড়িত সন্ত –  মহন্ত আৰু ভকতসকলক লঘু – লাঞ্ছনা কৰি অশেষ নিৰ্যাতন দিছিল। ৰাণীয়ে শক্তি পূজাৰ বিৰোধী বৈষ্ণৱ সত্ৰাধিকাৰ , মহন্ত আৰু ভকতসকলক আৰু লগতে অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফুটদিয়াই অশেষ লঘু লাঞ্ছনা কৰিছিল ।

৭) পৰ্বতীয়া গোঁসাই:- স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক ‘পৰ্বতীয়া গোঁসাই’ নামেৰে জনাজাত।

৮) সৰ্বানন্দ:- পূৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সৰ্বানন্দক কৰতলীয়া শাসক হিচাপে ‘বৰসেনাপতি’ নিযুক্তি কৰা হয়। চুক্তিমতে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ-খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিলে। সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে। সৰ্বানন্দ এজন প্ৰবল প্ৰতাপী মোৱামৰীয়া নেতা আছিল।

৯) ভৰত সিংহ:- ভৰত সিংহ এজন মোৱামৰীয়া বিদ্ৰোহৰ অগ্ৰণী নেতা আছিল।  তেওঁ ১৮০১ চনত  চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ ঘোষণা কৰে। কিন্তু  ৰজাঘৰীয়া সৈন্যই বিদ্ৰোহীসকলক দমন কৰাত সফল হ’ল আৰু  যুদ্ধত ভৰত সিংহৰ মৃত্যু হয়।

১০) ৰংপুৰ নগৰ:- আহোমৰ ৰাজধানী আছিল ৰংপুৰ নগৰ। ইয়াৰ পৰিসীমা প্ৰায় ২০ মাইলমান। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়াসকলৰ সম্পত্তি আছিল।


Class 9 Social Science All Question AnswerClick Here


Class 9 Social Science Chapter 3 (History) মোৱামৰীয়া গণ বিদ্ৰোহ- Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment