Assam Board Exam

Class 9 Social Science Chapter 4 (Geography) অসমৰ ভূগোল

Class 9 social science Chapter 4 Geography অসমৰ ভূগোল in assamese medium question answer|| Class 9|| ভূগোল খণ্ড Class 9 Social Science Chapter 4 || Class 9 social science chapter 4 Assamese Medium

Class 9 social science Chapter 4

Geography class 9 social science assamese medium question answer|| Class 9|| অসমৰ ভূগোল || ভূগোল খণ্ড Class 9 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

নৱম শ্ৰেণী

ভূগোল খণ্ড

অসমৰ ভূগোল


১। অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?

উঃ  অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা হল (ক) ব্রহ্মপুত্র উপত্যকা, (খ) বৰাক উপত্যকা, (গ) কাৰ্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পর্বত ৰাশি।

২।  ব্রহ্মপুত্র উপত্যকাৰৰ  ভূ-প্রকৃতিক অঞ্চলকেইটা কি কি?

উ: ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চলকেইটা হ’ল- উত্তৰৰ প্রাদদেশ, অঞ্চল, ব্ৰহ্মপুত্ৰৰ  উত্তৰ আৰু দক্ষিন পাৰৰ সমভূমি অঞ্চল, ব্রহ্মপুত্রৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল, আৰু দক্ষিণৰ পাদদেশ অঞ্চল।

৩। ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰি  খনকৈ প্রধান উপনৈৰ  নাম লিখা।

উ: ব্রহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল- সোৱনশিৰি, ৰঙানদী, জীয়াভৰলী, ধনশিৰি, আৰু দক্ষিণ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল বুঢ়ীদিহিং, দিছাং, দিখৌ, কপিলী।

৪) ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়।

উত্তৰ: ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্র নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্র নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল-বালি- বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে।  ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি- বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়ত ব্যবস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্রায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক, গড়ে প্রায় ১০ কিলোমিটাৰ বহল। আনহাতে, দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্রায় ৫ কিলোমিটাৰ বহল।  উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলতো সাৰুৱা ভূমিৰ গঠিত বাবে এই অঞ্চটোত খেতি মাটি ভাল হয় আৰু জনবসতি ঘন।  যাতায়ত ব্যৱস্থাও উন্নত হৈছে।

৫। ব্রহ্মপুত্রৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা  দিয়া:

উঃ-  ব্রহ্মপুত্রৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্রহ্মপুত্র নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্রহ্মপুত্রৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাবনভূমি অৱশ্যে সকলো  ঠাইতে সমানে বহল নহয়। ব্রহ্মপুত্রৰ পাৰত  ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবন্ধৰ  বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্রস্থ হ্রাস হৈছে। ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে, দক্ষিণ পাৰৰ প্লাবনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশ্রী, কলং-কপিলী আৰু  কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে। ব্রহ্মপুত্র নদীৰ সুতি বোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্রিয় প্লাৱনভূমি বুলি কোৱা হয়।

৬/ মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি  সম্পৰ্কে  লিখা?

উঃ যোৰহাট জিলাৰ উত্তৰ অংশত মাজুলী নদীদ্বীপ অৱস্থিত। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদীদ্বীপ বুলি জনা যায়। ২০১১ চনৰ লোকপ্রিয়ল অনুসৰি প্রায় ১.৬৮ লাখ জনস্ংখ্যাৰ বসতিস্থল মাজুলীয়ে প্রায় ৪২২ বর্গকিলোমিটাৰ মাটিকালি জুৰি আছে। ২০১৬ চনত মাজুলীক এখন জিলা হিচাপে ঘোষণা কৰা হৈছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে।

ব্রহ্মপুত্রৰ  বিশালতা আৰু ইয়াৰ সক্রিয় খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে। ব্রহ্মপুত্র নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্ৰায় ৬০০ ৰো অধিক সৰু-বৰ আকাৰৰ বালিচৰ আছে।  এই বালিচৰ বোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অর্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন পৰিবহন আৰু অৱক্ষেপন প্রক্ৰিয়াৰ উপৰিও বানপানীৰ প্রভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী দ্বীপৰ সৃষ্টি হৈছে।

৭। বৰাক উপত্যকাৰ চাৰিসীমাৰ আৰু বৈশিষ্ট চমুকে বর্ণনা কৰা ।

উঃ বৰাক উপত্যকাৰ চাৰিসীমাটো হৈছে –

উত্তৰে – মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি।

দক্ষিণে – মিজো পৰ্বত।

পূবে – মণিপুৰৰ পাহাৰীয়া অঞ্চল।

পশ্চিমে – বাংলাদেশৰ সুৰমা উপত্যকা।

বৰাক উপ্যতকাৰ বৈশিষ্ট সমূহ তলত আলোচনা কৰা হ’ল-

বৰাক উপত্যকাটো অসমৰ এটা গুৰুত্বপূর্ণ ভূ-প্রাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্রায় ২২৫ কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূৱ দিশত পৰ্বত-পাহাৰে আগুৰি আছে। উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পর্বত অৱস্থিত। অৱশ্যে পশ্চিমফালে এই সমভূমি বাংলাদেশৰ চিলেট জিলাৰ কুছিয়াৰা-সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে।

৮)কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য বৰ্ণনা চমুকৈ কৰা।

উত্তৰঃ- কাৰ্বি মালভূমিৰ চাৰিসীমাটো হৈছে-

উত্তৰে – ব্ৰহ্মপুত্ৰ সমভূমি ।

দক্ষিণে – বৰাক সমভূমি।

পূবে – নাগালেণ্ড আৰু

পশ্চিমে – মেঘালয় ।

উৎপত্তি আৰু ভূতাত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বিশেষ বুলি ক’ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম- দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূৱৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কার্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে। দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে।

৯)বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।

উত্তৰ : – বৰাইল আৰু দক্ষিণৰ পবৰ্ত ৰাশিৰ বৈশিষ্ট্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল –

নাগালেণ্ডৰ টুকেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পর্বতে প্রকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্রহ্মপুত্র উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ।

১০)অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ : – অসমৰ জলবায়ু ভৌগলিক ভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত।

অসমৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হৈছে –

অসমৰ মৌচুমী জলবায়ুৰ বাবে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে আৰু সেইবাবেই গ্ৰীষ্মকালত  সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয় । ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে  বিস্তৃত হিমালয় পৰ্বত শ্রেণী আৰু ইয়াৰ ঠাল – ঠেঙুলীয়ে গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ মৌচুমী বতাহক বাধা প্ৰদান কৰে । লগতে এই পৰ্বত শ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰবর্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও অসমক ৰক্ষা কৰে । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে । বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটো যথেষ্ট পৰিমানে বৰষুণ দিয়ে । মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয়বাস্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য ঘটে। পাহৰৰ অনুবাত ঢালত কাৰ্বি পাহৰৰ পূৱ ফালে তথা ডিমা-হাচাও পাহাৰৰ উত্তৰ আৰু পূৱ ফালে বৰষুণৰ পৰিমাণ যঠেষ্ট কম। আনহাতে হিমালয়ৰ পৰ্বত শ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ বেছি।

১১) গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ   আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ ফলত   অসমত গ্ৰীষ্মকালৰ বৰষুণ হয়.

(১২) অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : অসম ভৌগোলিক অৱস্থান, ভূ – প্ৰকৃতি, আৰব সাগৰ,বঙ্গোপসাগৰ,ভাৰত মহাসাগৰ জলভাগ আৰু, দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিয়ে অসমৰ জলবায়ুত যথেষ্ট প্ৰভাৱ পেলাইছে। ঋতুভেদে উত্তৰ – পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱ অসমৰ জলবায়ুত পৰে ।ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ , উপত্যকা বতাহ আৰু নদ – নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়।

সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে । এইবাবেই গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰ নিম্ন চাপৰ সৃষ্টি হয় ।

গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে।

ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে।

শীতকালত উষ্ণতা হ্ৰাস পাই ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয় । আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে এক নিম্নচাপে বিৰাজ কৰে।

গ্ৰীষ্ম আৰু শীতকালৰ মাজত হোৱা এনে চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দিশৰো গ্ৰীষ্মকালৰ দক্ষিণ – পশ্চিম  মৌচুমীৰ সম্পূৰ্ণ ওলোটা হয় । সেয়েহে শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্ৰবাহিত হয়  তাকে উত্তৰ – পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়।

শুষ্ক উত্তৰ – পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ – পশ্চিম অংশত কিছু পৰিমানে বৰষুণ দিয়ে  । আনহাতে এই সময়ত বায়ুমণ্ডলত অৰ্দ্ৰতাৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় ।

১৩) অসমৰ প্ৰধান ঋতু কেইটা কি কি ? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ :- অসমত প্ৰধান ঋতু চাৰিটা ।

সেই কেইটা হ’ল –

(১) প্ৰাক্ মৌচুমী কাল

(২)  মৌচুমী কাল

(৩)  প্ৰত্যাৱৰ্তিত মৌচুমী কাল 

(৪) শুষ্ক শীতকাল

ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ’ল

(১) প্ৰাক্ মৌচুমী কাল : – অসমত প্ৰাক্ মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে । প্ৰাক্ মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয় । সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে । অসমত এই প্ৰাক্ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে।

২) মৌচুমী কাল : –  অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বৰ্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ  প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় । অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

(৩) প্ৰত্যাৱৰ্তিত মৌচুমী কাল : – ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ – পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে । অৰ্থাৎ এই সময়ত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ – পূবৰ পৰা দক্ষিণ – পশ্চিম দিশলৈ হয় । ইয়াকে উত্তৰ – পূব মৌচুমী প্ৰৱাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। সাধাৰণতে অক্টোবৰ আৰু নৱেম্বৰ দুমাহৰ বাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে । এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে ।

(৪) শুষ্ক শীতকাল :- অসমত নৱেম্বৰ মাহৰ শেষ বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল । অসমত শীতকালৰ বৈশিষ্ট্য  হ’ল নিম্ন উষ্ণতা  পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক  অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় ।

(১৪)  অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণ পৰিমাণ লিখা।

উত্তৰ :- অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – উত্তৰ লক্ষীমপুৰ  বৰষুণ পৰিমাণ ৩৩৫    চে. মি. আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – লামডিং বৰষুণৰ পৰিমাণ ১২৯ চে. মি.।

(১৫) অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?

উত্তৰ :- ভৌগোলিক অৱস্থান , ভূ – প্ৰকৃতি , আৰব সাগৰ , বঙ্গোপসাগৰ , ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বতাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলো ঠাইতে সমান নহয় ।সেয়েহে অসমৰ  জলবায়ুৰ ভিন্নতাৰ বাবে অসমৰ সকলো ঠাইতে সমান পৰিমাণে বৰষুণ নহয় ।

গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিওফালৰ  অঞ্চল সমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। মৌচুমী বতাহৰ শক্তি আৰু জলীয়বাষ্পৰ তাৰতম্যৰ বাবে পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে থকা ডিমা – হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণ যথেষ্ট পৰিমাণে কম হয় । এনে কাৰণতেই নগাঁও জিলাৰ দক্ষিণ অংশত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়। অসমৰ মৌচুমী জলবায়ুৰ বাবে হিমালয় পৰ্বতশ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি হয়। দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে ।

১৬) অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ : –অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে । ৰাজ্যখনৰ এক সুকীয়া ভূ – প্ৰাকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় ।

সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা , নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় ।

আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বিআংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ইয়াত বছৰি কেৱল ১২৯ চেণ্টিমিটাৰ বৰষুণ হয়।

১৭)  অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া।

উত্তৰ : –  অসমত পোৱা মৃত্তিকাবোৰক চাৰি প্ৰকাৰে ভাগ কৰিব পাৰি । যেনে –

(১)  পলসুৱা মৃত্তিকা,

(২) গিৰিপদ মৃত্তিকা 

(৩)  পাহাৰীয়া মৃত্তিকা

(৪) কংকৰ মৃত্তিকা ।

 (১) পলসুৱা মৃত্তিকা  :-  অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে  পলসুৱা মাটি পোৱা যায় । নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে । পলসুৱা মাটি সাধাৰণতে সাৰুৱা হয়। পলসুৱা মাটি দুই প্ৰকাৰৰ । যেনে –

(ক) নতুন পলসুৱা মাটি আৰু

(খ) পুৰণি পলসুৱা মাটি । 

এই মৃত্তিকা ডাঠ আৰু ধোৱা বৰণীয়া। এই মৃত্তিকা  সামান্যভাবে অম্লীয়।  এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট’জেন আৰু হিউমাছ প্রায় নাথাকে বুলিয়েই ক’ব পাৰি।

(২) গিৰিপদ মৃওিকাঃ গিৰিপদ মৃওিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। গিৰিপদ অঞ্চলতো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃওিকাৰ ডাঠ স্তৰ আছে।

৩) পাহাৰীয়া মৃওিকাঃ পাহাৰীয়া মৃওিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃওিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ। নাইট্ৰ’জেন আৰু জৈৱিক পদাৰ্থ এই মৃওিকাত যথেষ্ট পৰিমাণে থাকে। প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃওিকাক দুই প্ৰকাৰে ভগাব পাৰি – ৰঙা বালিয়া মৃওিকা আৰু ৰঙাপলসুৱা মৃওিকা।

৪) কংকৰ মৃওিকাঃ এই মৃওিকা সাধাৰণতে ক’লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিঅঁহীয়া। ইয়াত নাইট্ৰ’জেন, পটাছ, ফছফৰিক এছিড আৰু চূণ কম পৰিমাণে থাকে। এই মৃত্তিকা সাধাৰণতে কাৰ্বি আংলং জিলাৰ কিছু অংশ, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাইল পৰ্বতৰ পাদদেশত পোৱা যায়।

(১৮) অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উত্তৰঃ –  অসমৰ মৃত্তিকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা অৱক্ষয় হৈছে।

প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয় , সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই আদি।

মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত –

(১) গছ – গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়।

(২) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা।

(৩) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি।

(৪) মানুহৰ বসতি তথা অন্যান্য  কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা।

(৫) অধিক শস্য উৎপাদনৰ বাবে খেতি – পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধান।

১৯) বৰ্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ :- বৰ্তমান অসমৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল মতে ৩১. 20 নিযুত।

২০) অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি।

উত্তৰ ;- অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি । যেনে –

(ক) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য।

(খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য।

(গ) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য।

(ঘ) নৈপৰীয়া অৰণ্য আৰু

(ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য।

(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য:  যিবোৰ  অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেন্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় । ইয়াক বর্ষাৰণ্য বুলিও কোৱা হয়। অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই  অৰণ্য দেখা যায়। চিৰসেউজীয়া অৰণ্যত  পোৱা গছ সমূহ হৈছে হোলোং, মেকাই  নাহৰ, চিয়া নাহৰ, আমাৰি আদি।

(খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য: ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশৰ ভাৱৰ অঞ্চল, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত অর্ধচিৰসেউজীয়া অৰণ্য দেখা যায়। ব্রহ্মপুত্র উপত্যকাৰ ভাৱৰ অঞ্চলটোৰ মাটিভাগ হিমালয় পর্বতৰ পৰা নৈয়ে কঢ়িয়াই অনা শিল, বালি আদি গেদৰ দ্বাৰা গঠিত। এই মাটি গঠনত ঢিলা। এই অঞ্চলটোৰ পৰিৱেশ অর্ধচিৰসেউজীয়া অৰণ্যৰ বাবে অনুকূল। এনে অৰণ্যৰ প্ৰধান গছ-গছনি হৈছে নাহব, বনচোম, চাম, শিৰীষ, ঔ, গন্ধসৰৈ, অগৰু, পমা আদি। বাঁহ-বেত, ঢেঁকীয়া আদি এই অৰণ্যত যথেষ্ট পৰিমাণে পোৱা যায়।

(গ) ক্রান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য: নামনি ব্ৰহ্মপুত্র উপত্যকা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ কিছু কিছু অংশত এই অৰণ্য পোৱা যায়। সাধাৰণতে যিবোৰ অঞ্চলত বার্ষিক বৃষ্টিপাত ২০০-২৫০ চেন্টিমিটাৰ হয় সেইএলেকাবোৰত এই অৰণ্য পোৱা যায়।এই অৰণ্যত পোৱা গছ গছনিবোৰ হৈছে শাল,মাকৰি শাল, গমাৰী, আমলখি আদি।

(ঘ) নৈপৰীয়া অৰণ্য  : –   নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত এই ধৰণৰ অৰণ্য দেখা যায়  । এই অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি । গছৰ ভিতৰত চোম , সোৱালু , উৰিয়াম , মজ , ঔ , আজাৰ আদি প্ৰধান।

(ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য: – সাধাৰণতে নৈৰ পৰা কিছু আঁতৰত প্লাৱনভূমিৰ শুকান পৰিৱেশত এই অৰণ্য দেখা যায় । এই অৰণ্যত দুই ধৰণৰ উদ্ভিদ পোৱা যায় ।  যেনে –ওখ গছ  আৰু ঘাঁহজাতীয় উদ্ভিদ          

ওখ গছ : শিশু , ভেলকৰ  , শিমলু , খৈৰা , বগৰি আদি প্রধান ওখ গছ।

            ঘাঁহজাতীয় উদ্ভিদ :–  বিৰিণা , খাগৰি , উলু , কুশৱন আদি প্ৰধান ঘাঁহজাতীয় উদ্ভিদ।

২১)  বৰ্ষাৰণ্য কাক বোলে ? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।

উত্তৰ :- বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত পোৱা অৰণ্য সমূহক বৰ্ষাৰণ্য  বুলি কোৱা হয় । অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই অৰণ্য পোৱা যায় ।

অসমৰ বৰ্ষাৰণ্যৰ প্ৰধান বৈশিষ্ট্য হ’ল – এই  অৰণ্যসমূহৰ তিনিতৰপিয়া চিৰসেউজীয়া  অৰণ্য পোৱা যায়  ইয়াৰ –  প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত । এই তৰপটোত হোলোং , মেকাই আদি অতি  ওখ গছ পোৱা যায় । দ্বিতীয় তৰপটো কিছু কম ওখ গছৰ দ্বাৰা গঠিত । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় ।তৃতীয় তৰপটো চাপৰ গছ – বন আদিৰ দ্বাৰা গঠিত । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ – বেত , কপৌফুল আদি পোৱা যায়।

২২) নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।

উত্তৰ : – নৈপৰীয়া অৰণ্যৰ গুৰুত্ব হ’ল –  নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত যি অৰণ্য দেখা যায় তাক নৈ – পৰীয়া অৰণ্য বুলি কোৱা হয় । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছ যেনে মজ , ঔ,আজাৰ লগতে ঘাঁহজাতীয় উদ্ভিদ যেনে – নল , খাগৰি , তৰা , কৌপাত , বেত , ঝাও , কঁহুৱা আদি পোৱা যায়। কাজিৰঙা , ডিব্ৰু – চৈখোৱা , পবিতৰা , ওৰাং , আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যবোৰ প্ৰধানকৈ নৈপৰীয়া অঞ্চলত অৱস্থিত । বৰ্তমান এই অৰণ্যসমূহত থকা নৈপৰীয়া এলেকাসমূহলৈ বিভিন্ন কাৰণত জনবসতি সম্প্রসাৰিত হোৱাৰ ফলত এই অৰণ্যৰ দ্ৰুত গতিত সংকুচিত হৈছে। জনবসতিৰ আগমনে অৰণ্যখনক বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন কৰিছে । জনবসতীয়ে অৰণ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে । লগতে গছ – গছনি , জীৱ – জন্তুৰ বাসস্থান বিনষ্ট কৰিছে।

২৩) কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।

উত্তৰ :- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান হ’ল – গোলাঘাট , নগাঁও , আৰু শোণিতপুৰ জিলা । ইয়াৰ মাটিকালি ৮৫৮. ৯৮ বৰ্গ কিলোমিটাৰ ।

২৪) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা।

উত্তৰ :- অসমত ৰাষ্ট্ৰীয় উদ্যান  কেইখনৰ নাম আৰু অৱস্থান  তলত দিয়া হ’ল –

১/ কাজিৰঙা         –     গোলাঘাট , নগাঁও আৰু শোণিতপুৰ

২/ মানস              –     চিৰাং আৰু বাগছা

৩/ ওৰাং              –     ওদালগুৰি আৰু শোণিতপুৰ

৪/ নামেৰী            –     শোণিতপুৰ

৫/ ডিব্ৰু-ছৈখোৱা   –     ডিব্ৰুগড় আৰু তিনিচুকীয়া

২৫) অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা।

উত্তৰঃ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰপ্ৰসাৰী। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গঁড়, বনৰীয়া ম’হ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা  বনাঞ্চলবোৰে   অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ৰক্ষা কৰাত সহায় কৰিছে। যদিহে এই অভয়াৰণ্যসমূহ নাথাকিল হয় তেন্তে মানুহৰ ধ্বংসাত্মক কাৰ্যৰ ফলত বহু জীৱ প্ৰজাতি লগতে গছ-গছনি প্ৰকৃতি বুকুৰ পৰা হেৰাই গল হয়।।অভয়াৰণ্যসমূহ মানুহৰ ধ্বংসাত্মক  প্ৰভাৱৰ পৰা মুক্ত সেয়ে অভয়াৰণ্যসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

২৬) স্বাধীনতাৰ পিছত কালছোৱাত অসমত প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা।

উত্তৰ :- ব্ৰিটিছৰ শাসনকালত অসমৰ পৰিসীমা যথেষ্ট ডাঙৰ আছিল । কিন্তু স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ যথেষ্ট পৰিৱৰ্তন হ‘ল ।

১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট  অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ  লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১  খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল ।

১৯৬৩ চনৰ নাগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পায়। ১৯৭৩ চনত শ্বিলং পৰা গুৱাহাটীৰ দিছপুৰলৈ অসমৰ ৰাজধনীৰ অনা হয়।

 ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১.20 নিযুত । কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ 33 খন জিলা আছে । এই 33 খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তর্গত জিলা আছে।

২৭) অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।

উত্তৰ :- অসমত বৰ্তমান ৩৩ খন জিলা আছে । এই জিলাসমূহৰ সদৰ ঠাই তলত দিয়া হ’ল –

 জিলাৰ নাম                                 জিলা সদৰ

(১) ধুবুৰী                  –          ধুবুৰী

(২) কোকৰাঝাৰ       –         কোকৰাঝাৰ

(৩) গোৱালপাৰা       –         গোৱালপাৰা

(৪) বঙাইগাঁও          –           বঙাইগাঁও

(৫) চিৰাং                –          কাজলগাঁও

(৬) বৰপেটা           –         বৰপেটা

(৭) নলবাৰী            –         নলবাৰী

(৮) বাগছা              –          মছলপুৰ

(৯) কামৰূপ গ্ৰাম্য    –          আমিন গাঁও

(১০) কামৰূপ মহানগৰ   –          গুৱাহাটী

(১১) দৰং                   –          মঙ্গলদৈ

(১২) ওদালগুৰি         –          ওদালগুৰি

(১৩) শোণিতপুৰ       –          তেজপুৰ

(১৪) লখিমপুৰ          –          লখিমপুৰ

(১৫) ধেমাজি           –          ধেমাজি

(১৬) নগাঁও              –          নগাওঁ

,(১৭) মৰিগাঁও          –          মৰিগাঁও

(১৮) গোলাঘাট         –          গোলাঘাট

(১৯) যোৰহাট         –          যোৰহাট

(২০) শিৱসাগৰ       –          শিৱসাগৰ

(২১) ডিব্ৰুগড়          –          ডিব্ৰুগড়

(২২) তিনিচুকীয়া     –          তিনিচুকীয়া

(২৩) কাৰ্বি আংলং   –          ডিফু

(২৪) ডিমা হাছাও    –          হাফলং

(২৫) কৰিমগঞ্জ     –          কৰিমগঞ্জ

(২৬) কাছাৰ         –          শিলচৰ

(২৭) হাইলাকান্দি –          হাইলাকান্দি ।

(২৮) বিশ্বনাথ      –          বিশ্বনাথ চাৰিআলি

(২৯) চৰাইদেউ      –          সোণাৰি

(৩০) হোজাই        –          হোজাই

(৩১) মাজুলী         –          গড়মূৰ

(৩২) দক্ষিণ শালমাৰা  –          হাটশিঙিমাৰ মানকাচৰ

(৩৩) পশ্চিম কাৰ্বি     –          হামৰেন ,আংলং

(২৮) অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক‘ত অৱস্থিত ? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ :- অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

অসমৰ ৰাজধানী দিছপুৰ ।

            মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হ’ল কাৰ্বি আংলং (মাটিকালি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ ) আৰু আটাইতকৈ সৰু জিলাখন হ’ল কামৰূপ ( মাটিকালি ৬২৭ বৰ্গ কিলোমিটাৰ )।

২৯) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ :- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩ কোটি ১২ লাখ।জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখন হ’ল নগাওঁ (২.৮ নিযুত )  আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হ’ল ডিমা – হাছাও (২.১ লাখ )।

৩০) চামুটোকা লিখা :

(ক) অসম আৰু মৌচুমী জলবায়ু

উত্তৰ: অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বৰ্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় । এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ  প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় । অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

খ) দক্ষিণ – পশ্চিম মৌচুমী বতাহ।

উত্তৰ :- দক্ষিণ – পশ্চিম মৌচুমী বতাহ : – গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম ফালৰ পৰা প্ৰবাহিত হোৱা বতাহক দক্ষিণ – পশ্চিম মৌচুমী বতাহ বোলে । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিফালৰ অঞ্চলসমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে।

গ) উত্তৰ-পূব মৌচুমী বতাহঃ

উত্তৰ: শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ-পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ-পূৱ মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে।

(ঙ) অসমৰ প্ৰাক্ – মৌচুমীকাল।

উত্তৰ : অসমত প্ৰাক্ মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে। প্ৰাক্ মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে।

(চ) অসমত বৰষুণৰ স্থানিক বিতৰণ।

উত্তৰ :- অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে । ৰাজ্যখনৰ এক সুকীয়া ভূ – প্ৰাকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা , নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বিআংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ইয়াত বছৰি কেৱল ১২৯ চেণ্টিমিটাৰ  বৰষুণ হয়।

(ছ) অসমৰ প্ৰশাসনিক বিভাগ

উত্তৰ: ব্ৰিটিছৰ শাসনকালত অসমৰ পৰিসীমা যথেষ্ট ডাঙৰ আছিল । কিন্তু স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ যথেষ্ট পৰিৱৰ্তন হ‘ল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট  অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ  লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১  খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল।

১৯৬৩ চনৰ নাগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি পায়। ১৯৭৩ চনত শ্বিলং পৰা গুৱাহাটীৰ দিছপুৰলৈ অসমৰ ৰাজধনীৰ অনা হয়।

১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১.20 নিযুত । কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ 33 খন জিলা আছে । এই 33 খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তর্গত জিলা আছে।

(ঝ) বি টি এ ডি :-

উত্তৰ: বি টি এ ডি ২০০৩ চনত গঠিত হৈছিল। অসমৰ ৪ খন জিলা  কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি বি টি এ ডিৰ অন্তগত।


Class 9 Social Science (Geography) in Assamese Medium

Class 9 Social Science Chapter 4 Geography Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment