Class 9 Social Science Chapter 4 (History) মানৰ অসম আক্ৰমণ– সমাধান in Assamese Medium|| All Question Answer
মানৰ অসম আক্ৰমণ
Class 9 Social Science Chapter 4 (History) মানৰ অসম আক্ৰমণ– Complete Question Answer in Assamese Medium
নৱম শ্ৰেণী
ইতিহাস খণ্ড
মানৰ অসম আক্ৰমণ
অতি চমু/ চমু প্ৰশ্নৰ উত্তৰঃ
১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে কোনখন দেশ জয় কৰিছিল?
উত্তৰঃ ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে আৰাকান দেশ জয় কৰিছিল।
২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?
উত্তৰঃ মান আৰু ব্ৰিটিছৰ মাজত আৰাকান ৰাজ্য জয় কৰা পাছৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল।
৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছিল।
৪) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।
৫) বৈশালী হুকুং কি?
উত্তৰ বৈশালী হুকুং হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটা টোকা।
৬) বৈশালী মুং-ডুন- চুন-খাম কি?
উত্তৰ বৈশালী মুং-ডুন- চুন-খাম হৈছে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা এটা টোকা।
৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই।
৮) বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?
উত্তৰঃ বদনচন্দ্ৰই ৮০০০ মান সৈন্য লগত আনিছিল।
৯) বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
উত্তৰঃ বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল।
১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল?
উত্তৰঃ বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধান মন্ত্ৰী পাতিছিল।
১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?
উত্তৰঃ মানৰ আক্ৰমণ ১৮১৭, ১৮১৯, ১৮২১ চনত হৈছিল।
১২) কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?
উত্তৰঃ ১৮১৮ চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল।
শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
১) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।
উত্তৰঃ ১৮১৭চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।
২) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আাছিল।
৩) বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।
উত্তৰঃ বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ আগষ্ট মাহত।
৪) ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ বুঢ়াগোহাঁই/ ব্ৰজনাথ গোহাঁইৰ মাতৃ আাছিল।
উত্তৰঃ ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আাছিল।
৫) ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।
ৰচনা ধৰ্মী প্ৰশ্নঃ
১) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।
উত্তৰ: মান ৰজা আলম্পায়াৰ দিনৰে পৰা মানসকলে ৰাজ্য বিস্তাৰৰ নীতি গ্রহণ কৰিছিল । ৰাজ্যৰ পশ্চিমকালে সীমা বিস্তাৰৰ উদ্দেশ্যে মণিপুৰৰ ওপৰত তেওঁলোকে কেইবাৰো আক্রমণ চলাই মণিপুৰ ৰাজ্য দুর্বল কৰি তুলিছিল। ইয়াৰ পিছত তেওঁলোকে আৰাকান দখল কৰে আৰু আৰাকান দখল কৰাৰ লগে লগে মানসকল সমগ্র বংগোপসাগৰীয় উপকূল ৰেখাৰ প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়। আৰাকান দখল কৰাৰ লগে লগে বহুতো আৰাকানী লোকক ব্ৰহ্মদেশলৈ নি তেওঁলোকক কঠোৰ শাস্তি দিছিল আৰু বহুতে উপায়হীন হৈ বংগদেশত আশ্ৰয় লৈছিল। এই শৰণাৰ্থীসকলক ওভোতাই পঠাবৰ বাবে ইংৰাজক মান ৰজাই জোৰ দিছিল কিন্তু ব্ৰিটিছে এই কথা মানী নোলোৱাত শত্রুতা মান আৰু ব্রিটিছৰ মাজৰ শত্ৰুতা বাঢ়ি গৈছিল।
২) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্রোহৰ পিছত আহোম শাসন ব্যৱস্থা সম্পূর্ণৰূপে ভাঙি গৈছিল আৰু সেই সুযোগতে পূর্ণানন্দ বুঢ়াগোহাঁইয়ে শাসনৰ সকলো ক্ষমতাৰ অধিকাৰী হৈ পৰিছিল। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত তেওঁ কমবয়সীয়া কমলেশ্বৰ সিং হক আহোমৰ সিংহাসনত বহুৱালে। পূর্ণনন্দন স্বেচ্ছাচাৰি শাসন দেশৰ জনসাধাৰণে ভাল পোৱা নাছিল। সেই সময়তে কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁ চন্দ্রকান্ত সিংহ নামেৰে আন এজন সৰু লৰাক সিংহাসনত বহুৱালে। তেওঁৰ স্বেচ্ছাচাৰি শাসনত অতিষ্ঠ হৈ পানীমুৱা নামৰ এজন ব্যক্তিয়ে পূর্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্র আৰম্ভ কৰিলে, কিন্তু পূর্ণানন্দই এই কথা গম পোৱাত ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিয়ে। তেওঁৰ পিছত সৎৰাম নামৰ আন এগৰাকী ব্যক্তিয়ে পূর্ণানন্দৰ বিৰুদ্ধে বিদ্রোহৰ প্রস্তুতি চলাইছিল যদিও তেওঁ ধৰা পৰে আৰু পূর্ণানন্দই তেওঁলোকক কঠোৰ শাস্তি দিয়ে।
৩। পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত বাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল?
উত্তৰ: মোৱামৰীয়া বিদ্রোহৰ পিছত আহোম শাসন ব্যৱস্থা সম্পূর্ণৰূপে ভাঙি গৈছিল আৰু সেই সুযোগতে পূর্ণানন্দ বুঢ়াগোহাঁইয়ে শাসনৰ সকলো ক্ষমতাৰ অধিকাৰী হৈ পৰিছিল। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত তেওঁ কমবয়সীয়া কমলেশ্বৰ সিং হক আহোমৰ সিংহাসনত বহুৱালে। পূর্ণনন্দন স্বেচ্ছাচাৰি শাসন দেশৰ জনসাধাৰণে ভাল পোৱা নাছিল। সেই সময়তে কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁ চন্দ্রকান্ত সিংহ নামেৰে আন এজন সৰু লৰাক সিংহাসনত বহুৱালে। তেওঁৰ স্বেচ্ছাচাৰি শাসনত অতিষ্ঠ হৈ পানীমুৱা নামৰ এজন ব্যক্তিয়ে পূর্ণানন্দৰ বিৰুদ্ধে ষড়যন্ত্র আৰম্ভ কৰিলে, কিন্তু পূর্ণানন্দই এই কথা গম পোৱাত ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিয়ে। লাহে লাহে চন্দ্রকান্ত সিংহই পূর্ণানন্দক ভাল নপোৱা হৈছিল তেওঁৰ সৎৰাম নামৰ এগৰাকী ব্যক্তিৰ সহায়ত পূর্ণানন্দৰ বিৰুদ্ধে বিদ্রোহৰ প্রস্তুতি চলাইছিল যদিও
পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচী দিয়া হ’ল। সৎৰামে চন্দ্ৰকান্ত সিংহৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নিৰ্বাসন দিয়া হৈছিল। দন্দুৱা বিদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সৎৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহাৰ্য্য় বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ’ল।
৪। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্রমণ কৰিছিল?
উত্তৰ: পূর্ণানন্দ্র বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাত অতিষ্ঠ হৈ পানীমুৱা আৰু সৎ ৰামে বিদ্রোহ কৰিছিল যদিও বিফল হৈছিল। সেই সময়ত আহোমৰ বৰফুকন বদনেও শাসনৰ বাকজৰী ডাল নিজৰ হাতলৈ অনাৰ বাবে পূর্ণানন্দৰ পতন হোৱাতো কামনা কৰিছিল। বদনে অসমৰ পৌৰাণিক মঠ-মন্দিৰবোৰ লুটপাত কৰাৰ লগতে অসমীয়া জনসাধাৰণৰ ওপৰতো বিভিন্ন অত্যাচাৰ চলাইছিল যাৰ বাবে পূর্ণানন্দই তেওঁক ক্ষমতাচুক্ত কৰিবলৈ সিদ্ধান্ত লয়,কিন্তু সেই সময়ত দুয়োজনৰ মাজত, ঘৰুৱা সম্পর্ক স্থাপন হোৱাত পূর্ণানন্দই তেওঁক ক্ষমতাচ্যুত নকৰিলে। যাৰ বাবে তেওঁ পুনৰ অত্যাচাৰী হৈ উঠিল। উপায়হীন হৈ পূর্ণানন্দই বদনক শাসনৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰে যদিও বদনে এই কথা গম পাই আহোম ৰাজধানীৰ পৰা পলাই গৈ ব্রিটিছৰ শৰণাপন্ন হয়। কিন্তু ব্রিটিছে তেওঁক সহায় কৰিবলৈ অমান্তি হোৱাত বদনে মানৰ শৰণাপন্ন হয়। মানেও অসমত প্ৰৱেশ কৰাৰ সুবিধা বিচাৰি আছিল আৰু ১৮১৭ চনত প্রায় ৮০০০ সৈন্যবাহিনীৰ দল এটা বদনৰ নেতৃত্বত অসমলৈ পঠিয়ালে। এয়া আছিল মানৰ প্ৰথম অসম আগমন।
৫। বদনচন্দ্র বৰফুকনৰ নেতৃত্বত অসমত মানৰ বাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: পূর্ণানন্দ বুঢ়াগোহাইৰ স্বেচ্ছাছাৰিতাৰ অবসান ঘটোৱাৰ উদ্দেশ্যে বদন চন্দ বৰফুকনে প্রথমে ইংৰাজৰ সহায় বিচাৰিছিল, যদিও ইংৰাজে সহায় কৰিবলৈ মান্তি নোহোৱাত তেওঁ মানৰ শৰণাপন্ন হয়। মানেও অসমত প্ৰৱেশ কৰাৰ সুবিধা এটা বিচাৰি আছিল। সেয়েহে মান ৰজাই লগে লগে মান্তি হৈ বদনৰ নেতৃত্বত প্রায় ৮০০০ সৈন্য দল এটা বদনৰ নেতৃত অসমলৈ প্ৰেৰণ কৰে। অসমলৈ আহি বদনে আৰু প্রায় ৮০০০ সৈন্য গোটাই মুঠ ১৬,০০০ সৈন্যৰে এটা সামৰিক বাহিনী গঠন কৰে। বদনৰ নেতৃত্বত মান অহা গম পাই পূর্ণানন্দই পুতেক ৰুচিনাথৰ অধীনত এটা আহোম সামৰিক বাহিনী মানৰ বিৰোদ্ধে প্ৰেৰন কৰে। দুয়োপক্ষৰ মাজত হোৱা ঘিলাধাৰী যুদ্ধত মানৰ হাতত আহোমৰ পৰাজয় হয়। পৰাজয়ৰ বাতৰি পোৱাৰ লাগে লগে ৰাজধানীতে পূর্ণানন্দৰো মৃত্যু হয়। মানে কোনো বাধা নোপোৱাকৈ আহোম ৰাজধানীত প্ৰৱেশ কৰে আৰু চন্দ্রকান্ত সিংহক ৰজা আৰু বদনক মন্ত্রী বৰফুকন পাতি ৰাজধানী এৰি নিজ ৰাজ্যলৈ উলটি যায়।এয়াই আছিল মানৰ প্ৰথম আগমণ।
৬। মানৰ অসম আক্রমণৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰ: বদনচন্দ্র বৰফুকন আৰু পূর্ণানন্দ বুঢ়াগোঁহাইৰ মাজত হোৱা ক্ষমতাৰ দত্তই অসমত মানৰ প্রৱেশ ঘটাইছিল। পূর্ণানন্দ বুঢ়াগোহাঁইৰ পতন ঘটোৱাৰ উদ্দেশ্যে বদন চন্দ্র বৰফুকনে মানৰ সহায় বিচাৰিছিল আৰু মানেও সেই সুযোগ গ্ৰহন কৰি ১৮১৭ চনত বদনৰ নেতৃত্বত এটা মান সেনা অসমলৈ পঠিয়াইছিল যিটো আছিল মানৰ প্রথম অসম আগমন।
১৮১৭ চনত মানে অসমলৈ আহি চন্দ্র কান্ত সিংহক আহোমৰ ৰজা আৰু বদন চন্দ্ৰ বৰফুকনক মন্ত্ৰী বৰফুকন পাতিছিল। এই পদবী পাই বদন চন্দ্ৰ বৰফুকন পুনৰ অত্যাচাৰী হৈ উঠিছিল। যাৰ ফলত অতিষ্ঠ হৈ চন্দ্ৰকান্ত সিংহ লগতে আহোম ৰাজ পৰিয়ালৰ কেই গৰাকীমান ব্যক্তিয়ে লগ হৈ ৰূপ সিংহৰ হতুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিলে। বদনৰ মৃত্যুৰ বাতৰিটো পোৱাৰ লগে লগে মান ৰজাই বন্ধু হত্যাৰ প্রতিশোধ লোৱাৰ উদ্দেশ্যে ১৮১৯ চনত দ্বিতীয় বাৰৰ বাবে অসম আক্রমণ কৰিলে।
মানৰ দ্বিতীয় আক্রমণৰ ফলত আহোম ৰজা চন্দ্রকান্ত সিংহই নামমাত্র ৰজাত পৰিণত হৈছিল আৰু গোটেই শাসন কাৰ্য্যটো পৰিচালিত হৈছিল মান ৰজাৰ নেতৃত্বত। অতিষ্ঠ হৈ চন্দ্রকান্ত সিংহই মানে অসমত প্ৰৱেশ কৰাৰ সমস্যাটো সম্পূর্ণৰূপে সমাধান উদ্দশ্যে মানে অসমত প্রৱেশ কৰা পথত গঁঢ় বন্ধাৰ কাম আৰম্ভ কৰিছিল, কিন্তু এই কথা মান ৰজাই গম পাই ১৮২১ চনত তৃতীয় বাৰৰ বাবে অসম আক্রমণ কৰে।
৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা।
উত্তৰ: ১) মানৰ অসম আক্রমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল।
২) এই আক্রমণৰ ফলত আহোম স্বৰ্গদেউসকল অস্থায়ীভাবে হ’লেও ব্রহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল।
৩) মানৰ আক্রমণে অসমৰ অর্থনৈতিক অবস্থা মষিমূৰ কৰি পেলাইছিল । খেতি পথাৰ জলাই দিয়াৰ ফলত আৰু অসমীয়া জনসাধাৰণৰ ওপৰত নানা অত্যাচাৰৰ ফলত অসমত অসমীয়া প্ৰজাৰ অস্তিত্ব নোহোৱা হৈ পৰিছিল।
৪) মোৱামৰীয়া বিদ্রোহে আহোমৰ সামৰিক শক্তি প্ৰায় শেষ কৰি পেলাইহিল । মানৰ আক্রমণৰ ফলত আহোমৰ সি সামৰিক শক্তি আছিল। সেই খিনিও সম্পূর্ণৰূপে ধ্বংস হৈছিল ।
৫) মানৰ অসম আক্রমনৰ আটাইতকৈ গুৰুত্বপূর্ণ পৰিণতিটো আছিল ব্ৰিটিছৰ অসম আগমণ। মানক খেদাৰ সুবিধা লৈয়ে ব্ৰিটিছে প্ৰথমে অসমত প্রৱেশ কৰিছিল আৰু অসমত স্থায়ীভাৱে থকাৰ সিদ্ধান্ত লৈছিল।
৮। কোনটো বিদ্রোহক ‘পানীমুৱা বিদ্রোহ’ বুলি কোৱা হয়।
উত্তৰ: মোৱমৰীয়া বিদ্ৰোহৰ সুবিধা লৈ পূর্ণানন্দ বুঢ়াগোহাই আহোম শাসন ব্যৱস্থাৰ মূৰব্বী পৰিণত হৈছিল। তেওঁৰ স্বেচ্ছাচাৰী শাসন দিনক দিনে বাঢ়ি যোৱাত অসমীয়া জনসাধাৰণ অতিষ্ঠ হৈ উঠিছিল। নিজৰ সুবিধাৰ বাবে তেও প্ৰথমে নাবালক কমলেশ্বৰ সিং হক ৰজা পাতিছিল আৰু তাৰ পিছত চন্দ্রকান্ত সিং হক ৰজা হিচাপে সিংহাসনত বহুৱাইছিল। তেওঁৰ এনেকুৱা কামত অতিষ্ট হৈ পানীমুৱা নামৰ এজন ব্যক্তিয়ে কেইজনমান ব্যক্তিৰ সৈতে লগ হৈ বিদ্রোহৰ প্রস্তুতি চলায় , কিন্তু এই কথা পূর্ণানন্দই গম পোৱাত তেওঁক ধৰি আনি কঠোৰ শাস্তি দিছিল। এই বিদ্রোহকে ‘পানীমুৱা বিদ্রোহ বুলি জনা যায়।
৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰ :ⅰ) ১৮১৭ চনৰ মানৰ অসম আগমনৰ বাতৰি পাই পূর্ণানন্দ বুঢ়াগোহাইৰ মৃত্যু হৈছিল। ইয়াৰ লগে লগে আহোম সাম্রাজ্যৰো পতনৰ দিশটো আৰম্ভ হৈছিল।
ii) ১৮১৭ চনৰ মানৰ অসম আগমনৰ পিছত মানে আৰু দুবাৰ অসম আক্রমণ কৰিছিল। এই আক্রমণত অসমীয়া সাধাৰণ জনসাধাৰণৰ সামাজিক তথা অর্থনৈতিক জীবন বিপন্ন হৈ উঠিছিল।
১০) প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধ খন ক’ত সংঘটিত হৈছিল?
উত্তৰঃ প্ৰথম ইঙ্গ-বৰ্মা যুদ্ধ ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত সংঘটিত হৈছিল। এই যুদ্ধ খন ব্ৰহ্মদেশত সংঘটিত হৈছিল।
১১। য়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰ: i) ১৮২৬ চনত ব্রিটিছ আৰু মানৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ স্বর্ত অনুসৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মানে এক কোটি টকা ব্রিটিছক দিব লগা হৈছিল।
ii) এই সন্ধি অনুসৰি মানৰ অধীকৃত অঞ্চল- সমূহ ব্রিটিছক এৰি দিব লগা হৈছিল।
iii) অসম, মণিপুৰ আদি অঞ্চলত ভৱিষ্যতে মানে হস্তক্ষেপ নকৰাৰ প্রতিশ্রুতি দিব লগা হৈছিল।
iv) এই সন্ধি ব্রিটিছ আৰু ব্রিটিছ আৰু মানৰ মাজত স্বাক্ষৰিত হৈছিল যদিও এই সন্ধিয়ে ব্ৰিটিছৰ অসম দখলৰ পথ সুগম কৰিছিল।
১২/ ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰ: ইয়াণ্ডাবু নামৰ ঠাইত ১৮২৬ ২৪ ফেব্রুৱাৰী তাৰিখে ইংৰাজ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ বাবে এই সন্ধি আছিল অতি গুৰুত্বপূর্ণ ৰাজানৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসমৰ বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ জৰিয়তে প্রথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি পৰিছিল। ইয়াৰ দ্বাৰা অসমত মানৰ শাসনৰ ওৰ পৰিছিল আৰু ব্ৰিটিছে অসমত নিজৰ প্রাধান্য বিস্তাৰ কৰিছিল।
চমু টোকা লিখাঃ
১) বদৌপায়াঃ বদৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বদৌপায়াৰ নেতৃত্বত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুই দীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়।
২) গম্ভীৰ সিং: গম্ভীৰ সিং আছিল মণিপুৰী ৰজা জয় সিংহৰ পুত্ৰ। তেওঁ কাছাৰ ৰাজ্য আক্ৰমণ কৰিছিল । কাছাৰ ৰজা গোবিন্দ সিংহই,গম্ভীৰ সিং ৰ আক্ৰমণত তিষ্ঠীব নোৱাৰিব ইংৰাজৰ শৰণাপন্ন হৈছিল।
৩) গোবিন্দচন্দ্ৰঃ গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল। তেওঁ মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ আক্ৰমণত তিস্তিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল।
৪) দামান গগৈঃ দামান গগৈ আছিল মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পঠোৱা আহোম সেনাপতি । এওঁ ঘিলাধাৰীৰ যুদ্ধত মুখ্য সেনাপতি সকলৰ মাজত এজন আছিল।
৫) হাও বৰাঃ হাও বৰা ঘিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল। যাক পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ঘিলাধাৰী যুদ্ধৰ মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল।
৬) ঘিলাধাৰীৰ যুদ্ধঃ বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮০০০ মান সেনা আৰু কৰতলীয়া ৰজা কেইজনমানৰ পৰা আন ৮,০০০ সৈন্যৰে সৈতে মুঠ ১৬০০০ সৈন্য লৈ পাটকাই পথেদি অসম সোমাল। মানৰ আক্রমণ ৰোধ কৰিবলৈ পূর্ণানন্দ বুঢ়াগোহায়ে দামান গগৈ আৰু ‘হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্রেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত ঘিলাধাৰী যুদ্ধত তেওঁ লোক পৰাজিত হয়। এই বাতৰি পাই পূর্ণানন্দ মৃত্যুমুখত পৰে।
৭) ব্ৰজনাথঃ ব্ৰজনাথ সিংহ ৰজা ৰাজেশ্বৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ দেউতাক আছিল।
৮) পুৰন্দৰ সিংহঃ পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁই পুত্র আছিল। এওঁলোক দুয়ো ১৮০৯ চনৰ পৰা কোম্পানীৰ ৰাজ্য চিলমাৰীত আশ্রম লৈ আছিল । ব্ৰজনাথৰ অংগক্ষত থকাৰ বাবে ৰুচিনাথ বুঢ়াগোহায়ে দহ বছৰীয়া পুৰন্দৰকে ৰজা পাতে। মানে অসম আক্রমণ কৰি পুৰন্দক সিংহক সিংহাসন চ্যুত কৰে।
৯) লুকু ডেকাফুকনঃ চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সৈন্য বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। লুকু ফুকন চন্দ্ৰকান্ত সিংহই পঠোৱা সৈন্য বাহিনী টোৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয়।
১০) আলুমিংগিঃ বদনচন্দ্ৰ বৰফুকনৰ হত্যাৰ পোতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিঙ্গৰ নেতৃত্বত ব্ৰহ্ম ৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ’ল। চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বঙ্গদেশলৈ গৈ ইংৰাজৰ আশ্ৰয় ল’লে। মিঙ্গিমাহা তিলোৱাৰৰ নেতৃত্বত এদল মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিঙ্গি ব্ৰহ্মদেশলৈ উভতি যায়।
১১। দোৱনীয়াঃ ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়ছোৱাক মানৰ দিন বুলি কোৱা হয়।মান সেনাৰ হাতত অসমীয়া প্রজা অবর্ণনীয়ভাবে লাঞ্ছিত হৈছিল। মান সেনাৰ লুটপাত, কটা-মৰা, পাশৱিক অত্যাচাৰৰ কোবত টিকিব নোৱাৰি অসমীয়া ‘মানুহ ভগনীয়া হৈ দিহিঙে-দিপাঙে যাবলগা হৈছিল। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বোলে। মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো ধনবান অসমীয়া লোকে মানৰ ভেশচন ধৰি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোেককে দোৱনীয়া বা ছদ্মবেশী মান বোলা হয়।
১২) য়াণ্ডাবু সন্ধিঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে য়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়ে আছিল য়াণ্ডাবু সন্ধি জৰিয়তে প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি হৈছিল। য়াণ্ডাবু সন্ধিৰ চৰ্ত সমূহ আছিলঃ
১) মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানিক এক কোটি টকা পৰিশোধ কৰিব লাগিব।
২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।
৪) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।
৫) আভাত এজন ব্ৰিটিছ ৰেছিডেন্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছ অনুমতি দিছিল।
এইদৰে য়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। য়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল।
Class 9 Social Science All Question Answer– Click Here
Class 9 Social Science Chapter 4 (History) মানৰ অসম আক্ৰমণ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam